Saturday, January 20, 2024

মনগীতৰ অনুৰণন

মনগীত ৷ এটা সংগীত অনুষ্ঠানৰ নাম ৷ অতি সহজভাবে ক'বলৈ হ'লে অসমৰ বিভিন্ন ঠাইৰ উদীয়মান সংগীত প্ৰতিভাক মাতি নি কেইগৰাকীমান ভাৰত বিখ্যাত সংগীত শিল্পীৰ পৰা সংগীতৰ কথা কিছু শুনাৰ অাৰু শিকাৰ সুবিধা কৰি দিয়া অনুষ্ঠানটিৰ নাম মনগীত ৷ সদায় নতুন কিবা বিচাৰি থকা কলানুৰাগী ব্যবসায়ী কৌশিক নাথৰ সপোনৰ অনুষ্ঠান এই মনগীত ৷ বিগত কেইবা বছৰো এই অনুষ্ঠান  হৈ অাছিল মাজুলীত, কৌশিকৰ অন্য ৰূপৰ ৰিজ'ৰ্ট ডেকাচাঙত, এইবাৰ সোণাপুৰৰ ডেকাচাঙত ৷ 

যোৱা ১৮ -১৯ জানুৱাৰিত অনুষ্ঠিত হোৱা 'মনগীত'ৰ অনুষ্ঠানত ১৮ তাৰিখে উপস্থিত অাছিলোঁ ৷ কৌশিকৰ ডেকাচাঙৰ চোতালত মুকলি মঞ্চ-  ঠাণ্ডাৰ প্ৰকোপ কমাবলৈ জুই, গৰম গৰম চাহ, লাৰু অাৰু পণ্ডিত বিশ্বমোহন ভাটৰ সংগীতৰ মায়াজাল ৷  

পণ্ডিতজীৰ সংগীত অাৰম্ভ হ'বলৈ অলপ সময় অাছে, সেই সময়খিনিতে অামাৰ বাবে অাৰু এটি অপূবর্ব অভিজ্ঞতাই অপেক্ষা কৰি অাছিল ৷ মিন্তু বৰুৱাই  অাঁত ধৰা অনুষ্ঠান এটিত শুনিলোঁ  মনগীতত অংশগ্ৰহন কৰা যুৱক-যুৱতীসকলৰ মনৰ কথা ৷ মনগীতে তেওঁলোকক দিছে অাত্ম বিশ্বাস, নতুন কিবা কৰাৰ উদ্যম ৷ তেওঁলোকে যে এই কেইটি দিন ভাৰতৰ বিখ্যাত বিখ্যাত শিল্পীসকলৰ লগত কটালে, দুটা কথা শিকিলে- সংগীতৰ অাৰু জীৱনৰ ,সেইখিনি তেওঁলোকৰ জীৱনৰ বাবে অমূল্য সম্পদ হৈ ৰৈ যাব ৷ কল্যাণ বৰুৱা, জয় বৰুৱা, অাদিল হুচেইন, অংগৰাগ পাপন মহন্ত অাদিৰ দৰে শিল্পীসকলক ঘৰৰ মানুহৰ দৰে লগ পাইছে যিটো তেওঁলোকৰ খুব সহজ কাম নাছিল ৷ এই অনুষ্ঠানতে  মোৰ ফেচবুক বন্ধু অাশীৰ্বানী কৰৰ কণ্ঠৰ শক্তি দেখিলোঁ- কণ্ঠৰ কি ৰেঞ্জ !

বহু বছৰ অাগতে কলকাতাৰ ষ্টেটছমেন কাকতৰ প্ৰথম পৃষ্ঠাত এখন ফটো প্ৰকাশ পাইছিল  - পণ্ডিত ৰবি শংকৰে গছৰ তলত এখন ডাঙৰ কঠৰ ওপৰত বহি যুৱক- যুৱতী কেইগৰাকীমানক চেতাৰ শিকাই অাছে- লগত চেতাৰ নবজোৱা যুৱক যুৱতীও অাছে ,ভালে কেইগৰাকীমান ৷ ফটোখন শান্তিনিকেতনৰ বিশ্বভাৰতীৰ ৷ এদিন ক্লাছ লৈ ছাত্ৰ-ছাত্ৰীসকলক  খুব বেচি একো শিকাব নোৱাৰি, কিন্তু পণ্ডিত ৰবিশংকৰৰ দৰে শিল্পী এগৰাকীৰ সান্নিধ্য- সেয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে একোটা সম্পদ ৷ সেই ফটোখন দেখিছিলো ১৯৭৮/৭৯ চন মানত ৷ তেতিয়াৰ পৰা মনত সোমাই অাছিল- এনেকুৱা ফটো এখন মই অসমত কেতিয়া দেখিবলৈ পাম !!

নাই, কোনো বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত সেই ফটোখন দেখা পোৱা নাই এতিয়াও ৷ কিন্তু, তেনে কাম এটা দেখিলোঁ- মনগীতত ৷ পণ্ডিত বিশ্বমোহন ভাট ৷ জীৱনযোৰা সাধনা অাৰু পৰিশ্ৰমৰ অন্তত অাজি এই স্থান লাভ কৰিছে ৷ পৃথিবী বিখ্যাত এটি নাম - সেই বিশ্বমোহন ভাটক লগ পাইছে ওচৰৰ পৰা, কথা পাতিছে ঘৰুৱা ভাবে ৷ এইটোটো কম কথা নহয় ! কম বয়সীয়া সংগীতশিল্পীসকলক মাতি নি এই বিৰল অভিজ্ঞতা দিয়াৰ কথা চিন্তা কৰিব পৰা শক্তিৰ বাবেই মনগীতৰ অায়োজকসকল ধন্যবাদৰ পাত্ৰ ৷  

 

Thursday, January 18, 2024

নিৰ্বাপিত নক্ষত্ৰ ওষ্টাড ৰচিদ খান

ওষ্টাড ৰচিদ খানৰ বিয়োগে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ জগতলৈ নমাই অনা বিষাদ আৰু শূণ্যতাৰ অনুৰণন বহু দিনলৈ গুঞ্জৰিত হৈ থাকিব ৷ পুৰুষসুলভ উদাত্ত কণ্ঠ আৰু সেই কণ্ঠেৰে এটা স্বৰৰ পৰা আনটো স্বৰলৈ কৰা মায়াসনা ভ্ৰমণ, সংগীতৰ পৰিভাষাত তাক যি নামেৰেই মতা নহওক কিয়, সেই শব্দমালাই সৃষ্টি কৰা ‘অন্য এক ভুবন’ৰ নামেই ৰচিদ খান ৷ ৰচিদ খান নামটো উচ্চাৰণ হোৱাৰ লগে লগেই মনলৈ আহে এখন পুৰণি ছবি ৷ বত্ৰিছ বছৰ আগৰ জানুৱাৰি মাহৰ শীতৰ আবেশ সনা আবেলি এটাত টালিগঞ্জ ৰ ষ্টুডিঅ’ৰ পৰা ওলাই ৰাস্তাৰ কাষৰ চাহদোকান এখনৰ বেন্সত বহিছিলোঁ ৷ লগত আছিল কমল নায়ক আৰু অৰুণ গুহঠাকুৰতা ৷ এজন ডেকা ল’ৰা আহি বেন্সখনৰ সিটো মূৰত বহিছিল ৷ কমল নায়কে কৈছিল- ‘তুমি নাম শুনিছানে ৰচিদ খানৰ ৷’ শুনিছিলোঁ ৷ তেতিয়া ৰচিদ খান ‘ওষ্টাড ৰচিদ খান’ হোৱা নাছিল ৷ কিন্তু বিখ্যাত হ’বলৈ আৰম্ভ কৰিছিল ৷ দেশ পত্ৰিকাৰ সংগীত সমালোচনাত তেওঁৰ নাম পঢ়িছিলোঁ, কিন্তু তেওঁৰ বহু প্ৰশংসিত কণ্ঠমাধুৰ্যৰ অভিজ্ঞতা হোৱা নাছিল, সেই সুবিধাও নাছিল ৷ ওচৰলৈ গৈ চিনাকি হলোঁ ৷ তেওঁৰ মুখত ফুটি উঠিছিল আচৰিত হোৱা ভাব ৷ কথাৰ মাজত অত্যন্ত বিনয়েৰে সেই কথা প্ৰকাশো কৰিছিল ৷ অলপ সময়ৰ চিনাকি, সামান্য কথা-বতৰা, তেওঁৰ ফালৰ পৰা একাপ চাহ তাৰ পাচত দুয়ো দুইফালে ৷ পাচত গম পাইছিলোঁ ৰাস্তাৰ সিপাৰে থকা সংগীত ৰিচাৰ্চ অকাডেমিত তেওঁ সংগীত শিকে, তাৰেই ফেকাল্টি প্ৰখ্যাত সংগীতজ্ঞ ওষ্টাড নিচাৰ হুচেইন খানৰ লগত থাকে ৷ সেই সাক্ষাতৰ কেইমাহমানৰ পাচতেই ৰচিদ খানৰ কণ্ঠসংগীতৰ কেছেট প্ৰকাশ পাইছিল, গাইছিল ৰাগ বাগেশ্ৰী আৰু দেশ ৷ সেই সাক্ষাতৰ ভাল লগা প্ৰতিক্ৰিয়া হিচাপেই কেছেটটি কিনি আনিছিলোঁ ৷ তৰুণ কণ্ঠ, নম্ৰ আৰু মায়াসনা৷ ক্ষীণ ভাবে প্ৰতিধবনিত হয় পণ্ডিত ভীমসেন যোশীৰ শক্তি আৰু ওষ্টাড আমীৰ খানৰ কণ্ঠৰ গম্ভীৰ চলন ৷ আৰু প্ৰতিধবনিত হয় ওষ্টাড নিচাৰ খানৰ তৰাণাৰ দ্ৰুত গতি ৷ এই সকলোবোৰৰ সমন্বয়ৰ পাচতো তেওঁৰ কণ্ঠৰ আছিল এক নিজস্ব পৰিচয়, নতুন শক্তি ৷

খুব কম সময়ৰ ভিতৰতে ৰচিদ খানে সংগীত জগতত এখন নিজা আসন অধিকাৰ কৰিছিল ৷ এখনৰ পাচত এখন গ্ৰামোফেন ৰেকৰ্ড, দেশে বিদেশে লাইভ কনচাৰ্ট- তেওঁৰ প্ৰজন্মৰ সংগীত শিল্পীসকলৰ ভিতৰত তেওঁৰ যোগ্য আৰু প্ৰতিভাপূৰ্ণ দেহতেই পৰিছিল স্পট লাইটৰ সৰ্বাধিক পোহৰ ৷ পণ্ডিত ভীমসেন যোশীয়ে তেওঁক চিহ্নিত কৰিছিল শাস্ত্ৰীয় সংগীতৰ ভবিষ্যত হিচাপে ৷ এইখিনিয়েই নহয়, আৰু এটা কাৰণ আছিল ৷ শাস্ত্ৰীয় সংগীতৰ পৰম্পৰাগত শিল্পীসকলৰ অধিকাংশই মানি অহা ঘৰাণাৰ বান্ধোনৰ পৰা তেওঁ মুক্ত হৈ সংগীতৰ এখনি মুকলি পৃথিবীত বিচৰণ কৰিব বিচাৰিছিল ৷ তেওঁ নিজৰ সংগীতত চুফী সংগীতৰ আংগিক প্ৰয়োগেৰে নতুন শব্দমাধুৰ্য সৃষ্টি কৰাৰ চেষ্টা কৰিছিল, চিনেমাৰ বাবে শাস্ত্ৰীয় সংগীত আধাৰিত গীতত কণ্ঠদান কৰিছিল, ইচমাইল দৰবাৰৰ পৰিচালনাত ‘কিচনা’ ছবিৰ বাবে গাইছিল সোহিনী ৰাগ আধাৰিত ‘কাহে উজাৰি মোৰি নিন্দ’৷ আৰু গাইছিল কিৰৱানি আধাৰিত ‘তোৰে বিনা মোহে চেন নাহি’ ৷ খুব জনপ্ৰিয় নহলেও গীত দুটিয়ে তেওঁক এখন পৃথক পৃথিবীৰ অস্থায়ী বাসিন্দা কৰি তুলিছিল ৷ এই গীত গাইছিল ২০০৪ চনত ৷ তাৰ পাচত ২০০৭ ত ‘জব উই মেট’ ছবিৰ ‘আৱোগে যব তুম চাজনা’৷ তাৰ পাচৰ পৰা প্ৰায় প্ৰতি বছৰেই গাই গৈছে হিন্দী আৰু কম পৰিমাণে বাংলা ছবিৰ গীত ৷ 

অকল চিনেমাৰ গীতেই নহয়, নন-ফিল্ম গীততো তেওঁ অংশগ্ৰহন কৰিছিল একেই উদ্যমেৰে ৷ বংগৰ জনপ্ৰিয় গায়ক নচিকেতাৰ সতে পৰীক্ষামূলক ভাবে গাইছিল ৰবীন্দ্ৰ সংগীত ৷ ৰাগাশ্ৰয়ী ৰবীন্দ্ৰ সংগীত বিচাৰি লৈ তাৰ ইন্টাৰল্যুড অংশত সংযোগ কৰি দিছিল ওষ্টাড ৰচিদ খানৰ একে ৰাগৰ বন্দিছ ৷ ৰাগাশ্ৰয়ী  ৰবীন্দ্ৰ সংগীতক ইতিমধ্যে পণ্ডিত অজয় চক্ৰবৰ্তী আৰু স্বাগতালক্ষ্মী দাসগুপ্তাই বেলেগ বেলেগ ধৰণে গাইছিল, প্ৰচাৰ কৰিছিল ৷ ওষ্টাড ৰচিদ খানৰ এই পৰীক্ষা আছিল সম্পূৰ্ণ পৃথক ৷

তেওঁৰ আন এটি অনিন্দ্য সুন্দৰ কীৰ্তি হ’ল টাইমছ মিউজিকৰ বাবে গোৱা কৃষ্ণ ভজন ৷ পণ্ডিত ভীমসেন যোশীৰ লগত তেওঁ বহুবাৰ যুগলবন্দীত অংশ লৈছিল, একেলগে কৃষ্ণ ভজনো গাইছিল ৷ এই ভজনকেইটিতো যোশীজীৰ প্ৰভাব অনুভূত হয় আৰু সেই প্ৰভাব ৷ স্বাভাবিক ভাবেই ধণাত্মক প্ৰভাব ৷

সংগীতৰ বাবে বহু সন্মানেৰে সন্মানিত ওষ্টাড ৰচিদ খানে চৰকাৰৰ পৰা লাভ কৰিছিল পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মান৷ কম বয়সত সাফল্য, কম বয়সত ডাঙৰ সন্মান আৰু কম বয়সতে প্ৰস্থান- শেষৰটো মানি লোৱা কঠিন হৈ পৰে ৷ 

ওষ্টাডৰ একাধিক লাইভ অনুষ্ঠান চোৱাৰ সুবিধা হৈছিল ৷ কিন্তু লগ পোৱাৰ সুবিধা নাছিলোঁ ৷ এবাৰ লগ পাইছিলোঁ কলিকতাৰ বিমানকোঠত, বিমানৰ বাবে অপেক্ষাৰত অৱস্থাত ৷ অকলশৰীয়া অৱস্থাত আছিল বাবে ওচৰলৈ গৈ কথা পাতিলোঁ ৷ প্ৰথমবাৰ লগ পোৱাৰ সময়ৰ যি সহজ সম্বোধন আছিল, এইবাৰ নাছিল, কাৰণ এতিয়া তেওঁ খ্যাতিৰ শীৰ্ষত ৷ খ্যাতি আৰু বয়সে তেওঁক গহীন কৰি তুলিলেও সেই গাম্ভীৰ্যৰ মাজত আন্তৰিকতাৰ অভাব অনুভব কৰা নাছিলোঁ ৷ মোৰ ভিজিটিং কাৰ্ডখন আগবঢ়াই দিছিলোঁ অটোগ্ৰাফৰ বাবে ৷ চহী কৰি থাকোতে কাৰ্ডখনত আকাশবাণী শব্দটো দেখি আৰু তেওঁ অলপ সহজ হৈ পৰিছিল ৷ অভিজ্ঞতাই শিকাইছে আকাশবাণী বুলিলেই শাস্ত্ৰীয় সংগীত শিল্পীসকলে অধিক আন্তৰিকতা অনুভব কৰে ৷ 

সৰুতে সংগীতৰ প্ৰতি আগ্ৰহ  নথকা ৰচিদ খানে নিজ পুত্ৰ আৰমানক  সৰুৰে পৰাই সংগীতৰ পাঠ দিছিল ৷ আৰমানে কণ্ঠ সংগীতৰ যোগেৰ নিজৰ চিনাকি দিবলৈ সক্ষম হৈছে ৷ তেওঁ এগৰাকী সুদক্ষ গীটাৰ বাদকো ৷ ইয়াতো অনুভব কৰিব পাৰি পিতৃৰ প্ৰভাব ৷ 

নক্ষত্ৰ নিৰ্বাপিত হয়, আন্ধাৰত বাঢ়ি আহে সেই নক্ষত্ৰৰ দীপ্তি ৷ 

Friday, December 22, 2023

‘মালতী’ ফুলৰ দৰেই সুগন্ধি বিয়পাব পৰা


এগৰাকী ত্ৰিশোৰ্ধ মহিলাই ঘৰত প্ৰবেশ কৰাৰ পৰাই ছবিখনৰ আৰম্ভ ৷ ঘৰত সজাই থোৱা দুখন ফটোৰ এখনত আছে গাভৰুৰ পিনে আগবঢ়াই দিয়া আঙুঠি এটি [বিয়াৰ প্ৰস্তাব], আনখনত আছে এগৰাকী পুৰুষৰ সতে আলিংগনাবদ্ধ [বিয়া হৈ গ’ল] ৷ মহিলাগৰাকীৰ কিছু তথ্য উপস্থাপন কৰা হৈ গ’ল ৷ কৰবাৰ পৰা ঘুৰি আহিছে তেওঁ, গা ধুইছে আৰু পিন্ধিবলৈ কাপোৰ বিচাৰিছে- আলমাৰীত ৷ হাত দিছে পুৰুষৰ চোলা এটিত, আলফুলে চোলাটি চুইছে, অনুভব কৰিব বিচাৰিছে চোলাটি নহয়, চোলাটিৰ ভিতৰত থকা মানুহজন, মুখাবয়বত সেই ভাব স্পষ্ট, গুণগুণাই থকা সুৰটিয়েও একে ভাবকেই গভীৰতা দিছে ৷ বুজি পোৱাত কষ্ট নহয়, চোলাটি তেওঁৰ প্ৰিয়জনৰ আৰু চোলাটিৰেই তেওঁ প্ৰিয়জনৰ সান্নিধ্য অনুভব কৰিছে ৷ আন এটা চোলা লয়, কিবা গোন্ধ এটা তেওঁৰ নাকত লাগে, গুণগুণণি বন্ধ হয়, মুখাবয়বত বিয়পি থকা সান্নিধ্যৰ আবেশ অন্তৰ্ধান হৈ যায়, মুখত বিয়পি পৰে এটা কষ্টকৰ প্ৰশ্নবোধক চিন ৷ এনেদৰেই ছবিখনৰ আৰম্ভণি ৷ প্ৰেমৰ অন্তত বিয়া হোৱা এগৰাকী নৱবিবাহিতা মহিলাই যেতিয়া আৱিষ্কাৰ কৰে যে তেওঁৰ স্বামী অইন এগৰাকী মহিলাৰ লগত ঘনিষ্ঠ- তেওঁৰ কেনে লাগিব- এই প্ৰশ্নটোকেই ‘মালতী’ নামৰ ষোল্ল মিনিটীয়া ছবিখনৰ লেখক-পৰিচালক মৃণাল মেস্ত্ৰীয়ে উপস্থাপন কৰিছে ৷ এই ধৰণৰ কাহিনী ছবিত নতুন নহয় ৷ কিন্তু কাহিনীটো উপস্থাপনত লেখক-পৰিচালকে যি নতুনত্ব প্ৰদৰ্শন কৰিছে সেয়াহে ছবিখনৰ আচল শক্তি ৷

ছবিখনৰ আৰম্ভণিতেই নায়িকাই গুণগুণাইছে, তাৰ পৰা ছবিখনৰ ভাষাৰ একো ইংগিত পোৱা নাযায় ৷ এবাৰ যে গুণগুণণি বন্ধ হ’ল, তাৰ পাচত ছবিখনত একো কথা নাই ৷ সম্পূৰ্ণভাবে সংলাপহীন ছবি ৷ অকল ছবিৰেই কথা ক’বলগীয়া হোৱা বাবে পৰিচালকে ইমেইজবোৰক শক্তিশালী ৰূপত নিৰ্মাণ কৰিবই লাগিব ৷ প্ৰথম দুই মিনিটতেই পৰিচালকে কাহিনীৰ মূল সংকট উপস্থাপন কৰিব পাৰিছে আৰু এয়া এগৰাকী দক্ষ নিৰ্মাতাৰ পৰিচয় ৷ ঘৰৰ ভিতৰত অকলশৰে থাকি মহিলাগৰাকীয়ে সমস্যাটিক অনুভব কৰাৰ চেষ্টা পৰিচালিকাই সফল ভাবে প্ৰকাশ কৰিছে ৷ ৰাতি ধূনীয়া মমবাতি জ্বলাই গাভৰুৱে গিৰিয়েকৰ বাবে অপেক্ষা কৰিছে, দেখিলেই ভাব হয়, তেওঁ বহু কথা পাতিবলৈ ৰৈ আছে আৰু কথাখিনি মিলামিছাৰে সম্পূৰ্ণ কৰিব, সেই ভাব অভিনেত্ৰী গৰাকীৰ দেহভংগীমাত স্পষ্ট ৷ ৰাতিৰ বিচনাত তেওঁ গিৰিয়েকৰ সতে অন্তৰংগ হৈছে, মুখত কোনো আগ্ৰহৰ চিন নাই, তেওঁৰ চকুত ভাহিছে সেই অন্য মহিলাগৰাকীহে ৷ 
ছবিখন কলা-বগা৷ ছাঁ-পোহৰৰ কৌশলী ব্যবহাৰেৰে দৃশ্যবোৰৰ ৰূপবন্ধ জটিল কৰা তোলা হৈছে ৷ জেন ডনি লি-ৰ কেমেৰাৰ কামে ছবিখনৰ বক্তব্যৰ আবেদন বৃদ্ধি কৰিছে ৷ কিছু লংশ্বটেও মহিলাগৰাকীৰ মনৰ শূণ্যতা প্ৰকাশত সহায় কৰিছে ৷ লুইচ মৰাল-ৰ আৱহসংগীতে ছবিখনৰ আবেদন বৃদ্ধিত সহায় কৰিছে ৷ আলেক্সাৰূভাকালবা-ৰ সম্পাদনাই কাহিনীৰ মুড আৰু গতিক সন্তুলিত কৰি ৰাখিছে ৷ 
ছবিখনৰ বাবে পৰিচালকে এগৰাকী দক্ষ অভিনেত্ৰী নিৰ্বাচন কৰিছে ৷ কোনো সংলাপ নোহোৱাকৈয়ে অকল মুখ আৰু দেহৰ অভিব্যক্তিৰে সকলো কথা তেওঁ বাংময় কৰি তুলিছে ৷ চোলাত গোন্ধ পোৱা সময়ত মনলৈ অহা অবিশ্বাস, আশ্বৰ্য, বিশ্বাসভংগ, বেদনা আদি সকলো সূক্ষ্ম ভাবকেই অভিনেত্ৰী কংকনা চক্ৰবৰ্তীয়ে সুন্দৰ ভাবে জীৱন্ত কৰি তুলিছে ৷ খোৱাৰ টেবিলত অকলে বহি থকা মুহূৰ্তটোও মনত ৰৈ যোৱা ৷ চৰিত্ৰটিৰ পৰা অভিনেত্ৰী গৰাকীক পৃথক কৰিব নোৱাৰি ৷ এই কৃতিত্বৰ কিছু ভাগ পৰিচালকেও পাব ৷  
পৰিচালিকাই ছবিখনৰ বাবে এটি জটিল বাকধাৰা নিৰ্বাচন কৰিছিল ৷ ছবি নিৰ্মাণৰ আটাইকেইটি উপাদানকেই দক্ষতাৰে ব্যবহাৰ কৰি ইপ্সিত লক্ষ্যত উপনীত হৈছে ৷ ইমানবোৰ দিশৰ সঠিক সমন্বয় ৰক্ষা কৰাটো কঠিন কাম৷ পৰিচালিকা মেস্ত্ৰি এই কামত উত্তীৰ্ণ হৈছে ৷ ‘মালতী’ নামটো ছবিখনৰ নায়িকা গৰাকীৰ বুলি অনুমান হয়, কিন্তু সংলাপহীন এই ছবিত নায়িকাৰ নাম উল্লেখ হোৱা নাই ৷ ছবিখন চাই শেষ কৰাৰ পাচত মনলৈ আহে, মালতী নামটো কিয় ? তেতিয়াই মনলৈ আহে ফুলবিধৰ কথা ৷ ‘মালতী’ নামৰ ছবিখনো ফুলবিধৰ দৰেই সৰু আকৃতিৰ, ছবিখনৰ আবেদনো ফুলবিধৰ সুগন্ধিৰ দৰেই বহু সময়লৈ ৰৈ যোৱা ৷

মালতী ছবিৰ ট্ৰেলৰ
https://www.youtube.com/watch?v=rs-GrS9XxkA 

Saturday, December 2, 2023

কলাত্মক স্বাধীনতাৰ নামত অৰাজকতা গ্ৰহনযোগ্য নে ? ওটিটি-ৰ মায়াজাল

দৃশ্য-শ্ৰাব্য মাধ্যমৰ নতুন সংযোজন ওটিটি প্লেটফৰ্মবোৰে চিনেমা আৰু টেলিভিচন অনুষ্ঠানবোৰৰ প্ৰতিদ্বন্দী হৈ উঠা সময়তে এটা অস্বস্তিকৰ প্ৰশ্নই ৰুচিবান দৰ্শকক চিন্তাত পেলাইছে ৷ চিনেমাত থকা চেন্সৰবোৰ্ডৰ বান্ধোন নথকা বাবে ওটিটি প্লেটফৰ্মবোৰত যি ধৰণৰ ৰুচিহীন আৰু অশালীন সামগ্ৰীৰ প্ৰদৰ্শন হ’বলৈ আৰম্ভ কৰিছে সি সমাজ আৰু সংস্কৃতিৰ বাবে এক বিপদজনক অনুশীলনৰ আৰম্ভণি কৰা নাইনে বাৰু ? ‘ওটিটি কা মায়াজাল’ নামৰ হিন্দী কিতাপখনৰ যোগেৰে এনে প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিছে সাংবাদিক লেখক অনন্ত বিজয়ে ৷ এইখন তেওঁৰ শেহতীয়া কিতাপ আৰু সম্ভবতঃ ওটিটি বিষয়ক প্ৰথম ভাৰতীয় কিতাপ ৷ অনন্ত বিজয় চলচ্চিত্ৰ সমালোচক, সাংবাদিক, সাহিত্যৰ আলোচক আৰু ৰাজনৈতিক বিশ্লেষক ৷ এই কিতাপখনৰ মাজেৰে তেওঁৰ এই আটাইকেইটি পৰিচয় প্ৰকাশিত হৈছে, কেৱল ৰচনাশৈলীত সাহিত্যিকৰ তুলনাত তেওঁৰ সাংবাদিক মানসিকতাৰ অধিক প্ৰতিফলন ঘটিছে, ফলত লেখাবোৰ হিন্দীৰ সতে পৰিচয় থকা অহিন্দীভাষী পাঠকৰ বাবেও সহজপাঠ হিচাপে প্ৰতিষ্ঠিত হৈছে ৷

ওটিটি মূলতঃ চিনেমা আৰু তাৰ লগত সাদৃশ্য থকা দৃশ্য-শ্ৰাব্য অনুষ্ঠান প্ৰচাৰৰ প্লেটফৰ্ম ৷ এই কিতাপখনত মূলতঃ আলোচনা কৰা হৈছে হিন্দী ভাষাত প্ৰচাৰিত অনুষ্ঠানৰ বিষয়ে ৷ কৰোণা কালত চিনেমা হলবোৰ বন্ধ হৈ আছিল, মানুহ গৃহবন্দী হৈ আছিল আৰু চিনেমাপ্ৰিয় দৰ্শকৰ বাবে টেলিভিচনেই হৈ উঠিছিল একমাত্ৰ বিনোদন মাধ্যম ৷ সেই সময়তে ওটিটি প্লেটফৰ্মবোৰে দৰ্শকৰ মনত ভালদৰে বাহ বান্ধিবলৈ সক্ষম হয় আৰু ওটিটিৰ পৰিচালকসকলেও দৰ্শকক নতুন সোৱাদ দিয়াৰ পৰিকল্পনা আৰম্ভ কৰে ৷ ওটিটি-ত আছিল পুৰণি জনপ্ৰিয় চিনেমা আৰু তাৰ ঠাই দখল কৰিবলৈ ল’লে নতুন চিনেমাই, বিশেষকৈ চিত্ৰগৃহত বিফল হোৱা চিনেমাবোৰে৷ এটা সময়ত চিনেমা হলবোৰ খুলিলেও দৰ্শকৰ সীমাবদ্ধতা আৰু ওটিটিৰ জনপ্ৰিয়তাৰ বাবে এই প্লেটফৰ্মতেই নতুন হিন্দী চিনেমা মুক্তি দিয়াৰ ব্যবস্থাও আৰম্ভ হ’ল ৷ একেলগে আৰম্ভ হ’ল ওটিটিৰ বাবে চিনেমা নিৰ্মাণ ৷ আৰু আৰম্ভ হ’ল টিভি ধাৰাবাহিকৰ শৈলীত ৱেব চিৰিজ ৷

বিশেষকৈ এই ৱেব চিৰিজবোৰৰ যোগেৰে দৰ্শকক আকৰ্ষণ কৰা সহজ উপাদান হিচাপে ব্যবহাৰ কৰা হ’ল অশ্ৰাব্য গালিগালাজ, হিংসাত্মক দৃশ্য আৰু অশালীন যৌন দৃশ্য ৷ চিনেমাৰ বাবে থকা চেন্সৰবোৰ্ডে এনে দৃশ্যাৱলীৰ ওপৰত নজৰ ৰাখে, কিন্তু ওটিটিৰ বাবে তেনেকুৱা একো নিয়ন্ত্ৰন ব্যবস্থা নোহোৱাৰ সুৰুঙাৰে ভালেমান নিৰ্মাতাই এক অকল্পনীয় স্বাধীনতা গ্ৰহন কৰিলে ৷ যাৰ ফল হ’ল সৃষ্টিৰ জগতত অৰাজকতা ৷ 

অনুৰাগ কাশ্যপৰ দৰে পৰিচালকে চিনেমাত বাস্তবতাৰ নামত ব্যাপক হাৰত অশ্ৰাব্য গালিগালাজৰ ব্যবহাৰ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি থৈছিল ৷ ওটিটিৰ বাধাহীন আৰু নিয়ন্ত্ৰণহীন পৰিবেশে তেওঁক দিয়া উৎসাহ প্ৰতিফলিত হ’ল ‘চেকৰেদ গেমছ’ নামৰ চিৰিজখনত ৷ অনন্ত বিজয়ে সঠিকভাবেই মন্তব্য কৰিছে -‘যেতিয়া কোনো প্ৰকাৰৰ বন্ধন নাথাকে আৰু কোনো ধৰণৰ কৈফিয়ৎ দিয়াৰ প্ৰয়োজন নাথাকে, তেতিয়াই স্বাধীনতা সলনি হৈ যায় অৰাজকতালৈ ৷’ তেখেতে আৰু লেখিছে - ‘ আচলতে এনে ধৰণৰ মানুহে নিজৰ অসমৰ্থতা ঢাকিবলৈ গালি, হিংসা আৰু যৌন দৃশ্যৰ সহায় লয় ৷’

ওটিটি প্লেটফৰ্মৰ বাবেযে অকল যৌনতা-হিংস্ৰতাৰ উপাদান থকা চিনেমা বা চিৰিজ নিৰ্মাণ কৰা হৈছে তেনে নহয়, সুস্থ মনোৰঞ্জ নথকা, বাস্তবতা থকা চিৰিজো নিৰ্মাণ কৰা হৈছে ৷ লেখকে তেনে কেইবাখনো চিৰিজৰ বিস্তাৰিত আলোচনাৰে বিষয়টিৰ সন্তুলন ৰক্ষা কৰিছে, লেখক হিচাপে নিজৰ দায়িত্বও সম্পূৰ্ণভাবে পালন কৰিছে ৷ 

ওটিটিৰ অনুষ্ঠানবোৰৰ মাজেৰে কৌশলী ভাবে কৰি থকা ‘ফেক নেৰেটিভ’ নিমাৰ্ণৰ কথা লেখক অনন্ত বিজয়ে মনযোগেৰে লক্ষ্য কৰিছে আৰু বাখ্যা কৰিছে ৷ হিন্দী ছবিত হিন্দু বিৰোধী আৰু মুছলমান স্তুতিকৰণৰ যি নেৰেটিভ নিৰ্মাণ কৰা হৈছিল সেই একেই নেৰেটিভ পৃথক ধৰণে ওটিটিৰ মাজতো দেখা গৈছে ৷ বিনোদনৰ আৱৰণেৰে নিৰ্মিত এজেন্দা প্ৰচাৰৰ কৌশলবোৰ নিয়ন্ত্ৰিত হয় ৰাজনৈতিক শক্তিৰ মগজুৰ দ্বাৰা ৷ ইয়াত থাকে হয় নিৰ্মাতাজনৰ ৰাজনৈতিক বিশ্বাস বা লাভৰ অংক অথবা কোনোবা প্ৰভাবী শক্তিৰ আশীৰ্বাদ প্ৰাপ্তিৰ লক্ষ্য ৷ ৰাজনৈতিক দৃষ্টিকোণেৰে বৰ্তমানক বিশ্লেষণ কৰা সময়ত দুটি বস্তুৰ প্ৰয়োজন- অতীতৰ ৰাজনৈতিক জ্ঞান আৰু তাৰ পোহৰত ভবিষ্যতৰ কথা অনুমান কৰিব পৰা শক্তি৷ এসময়ৰ প্ৰখ্যাত চিত্ৰ নিৰ্মাতা দীপা মেহতাৰ ৱেব চিৰিজ ‘লেইলা’ৰ আলোচনাৰ সময়ত লেখকে ৰাজনৈতিক পৃষ্ঠভূমি ঠিক ভাবেই বিচাৰ কৰিছে ৷ ‘কলাক ৰাজনীতিৰ আখৰাথলীলৈ ৰূপান্তৰ কৰা হৈছিল৷ এয়া কৰা হৈছিল ২০১৪ আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পাচত ৷ সমগ্ৰ দেশৰ ৰাইজে দেখা পাইছিল কেনেদৰে সাহিত্য-সংস্কৃতিজগতৰ কিছু সংখ্যক লেখক, শিল্পী, চিত্ৰ নিৰ্মাতা আদিয়ে নিজৰ সৃজনাত্মক কামৰ লগত ৰাজনীতিক সাঙুৰি দিছিল ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু একেগোত্ৰীয় কিছুমান সংগঠনক অত্যন্ত গোড়া হিচাপে চিহ্নিত কৰি এখন ভয়াবহ চিত্ৰ প্ৰস্তুত আৰু প্ৰচাৰ কৰা হৈছিল ৷’ সেই এজেন্দাৰ অংশ আছিল দীপা মেহতাৰ ‘লেইলা’৷ ‘লেইলা’ক কাল্পনিক কাহিনী হিচাপে কোৱা হলেও তাত অংকণ কৰা ভবিষ্যতৰ ভয়াবহ ৰূপৰ লগত সংঘক কেন্দ্ৰ কৰি প্ৰচাৰ কৰা এজেন্দাৰ চিত্ৰ সংযোগ কৰা হৈছিল ৷ এই ধৰণৰ আৰু ভালেমান এজেন্দাৰ কথা অনন্ত বিজয়ে তথ্যসহকাৰে বিশ্লেষণ কৰিছে ৷ তেনেদৰে ৰুচ কমিউনিষ্টৰ দলে ভাৰতীয় ছবিক নিজৰ এজেন্দাৰ অংশ হিচাপে ব্যবহাৰ কৰা কাহিনী কেনেদৰে ‘জুবিলী’ নামৰ ৱেব চিৰিজত প্ৰকাশ পাইছে তাকো সুন্দৰকৈ বৰ্ণনা কৰিছে ৷ লেখকে দেবানন্দৰ আত্মজীৱনী ‘ৰোমান্সিং উইথ লাইফ’ৰ প্ৰসংগও এই কথাৰ সমৰ্থনত ব্যবহাৰ কৰিছে ৷ 

সামগ্ৰিক ভাবে এই কিতাপখনে নৱতম বিনোদন মাধ্যমটিৰ যোগেৰে হ’ব পৰা কলাত্মক কাম আৰু এজেন্দা নিৰ্মাণৰ প্ৰক্ৰিয়া দুয়োটাকে গভীৰ ভাবে বিশ্লেষণ কৰিছে আৰু পাঠকক চিন্তাৰ খোৰাক যোগাবলৈ সক্ষম হৈছে ৷ শিল্পৰ লগত ৰাজনীতিৰ সম্বন্ধ ইমানদিনে একপক্ষীয় ধৰণে বিচাৰ কৰা হৈছিল ৷ অনন্ত বিজয়ে সেই সীমাবদ্ধতাৰ বেৰ ভাঙি দিছে ৷ ইয়াতেই কিতাপখনৰ সাৰ্থকতা ৷ 

প্ৰভাত প্ৰকাশনে প্ৰকাশ কৰা এই কিতাপখনৰ মূল্য তিনিশ টকা ৷ আঞ্চলিক ভাষাসমূহলৈ কিতাপখন অনুবাদ হোৱাটো জৰুৰী ৷ 

পুনশ্চ ঃ এটা কথা এইখিনিতে উল্লেখ কৰিব পাৰি যে লেখকে কিতাপখন মা কামাখ্যা মন্দিৰত সমৰ্পণ কৰিহে বিক্ৰিৰ বাবে মুকলি কৰি দিছিল ৷ 

প্ৰথম প্ৰকাশ দৈনিক জনমভূমি ২/১২/২৩

Thursday, November 9, 2023

‘বেহৰূপীয়া’ - ভাৰতীয় চিনেমা আৰু লোককলাৰ প্ৰতি সন্মান প্ৰদৰ্শন

বৈচিত্ৰপূৰ্ণ লোককলাৰ বিভিন্ন বিভাগ আজি সংকটৰ মুখত ৷ এই সংকটৰ বহু কাৰণ আছে, থাকিব পাৰে, আৰু এক সামাজিক সত্য হিচাপে লোককলাৰ বহু ৰূপ আমাৰ সমাজৰ পৰা লাহে লাহে অদৃশ্য হৈ গৈছে ৷ লোককলাই সন্মুখীন হোৱা এই সংকট আৰু সৃষ্টি কৰা শূণ্যতাক লৈ বহু ভাৰতীয় ছবি নিৰ্মাণ হৈছে ৷ ভাস্কৰ বিশ্বনাথনৰ ‘বেহৰূপীয়া’ এই বিষয়ৰ এখন চুটি ছবি ৷ ছবিখন এই বছৰৰ ইণ্ডিয়ান পেন’ৰামালৈ নিৰ্বাচিত হৈছে ৷ 

ভাৰতৰ মূলতঃ হিন্দী বৃত্তৰ গ্ৰামীন অঞ্চলৰ এটি চিনাকি চৰিত্ৰ এই ‘বেহৰূপীয়া’৷ বিভিন্ন ধৰণৰ ৰূপ ধাৰণ কৰি একোজন মানুহে বিভিন্ন জনসমাবেশত দেখা দি, অভিনয় কৰি মানুহৰ মনোৰঞ্জন কৰে আৰু মানুহৰ পৰা পোৱা সামান্য বকচিচেৰে জীৱিকা নিৰ্বাহ কৰা এই লোককলা এতিয়াও কিছু অঞ্চলত বৰ্তি আছে ৷ বৰ্তমান সময়ত এই বহূৰূপীয়া প্ৰধানতঃ হনুমান, শিৱ আৰু কালীৰ ৰূপতেই সীমাবদ্ধ ৷ এই তিনিওটি চৰিত্ৰৰ প্ৰতি সাধাৰণ ৰাইজৰ শ্ৰদ্ধা আৰু ভক্তিও অপৰিসীম ৷ ৰজা-মহাৰজাৰ কাহিনীতো এই বহুৰূপীয়াৰ প্ৰসংগ আছে, ৰজাই এনে বহুৰূপীয়াক চোৰাংচোৱাৰ কামতো লগাইছিল ৷ এতিয়াৰ সমাজৰ পৰা প্ৰায় অদৃশ্য হৈ যাব ধৰা এই ‘বহুৰূপীয়া’ নামৰ বিনোদন মাধ্যমটিৰ সামগ্ৰিক কাহিনীক এটা চৰিত্ৰৰ যোগে প্ৰকাশ কৰিছে লেখক-পৰিচালক ভাস্কৰ বিশ্বনাথনে ৷ 

ছবিখনৰ বহুৰূপীয়াজন আজিৰ যুগৰ ৷ তেওঁ চাইকেলত সৰু চাউণ্ড চিষ্টেম লগাই লৈ প্ৰচাৰ কৰে ৷ এই বহুৰূপীয়াৰ অধিকাংশ দৰ্শকেই শিশু আৰু অলপ সংখ্যক মহিলা ৷ শিশুবোৰে যিমানেই আনন্দ নাপাওক কিয়, বকচিচ দিয়া সামৰ্থ তেওঁলোকৰ নাই ৷ গাঁৱৰ মহিলাখিনিৰো নাই,  গতিকে তেওঁলোকৰ কিছুমানে চাউল-দাইল আদিকেই দিয়ে, বহুৰূপীয়াই তেনেদৰেই জীৱন নিৰ্বাহ কৰে ৷ ঘটনাক্ৰমে এবাৰ বহুৰূপীয়াই ভৰিত দুখ পালে, কাম কৰিব নোৱৰা হ’ল ৷ এদিন পানী আনিব গৈ ঘুৰি আহি দেখে তেওঁৰ পোচাকবোৰ নাই ৷ অকল্পনীয় আঘাতত ভাগি পৰিও তেওঁ লেঙেৰাই লেঙেৰাই গাঁওখনত ঘুৰি ফুৰে চুৰি হোৱা কাপোৰৰ সন্ধানত ৷ 

কাহিনীটো সৰল আৰু এই ধৰণৰ কাহিনীৰ সামৰণিৰ প্ৰত্যাশিত দুখ আৰু বেদনাৰ সতেও দৰ্শক প্ৰায়ে পৰিচিত ৷ লোক কলা এবিধৰ বিলুপ্তি ৰসগ্ৰাহীৰ বাবে দুখৰ কথা, অথচ ইয়াক সময়ৰ বিবৰ্তনৰ অংশ হিচাপে মানি নলৈ উপায়ো নাই ৷ এই ছবিত কাহিনীকাৰ-পৰিচালকে কলা বিধৰ চৰ্চাৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ পথ বিচাৰিছে ৷ এই ছবিৰ বহুৰূপীয়াজন আৰম্ভণিৰে পৰা আধুনিক, পৰিবেশন কৌশলত ব্যবহাৰ কৰা আধুনিক যন্ত্ৰপাতি আৰু চৰিত্ৰ আৰু সংলাপৰ বাবে নিৰ্বাচন কৰা টিভি চিৰিয়েল আৰু চিনেমাৰ চৰিত্ৰই তাকে প্ৰমাণ কৰে ৷ এইবহুৰূপীয়াজন লেখকৰ সৃষ্টি৷ এই ধৰণৰ সংযোজনে লোককলাৰ পৰম্পৰাগত চৰিত্ৰত কিছু আঘাত হানিব ঠিকেই, কিন্তু ই শেহতীয়া লোক জীৱনৰ ছবি এখনো পৰিস্ফূট  কৰিব যিখন সমাজত চিনেমা আৰু টিভি চিৰিয়েলৰ প্ৰভাব অকল্পনীয় ৷ কাহিনীকাৰ-পৰিচালকে হয়তো ভাবিছে যে কিছু আধুনিকীকৰণে বহুৰূপীয়াক এটা নতুন জীৱন দিব পাৰিব ৷ ইয়াৰ সমৰ্থনত তেওঁ দেখুৱাইছে যে চিনেমাৰ চৰিত্ৰৰ বেশভূষা আৰু সংলাপেৰে চৰিত্ৰটি শিশুসকলৰ বাবে আকৰ্ষণীয় হৈ উঠিছে, আনকি কেইটামান শিশুই বহুৰূপীয়া হোৱাৰ ইচ্ছাও প্ৰকাশ কৰিছে ৷ এই ধণাত্মক দৃষ্টিকোণে ছবিখনক একে বিষয়ৰ আন ছবিৰ পৰা পৃথক কৰিছে ৷ বুদ্ধদেব দাসগুপ্তৰ ‘বাঘ বাহাদুৰ’ ছবিত লোকশিল্পীগৰাকী জীয়াই থকাৰ সংগ্ৰামত ভাগৰি পৰি মৰি যায়, এটা শিল্পধাৰাৰ কৰুণ পৰিসমাপ্তি ঘোষণা কৰে ৷ তাৰ বিপৰীতে ভাস্কৰ বিশ্বনাথনৰ এই ছবিত নতুন প্ৰজন্মই বহুৰূপীয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি তাৰ সতে একেলগে গৈ থকাটোৱে এটা আশাৰ বাৰ্তা প্ৰদান কৰে আৰু ছবিখনক একে ধৰণৰ আন ছবিৰ পৰা পৃথক কৰি তোলে ৷ 

ছবিৰ মুখ্য অভিনেতা দেবেশ ৰঞ্জনে চৰিত্ৰটিক বিশ্বাসযোগ্য কৰি তুলিছে, বিশেষকৈ সংলাপহীন অংশত তেওঁৰ অভিব্যক্তি অতি সংবেদনশীল ৷ ইয়াৰ পূৰ্বে তেওঁ কামাখ্যা নাৰায়ণ সিঙৰ ‘ভোৰ’ ছবিৰ কেন্দ্ৰীয় চৰিত্ৰত সুন্দৰ অভিনয় কৰিছিল ৷ 

বিহাৰৰ গাঁও এখনৰ শান্ত আৰু জীৱন্ত ছবি এখন কেমেৰাই সুন্দৰকৈ ধৰি কাহিনীটোৰ বাবে প্ৰয়োজনীয় পটভূমি নিৰ্মাণ কৰি দিছে ৷ মূল চৰিত্ৰৰ সূক্ষ্ম অভিব্যক্তিবোৰ সঠিকভাবে ধৰি ৰাখি তেওঁৰ অভিনয়ক মূল বক্তব্যৰ অংগ হিচাপে প্ৰকাশ কৰোৱাত কেমেৰাৰ ভালেখিনি অৰিহনা আছে ৷ ডিৰেক্টৰ অব ফটোগ্ৰাফি যোগেন্দ্ৰ পাণ্ডাই পৰিচালকৰ কল্পনাক বাস্তবায়িত কৰাত ভালেখিনি সহায় কৰিছে ৷ হিমাংশু দ্বিবেদী আৰু দীপাংকৰ চৰকাৰৰ সম্পাদনাই ছবিখনৰ গতি ছন্দোময় ভাবে নিয়ন্ত্ৰণ কৰিছে ৷ বিশেষকৈ পোচাকবোৰ চুৰি হোৱাৰ পাচত সেই পোচাকৰ সন্ধানত বহুৰূপীয়াজনে ঘুৰি ফুৰা দৃশ্যকেইটাত সম্পাদকৰ দক্ষতা বিশেষভাবে চকুত পৰে ৷ কাহিনীৰ দিশৰ পৰা সেই সময়ত চৰিত্ৰটিৰ মনৰ গতি দ্ৰুত, কিন্তু ভৰিত পোৱা আঘাতে তেওঁৰ খৰকৈ খোজ কাঢ়িব দিয়া নাই ৷ সম্পাদকে এই দুই আপাতবিৰোধী গতিক সঠিক ভাবে নিয়ন্ত্ৰণ কৰি ছবিখনৰ গতিক সন্তুলিত কৰি ৰাখিছে ৷ ছবিৰ সংগীতেও ছবিখনৰ বাকধাৰাক গতিশীল কৰি ৰাখিছে ৷ ছবিখনৰ প্ৰযোজক অদিতি সন্তোষ তপস্বী আৰু বিক্ৰম বিশ্বনাথন ৷

ছবিখনত দুগৰাকী অসমীয়া ডেকাও জড়িত আছে- সম্পাদনাত দীপাংকৰ চৰকাৰ আৰু আৱহ সংগীতত অৰ্ণব ডেকা ৷ 

https://cutt.ly/BwTBV6gQ

Sunday, October 29, 2023

সহজ কাহিনীৰ সৰল ছবি - তৰাজ হাজবেন্দ

ৰীমা দাসৰ ‘তৰাজ হাজবেন্দ’ [নামটো তেখেতে লেখাৰ দৰে লেখা নাই, ইংৰাজীত থকা নামটো অনুসৰণ কৰি লেখা হৈছে] কাহিনী আৰু নিৰ্মাণৰ দিশৰ পৰা এখন সৰল ছবি ৷ এখন গাঁওৰ তৰা নামৰ এগৰাকী সৰলমনা বোৱাৰীৰ দায়িত্বশীল কিন্তু সুৰাসক্ত গিৰিয়েকৰ মন পৰিবৰ্তনৰ ঘটনাই এই ছবিখনৰ মূল জঁকা ৷ এই ঘটনাটোকে প্ৰকাশ কৰোতে ৰীমা দাসে গাওঁৰ মানুহৰ জীৱন, আশা-আকাংক্ষা, হতাশা, আনন্দ, কল্পনা, বাস্তব, সমস্যা আদি কথাবোৰক কোনো ধৰণৰ নিৰ্মাণৰ চৰিত্ৰ আৰোপ নকৰি বাস্তবতাৰ অংগ হিচাপে প্ৰতিষ্ঠা কৰাত অকল্পনীয় ভাবে সফল হৈছে আৰু সেই সততাই ছবিখনৰ আত্মাক উজলাই তুলিছে ৷ 

ছবিখনৰ কাহিনীটো সৰল ৷ তৰাৰ গিৰিয়েক জান ডেকা চৌখিন মানুহ ৷ ফুটবল খেলে, ভাল ব্যবসায় কৰে, বলেৰ’ এখন চলাই ফুৰে, ল’ৰা-ছোৱালীক সময় দিয়ে ৷ তেওঁৰ বদভ্যাস এটাই- ৰাতি বন্ধুৰ লগত সুৰাপান কৰে, ঘৰলৈ উভতি আহেতে পলম কৰে, তৰাৰ খং উঠে আৰু সেই কথা একেবাৰে যুক্তিপূৰ্ণ ৷ অনুমান কৰিব পাৰি ছবিখনৰ কাহিনীভাগৰ সময় কোভিদৰ পাচত মানুহৰ জীৱন যাত্ৰা স্বাভাৱিক হ’বলৈ ধৰা সময়ৰ ৷ জানৰ ৰেষ্টুৰেন্ট  খুলিছে, মানুহ সপৰিয়ালে সন্ধিয়া খাবলৈ আহিছে ৷ এই আশাব্যঞ্জক সময়তে জানে আৱিষ্কাৰ কৰে যে তেওঁৰ ব্যবসায়ৰ বিকাশ আশামতে হোৱা নাই ৷ অথচ আনপিনে তেওঁ গাৱৰ ফুটবল টিমৰ কাৰণে পইচা খৰচ কৰিছে ৷ ছবিখনত জানে প্ৰতি নিশা লগৰীয়াৰ লগত সুৰাপান কৰাটো এটা ডাঙৰ ইছু- আনকি ৰাতি তৰাই স্কুটি লৈ তেওঁক বিচাৰি ঘুৰি ফুৰা সময়ো পাৰ হৈছে ৷ এই ধৰণৰ মানসিক সংঘাট চলি থকা সময়তে কোভিদৰ আক্ৰমণত তৰা চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয় ৷ আকস্মিক বিচ্ছেদ আৰু অনুপস্থিতিৰ এই সময়খিনিতে জানে তৰাক নতুনকৈ উপলব্ধ আৰু আৱিষ্কাৰ কৰে ৷


গাঁওৰ জীৱন্ত ছবি, তাৰ পৰা বিচ্ছিন্ন কৰিব নোৱৰা মানুহ - এই দুটি শক্তিমান সম্পদক লৈ ছবিখন আগবাঢ়িছে ৷ মাজে মাজে বিচ্ছুৰিত হৈ থকা সঠিক মাত্ৰাৰ হাস্যৰস ছবিখনৰ অন্য এক অলংকাৰ ৷ জানে তেওঁৰ পুতেকক লৈ পৰলোকগত দেউতাকৰ অন্তিম সংস্কাৰ কৰা ঠাইখিনি চাবলৈ গৈছে ৷ এই সংবেদনশীল দৃশ্যটিয়ে ছবিখনৰ প্ৰতি এক কৌতুহলৰ উদ্ৰেক কৰে ৷ কিন্তু পৰবৰ্তী সময়ত দেখা যায় যে মূল কাহিনীৰ সংকট ঘনীভূত কৰাত বা কাহিনীক আগবঢ়াই নিয়াত এই দৃশ্যটিয়ে একো সহায় কৰিব নোৱাৰিলে ৷ তাৰ বিপৰীতে তৰাই এবাৰ এখন সৰু নাৰ্চাৰীত ফুলৰ পুলি কিনে যাৰ মাজেৰে তেওঁৰ সৌন্দৰ্যপিয়াসী মনটোৰ প্ৰতিফলন ঘটে ৷ এই ফুলৰ কথাটোৱে ছবিৰ ক্লাইমেক্স অংশত গুৰুত্বপূৰ্ণ ঠাই দখল কৰি পূৰ্বৰ দৃশ্যটিৰ ব্যঞ্জনা অধিক মাত্ৰাযুক্ত কৰি তুলিছে ৷ অকল ইমানেই নহয়, ফুলৰ প্ৰতি থকা জানৰ বিপৰীত মনোভাবেও ছবিৰ সংকট ঘনীভূত কৰি তোলাৰ কাৰক হিচাপে থিয় দিছে ৷ ফুলখিনি তৰা আৰু জানৰ সংসাৰৰ ব্যবধানৰ এক ধৰণৰ মেটাফ’ৰ হিচাপেও উজলি উঠিছে ৷ 

এই ধৰণৰ কেবাতৰপীয়া বক্তব্য প্ৰকাশ কৰিব পৰা দৃশ্যৰচনা ছবিখনত বেচি দেখিবলৈ পোৱা নাযায় ৷ একো একোটা দৃশ্য বিক্ষিপ্ত দৃশ্য হিচাপে ৰসোত্তীৰ্ণ হৈ উঠিছে যদিও সেই দৃশ্যবোৰৰ বেচিভাগেই কাহিনীৰ মূল সংকট নিৰ্মাণ বা সমাধানত কোনো ধৰণৰ সহায় কৰিব পৰা নাই ৷ দৃশ্যবোৰ তাৎক্ষণিকভাবে ভাল লগাৰ কাৰণ হ’ল স্বাভাবিক অভিনয় আৰু জড়তাহীন দৃশ্যায়ণ ৷ শিশু দুটিৰ কুকুৰ হেৰোৱা উপকাহিনীটোৰ বিভিন্ন দৃশ্য আমোদজনক, শিশু চৰিত্ৰ দুটিৰ লগত জানৰ সম্বন্ধৰ তথ্য প্ৰকাশক, কিন্তু এইলানি দৃশ্যই মূল বক্তব্যক একো সহায় কৰা নাই ৷ এখন নিটোল চিত্ৰনাট্যৰ অভাৱৰ ছায়া সমগ্ৰ ছবিখনতে স্পষ্ট ৷ পৃথিবীৰ বহু পৰিচালকে চিত্ৰনাট্য নোহোৱাকৈয়ো অতি সফল ছবি নিৰ্মাণ কৰাৰ উদাহৰণ আছে, তেনেদৰে প্ৰমাণিত সফল লিখকে লেখা সম্পূৰ্ণ চিত্ৰনাট্যৰে বিফল ছবি নিৰ্মাণ কৰাৰো উদাহৰণ আছে ৷ এনেবোৰ উদাহৰণেৰে পৰিচালকৰ বাবে চিত্ৰনাট্যৰ প্ৰয়োজনীয়তা বা প্ৰয়োজনহীনতাৰ পক্ষে যুক্তি দিব নোৱাৰি ৷ ছবি এখন বাধাহীন ভাবে বিশ্বাসযোগ্য গতিৰে আগবাঢ়িলে চিত্ৰনাট্যৰ প্ৰসংগটো সমস্যা হিচাপে সন্মুখলৈ নাহে, পৰিচালনাৰ কামটোত সঠিকভাবে উত্তীৰ্ণ হলেই চিত্ৰনাট্য থকা-নথকাৰ হিচাপে লোৱাৰ প্ৰয়োজন নহয় ৷ ‘তৰাজ হাজবেন্দ’ৰ কাহিনীৰ গতিৰ ছন্দহীনতাই এই কথাটো ভবাৰ অৱকাশ দিয়ে ৷ চিনেমাখনৰ প্ৰায় সৰহ অংশতেই তৰা আৰু জানৰ মাজৰ অশান্ত সম্বন্ধৰ কথা ৷ তৰাৰ কাৰণে জানৰ মাক ছোৱালীৰ ঘৰলৈ যোৱাৰ দৰে কথাও এবাৰ কোৱা হয়, কিন্তু এই কথাৰ সমৰ্থনত একো তথ্য নথকা বাবে কথাটিৰ গুৰুত্ব প্ৰকাশ নাপালে ৷ ছবিৰ শেষৰ পিনে তৰা হস্পিটালৰ পৰা উভতি আহে, সৰু পৰিয়ালটি ফুৰিবলৈ যায়, এখন সৰু ঠেক সাঁকোৰ দৰে দলঙত পৰিয়ালটো, বৰষুণ আহে, জানে ছাটি এটাৰে পৰিয়ালটিক আৱৰি ৰাখিব খোজে ৷ বৰষুণ, ঠেক দলং, ছাটি আদি উপাদানবোৰে পৰিয়ালটিৰ আত্মিক বান্ধোন, দায়িত্ব, অৱলম্বন আনি কথাবোৰ মেটাফ’ৰৰ দৰে প্ৰকাশ কৰি দৃশ্যটিৰ বক্তব্যক চিনেমাৰ নন্দনতাত্বিক দিশৰ পৰা উচ্চতৰ পৰ্যায়লৈ লৈ গৈছে ৷ বিশাল, পৰিচ্ছন্ন প্ৰকৃতিৰ মাজত নদীৰ বুকুত খেলি থকা সমগ্ৰ পৰিয়ালটিৰ সুখী মুহূৰ্তৰ দৃশ্যটিও ছবিৰ বক্তব্যৰ শক্তিশালী প্ৰকাশ আৰু তাৰ আবেদনো মনত ৰৈ যোৱা ৷ 

ছবিখনৰ বক্তব্য আৰু নিৰ্মাণকৌশলৰ সৰলতাক ধৰি ৰাখিবলৈকেই দৃশ্যগ্ৰহনো সৰল ৷  বেচিভাগ ক্ষেত্ৰতেই কেমেৰাৰ ফ্ৰেম স্থিৰ ৷ এনেকুৱা ফ্ৰেমত শ্বটবোৰৰ কম্প’জিচন সুন্দৰকৈ কৰাত সীমাহীন সুবিধা পোৱা যায় যদিও কেমেৰামেন ৰীমা দাসে সেই সুবিধা গ্ৰহন কৰা নাই ৷ চিনেমাত চিত্ৰগ্ৰহনকাৰীৰ কাম অকল ফটোখিনি সুন্দৰকৈ তোলাই নহয়, ছবিখনৰ মূল বক্তব্যৰ দাৰ্শনিক দিশটোক দৃশ্যৰূপ দিয়াটোহে মূল কাম ৷ ‘তৰাজ হাজবেন্দ’ ছবিৰ অন্তৰ্নিহিত সংকট আছিল পত্নীৰ দৃষ্টিৰ পৰা গিৰিয়েকৰ পৰা পাবলগীয়া নিৰ্ভৰতাৰ অভাব ৷ ইয়াত দুখ আছে, অস্থিৰতা আছে, অভিমান আছে লগতে বিশ্বাসো আছে ৷ তৰাই কয় - ‘জান মানুহ হিচাপে ভাল, কিন্তু হাজবেন্দ হিচাপে ভাল নহয় ৷’ ছবিখনৰ দৃশ্যৰূপত এই ধৰণৰ জটিল গভীৰতাৰ চিনেমেটিক প্ৰকাশৰ কোনো চেষ্টা দেখা নাযায় ৷ কেমেৰাৰ সৰল আৰু প্ৰায় স্থিৰ ফ্ৰেমৰ মাজেৰে এক নিৰিহ সৰলতাৰ যি দৃশ্যৰূপ প্ৰস্তুত কৰা হৈছে সি ছবিৰ মূল বক্তব্যৰ বিৰোধিতা কৰিছে ৷ ৰীমা দাস ছবিখনৰ লেখক, পৰিচালক, চিত্ৰগ্ৰহনকাৰী আৰু সম্পাদক ৷ তেনে স্থলত ছবিৰ দৃশ্যৰূপটি অধিক মনযোগী আৰু বিশ্বাসযোগ্য হোৱা উচিত আছিল ৷ ছবিখনৰ চিত্ৰগ্ৰহনৰ কামটো যদিও দেখাত সৰল কৰি ৰখা হৈছে, কামটো আচলতে ইমান সহজ নহয় ৷ বিশেষকৈ ব্যস্ত ঠাইৰ বৰ্হিদৃশ্যবোৰত কমসংখ্যক কাৰিকৰী মানুহ লগত লৈ কৰা দৃশ্যগ্ৰহনত, য’ত আকৌ একেলগে শব্দগ্ৰহনো কৰা হয়, সেই অৱস্থাত ইমান হিচাপত কাম কৰিবলগীয়া হয় যে সৰল ৰূপটো হিচাপী ৰূপলৈ ৰূপান্তৰিত হোৱাটো স্বাভাবিক ৷ কিন্তু ৰীমা দাসে এই প্ৰতিকূল পৰিবেশতো কেমেৰাৰ সৰলতা লোপ পাবলৈ দিয়া নাই আৰু কেমেৰা নিয়ন্ত্ৰণৰ এই সন্তুলন ৰক্ষাৰ বাবে তেখেত প্ৰশংসাৰ যোগ্য ৷ 

ছবিখনৰ মূল চৰিত্ৰ জান আৰু তৰা ৷ দুয়োটি চৰিত্ৰকে লেখক-পৰিচালকে সুন্দৰভাবে নিৰ্মাণ কৰিছে ৷ অধিকাংশ সময়তে ঘৰৰ ভিতৰতে থকা বাবে তৰাৰ চৰিত্ৰৰ বৈশিষ্ট্য কম, সেইখিনি অভিনেত্ৰী তৰালী কলিতা দাসে সুন্দৰকৈ ফুটাই তুলিছে ৷ জানৰ চৰিত্ৰটিক বিচৰণ ভূমি যথেষ্ঠ আৰু লগতে কামৰ বৈচিত্ৰ্যও ভিন্ন ৷ অভিজিত দাসৰ চেহেৰাটো জানৰ চৰিত্ৰৰ লগত মিলি যোৱা কাৰণে পৰিচালকৰ কাম ভালেখিনি সহজ হৈছে ৷ কাহিনীয়ে বিচৰা মতে চৰিত্ৰটিয়ে ভাব আৰু আবেগৰ সম্পূৰ্ণ প্ৰকাশ কৰিব নোৱাৰিলেও অভিজিত দাসে জানক বিশ্বাসযোগ্য কৰি তুলিব পাৰিছে ৷ ছবিত জানৰ মাক আৰু বায়েকৰ চৰিত্ৰ দুটিক কাহিনীৰ গুৰুত্বৰ লগত আনুপাতিক সংগতি ৰাখি উপস্থাপন কৰা নহ’ল ৷ জানে অভিযোগ কৰা মতে তৰাৰ বেয়া ব্যবহাৰৰ বাবেই মাকে ঘৰ এৰি গৈ বিবাহিতা বায়েকৰ লগত থাকে - জান আৰু তৰাৰ সংঘাটৰ ইয়ো এটা মূল কাৰণ বাবে মাক আৰু বায়েকৰ চৰিত্ৰ দুটি দৃশ্যৰূপত স্পষ্ট হোৱা উচিত আছিল ৷ শিশু চৰিত্ৰ দুটি সকলো দিশৰ পৰাই বিশ্বাসযোগ্য৷ ছবিখনত থকা আন বহু চৰিত্ৰই ঘটনাৰ প্ৰয়োজনতহে ওলাইছে, মূল কাহিনীৰ লগত বিশেষ ধৰণে জড়িত নহয় ৷ সেই চৰিত্ৰবোৰো আংগিক আৰু বাচিক উভয় দিশৰ পৰা বিশ্বাসযোগ্য আৰু এই বিশ্বাসযোগ্যতাই ছবিখনক সজীৱ কৰি ৰখাত সহায় কৰিছে ৷ 

ছবিখনত এটা কাহিনী কোৱা হৈছে আৰু এই কাহিনীটোক মসৃন ভাবে আগবঢ়াই নিবলৈ প্ৰয়োজনীয় কঠোৰতা আৰু কাৰিকৰী দক্ষতাৰ যি প্ৰয়োজন, সি এই ছবিত প্ৰকাশ নাপালে৷ প্ৰয়োজনহীনভাবে ওলমি থকা দৃশ্যবোৰ আঁতৰাই ছবিখন অধিক নিটোল কৰাৰ দায়িত্ব অকল সম্পাদকৰেই নহয়, পৰিচালকৰো ৷ দৃশ্যগ্ৰহনৰ সময়ত কৰা কষ্টৰ কথা মনত পৰিলে   সম্পাদনাৰ টেবিলত দৃশ্য একোটা কাটি দিয়াত কষ্ট হয় ৷ এই ছবিতো পৰিচালক-সম্পাদকে একেই কষ্ট অনুভব কৰা যেন ভাব হয় ৷

পৰিবেশ আৰু জনসমাগম আদিৰ পিনে চাই অনুমান কৰি ল’ব পাৰি যে ছবিখনৰ কাহিনী কোভিদৰ আতংক কমি অহা সময়ৰ ৷ সেইবাবেই কোভিদ আক্ৰান্ত হৈ মানুহ ঢুকোৱা, পিপিই কিট পিন্ধি স্বাস্থ্যকৰ্মী এম্বুলেন্সত অহা আদি ঘটনাবোৰে কোনো ধৰণৰ উদ্বিগ্নতা বা সংশয় সৃষ্টি কৰিব নোৱৰাটোৱেই স্বাভাবিক আছিল আৰু উপস্থাপনো তেনে ধৰণেই কৰা হৈছে ৷ এই সময়খিনিয়ে মানুহক কষ্ট কৰি হলেও এটি নতুন জীৱনৰ পিনে আগবাঢ়ি যাবলৈ সাহস দিছিল আৰু ‘তৰাজ হাজবেন্দ’ ছবিখনৰ নায়ক-নায়িকাই বিভিন্ন ধৰণে সেই কথাকেই প্ৰকাশ কৰিছে ৷ এফালে ব্যবসায়ত লোকচান, আনফালে পৰিয়ালত সমস্যা, তাৰ পিচতো সেই সকলোৰে মুখামুখি হৈ তেওঁ বিপদৰ মুখামুখি হৈ নতুন জীৱনৰ পিনে আগবাঢ়িছে ৷ এই নায়ক হ’ল কোভিদে কোঙা কৰি দিয়া মানুহৰ প্ৰতিনিধি, বিপদৰ মুখামুখি হৈ তাক অতিক্ৰম কৰা মানুহৰ প্ৰতিনিধি ৷ এই আশাবাদক উপস্থাপন কৰিব পৰা বাবেই ৰীমা দাসৰ ‘তৰাজ হাজবেন্দ’ক কোভিদউত্তৰ কালৰ এক দায়বদ্ধ শিল্পকৰ্ম হিচাপে পৃথিবীৰ বিভিন্ন দেশে সন্মান প্ৰদৰ্শন কৰিছে ৷ 

প্ৰথম প্ৰকাশ | বসুন্ধৰা দৈনিক জনমভূমি | ২৯.১০.২৩

Saturday, October 28, 2023

'বহাগৰ দূপৰীয়া'ৰ পৰা 'বকুলৰ গোন্ধ'লৈ

এটা সময়ত তেওঁ নতুন ধৰণৰ গীতৰ বাবে বিখ্যাত আছিল, তেতিয়া পৰিচয় আছিল ‘বীৰেন দত্ত’৷ লাহে লাহে বিদ্যায়তনিক দিশৰ অইন কৃতিত্বৰ প্ৰকাশে পূৰ্বৰ সেই পৰিচয়ৰ ওপৰত আৰোপ কৰিলে এটি নতুন মাত্ৰা, নামটোও লাহে লাহে সলনি হৈ গ’ল বীৰেন্দ্ৰ নাথ দত্তলৈ ৷ বীৰেন দত্ত যেন এজন গায়কৰ নাম, বীৰেন্দ্ৰ নাথ দত্ত এটি সন্মানীয় সাংস্কৃতিক-বিদ্যায়তনিক ব্যক্তিত্বৰ নাম ৷ নামটিৰ এই বিবৰ্তন অসমৰ ৰাইজৰ সাংস্কৃতিক শিক্ষা আৰু সংবেদনশীলতাৰ এটি অনন্য দৃষ্টান্ত ৷ 
বীৰেন দত্ত নামটোৰ লগত অবিচ্ছিন্ন ৰূপত সাঙোৰ খাই থকা গীতটি হ’ল ‘বহাগৰ দূপৰীয়া’৷ আকাশবাণী গুৱাহাটীৰ সংগীত বিভাগৰ কোঠাত থকা এটি গানৰ বহীৰ পৰা দুটিমান গীত টুকি নিছিল নিজস্ব গায়নভংগীমাৰে জনপ্ৰিয়তাৰ জখলা বগাবলৈ আৰম্ভ কৰা তৰুণ গায়ক বীৰেন দত্তই ৷ তাৰে এটা গান আছিল ‘বহাগৰ দূপৰীয়া’৷ ‘বহুদিন ৰোমান্টিক গান গোৱাৰ পাচত মই অলপ বেলেগ ধৰণৰ গান বিচাৰি আছিলোঁ৷ কথা, প্ৰকাশভংগী আৰু গানটিৰ নিৰ্মাণ কৌশলত পৰম্পৰাৰ পৰা আঁতৰি অহাৰ প্ৰচেষ্টা- এই গুণবিলাক বিচাৰিছিলোঁ ৷ সেই গান কেইটাত মই বিচৰা বস্তুবোৰ পাইছিলোঁ ৷’ - দত্তচাৰে কয়, বহুবাৰ বহু সাক্ষাৎপ্ৰসংগত এইখিনি কথা কৈছে, কেতিয়াবা শব্দৰ ইফাল সিফাল হৈছে, কিন্তু মূল বক্তব্য একেই আছে ৷ ৰোমান্টিক গানবোৰৰ অধিকাংশৰ ৰচনা আছিল তফজ্জুল আলিৰ ৷ ‘মনোৰমা মোৰ সাধু শেষ, ৰাতিনো কিমান বাকী’ -  বীৰেন দত্তৰ অতি জনপ্ৰিয় ৰোমান্টিক গীত এটি, ৰচনা আছিল তফজ্জুল আলিৰ ৷ বীৰেন দত্তৰ ৰোমান্টিক গীতমালাৰ শেষৰ ফালৰ গীত ৷ 
‘বহাগৰ দূপৰীয়া’ৰ ৰচনা আছিল পৰম্পৰাগত শৈলীৰ পৰা পৃথক ৷ ছন্দৰ নিয়ম গানটোত ৰক্ষা কৰা হোৱা নাছিল ৷ বক্তব্য প্ৰকাশৰ বাবে আছিল বহু জটিল চিত্ৰকল্প আৰু বিক্ষিপ্ত হৈ বিয়পি থকা ইমেইজৰ সহযোগেৰে অংকন কৰা ছবি এখনেই আছিল ‘বহাগৰ দূপৰীয়া’ গীতটি ৷ গীতটিৰ সুৰত এই ছবিখন সম্পূৰ্ণ হৈছিল আৰু কণ্ঠই ছবিখনক দিছিল প্ৰাণ ৷ এয়াই আছিল অসমীয়া সুগম সংগীতৰ এটি যুগৰ আৰম্ভণি ৷ বহুদিন এই যুটীৰ ধাৰাবাহিকতাই অসমীয়া সংস্কৃতিৰ ভড়াল টনকিয়াল কৰি থাকিল ৷ মনোৰমাৰ সাধুকথা শেষ হোৱাৰ দৰেএদিন এই সাধুটোৰো অন্তত পৰিল ৷ নৱকান্ত বৰুৱাই এটি গানৰ পাদটীকাত লেখিছিল - এই গানটিক সুৰেৰে বান্ধিব পৰা এজনেই আছে ৷ সেই গানটিও সুৰ নোহোৱাকৈ ৰৈ গ’ল ৷ 
তাৰ পাচত বহুদিন ব্যাপি খৰাং সৃজনীশীলতাৰ অসহ্য নিৰৱতা ৷ ইতিমধ্যে বীৰেন দত্ত অসমৰ মানুহৰ বাবে হৈ পৰিছে বীৰেন্দ্ৰ নাথ দত্ত ৷ তফজ্জুল আলিৰ লেখা কম হৈ গৈ এটা সময়ত গানৰ কলম স্তব্ধ হৈ পৰিল ৷ 
তেনে এটা সময়তে এদিন দুপৰীয়া চিটি বাছত উঠি তফজ্জুল আলি চাৰ গৈ আছিল ফাঁচী বজাৰলৈ ৷ বাৰোৱাৰীত দুজনী গাভৰু ছোৱালী উঠিল, দুয়োজনীৰ চুলিত বকুল ফুলৰ মালা৷ ঠিক পিছৰ চিটত বহা আলি চাৰক সেই বকুল ফুলৰ গোন্ধে সন্মোহিত কৰিলে, গোন্ধত তেওঁ বিলীন হৈ যাব ধৰোতেই গম পালে এটি গীতে নিজে নিজে জন্ম গ্ৰহন কৰিছে ৷ লতাশীল বাছষ্টপত তেখেত নামিল আৰু বেলেগ এখন বাচ ধৰি ঘৰলৈ উভটি আহিল ৷ লগে লগে বহি লেখি গ’ল- বহুদিন বকুলৰ গোন্ধ পোৱা নাই ৷
‘মোৰ ধাৰণা, সেইটো হয়; তেখেতে তেনে এটা অৱস্থাত গানটো লেখিছে৷ কিন্তু আচলতে তেখেতৰ এইটো চাবকনচাচ মাইণ্ডত থকা বস্তু ৷ বকুলৰ নামেৰে ওলাই আহিছে, কিন্তু সেইটো চাবকনচাচ মাইণ্ডত থকা এটা বস্তু ৷ শৈশৱৰ কথা, কৈশোৰৰ কথা, যৌৱনৰ কথা– এইবোৰ আছে’- এটা সাক্ষাৎপ্ৰসংগত ডঃ দত্তই কৈছিল ৷ এই এটা গীত- স্বতঃস্ফূৰ্তভাবে নিসৃত, ৱৰ্ডছৱৰ্থ-এ কোৱাৰ দৰে স্পনটেনিয়াচ ওভাৰফ্লো অব পাৱাৰফুল ফিলিংছ, ইম’চন ৰিকালেকটেড ইন ট্ৰাংকুৱেলিটি ৷ বহু দিনৰ নিৰব স্থবিৰতাৰ পাচত ওলাই অহা গান, হৃদয়ৰ পৰা পোনপতীয়াভাবে ওলাই অহা, গানটিৰ কতো শব্দৰ অদৰকাৰী কাৰচাজি নাই, অতি স্পষ্ট আৰু পোনপতীয়া বক্তব্য ৷ সুৰটোও তেনেকুৱা ৷ জটিলতাবিহীন, হৃদয়ৰ পৰা স্বতঃস্ফূৰ্তভাবে নিসৃত ৷ অটি জটিল সুৰৰ বাবে বিখ্যাত বীৰেন দত্তৰ অতি সৰল সুৰ ৷ বহুদিন সুৰসৃষ্টিৰ পৰা আঁতৰত থকা বীৰেন দত্তক এই গীতটিয়ে সুৰৰ জগতলৈ ওভোটাই আনিছিল ৷ এই গীতটিৰ পৰাই আৰম্ভ হৈছিল সুৰকাৰ বীৰেন দত্তৰ নতুন ৰূপ- সৰল, জীৱনৰ অভিজ্ঞতাৰ অনুভবেৰে গভীৰ-অতল ৷ 
তফজ্জুল আলিয়ে তাৰ পাচত আৰু এটা গান লেখিছিল- মই আকৌ উভটি আহিছোঁ- গীতিকাৰ হিচাপে উভতি অহাৰ কথা ৷ সুৰো কৰিছিল বীৰেন দত্তই- গীতটো যেন তেখেতৰো সৰল আত্মকথন ৷ ‘আচলতে সেইটো [এই গীতটো] অনুষংগ [বকুল গীতটিৰ] বুলি ক’ব পাৰি ৷ স্মৃতি ৷ বকুলটো স্মৃতি ৷ এই যে ‘আঙুলিৰ ফাঁকেৰে মোৰ’ [আঙুলি কেইটি বিশেষ ভংগীমাত মেলি দিয়ে, যেন ৰামকিংকৰৰ ভাস্কৰ্য] ৷ সেইটোৱেই ৷’

প্ৰথম প্ৰকাশ দৈনিক অসম ২৭.১০.২৩ 

Friday, October 20, 2023

শতবৰ্ষত আনন্দৰ দেৱতা

আনন্দৰ দেৱতা দেবানন্দ ৷ সম্পূৰ্ণ নাম ধৰম দেব পিছোৰীমল আনন্দ ৷ এটা নগৰীয়া চেহেৰা প্ৰকাশ কৰা চৌখিন সাজপোচাক, হেয়াৰ ষ্টাইল, পৰিচ্ছন্ন মুখমণ্ডল আদিৰে নিজস্ব স্বাক্ষৰ নিৰ্মাণ কৰা দেবানন্দে তেওঁৰ সমসাময়িক চলচ্চিত্ৰ ব্যক্তিত্বসকলৰ পৰা নিজকে পৃথক ভাবে জিলিকাই ৰাখিছিল ৷ নিজৰ এই চৌখিন ৰূপটোৰ প্ৰতি তেওঁ ইমানেই সচেতন আছিল যে তেওঁ নিজে প্ৰযোজনা কৰা, মুখ্য ভূমিকাত অভিনয় কৰা ছবি ‘গাইড’ত দাঢ়ি নুখুৰোৱা মুখ আৰু মলিয়ন কাপোৰেৰে কেমেৰাৰ সন্মুখত অভিনয় কৰিবলৈ অমান্তি হৈছিল ৷ পৰিচালক বিজয় আনন্দে তেওঁৰ চৰিত্ৰটিৰ কথা বুজাইছিল আৰু তেওঁ সেই বুজনিৰ উত্তৰ দিছিল যে তেওঁক দৰ্শকে অইন ৰূপত গ্ৰহন নকৰিব ৷ শেষত পৰিচালকৰ কথাই ৰৈছিল আৰু দৰ্শকে দেবানন্দক প্ৰথমবাৰৰ বাবে আগতে নেদেখা ৰূপত প্ৰত্যক্ষ কৰিছিল ৷ ছবিখন আছিল দেবানন্দৰ অভিনয় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ছবি৷ তেওঁৰ মতে ‘গাইদ’ আছিল ‘আত্মাক সন্তুষ্ট কৰা বিনোদন’৷

অকল অভিনেতাই নহয়, প্ৰযোজক আৰু পৰিচালক হিচাপেও ৰূপালী পৰ্দাৰ ব্যবসায়ৰ মাজত থাকিও তেওঁ হিট বা ফ্লপৰ হিচাপ কৰাৰ পৰিবৰ্তে কেৱল ছবি নিৰ্মাণ কৰি যোৱাৰ বাসনাৰেই আগবাঢ়ি গৈছিল ৷ দেবানন্দৰ জীৱনটোলৈ চালে দেখা যায় হিট বা ফ্লপ ছবিৰ কাহিনীয়ে  তেওঁৰ জীৱনক একো বিশেষ ধৰণে প্ৰভাবিত কৰা নাই ৷ তেওঁৰ জীৱনক প্ৰভাবিত কৰিছে চিনেমাৰ প্ৰতি থকা তেওঁৰ পেছন, চিনেমাৰ প্ৰতি তেওঁ জীৱনটো কেনেদৰে সমৰ্পণ কৰিছে সেই কাহিনীয়ে ৷ আৰু তেওঁৰ জীৱনটোক প্ৰভাবিত কৰিছে জীৱনত তেওঁ লগ পাই অহা বিভিন্ন মানুহে যিবোৰে তেওঁৰ মনত কিবাকৈ হলেও দাগ কাটি গৈছে ৷ 

জীৱনটো তেওঁ উপভোগ কৰিছে, উপভোগ কৰিছে নিজৰ ধৰণে, আৰু এই উপভোগক তেওঁ নাম দিছে ‘ৰোমান্স’৷ সেইবাবেই তেওঁৰ আত্মজীৱনীৰ নাম ‘ৰোমান্সিং উইথ লাইফ’৷ 

দেবানন্দৰ চলচ্চিত্ৰ জীৱনলৈ চালে দেখা যায় তেওঁ সকলো সময়তে সকলোৰে মনযোগৰ কেন্দ্ৰবিন্দু হৈ থাকিব বিচাৰে ৷ নিজে প্ৰযোজনা কৰা চিনেমাৰ কথাটো বাদেই, আনে প্ৰযোজনা কৰা চিনেমাতো তেওঁ সেই সুবিধাটো গ্ৰহণ কৰিছিল ৷ অভিনেতা জীৱনৰ আৰম্ভণিতে, যেতিয়া চিনেমা এখনত চৰিত্ৰ এটাত অভিনয় কৰা সুবিধা পোৱাটোৱেই কঠিন কাম আছিল সেই পৰিবেশতো তেওঁ নিজৰ গুৰুত্বক মুহূৰ্তৰ বাবে হলেও আনৰ চকুত কমিব দিয়া নাছিল ৷ ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰাৰ প্ৰায় লগে লগেই তেওঁ সেই সময়ৰ আটাইতকৈ নামী নায়িকাৰ বিপৰীতে যে অভিনয় কৰাৰ সুযোগ পাইিছল তাৰ কাৰণ আছিল তেওঁৰ আত্মপ্ৰেম আৰু আত্মবিশ্বাস আৰু তাক প্ৰকাশ কৰাৰ কৌশল ৷ 

অবিভক্ত ভাৰতৰ গুৰুদাসপুৰৰ পৰা আহি তেওঁ সপোন নগৰী মুম্বাই [তেতিয়াৰ] বোম্বে পাইিছল, লগত আছিল মাত্ৰ কেইিটমান টকা আৰু ৰূপালী আকাশত তৰা হৈ জিলিকি উঠাৰ মানসিক দৃঢ়তা ৷ জেপত পইচা নথকাত তেওঁ বিক্ৰি কৰি দিছিল তেওঁৰ ডাক টিকটৰ সংগ্ৰহ ৷ সেই বিক্ৰিৰ সময়তো তেওঁ কিন্তু সাহস বা নিজৰ দৃঢ়তাৰ খোপনি শিথিল হ’বলৈ দিয়া নাছিল ৷ জীৱিকাৰ বাবে তেওঁ মিলিটাৰি বিভাগৰ চিঠি চেঞ্চৰ কৰা কেৰাণীৰ কামত যোগ দিছিল ৷ কিন্তু তেওঁ সহকমীৰ্সকলৰ সন্মুখত তেওঁ বাৰে বাৰে ঘোষণা কৰিছিল যে তেওঁ এদিন তাৰকা হ’বই ৷ এফালে তাৰকা হোৱা সপোন, আনপিনে বৃটিচ চৰকাৰৰ চাকৰি, তাৰ মাজতো তেওঁ কিন্তু সমাজ আৰু সময়ৰ কথা পাহৰি যোৱা নাছিল ৷ 

দেবানন্দৰ প্ৰথম উল্লেখযোগ্য ছবি আছিল ‘হম এক হ্যেঁ’৷ হিন্দু মুছলিম সম্প্ৰীতিৰ বাণী বহন কৰা এই ছবিখনৰ মুক্তিৰ সময়তে ভাৰত দুভাগ হৈছিল ৷ ভাৰত বিভাজনৰ বেদনাই দেবানন্দক জোকাৰি গৈছিল ৷ ভাৰত বিভাজনে তেওঁক আন এখন ৰাষ্ট্ৰলৈ ঠেলি দিছিল, কিন্তু জীৱন আৰু জীৱিকাৰ বাবে তেওঁ ৰৈ গৈছিল আন এখন ৰাষ্ট্ৰত যিখন তেওঁৰ জন্মভূমি নাছিল ৷ জন্মভূমিৰ ছবি তেওঁঁৰ হৃদয়ৰ পৰা মচি দিব পৰা নাছিল ঠিকেই, কিন্তু তেওঁ কৰ্মভূমিকেই নিজৰ মাতৃভূমিৰদৰে জ্ঞান কৰিছিল ৷ তেওঁ লেখিছিল ‘জিন্নাই পাকিস্তান নামৰ এখন সুকীয়া মুছলিম দেশৰ দাবী তুলিছিল, বহুতে সেই দাবীক অবাস্তব কৌতুক হিচাপে গ্ৰহণ কৰিছিল ৷ ভাৰতৰ দৰে এখন বহু ধৰ্মৰ বহু ভাষাৰ দেশত কেনেকৈ হঠাতে কেৱল সম্প্ৰদায়ৰ ভেটিত চিনাকি  কৰি এখন ঘৰৰ পৰা কেনেকৈ কেইজনমানক উলিয়াই নি শত্ৰু চুবুৰীয়া হিচাপে চাব পাৰি ? জিন্না সফল হৈছিল ৷ আৰু আমাৰ ভাৰতীয় নেতাসকলে লৰালৰিকৈ স্বাধীনতা লাভৰ সপোনত এটা অধিক সন্তোষজনক পথৰ বাবে কেইদিনমান অপেক্ষা কৰাৰ পৰিবৰ্তে বিভাজন পথটোকে মানি ল’লে ৷ তেওঁলোকৰ মূৰত সোমোৱা নাছিল যে ইংৰাজৰ দিন প্ৰায় শেষ, কাৰণ তেওঁলোকৰ শাসনৰ দিন শেষ হৈ আহিছে, তেওঁলোকে সামান্য প্ৰতিৰোধ প্ৰদৰ্শণ কৰিলেও ‘ভাৰত ত্যাগ’ কৰিবই লাগিব কাৰণ তেওঁলোকৰ উপনিবেশৰ দিন শেষ, কাৰণ দেশৰ শক্তিশালী নৈতিক শক্তিৰ পৰাহত কৰা সামৰ্থ তেওঁলোকৰ শেষ৷ তেওঁলোকৰ নিজৰ দেশতো অস্থিৰতা ৷ দ্বিতীয় বিশ্বযুদ্ধই তেওঁলোকৰ দেশৰ আৰু নৈতিক শক্তিৰ ককাঁল ভাঙি দিছে, তেওঁলোকক বিশ্বশক্তিৰ পৰা সংকুচিত কৰি আনি বিশ্বযুদ্ধৰ পিচত প্ৰথম শক্তিমান হিচাপে চিহ্নিত হোৱা আমেৰিকাৰ দ্বিতীয় তন্ত্ৰীলৈ ৰূপান্তৰিত কৰি দিছে৷ . . . সূৰ্যই আকাশৰ পৰা দেখাপোৱা খিনি চোৱাৰ  দৃষ্টি আৰু ভবিষ্যদৃষ্টি থাকিলে ভাৰতীয় নেতৃত্বই ক্ষয়মান শক্তিৰ লগত বুজাপৰা কৰা প্ৰলোভনৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰিলেহেতেন৷ ’

অকল স্বাধীনতাৰ কথাই নহয়, ভাৰতৰ বিভিন্ন সামাজিক আৰু ৰাজনৈতিক কথাতো তেওঁৰ মত আছিল স্পষ্ট৷ ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা সময়ত তেওঁ চৰকাৰী কথাক সমৰ্থন নকৰি সংবাদ পত্ৰৰ শিৰোণামা দখল কৰিছিল ৷ তেওঁৰ এই সমাজ সচেতন মনটোৰ চিনাকি পোৱা যায় তেওঁ নিজে প্ৰযোজনা আৰু পৰিচালনা কৰা ছবিবোৰৰ বিষয়বস্তুৰ মাজত ৷ যি বিনোদন ছবিয়ে তেওঁক তাৰকাৰ মৰ্যদা দিছিল সেই বিনোদন ছবিৰ কাঠামোৰ ভিতৰত থাকিয়েই তেওঁ তেওঁৰ সমাজসচেতন মনটোৰ পৰিচয় দিছিল ৷ তেওঁৰ বিখ্যাত ছবি ‘হৰে ৰাম হৰে কৃষ্ণ’ৰ বিষয় বস্তু আছিল সেই সময়ৰ হিপ্পি কালচাৰ ৷ ‘দেশ পৰদেশ’ৰ বিষয় আছিল জীৱিকাৰ সন্ধানত বিদেশলৈ যোৱা ভাৰতীয়ৰ যন্ত্ৰণা ৷ ‘আৱাল নাম্বাৰ’ৰ বিষয় আছিল ক্ৰিকেট ৷ 

‘মই অবচেচদ ভাবে নিজকে প্ৰকাশ কিৰ ভাল পাও বুলি যিসকলে মোক সমালোচনা কৰে, সম্ভবতঃ তেওঁলোক সত্য যে মই যি কৰোঁ বা যি কওঁ সকলোতে মই কেন্দ্ৰবিন্দুত থাকিব বিচাৰোঁ ৷’ নিজকে কেন্দ্ৰবিন্দুত ৰাখিয়েই দেবানন্দ এদিন গুচি গৈছিল, কিন্তু ভাৰতীয় ছবিজগতৰ পৰা কেতিয়াও তেওঁৰ উপস্থিতি আঁতৰি নেযাব ৷

প্ৰথম প্ৰকাশ দৈনিক অসম কুৰি অক্টোবৰ ২৩  

https://cutt.ly/mwWtrX0w

Saturday, October 14, 2023

গৌতম বৰাৰ উপন্যাস ‘নালন্দা- আনটিল উই মেট এগেইন’

 

                                                                                      প্ৰথম প্ৰকাশ দৈনিক জনমভূমি ১৪-১০-২৩

অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰিবেশত আৰম্ভ হৈ¸ বিভিন্ন স্থানৰ মাজেৰে পাঠকক এটা যাত্ৰাত লৈ যোৱা অভিজ্ঞতাৰ কাহিনী হ’ল গৌতম বৰাৰ ‘নালন্দা- আনটিল উই মেট এগেইন’৷ এই কাহিনী এখন সুন্দৰকৈ লিখা উপন্যাস ৷ অক্সফ'ৰ্ডত অধ্যয়ন কৰা লেখকে লাভ কৰা ব্যক্তিগত অভিজ্ঞতাক নিজৰ উপন্যাসত এক আলোকময় চিত্ৰৰে আগবঢ়াইছে ৷ সহজবোধ্য বৰ্ণনা আৰু উদ্ভাৱনীমূলক গল্প কোৱাৰ ক্ষেত্ৰত কিতাপখনে পাৰদৰ্শিতা দেখুৱাইছে যদিও ইয়াত কিতাপখনৰ বৰ্ণনাৰ গতি অলপ সমস্যাযুক্ত ৷ 

মূলতঃ উপন্যাসখনৰ প্ৰথমাংশৰ কেন্দ্ৰবিন্দু হৈছে পৰম্পৰা আৰু ইতিহাসেৰে ডুব যোৱা অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ চৌহদত ফুলি উঠা প্ৰেম কাহিনী ৷ এই গ্ৰন্থখনত বৰাই শিক্ষানুষ্ঠানৰ ছাত্ৰ হিচাপে লাভ কৰা প্ৰত্যক্ষ অভিজ্ঞ তাৰ ভিত্তিত কাহিনীৰ অক্সফ'ৰ্ডৰ জীৱনৰ লগত সফলতাৰে বন্দী কৰিছে ৷ খুটিনাটিবোৰত তেওঁৰ মনোযোগ প্ৰশংসনীয় আৰু ই কাহিনীৰ বিশ্বাসযোগ্যতাত অৰিহণা যোগায় ৷ নিখুঁত হোৱাৰ প্ৰতি থকা এই মনোযোগৰ আধিক্যই অৱশ্যে কেতিয়াবা কেতিয়াবা কাহিনীটোৰ প্ৰবাহত মাজে মাজে বাধাৰো সৃষ্টি কৰিছে ৷ বিশেষকৈ প্ৰথম অধ্যায়বোৰত ইয়াক অলপ বেচিকৈয়ে অনুভব কৰা যায় ৷ 

‘নালন্দা’ৰ বাকধাৰা দৃশ্যমানভাবে সমৃদ্ধ, লেখকে প্ৰাঞ্জল চিত্ৰকল্প সৃষ্টি কৰিছে যাৰ ফলত গল্পৰ পৰিৱেশত সম্পূৰ্ণৰূপে নিমজ্জিত হোৱাটো পাঠকৰ বাবে সহজ হৈ পৰে ৷ এই কিতাপখনে কাহিনীৰ মাজে মাজে অক্সফ'ৰ্ডৰ আচৰিত স্থাপত্য, চিত্ৰময় বাগিচা, আৰু পৰিৱৰ্তিত ঋতুক জীৱন্ত কৰি তুলি পঢ়াৰ অভিজ্ঞ তাক সমৃদ্ধ কৰিছে ৷ 

উপন্যাসখনৰ মূল কাহিনীভাগ ফ্লেছবেকৰ ব্যৱহাৰৰ জৰিয়তে আৰম্ভ হৈছে ৷ এই কৌশলে কাহিনীটোত এক অনন্য স্তৰৰ আকষৰ্ণ আৰু কৌতূহল সংযোগ কৰে৷ 

বৰাৰ বৰ্ণনাত্মক দক্ষতা আৰু কাহিনী গঠন প্ৰশংসনীয় যদিও কিছু সম্পাদনাৰে গ্ৰন্থখনৰ গতি বৃদ্ধি কৰিব পৰা গ’লহেঁতেন ৷ কাহিনীটোৰ বৰ্ণনাৰ ক্ষেত্ৰত দেখা পোৱা শিথিলতাক কঠোৰ সম্পাদনাই অধিক সুখপাঠ্য কৰিব পাৰিলেহেতেন ৷ কিন্তু ইয়াৰ দ্বাৰা উপন্যাসখনৰ সামগ্ৰিক আকৰ্ষণৰ কোনো ক্ষতি নহয় ৷ উপন্যাখনৰ চৰিত্ৰসমূহক প্ৰাঞ্জলভাৱে অংকণ কৰা হৈছে, আৰু তেওঁলোকৰ পাৰস্পৰিক ক্ৰিয়া-কলাপবোৰৰ প্ৰকাশত বুদ্ধিমত্তাৰ চিনাকি আছে ৷ এই বুদ্ধিমত্তাই চৰিত্ৰসমূহক গভীৰতা প্ৰদান কৰি তেওঁলোকৰ মাজৰ সম্পৰ্কৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিছে ৷

ব্যতিক্ৰমী পৰিবেশ আৰু কাহিনীয়ে কাহিনীভাগ অসমীয়া ভাষাৰ অইন উপন্যাসৰ পৰা পৃথক কৰিছে ৷ শৈক্ষিক সাধনা, বন্ধুত্ব আৰু অপ্ৰত্যাশিত মোঁচৰৰ পটভূমিৰ এই উপন্যাসখন বহুদিনৰ পিছতো পাঠকৰ স্মৃতিত ৰৈ থকাৰ সম্ভাৱণা ৷ 

Friday, September 29, 2023

থেইজৰ দ্বিতীয় প্ৰকাশ


 প্ৰথম প্ৰকাশৰ ছয় দশক সম্পূৰ্ণ কৰাৰ অাগমুহূৰ্তত 'থেইজ'ৰ ২য় প্ৰকাশ পাঠকৰ হাতত পৰিল ৷ প্ৰথম সংস্কৰণৰ প্ৰকাশৰ দায়িত্ব পালন কৰিছিল দত্তবৰুৱা এণ্ড কোম্পানীয়ে ৷ ২য় প্ৰকাশৰ দায়িত্ব অসম পাবলিছিং কোম্পানীয়ে হাতত লৈছিল ৷ প্ৰকাশৰ পাচতেই সংবাদটি বিভিন্ন মাধ্যমত প্ৰকাশ পালে ৷ তাৰ পাচত বহুজনৰ বিভিন্ন মন্তব্য ৷ 

ফেচবুকত এটা মন্তব্য শ্ৰীযুত জয়ন্ত শৰ্মাৰ ৷ তেখেতে লেখিছে - 'আমাৰ ঘৰৰ সন্মুখত থকা বজালী মহিলা সমিতিৰ পুথিভঁৰালত কিতাপখন বহুদিন দেখা আৰু পঢ়া মনত আছে। বেটুপাত প্ৰায় একে ধৰণৰে আছিল। আকৌ প্ৰকাশ হোৱাত আনন্দিত হ'লোঁ।'

টুইটাৰত শ্ৰীযুত কৃষ্ণ পূজাৰীয়ে লেখিছে -  'ক্লাছ নাইনত পুৰণি জহি যোৱা কিতাপ খন পাইছিলো। এক বিৰল পঠন আছিল।'

দেউতা জীয়াই থকা হ'লে এই মন্তব্যবোৰ শুনি খুব অানন্দ পালেহেতেন  ৷

কিতাপখনৰ বেটুপাতৰ প্ৰসংগত শ্ৰীযুত বিদ্যুৎ কুমাৰ ভূঞাই লেখিছে - 'সৌৰীশ মিত্ৰৰ বেটুপাতে কথা কয়, সৌৰীশ মিত্ৰৰ বেটুপাতে পঢ়ুৱৈৰ সৈতে কিতাপখনৰ অন্তৰ্ভাগৰ কথা পাতে, সৌৰীশ মিত্ৰৰ বেটুপাতে তেওঁৰ বৌদ্ধিক আৰু বাহ্যিক- দুয়োটা দিশেৰে কিতাপখন সুন্দৰ কৰি তুলি ধৰে। অন্ততঃ অসমীয়া ভাষাৰ আগশাৰীৰ লিখক আৰু প্ৰকাশক বহুতৰে 'বেটুপাত' সম্পৰ্কে বিশেষ ধ্যান-ধাৰণা নথকাটো তেওঁলোকৰ কিতাপৰ বেটুপাতবোৰেই নীৰৱে ঘোষণা কৰি দিয়ে। এইখন কিতাপৰ বেটুপাতে মোক এইকেইটা কথা ক'বলৈ অনুপ্ৰাণিত কৰিলে।'

লেখিকা ডাঃ নমিতা বৈশ্যই কৈছে - তেখেতক কপি এটা লাগে ৷ দিম, কিন্তু এটা চৰ্তত- মোৰ ঘৰত পদধূলি দিলেহে দিম ৷ 

শ্ৰীযুতা প্ৰীতি বৰাই ফেচবুকত লেখিছে - 'এইখন সংগ্ৰহ কৰিম আগন্তুক গ্ৰন্থমেলাত।' 

হিল্লোল কুমাৰ পাঠকে কপি এটা কিনিছে, ফটোখন মোলৈ হোৱাটছএপত পঠিয়াই দিছে ৷