সন্দীপ ৰায় অসাধাৰণ চিত্ৰশিল্পী ৷ তেওঁ অঁকা ‘জয়বাবা ফেলুনাথ’ ছবিৰ ই পি গ্ৰামোফোন ৰেকৰ্ডখন অতি সুন্দৰ ৷ ফেলুনাথৰ ‘উ’কাৰটোক পিষ্টলৰ ৰূপ দিছিল ৷ জাৰ্ণাল এম্পৰিয়ামৰ সুৰেন্দ্ৰ নাথ বৈশ্য ডাঙৰীয়াৰ কথামতে সত্যজিত ৰায়ৰ জীৱনী এখন লেখিবলৈ আৰম্ভ কৰিছিলোঁ ৷ দুটামান খণ্ড বিস্ময়ৰ পাতত ছপা হৈছিল ৷ মোৰ ইচ্ছা আছিল বেটুপাত সন্দীপ ৰায়ে আঁকিব ৷ সুৰেনদাই কথাও পাতিছিল ৷ তেখেতে কৈছিল- দেউতাকৰ বিষয়ে লেখা কিতাপ কাৰণে আঁকিবলৈ ইচ্ছা কৰা নাই ৷ মোৰো কিতাপখন সম্পূৰ্ণ কৰা নহ’ল ৷ সন্দীপ ৰায়ৰ ছবিয়ে কাহানিও আকৰ্ষণ কৰা নাই, কিন্তু তেওঁৰ লেখাবোৰৰ মাজেৰে চিনেমাৰ বহু কথাই জানিব পাৰি ৷ সেই কথাবোৰ মোৰ ভাল লাগে ৷
Utpal Datta writes on Film, Literature and other topics চিনেমা, সাহিত্যৰ লগতে অন্যান্য বিষয়ত উৎপল দত্তৰ মন্তব্য
Wednesday, May 28, 2025
চিনেমাৰ কিতাপ
Thursday, May 22, 2025
শশাংক সমীৰলৈ মৰম আৰু অভিনন্দন
শশাংক সমীৰে লেখা আৰু পৰিচালনা কৰা ‘ভাইমনদা’ চাই ভাল পালোঁ ৷ এখন সম্পূৰ্ণ মৌলিক চিনেমা ৷ ভাইমনদা আমাৰ মাজৰ পৰা আঁতৰি যোৱা কেইদিনমানহে হৈছে ৷ এনে সময়তে এজন তৰুণ পৰিচালক আৰু প্ৰযোজকে তেনে এজন মানুহৰ প্ৰতি প্ৰদৰ্শন কৰা এই সম্মানৰ কথা অসমৰ চিনেমাপ্ৰেমী মানুহে সদায়েই মনত ৰাখিব ৷ অসমীয়া চিনেমাই ব্যবসায় কৰিবই লাগিব, তাত কোনো সন্দেহ নাই ৷ মুনিন বৰুৱাই এই কথাটো সদায়েই মনত ৰাখিছিল, বিশ্বাস কৰিছিল আৰু ব্যবসায়ৰ নামত কোনো ধৰণৰ তৰল সামগ্ৰী মেলি দিয়া নাছিল ৷ ৰুচিবোধৰ এটি স্তৰ তেওঁ সদায়েই মনত ৰাখিছিল ৷ আবেগৰ প্ৰদৰ্শনৰ সময়তো তেওঁ আছিল সথেষ্ঠ সংযমী ৷ ভাইমনদা ছবিখনত সেই আদৰ্শ সম্পূৰ্ণৰূপে প্ৰতিফলিত হৈছে ৷ কাহিনীৰ গতিৰ লগত খাপখোৱা ‘এৰা এৰি’ গীতটিৰ চিত্ৰায়ণ ভাল লাগিছে ৷ ভাইমন আৰু মঞ্জুলাৰ প্ৰথম পৰিকল্পিত মুখামুখিৰ দৃশ্যৰ সময়ত ভাইমনৰ প্ৰবেশৰ মুহূৰ্তটিয়ে ‘প্যাসা’ৰ এটি শ্বটলৈ মনত পেলাই দিয়ে ৷ এনে একোখন মৌলিক ছবিয়ে অসমীয়া ছবিৰ ইতিহাস সম্বৃদ্ধ কৰিব ৷
শশাংক সমীৰলৈ মৰম আৰু অভিনন্দন ৷
Featured Post
সফল ছবিখনৰ কাৰণে পৰিচালকক অভিনন্দন
বিনোদনপূৰ্ণ চিনেমাৰ মাজেৰেই আমাৰ চলচ্চিত্ৰ প্ৰেমৰ আৰম্ভণি | এনেধৰণৰ ছবিৰ প্ৰতি আমাৰ আকৰ্ষণ বহুত বেছি | অসমীয়া ভাষাত এনেকুৱা ছবি নিৰ্মাণ খুব...
-
ডঃ দৰ্শনা গোস্বামীৰ অনুবাদ গ্ৰন্থ ‘নীলা বাঘ আৰু অন্যান্য গল্প’ হ’ল আৰ্জেণ্টিনাৰ প্ৰসিদ্ধ সাহিত্যিক জৰ্জ লুইছ বৰ্হেছৰ কেইটিমান গল্পৰ অনুপম ...
-
অতুল লহকৰ মানেই সোৱাদ আৰু পুষ্টিৰ সমাহাৰ, আন্তৰিক আতিথ্য আৰু কিছু আনন্দময় সময় ৷ আমাৰ বন্ধু-বান্ধব বাহিৰৰ পৰা আহিলে তেওঁৰ গুৱাহাটীৰ গোস্বামী ...
-
অতনু ভূঞাৰ "খাকী" ছবিখনৰ নাম ঘোষণাৰ দিনাৰ পৰা এক ধৰণৰ কৌতুহলৰ সৃষ্টি হৈছিল | ভূঞাই নতুন কিবা এটা কৰি ভাল পায় আৰু কামত তাৰ প্ৰতি...
