Sunday, October 29, 2023

সহজ কাহিনীৰ সৰল ছবি - তৰাজ হাজবেন্দ

ৰীমা দাসৰ ‘তৰাজ হাজবেন্দ’ [নামটো তেখেতে লেখাৰ দৰে লেখা নাই, ইংৰাজীত থকা নামটো অনুসৰণ কৰি লেখা হৈছে] কাহিনী আৰু নিৰ্মাণৰ দিশৰ পৰা এখন সৰল ছবি ৷ এখন গাঁওৰ তৰা নামৰ এগৰাকী সৰলমনা বোৱাৰীৰ দায়িত্বশীল কিন্তু সুৰাসক্ত গিৰিয়েকৰ মন পৰিবৰ্তনৰ ঘটনাই এই ছবিখনৰ মূল জঁকা ৷ এই ঘটনাটোকে প্ৰকাশ কৰোতে ৰীমা দাসে গাওঁৰ মানুহৰ জীৱন, আশা-আকাংক্ষা, হতাশা, আনন্দ, কল্পনা, বাস্তব, সমস্যা আদি কথাবোৰক কোনো ধৰণৰ নিৰ্মাণৰ চৰিত্ৰ আৰোপ নকৰি বাস্তবতাৰ অংগ হিচাপে প্ৰতিষ্ঠা কৰাত অকল্পনীয় ভাবে সফল হৈছে আৰু সেই সততাই ছবিখনৰ আত্মাক উজলাই তুলিছে ৷ 

ছবিখনৰ কাহিনীটো সৰল ৷ তৰাৰ গিৰিয়েক জান ডেকা চৌখিন মানুহ ৷ ফুটবল খেলে, ভাল ব্যবসায় কৰে, বলেৰ’ এখন চলাই ফুৰে, ল’ৰা-ছোৱালীক সময় দিয়ে ৷ তেওঁৰ বদভ্যাস এটাই- ৰাতি বন্ধুৰ লগত সুৰাপান কৰে, ঘৰলৈ উভতি আহেতে পলম কৰে, তৰাৰ খং উঠে আৰু সেই কথা একেবাৰে যুক্তিপূৰ্ণ ৷ অনুমান কৰিব পাৰি ছবিখনৰ কাহিনীভাগৰ সময় কোভিদৰ পাচত মানুহৰ জীৱন যাত্ৰা স্বাভাৱিক হ’বলৈ ধৰা সময়ৰ ৷ জানৰ ৰেষ্টুৰেন্ট  খুলিছে, মানুহ সপৰিয়ালে সন্ধিয়া খাবলৈ আহিছে ৷ এই আশাব্যঞ্জক সময়তে জানে আৱিষ্কাৰ কৰে যে তেওঁৰ ব্যবসায়ৰ বিকাশ আশামতে হোৱা নাই ৷ অথচ আনপিনে তেওঁ গাৱৰ ফুটবল টিমৰ কাৰণে পইচা খৰচ কৰিছে ৷ ছবিখনত জানে প্ৰতি নিশা লগৰীয়াৰ লগত সুৰাপান কৰাটো এটা ডাঙৰ ইছু- আনকি ৰাতি তৰাই স্কুটি লৈ তেওঁক বিচাৰি ঘুৰি ফুৰা সময়ো পাৰ হৈছে ৷ এই ধৰণৰ মানসিক সংঘাট চলি থকা সময়তে কোভিদৰ আক্ৰমণত তৰা চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয় ৷ আকস্মিক বিচ্ছেদ আৰু অনুপস্থিতিৰ এই সময়খিনিতে জানে তৰাক নতুনকৈ উপলব্ধ আৰু আৱিষ্কাৰ কৰে ৷


গাঁওৰ জীৱন্ত ছবি, তাৰ পৰা বিচ্ছিন্ন কৰিব নোৱৰা মানুহ - এই দুটি শক্তিমান সম্পদক লৈ ছবিখন আগবাঢ়িছে ৷ মাজে মাজে বিচ্ছুৰিত হৈ থকা সঠিক মাত্ৰাৰ হাস্যৰস ছবিখনৰ অন্য এক অলংকাৰ ৷ জানে তেওঁৰ পুতেকক লৈ পৰলোকগত দেউতাকৰ অন্তিম সংস্কাৰ কৰা ঠাইখিনি চাবলৈ গৈছে ৷ এই সংবেদনশীল দৃশ্যটিয়ে ছবিখনৰ প্ৰতি এক কৌতুহলৰ উদ্ৰেক কৰে ৷ কিন্তু পৰবৰ্তী সময়ত দেখা যায় যে মূল কাহিনীৰ সংকট ঘনীভূত কৰাত বা কাহিনীক আগবঢ়াই নিয়াত এই দৃশ্যটিয়ে একো সহায় কৰিব নোৱাৰিলে ৷ তাৰ বিপৰীতে তৰাই এবাৰ এখন সৰু নাৰ্চাৰীত ফুলৰ পুলি কিনে যাৰ মাজেৰে তেওঁৰ সৌন্দৰ্যপিয়াসী মনটোৰ প্ৰতিফলন ঘটে ৷ এই ফুলৰ কথাটোৱে ছবিৰ ক্লাইমেক্স অংশত গুৰুত্বপূৰ্ণ ঠাই দখল কৰি পূৰ্বৰ দৃশ্যটিৰ ব্যঞ্জনা অধিক মাত্ৰাযুক্ত কৰি তুলিছে ৷ অকল ইমানেই নহয়, ফুলৰ প্ৰতি থকা জানৰ বিপৰীত মনোভাবেও ছবিৰ সংকট ঘনীভূত কৰি তোলাৰ কাৰক হিচাপে থিয় দিছে ৷ ফুলখিনি তৰা আৰু জানৰ সংসাৰৰ ব্যবধানৰ এক ধৰণৰ মেটাফ’ৰ হিচাপেও উজলি উঠিছে ৷ 

এই ধৰণৰ কেবাতৰপীয়া বক্তব্য প্ৰকাশ কৰিব পৰা দৃশ্যৰচনা ছবিখনত বেচি দেখিবলৈ পোৱা নাযায় ৷ একো একোটা দৃশ্য বিক্ষিপ্ত দৃশ্য হিচাপে ৰসোত্তীৰ্ণ হৈ উঠিছে যদিও সেই দৃশ্যবোৰৰ বেচিভাগেই কাহিনীৰ মূল সংকট নিৰ্মাণ বা সমাধানত কোনো ধৰণৰ সহায় কৰিব পৰা নাই ৷ দৃশ্যবোৰ তাৎক্ষণিকভাবে ভাল লগাৰ কাৰণ হ’ল স্বাভাবিক অভিনয় আৰু জড়তাহীন দৃশ্যায়ণ ৷ শিশু দুটিৰ কুকুৰ হেৰোৱা উপকাহিনীটোৰ বিভিন্ন দৃশ্য আমোদজনক, শিশু চৰিত্ৰ দুটিৰ লগত জানৰ সম্বন্ধৰ তথ্য প্ৰকাশক, কিন্তু এইলানি দৃশ্যই মূল বক্তব্যক একো সহায় কৰা নাই ৷ এখন নিটোল চিত্ৰনাট্যৰ অভাৱৰ ছায়া সমগ্ৰ ছবিখনতে স্পষ্ট ৷ পৃথিবীৰ বহু পৰিচালকে চিত্ৰনাট্য নোহোৱাকৈয়ো অতি সফল ছবি নিৰ্মাণ কৰাৰ উদাহৰণ আছে, তেনেদৰে প্ৰমাণিত সফল লিখকে লেখা সম্পূৰ্ণ চিত্ৰনাট্যৰে বিফল ছবি নিৰ্মাণ কৰাৰো উদাহৰণ আছে ৷ এনেবোৰ উদাহৰণেৰে পৰিচালকৰ বাবে চিত্ৰনাট্যৰ প্ৰয়োজনীয়তা বা প্ৰয়োজনহীনতাৰ পক্ষে যুক্তি দিব নোৱাৰি ৷ ছবি এখন বাধাহীন ভাবে বিশ্বাসযোগ্য গতিৰে আগবাঢ়িলে চিত্ৰনাট্যৰ প্ৰসংগটো সমস্যা হিচাপে সন্মুখলৈ নাহে, পৰিচালনাৰ কামটোত সঠিকভাবে উত্তীৰ্ণ হলেই চিত্ৰনাট্য থকা-নথকাৰ হিচাপে লোৱাৰ প্ৰয়োজন নহয় ৷ ‘তৰাজ হাজবেন্দ’ৰ কাহিনীৰ গতিৰ ছন্দহীনতাই এই কথাটো ভবাৰ অৱকাশ দিয়ে ৷ চিনেমাখনৰ প্ৰায় সৰহ অংশতেই তৰা আৰু জানৰ মাজৰ অশান্ত সম্বন্ধৰ কথা ৷ তৰাৰ কাৰণে জানৰ মাক ছোৱালীৰ ঘৰলৈ যোৱাৰ দৰে কথাও এবাৰ কোৱা হয়, কিন্তু এই কথাৰ সমৰ্থনত একো তথ্য নথকা বাবে কথাটিৰ গুৰুত্ব প্ৰকাশ নাপালে ৷ ছবিৰ শেষৰ পিনে তৰা হস্পিটালৰ পৰা উভতি আহে, সৰু পৰিয়ালটি ফুৰিবলৈ যায়, এখন সৰু ঠেক সাঁকোৰ দৰে দলঙত পৰিয়ালটো, বৰষুণ আহে, জানে ছাটি এটাৰে পৰিয়ালটিক আৱৰি ৰাখিব খোজে ৷ বৰষুণ, ঠেক দলং, ছাটি আদি উপাদানবোৰে পৰিয়ালটিৰ আত্মিক বান্ধোন, দায়িত্ব, অৱলম্বন আনি কথাবোৰ মেটাফ’ৰৰ দৰে প্ৰকাশ কৰি দৃশ্যটিৰ বক্তব্যক চিনেমাৰ নন্দনতাত্বিক দিশৰ পৰা উচ্চতৰ পৰ্যায়লৈ লৈ গৈছে ৷ বিশাল, পৰিচ্ছন্ন প্ৰকৃতিৰ মাজত নদীৰ বুকুত খেলি থকা সমগ্ৰ পৰিয়ালটিৰ সুখী মুহূৰ্তৰ দৃশ্যটিও ছবিৰ বক্তব্যৰ শক্তিশালী প্ৰকাশ আৰু তাৰ আবেদনো মনত ৰৈ যোৱা ৷ 

ছবিখনৰ বক্তব্য আৰু নিৰ্মাণকৌশলৰ সৰলতাক ধৰি ৰাখিবলৈকেই দৃশ্যগ্ৰহনো সৰল ৷  বেচিভাগ ক্ষেত্ৰতেই কেমেৰাৰ ফ্ৰেম স্থিৰ ৷ এনেকুৱা ফ্ৰেমত শ্বটবোৰৰ কম্প’জিচন সুন্দৰকৈ কৰাত সীমাহীন সুবিধা পোৱা যায় যদিও কেমেৰামেন ৰীমা দাসে সেই সুবিধা গ্ৰহন কৰা নাই ৷ চিনেমাত চিত্ৰগ্ৰহনকাৰীৰ কাম অকল ফটোখিনি সুন্দৰকৈ তোলাই নহয়, ছবিখনৰ মূল বক্তব্যৰ দাৰ্শনিক দিশটোক দৃশ্যৰূপ দিয়াটোহে মূল কাম ৷ ‘তৰাজ হাজবেন্দ’ ছবিৰ অন্তৰ্নিহিত সংকট আছিল পত্নীৰ দৃষ্টিৰ পৰা গিৰিয়েকৰ পৰা পাবলগীয়া নিৰ্ভৰতাৰ অভাব ৷ ইয়াত দুখ আছে, অস্থিৰতা আছে, অভিমান আছে লগতে বিশ্বাসো আছে ৷ তৰাই কয় - ‘জান মানুহ হিচাপে ভাল, কিন্তু হাজবেন্দ হিচাপে ভাল নহয় ৷’ ছবিখনৰ দৃশ্যৰূপত এই ধৰণৰ জটিল গভীৰতাৰ চিনেমেটিক প্ৰকাশৰ কোনো চেষ্টা দেখা নাযায় ৷ কেমেৰাৰ সৰল আৰু প্ৰায় স্থিৰ ফ্ৰেমৰ মাজেৰে এক নিৰিহ সৰলতাৰ যি দৃশ্যৰূপ প্ৰস্তুত কৰা হৈছে সি ছবিৰ মূল বক্তব্যৰ বিৰোধিতা কৰিছে ৷ ৰীমা দাস ছবিখনৰ লেখক, পৰিচালক, চিত্ৰগ্ৰহনকাৰী আৰু সম্পাদক ৷ তেনে স্থলত ছবিৰ দৃশ্যৰূপটি অধিক মনযোগী আৰু বিশ্বাসযোগ্য হোৱা উচিত আছিল ৷ ছবিখনৰ চিত্ৰগ্ৰহনৰ কামটো যদিও দেখাত সৰল কৰি ৰখা হৈছে, কামটো আচলতে ইমান সহজ নহয় ৷ বিশেষকৈ ব্যস্ত ঠাইৰ বৰ্হিদৃশ্যবোৰত কমসংখ্যক কাৰিকৰী মানুহ লগত লৈ কৰা দৃশ্যগ্ৰহনত, য’ত আকৌ একেলগে শব্দগ্ৰহনো কৰা হয়, সেই অৱস্থাত ইমান হিচাপত কাম কৰিবলগীয়া হয় যে সৰল ৰূপটো হিচাপী ৰূপলৈ ৰূপান্তৰিত হোৱাটো স্বাভাবিক ৷ কিন্তু ৰীমা দাসে এই প্ৰতিকূল পৰিবেশতো কেমেৰাৰ সৰলতা লোপ পাবলৈ দিয়া নাই আৰু কেমেৰা নিয়ন্ত্ৰণৰ এই সন্তুলন ৰক্ষাৰ বাবে তেখেত প্ৰশংসাৰ যোগ্য ৷ 

ছবিখনৰ মূল চৰিত্ৰ জান আৰু তৰা ৷ দুয়োটি চৰিত্ৰকে লেখক-পৰিচালকে সুন্দৰভাবে নিৰ্মাণ কৰিছে ৷ অধিকাংশ সময়তে ঘৰৰ ভিতৰতে থকা বাবে তৰাৰ চৰিত্ৰৰ বৈশিষ্ট্য কম, সেইখিনি অভিনেত্ৰী তৰালী কলিতা দাসে সুন্দৰকৈ ফুটাই তুলিছে ৷ জানৰ চৰিত্ৰটিক বিচৰণ ভূমি যথেষ্ঠ আৰু লগতে কামৰ বৈচিত্ৰ্যও ভিন্ন ৷ অভিজিত দাসৰ চেহেৰাটো জানৰ চৰিত্ৰৰ লগত মিলি যোৱা কাৰণে পৰিচালকৰ কাম ভালেখিনি সহজ হৈছে ৷ কাহিনীয়ে বিচৰা মতে চৰিত্ৰটিয়ে ভাব আৰু আবেগৰ সম্পূৰ্ণ প্ৰকাশ কৰিব নোৱাৰিলেও অভিজিত দাসে জানক বিশ্বাসযোগ্য কৰি তুলিব পাৰিছে ৷ ছবিত জানৰ মাক আৰু বায়েকৰ চৰিত্ৰ দুটিক কাহিনীৰ গুৰুত্বৰ লগত আনুপাতিক সংগতি ৰাখি উপস্থাপন কৰা নহ’ল ৷ জানে অভিযোগ কৰা মতে তৰাৰ বেয়া ব্যবহাৰৰ বাবেই মাকে ঘৰ এৰি গৈ বিবাহিতা বায়েকৰ লগত থাকে - জান আৰু তৰাৰ সংঘাটৰ ইয়ো এটা মূল কাৰণ বাবে মাক আৰু বায়েকৰ চৰিত্ৰ দুটি দৃশ্যৰূপত স্পষ্ট হোৱা উচিত আছিল ৷ শিশু চৰিত্ৰ দুটি সকলো দিশৰ পৰাই বিশ্বাসযোগ্য৷ ছবিখনত থকা আন বহু চৰিত্ৰই ঘটনাৰ প্ৰয়োজনতহে ওলাইছে, মূল কাহিনীৰ লগত বিশেষ ধৰণে জড়িত নহয় ৷ সেই চৰিত্ৰবোৰো আংগিক আৰু বাচিক উভয় দিশৰ পৰা বিশ্বাসযোগ্য আৰু এই বিশ্বাসযোগ্যতাই ছবিখনক সজীৱ কৰি ৰখাত সহায় কৰিছে ৷ 

ছবিখনত এটা কাহিনী কোৱা হৈছে আৰু এই কাহিনীটোক মসৃন ভাবে আগবঢ়াই নিবলৈ প্ৰয়োজনীয় কঠোৰতা আৰু কাৰিকৰী দক্ষতাৰ যি প্ৰয়োজন, সি এই ছবিত প্ৰকাশ নাপালে৷ প্ৰয়োজনহীনভাবে ওলমি থকা দৃশ্যবোৰ আঁতৰাই ছবিখন অধিক নিটোল কৰাৰ দায়িত্ব অকল সম্পাদকৰেই নহয়, পৰিচালকৰো ৷ দৃশ্যগ্ৰহনৰ সময়ত কৰা কষ্টৰ কথা মনত পৰিলে   সম্পাদনাৰ টেবিলত দৃশ্য একোটা কাটি দিয়াত কষ্ট হয় ৷ এই ছবিতো পৰিচালক-সম্পাদকে একেই কষ্ট অনুভব কৰা যেন ভাব হয় ৷

পৰিবেশ আৰু জনসমাগম আদিৰ পিনে চাই অনুমান কৰি ল’ব পাৰি যে ছবিখনৰ কাহিনী কোভিদৰ আতংক কমি অহা সময়ৰ ৷ সেইবাবেই কোভিদ আক্ৰান্ত হৈ মানুহ ঢুকোৱা, পিপিই কিট পিন্ধি স্বাস্থ্যকৰ্মী এম্বুলেন্সত অহা আদি ঘটনাবোৰে কোনো ধৰণৰ উদ্বিগ্নতা বা সংশয় সৃষ্টি কৰিব নোৱৰাটোৱেই স্বাভাবিক আছিল আৰু উপস্থাপনো তেনে ধৰণেই কৰা হৈছে ৷ এই সময়খিনিয়ে মানুহক কষ্ট কৰি হলেও এটি নতুন জীৱনৰ পিনে আগবাঢ়ি যাবলৈ সাহস দিছিল আৰু ‘তৰাজ হাজবেন্দ’ ছবিখনৰ নায়ক-নায়িকাই বিভিন্ন ধৰণে সেই কথাকেই প্ৰকাশ কৰিছে ৷ এফালে ব্যবসায়ত লোকচান, আনফালে পৰিয়ালত সমস্যা, তাৰ পিচতো সেই সকলোৰে মুখামুখি হৈ তেওঁ বিপদৰ মুখামুখি হৈ নতুন জীৱনৰ পিনে আগবাঢ়িছে ৷ এই নায়ক হ’ল কোভিদে কোঙা কৰি দিয়া মানুহৰ প্ৰতিনিধি, বিপদৰ মুখামুখি হৈ তাক অতিক্ৰম কৰা মানুহৰ প্ৰতিনিধি ৷ এই আশাবাদক উপস্থাপন কৰিব পৰা বাবেই ৰীমা দাসৰ ‘তৰাজ হাজবেন্দ’ক কোভিদউত্তৰ কালৰ এক দায়বদ্ধ শিল্পকৰ্ম হিচাপে পৃথিবীৰ বিভিন্ন দেশে সন্মান প্ৰদৰ্শন কৰিছে ৷ 

প্ৰথম প্ৰকাশ | বসুন্ধৰা দৈনিক জনমভূমি | ২৯.১০.২৩

Saturday, October 28, 2023

'বহাগৰ দূপৰীয়া'ৰ পৰা 'বকুলৰ গোন্ধ'লৈ

এটা সময়ত তেওঁ নতুন ধৰণৰ গীতৰ বাবে বিখ্যাত আছিল, তেতিয়া পৰিচয় আছিল ‘বীৰেন দত্ত’৷ লাহে লাহে বিদ্যায়তনিক দিশৰ অইন কৃতিত্বৰ প্ৰকাশে পূৰ্বৰ সেই পৰিচয়ৰ ওপৰত আৰোপ কৰিলে এটি নতুন মাত্ৰা, নামটোও লাহে লাহে সলনি হৈ গ’ল বীৰেন্দ্ৰ নাথ দত্তলৈ ৷ বীৰেন দত্ত যেন এজন গায়কৰ নাম, বীৰেন্দ্ৰ নাথ দত্ত এটি সন্মানীয় সাংস্কৃতিক-বিদ্যায়তনিক ব্যক্তিত্বৰ নাম ৷ নামটিৰ এই বিবৰ্তন অসমৰ ৰাইজৰ সাংস্কৃতিক শিক্ষা আৰু সংবেদনশীলতাৰ এটি অনন্য দৃষ্টান্ত ৷ 
বীৰেন দত্ত নামটোৰ লগত অবিচ্ছিন্ন ৰূপত সাঙোৰ খাই থকা গীতটি হ’ল ‘বহাগৰ দূপৰীয়া’৷ আকাশবাণী গুৱাহাটীৰ সংগীত বিভাগৰ কোঠাত থকা এটি গানৰ বহীৰ পৰা দুটিমান গীত টুকি নিছিল নিজস্ব গায়নভংগীমাৰে জনপ্ৰিয়তাৰ জখলা বগাবলৈ আৰম্ভ কৰা তৰুণ গায়ক বীৰেন দত্তই ৷ তাৰে এটা গান আছিল ‘বহাগৰ দূপৰীয়া’৷ ‘বহুদিন ৰোমান্টিক গান গোৱাৰ পাচত মই অলপ বেলেগ ধৰণৰ গান বিচাৰি আছিলোঁ৷ কথা, প্ৰকাশভংগী আৰু গানটিৰ নিৰ্মাণ কৌশলত পৰম্পৰাৰ পৰা আঁতৰি অহাৰ প্ৰচেষ্টা- এই গুণবিলাক বিচাৰিছিলোঁ ৷ সেই গান কেইটাত মই বিচৰা বস্তুবোৰ পাইছিলোঁ ৷’ - দত্তচাৰে কয়, বহুবাৰ বহু সাক্ষাৎপ্ৰসংগত এইখিনি কথা কৈছে, কেতিয়াবা শব্দৰ ইফাল সিফাল হৈছে, কিন্তু মূল বক্তব্য একেই আছে ৷ ৰোমান্টিক গানবোৰৰ অধিকাংশৰ ৰচনা আছিল তফজ্জুল আলিৰ ৷ ‘মনোৰমা মোৰ সাধু শেষ, ৰাতিনো কিমান বাকী’ -  বীৰেন দত্তৰ অতি জনপ্ৰিয় ৰোমান্টিক গীত এটি, ৰচনা আছিল তফজ্জুল আলিৰ ৷ বীৰেন দত্তৰ ৰোমান্টিক গীতমালাৰ শেষৰ ফালৰ গীত ৷ 
‘বহাগৰ দূপৰীয়া’ৰ ৰচনা আছিল পৰম্পৰাগত শৈলীৰ পৰা পৃথক ৷ ছন্দৰ নিয়ম গানটোত ৰক্ষা কৰা হোৱা নাছিল ৷ বক্তব্য প্ৰকাশৰ বাবে আছিল বহু জটিল চিত্ৰকল্প আৰু বিক্ষিপ্ত হৈ বিয়পি থকা ইমেইজৰ সহযোগেৰে অংকন কৰা ছবি এখনেই আছিল ‘বহাগৰ দূপৰীয়া’ গীতটি ৷ গীতটিৰ সুৰত এই ছবিখন সম্পূৰ্ণ হৈছিল আৰু কণ্ঠই ছবিখনক দিছিল প্ৰাণ ৷ এয়াই আছিল অসমীয়া সুগম সংগীতৰ এটি যুগৰ আৰম্ভণি ৷ বহুদিন এই যুটীৰ ধাৰাবাহিকতাই অসমীয়া সংস্কৃতিৰ ভড়াল টনকিয়াল কৰি থাকিল ৷ মনোৰমাৰ সাধুকথা শেষ হোৱাৰ দৰেএদিন এই সাধুটোৰো অন্তত পৰিল ৷ নৱকান্ত বৰুৱাই এটি গানৰ পাদটীকাত লেখিছিল - এই গানটিক সুৰেৰে বান্ধিব পৰা এজনেই আছে ৷ সেই গানটিও সুৰ নোহোৱাকৈ ৰৈ গ’ল ৷ 
তাৰ পাচত বহুদিন ব্যাপি খৰাং সৃজনীশীলতাৰ অসহ্য নিৰৱতা ৷ ইতিমধ্যে বীৰেন দত্ত অসমৰ মানুহৰ বাবে হৈ পৰিছে বীৰেন্দ্ৰ নাথ দত্ত ৷ তফজ্জুল আলিৰ লেখা কম হৈ গৈ এটা সময়ত গানৰ কলম স্তব্ধ হৈ পৰিল ৷ 
তেনে এটা সময়তে এদিন দুপৰীয়া চিটি বাছত উঠি তফজ্জুল আলি চাৰ গৈ আছিল ফাঁচী বজাৰলৈ ৷ বাৰোৱাৰীত দুজনী গাভৰু ছোৱালী উঠিল, দুয়োজনীৰ চুলিত বকুল ফুলৰ মালা৷ ঠিক পিছৰ চিটত বহা আলি চাৰক সেই বকুল ফুলৰ গোন্ধে সন্মোহিত কৰিলে, গোন্ধত তেওঁ বিলীন হৈ যাব ধৰোতেই গম পালে এটি গীতে নিজে নিজে জন্ম গ্ৰহন কৰিছে ৷ লতাশীল বাছষ্টপত তেখেত নামিল আৰু বেলেগ এখন বাচ ধৰি ঘৰলৈ উভটি আহিল ৷ লগে লগে বহি লেখি গ’ল- বহুদিন বকুলৰ গোন্ধ পোৱা নাই ৷
‘মোৰ ধাৰণা, সেইটো হয়; তেখেতে তেনে এটা অৱস্থাত গানটো লেখিছে৷ কিন্তু আচলতে তেখেতৰ এইটো চাবকনচাচ মাইণ্ডত থকা বস্তু ৷ বকুলৰ নামেৰে ওলাই আহিছে, কিন্তু সেইটো চাবকনচাচ মাইণ্ডত থকা এটা বস্তু ৷ শৈশৱৰ কথা, কৈশোৰৰ কথা, যৌৱনৰ কথা– এইবোৰ আছে’- এটা সাক্ষাৎপ্ৰসংগত ডঃ দত্তই কৈছিল ৷ এই এটা গীত- স্বতঃস্ফূৰ্তভাবে নিসৃত, ৱৰ্ডছৱৰ্থ-এ কোৱাৰ দৰে স্পনটেনিয়াচ ওভাৰফ্লো অব পাৱাৰফুল ফিলিংছ, ইম’চন ৰিকালেকটেড ইন ট্ৰাংকুৱেলিটি ৷ বহু দিনৰ নিৰব স্থবিৰতাৰ পাচত ওলাই অহা গান, হৃদয়ৰ পৰা পোনপতীয়াভাবে ওলাই অহা, গানটিৰ কতো শব্দৰ অদৰকাৰী কাৰচাজি নাই, অতি স্পষ্ট আৰু পোনপতীয়া বক্তব্য ৷ সুৰটোও তেনেকুৱা ৷ জটিলতাবিহীন, হৃদয়ৰ পৰা স্বতঃস্ফূৰ্তভাবে নিসৃত ৷ অটি জটিল সুৰৰ বাবে বিখ্যাত বীৰেন দত্তৰ অতি সৰল সুৰ ৷ বহুদিন সুৰসৃষ্টিৰ পৰা আঁতৰত থকা বীৰেন দত্তক এই গীতটিয়ে সুৰৰ জগতলৈ ওভোটাই আনিছিল ৷ এই গীতটিৰ পৰাই আৰম্ভ হৈছিল সুৰকাৰ বীৰেন দত্তৰ নতুন ৰূপ- সৰল, জীৱনৰ অভিজ্ঞতাৰ অনুভবেৰে গভীৰ-অতল ৷ 
তফজ্জুল আলিয়ে তাৰ পাচত আৰু এটা গান লেখিছিল- মই আকৌ উভটি আহিছোঁ- গীতিকাৰ হিচাপে উভতি অহাৰ কথা ৷ সুৰো কৰিছিল বীৰেন দত্তই- গীতটো যেন তেখেতৰো সৰল আত্মকথন ৷ ‘আচলতে সেইটো [এই গীতটো] অনুষংগ [বকুল গীতটিৰ] বুলি ক’ব পাৰি ৷ স্মৃতি ৷ বকুলটো স্মৃতি ৷ এই যে ‘আঙুলিৰ ফাঁকেৰে মোৰ’ [আঙুলি কেইটি বিশেষ ভংগীমাত মেলি দিয়ে, যেন ৰামকিংকৰৰ ভাস্কৰ্য] ৷ সেইটোৱেই ৷’

প্ৰথম প্ৰকাশ দৈনিক অসম ২৭.১০.২৩ 

Friday, October 20, 2023

শতবৰ্ষত আনন্দৰ দেৱতা

আনন্দৰ দেৱতা দেবানন্দ ৷ সম্পূৰ্ণ নাম ধৰম দেব পিছোৰীমল আনন্দ ৷ এটা নগৰীয়া চেহেৰা প্ৰকাশ কৰা চৌখিন সাজপোচাক, হেয়াৰ ষ্টাইল, পৰিচ্ছন্ন মুখমণ্ডল আদিৰে নিজস্ব স্বাক্ষৰ নিৰ্মাণ কৰা দেবানন্দে তেওঁৰ সমসাময়িক চলচ্চিত্ৰ ব্যক্তিত্বসকলৰ পৰা নিজকে পৃথক ভাবে জিলিকাই ৰাখিছিল ৷ নিজৰ এই চৌখিন ৰূপটোৰ প্ৰতি তেওঁ ইমানেই সচেতন আছিল যে তেওঁ নিজে প্ৰযোজনা কৰা, মুখ্য ভূমিকাত অভিনয় কৰা ছবি ‘গাইড’ত দাঢ়ি নুখুৰোৱা মুখ আৰু মলিয়ন কাপোৰেৰে কেমেৰাৰ সন্মুখত অভিনয় কৰিবলৈ অমান্তি হৈছিল ৷ পৰিচালক বিজয় আনন্দে তেওঁৰ চৰিত্ৰটিৰ কথা বুজাইছিল আৰু তেওঁ সেই বুজনিৰ উত্তৰ দিছিল যে তেওঁক দৰ্শকে অইন ৰূপত গ্ৰহন নকৰিব ৷ শেষত পৰিচালকৰ কথাই ৰৈছিল আৰু দৰ্শকে দেবানন্দক প্ৰথমবাৰৰ বাবে আগতে নেদেখা ৰূপত প্ৰত্যক্ষ কৰিছিল ৷ ছবিখন আছিল দেবানন্দৰ অভিনয় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ছবি৷ তেওঁৰ মতে ‘গাইদ’ আছিল ‘আত্মাক সন্তুষ্ট কৰা বিনোদন’৷

অকল অভিনেতাই নহয়, প্ৰযোজক আৰু পৰিচালক হিচাপেও ৰূপালী পৰ্দাৰ ব্যবসায়ৰ মাজত থাকিও তেওঁ হিট বা ফ্লপৰ হিচাপ কৰাৰ পৰিবৰ্তে কেৱল ছবি নিৰ্মাণ কৰি যোৱাৰ বাসনাৰেই আগবাঢ়ি গৈছিল ৷ দেবানন্দৰ জীৱনটোলৈ চালে দেখা যায় হিট বা ফ্লপ ছবিৰ কাহিনীয়ে  তেওঁৰ জীৱনক একো বিশেষ ধৰণে প্ৰভাবিত কৰা নাই ৷ তেওঁৰ জীৱনক প্ৰভাবিত কৰিছে চিনেমাৰ প্ৰতি থকা তেওঁৰ পেছন, চিনেমাৰ প্ৰতি তেওঁ জীৱনটো কেনেদৰে সমৰ্পণ কৰিছে সেই কাহিনীয়ে ৷ আৰু তেওঁৰ জীৱনটোক প্ৰভাবিত কৰিছে জীৱনত তেওঁ লগ পাই অহা বিভিন্ন মানুহে যিবোৰে তেওঁৰ মনত কিবাকৈ হলেও দাগ কাটি গৈছে ৷ 

জীৱনটো তেওঁ উপভোগ কৰিছে, উপভোগ কৰিছে নিজৰ ধৰণে, আৰু এই উপভোগক তেওঁ নাম দিছে ‘ৰোমান্স’৷ সেইবাবেই তেওঁৰ আত্মজীৱনীৰ নাম ‘ৰোমান্সিং উইথ লাইফ’৷ 

দেবানন্দৰ চলচ্চিত্ৰ জীৱনলৈ চালে দেখা যায় তেওঁ সকলো সময়তে সকলোৰে মনযোগৰ কেন্দ্ৰবিন্দু হৈ থাকিব বিচাৰে ৷ নিজে প্ৰযোজনা কৰা চিনেমাৰ কথাটো বাদেই, আনে প্ৰযোজনা কৰা চিনেমাতো তেওঁ সেই সুবিধাটো গ্ৰহণ কৰিছিল ৷ অভিনেতা জীৱনৰ আৰম্ভণিতে, যেতিয়া চিনেমা এখনত চৰিত্ৰ এটাত অভিনয় কৰা সুবিধা পোৱাটোৱেই কঠিন কাম আছিল সেই পৰিবেশতো তেওঁ নিজৰ গুৰুত্বক মুহূৰ্তৰ বাবে হলেও আনৰ চকুত কমিব দিয়া নাছিল ৷ ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰাৰ প্ৰায় লগে লগেই তেওঁ সেই সময়ৰ আটাইতকৈ নামী নায়িকাৰ বিপৰীতে যে অভিনয় কৰাৰ সুযোগ পাইিছল তাৰ কাৰণ আছিল তেওঁৰ আত্মপ্ৰেম আৰু আত্মবিশ্বাস আৰু তাক প্ৰকাশ কৰাৰ কৌশল ৷ 

অবিভক্ত ভাৰতৰ গুৰুদাসপুৰৰ পৰা আহি তেওঁ সপোন নগৰী মুম্বাই [তেতিয়াৰ] বোম্বে পাইিছল, লগত আছিল মাত্ৰ কেইিটমান টকা আৰু ৰূপালী আকাশত তৰা হৈ জিলিকি উঠাৰ মানসিক দৃঢ়তা ৷ জেপত পইচা নথকাত তেওঁ বিক্ৰি কৰি দিছিল তেওঁৰ ডাক টিকটৰ সংগ্ৰহ ৷ সেই বিক্ৰিৰ সময়তো তেওঁ কিন্তু সাহস বা নিজৰ দৃঢ়তাৰ খোপনি শিথিল হ’বলৈ দিয়া নাছিল ৷ জীৱিকাৰ বাবে তেওঁ মিলিটাৰি বিভাগৰ চিঠি চেঞ্চৰ কৰা কেৰাণীৰ কামত যোগ দিছিল ৷ কিন্তু তেওঁ সহকমীৰ্সকলৰ সন্মুখত তেওঁ বাৰে বাৰে ঘোষণা কৰিছিল যে তেওঁ এদিন তাৰকা হ’বই ৷ এফালে তাৰকা হোৱা সপোন, আনপিনে বৃটিচ চৰকাৰৰ চাকৰি, তাৰ মাজতো তেওঁ কিন্তু সমাজ আৰু সময়ৰ কথা পাহৰি যোৱা নাছিল ৷ 

দেবানন্দৰ প্ৰথম উল্লেখযোগ্য ছবি আছিল ‘হম এক হ্যেঁ’৷ হিন্দু মুছলিম সম্প্ৰীতিৰ বাণী বহন কৰা এই ছবিখনৰ মুক্তিৰ সময়তে ভাৰত দুভাগ হৈছিল ৷ ভাৰত বিভাজনৰ বেদনাই দেবানন্দক জোকাৰি গৈছিল ৷ ভাৰত বিভাজনে তেওঁক আন এখন ৰাষ্ট্ৰলৈ ঠেলি দিছিল, কিন্তু জীৱন আৰু জীৱিকাৰ বাবে তেওঁ ৰৈ গৈছিল আন এখন ৰাষ্ট্ৰত যিখন তেওঁৰ জন্মভূমি নাছিল ৷ জন্মভূমিৰ ছবি তেওঁঁৰ হৃদয়ৰ পৰা মচি দিব পৰা নাছিল ঠিকেই, কিন্তু তেওঁ কৰ্মভূমিকেই নিজৰ মাতৃভূমিৰদৰে জ্ঞান কৰিছিল ৷ তেওঁ লেখিছিল ‘জিন্নাই পাকিস্তান নামৰ এখন সুকীয়া মুছলিম দেশৰ দাবী তুলিছিল, বহুতে সেই দাবীক অবাস্তব কৌতুক হিচাপে গ্ৰহণ কৰিছিল ৷ ভাৰতৰ দৰে এখন বহু ধৰ্মৰ বহু ভাষাৰ দেশত কেনেকৈ হঠাতে কেৱল সম্প্ৰদায়ৰ ভেটিত চিনাকি  কৰি এখন ঘৰৰ পৰা কেনেকৈ কেইজনমানক উলিয়াই নি শত্ৰু চুবুৰীয়া হিচাপে চাব পাৰি ? জিন্না সফল হৈছিল ৷ আৰু আমাৰ ভাৰতীয় নেতাসকলে লৰালৰিকৈ স্বাধীনতা লাভৰ সপোনত এটা অধিক সন্তোষজনক পথৰ বাবে কেইদিনমান অপেক্ষা কৰাৰ পৰিবৰ্তে বিভাজন পথটোকে মানি ল’লে ৷ তেওঁলোকৰ মূৰত সোমোৱা নাছিল যে ইংৰাজৰ দিন প্ৰায় শেষ, কাৰণ তেওঁলোকৰ শাসনৰ দিন শেষ হৈ আহিছে, তেওঁলোকে সামান্য প্ৰতিৰোধ প্ৰদৰ্শণ কৰিলেও ‘ভাৰত ত্যাগ’ কৰিবই লাগিব কাৰণ তেওঁলোকৰ উপনিবেশৰ দিন শেষ, কাৰণ দেশৰ শক্তিশালী নৈতিক শক্তিৰ পৰাহত কৰা সামৰ্থ তেওঁলোকৰ শেষ৷ তেওঁলোকৰ নিজৰ দেশতো অস্থিৰতা ৷ দ্বিতীয় বিশ্বযুদ্ধই তেওঁলোকৰ দেশৰ আৰু নৈতিক শক্তিৰ ককাঁল ভাঙি দিছে, তেওঁলোকক বিশ্বশক্তিৰ পৰা সংকুচিত কৰি আনি বিশ্বযুদ্ধৰ পিচত প্ৰথম শক্তিমান হিচাপে চিহ্নিত হোৱা আমেৰিকাৰ দ্বিতীয় তন্ত্ৰীলৈ ৰূপান্তৰিত কৰি দিছে৷ . . . সূৰ্যই আকাশৰ পৰা দেখাপোৱা খিনি চোৱাৰ  দৃষ্টি আৰু ভবিষ্যদৃষ্টি থাকিলে ভাৰতীয় নেতৃত্বই ক্ষয়মান শক্তিৰ লগত বুজাপৰা কৰা প্ৰলোভনৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰিলেহেতেন৷ ’

অকল স্বাধীনতাৰ কথাই নহয়, ভাৰতৰ বিভিন্ন সামাজিক আৰু ৰাজনৈতিক কথাতো তেওঁৰ মত আছিল স্পষ্ট৷ ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা সময়ত তেওঁ চৰকাৰী কথাক সমৰ্থন নকৰি সংবাদ পত্ৰৰ শিৰোণামা দখল কৰিছিল ৷ তেওঁৰ এই সমাজ সচেতন মনটোৰ চিনাকি পোৱা যায় তেওঁ নিজে প্ৰযোজনা আৰু পৰিচালনা কৰা ছবিবোৰৰ বিষয়বস্তুৰ মাজত ৷ যি বিনোদন ছবিয়ে তেওঁক তাৰকাৰ মৰ্যদা দিছিল সেই বিনোদন ছবিৰ কাঠামোৰ ভিতৰত থাকিয়েই তেওঁ তেওঁৰ সমাজসচেতন মনটোৰ পৰিচয় দিছিল ৷ তেওঁৰ বিখ্যাত ছবি ‘হৰে ৰাম হৰে কৃষ্ণ’ৰ বিষয় বস্তু আছিল সেই সময়ৰ হিপ্পি কালচাৰ ৷ ‘দেশ পৰদেশ’ৰ বিষয় আছিল জীৱিকাৰ সন্ধানত বিদেশলৈ যোৱা ভাৰতীয়ৰ যন্ত্ৰণা ৷ ‘আৱাল নাম্বাৰ’ৰ বিষয় আছিল ক্ৰিকেট ৷ 

‘মই অবচেচদ ভাবে নিজকে প্ৰকাশ কিৰ ভাল পাও বুলি যিসকলে মোক সমালোচনা কৰে, সম্ভবতঃ তেওঁলোক সত্য যে মই যি কৰোঁ বা যি কওঁ সকলোতে মই কেন্দ্ৰবিন্দুত থাকিব বিচাৰোঁ ৷’ নিজকে কেন্দ্ৰবিন্দুত ৰাখিয়েই দেবানন্দ এদিন গুচি গৈছিল, কিন্তু ভাৰতীয় ছবিজগতৰ পৰা কেতিয়াও তেওঁৰ উপস্থিতি আঁতৰি নেযাব ৷

প্ৰথম প্ৰকাশ দৈনিক অসম কুৰি অক্টোবৰ ২৩  

https://cutt.ly/mwWtrX0w

Saturday, October 14, 2023

গৌতম বৰাৰ উপন্যাস ‘নালন্দা- আনটিল উই মেট এগেইন’

 

                                                                                      প্ৰথম প্ৰকাশ দৈনিক জনমভূমি ১৪-১০-২৩

অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰিবেশত আৰম্ভ হৈ¸ বিভিন্ন স্থানৰ মাজেৰে পাঠকক এটা যাত্ৰাত লৈ যোৱা অভিজ্ঞতাৰ কাহিনী হ’ল গৌতম বৰাৰ ‘নালন্দা- আনটিল উই মেট এগেইন’৷ এই কাহিনী এখন সুন্দৰকৈ লিখা উপন্যাস ৷ অক্সফ'ৰ্ডত অধ্যয়ন কৰা লেখকে লাভ কৰা ব্যক্তিগত অভিজ্ঞতাক নিজৰ উপন্যাসত এক আলোকময় চিত্ৰৰে আগবঢ়াইছে ৷ সহজবোধ্য বৰ্ণনা আৰু উদ্ভাৱনীমূলক গল্প কোৱাৰ ক্ষেত্ৰত কিতাপখনে পাৰদৰ্শিতা দেখুৱাইছে যদিও ইয়াত কিতাপখনৰ বৰ্ণনাৰ গতি অলপ সমস্যাযুক্ত ৷ 

মূলতঃ উপন্যাসখনৰ প্ৰথমাংশৰ কেন্দ্ৰবিন্দু হৈছে পৰম্পৰা আৰু ইতিহাসেৰে ডুব যোৱা অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ চৌহদত ফুলি উঠা প্ৰেম কাহিনী ৷ এই গ্ৰন্থখনত বৰাই শিক্ষানুষ্ঠানৰ ছাত্ৰ হিচাপে লাভ কৰা প্ৰত্যক্ষ অভিজ্ঞ তাৰ ভিত্তিত কাহিনীৰ অক্সফ'ৰ্ডৰ জীৱনৰ লগত সফলতাৰে বন্দী কৰিছে ৷ খুটিনাটিবোৰত তেওঁৰ মনোযোগ প্ৰশংসনীয় আৰু ই কাহিনীৰ বিশ্বাসযোগ্যতাত অৰিহণা যোগায় ৷ নিখুঁত হোৱাৰ প্ৰতি থকা এই মনোযোগৰ আধিক্যই অৱশ্যে কেতিয়াবা কেতিয়াবা কাহিনীটোৰ প্ৰবাহত মাজে মাজে বাধাৰো সৃষ্টি কৰিছে ৷ বিশেষকৈ প্ৰথম অধ্যায়বোৰত ইয়াক অলপ বেচিকৈয়ে অনুভব কৰা যায় ৷ 

‘নালন্দা’ৰ বাকধাৰা দৃশ্যমানভাবে সমৃদ্ধ, লেখকে প্ৰাঞ্জল চিত্ৰকল্প সৃষ্টি কৰিছে যাৰ ফলত গল্পৰ পৰিৱেশত সম্পূৰ্ণৰূপে নিমজ্জিত হোৱাটো পাঠকৰ বাবে সহজ হৈ পৰে ৷ এই কিতাপখনে কাহিনীৰ মাজে মাজে অক্সফ'ৰ্ডৰ আচৰিত স্থাপত্য, চিত্ৰময় বাগিচা, আৰু পৰিৱৰ্তিত ঋতুক জীৱন্ত কৰি তুলি পঢ়াৰ অভিজ্ঞ তাক সমৃদ্ধ কৰিছে ৷ 

উপন্যাসখনৰ মূল কাহিনীভাগ ফ্লেছবেকৰ ব্যৱহাৰৰ জৰিয়তে আৰম্ভ হৈছে ৷ এই কৌশলে কাহিনীটোত এক অনন্য স্তৰৰ আকষৰ্ণ আৰু কৌতূহল সংযোগ কৰে৷ 

বৰাৰ বৰ্ণনাত্মক দক্ষতা আৰু কাহিনী গঠন প্ৰশংসনীয় যদিও কিছু সম্পাদনাৰে গ্ৰন্থখনৰ গতি বৃদ্ধি কৰিব পৰা গ’লহেঁতেন ৷ কাহিনীটোৰ বৰ্ণনাৰ ক্ষেত্ৰত দেখা পোৱা শিথিলতাক কঠোৰ সম্পাদনাই অধিক সুখপাঠ্য কৰিব পাৰিলেহেতেন ৷ কিন্তু ইয়াৰ দ্বাৰা উপন্যাসখনৰ সামগ্ৰিক আকৰ্ষণৰ কোনো ক্ষতি নহয় ৷ উপন্যাখনৰ চৰিত্ৰসমূহক প্ৰাঞ্জলভাৱে অংকণ কৰা হৈছে, আৰু তেওঁলোকৰ পাৰস্পৰিক ক্ৰিয়া-কলাপবোৰৰ প্ৰকাশত বুদ্ধিমত্তাৰ চিনাকি আছে ৷ এই বুদ্ধিমত্তাই চৰিত্ৰসমূহক গভীৰতা প্ৰদান কৰি তেওঁলোকৰ মাজৰ সম্পৰ্কৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিছে ৷

ব্যতিক্ৰমী পৰিবেশ আৰু কাহিনীয়ে কাহিনীভাগ অসমীয়া ভাষাৰ অইন উপন্যাসৰ পৰা পৃথক কৰিছে ৷ শৈক্ষিক সাধনা, বন্ধুত্ব আৰু অপ্ৰত্যাশিত মোঁচৰৰ পটভূমিৰ এই উপন্যাসখন বহুদিনৰ পিছতো পাঠকৰ স্মৃতিত ৰৈ থকাৰ সম্ভাৱণা ৷