ভবেন্দ্ৰ নাথ শইকীয়া ঃ জীৱন অাৰু কৃতি ৷ এই শিৰোণামাৰে চাৰৰ বিষয়ে এলানি প্ৰবন্ধ প্ৰকাশ কৰা হৈছিল অধুনালুপ্ত 'ৰংঘৰ' অালোচনীত ৷ মূল পৰিকল্পনা অাছিল সম্পাদক শশী ফুকনদাৰ ৷ এই লানি প্ৰবন্ধৰ এটা লেখিছিল শ্ৰীযুতা নিৰুপমা বৰগোহাঁই বাইদেৱে ৷ তেখেতৰ প্ৰবন্ধত এটা অাকৰ্ষণীয় তথ্য পালোঁ ৷ চাৰে নীলাচলত 'ৰাজনীতি' নামেৰে কলম এটা লিখিছিল ৷ সেই সময়ত জ্যোতি প্ৰকাশনে চাৰৰ কিছু কিতাপ নতুনকৈ ছপাই অাছিল ৷ এদিন পানবজাৰলৈ যাওতে জ্যোতিত সোমালো, নগেনদাক কলোঁ - চাৰৰ এই প্ৰবন্ধকেইটি ছপাই দিয়ক ৷ দাদাই কলে - হয়, ভাল হ'ব ৷ অাপুনিয়ে সংগ্ৰহ কৰি ঠিক-ঠাক কৰি দিয়ক ৷ কথামতেই কাম ৷ প্ৰবন্ধকেইটি উলিয়লোঁ ৷ শিৰোণামা 'ৰাজনীতি' নহয় ,'দেশ কাল পাত্ৰ' ৷ লেখা মাত্ৰ পাঁচটা ৷ এইকেইটাৰে কিতাপ এখন নহয় ৷ দাদাই ক'লে - কিবা কৰক ৷ ভাবিলোঁ , চাৰৰ এতিয়ালৈকে কোনো কিতাপত সংকলিত নোহোৱা ৰচনা কিছু একত্ৰ কৰা যাওক ৷ চাৰক কলোঁ, চাৰে সন্মতি দিলে ৷ এটা সময়ত সংকলন কৰা হ'ল, পাতনি লেখিলোঁ, দাদাক জমা দিলোঁ ৷
সেই সময়ত মই উইলিয়াম নগৰত থাকোঁ ৷ এবাৰ গুৱাহাটীলৈ অাহোতে দাদাক কিতাপখনৰ খবৰ সুধিলোঁ, দাদাই অানুমানিক সময় এটা ক'লে ৷ দাদাক কলোঁ - ২০ ফেব্ৰুৱাৰি চাৰৰ জন্মদিন ৷ সিদিনা চাৰক কিতাপখন দিলে কেনে হয় ? দাদাই কেলেণ্ডাৰখনত চকু দিলে, ভুৰু কোঁচ খাই অাহিল, - হাতত সময় নায়েই, চাওচোন ৷
পাচদিনা দাদাৰ ফোন ৷ দত্ত এবাৰ অাহি লে-অাউটখিনি চাই দিবচোন ৷ চাৰৰ লগত এদিন কিতাপখনৰ কথা পাতোতে কৈছিলোঁ যে কিতাপখনৰ লে-অাউট অলপ চৌখিন, ফিল্মি হ'ব লাগে ৷ কিতাপখনৰ কন্টেন্ট মিশ্ৰিত, ৰসাল, অামোদজনক, কিতাপখনৰ দৃশ্যৰূপটোত সেই কথাৰ প্ৰতিফলন থাকিব লাগে ৷ চাৰে কৈছিল - কৰা, যি ভাবিছা তাকেই ৷
জ্যোতি প্ৰকাশনৰ কম্প'জ বিভাগত এটা দিন খৰচ কৰি লে-অাউট কৰিলোঁ - ফিল্মি লে-অাউট ৷ তাৰ পাচত মই উইলিয়াম নগৰলৈ উভতিলোঁ ৷ এদিন দাদাই ফোন কৰিলে, কিতাপখন ২০ তাৰিখে ওলাব, অামি গৈ চাৰক দি অাহিম ৷ মই সেইমতে অাহি গুৱাহাটী পালোঁ, অাবেলি ৫মান বজাত দাদাৰ লগত গৈ চাৰৰ ঘৰ পালোঁ, চাৰক উপহাৰ দিলোঁ ৷ কিতাপখন হাতত লৈ চাৰ বহু সময় মনে মনে অাছিল ৷তাৰ পাচত কৈছিল- জন্মদিনত ভাল উপহাৰ দিলা ৷
কিতাপখন মই দেখাস নাছিলোঁ, চাৰৰ হাতৰ পৰা লৈ মই ছপা কিতাপখন চালোঁ ৷ অাচৰিত ৷ মই যি লে-অাউট কৰিছিলো, সেয়া নাই ৷ সম্পূৰ্ণ বেলেগ, একেবাৰে চিধা-চাধা ৷ উভতি অাহোতে নগেনদাক সুধিলোঁ ৷ দাদাই ক'লে, ময়ে চেঞ্জ কৰিলোঁ ৷ ইমান জাক-জমক চাৰে ভাল নাপাব বুলি ভাবিলোঁ ৷ দাদাক কলোঁ - চাৰৰ লগত কথা পাতিয়েই তেনেকৈ কৰিছিলোঁ ৷ নগেনদাই দুখ প্ৰকাশ কৰিলে ৷ 'হব দিয়ক পাচৰ সংস্কৰণত তেনেকৈ কৰিম ৷' কিতাপখনৰ বিষয়ে এটা সুন্দৰ নিউজ কৰিছিল অসমীয়া প্ৰতিদিনৰ অচ্যুত কুমাৰ পাটোৱাৰীয়ে ৷ ২০১৫ৰ শেষৰ ফালে এদিন নগেনদাই মাতিলে- ক'লে, কিতাপখন শেষ, অাৰু এটা এডিচন কৰোঁ, কিবা যোগ-বিয়োগ কৰিব নেকি ? ইতিমধ্যে অাৰু কিছু বস্তু মোৰ হাতত গোট খাইছিল ৷ অাটাইখিনি গোটাই দাদাক দি অাহিলোঁ ৷
২০১৬ মানত ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ গৈছিলোঁ ৷ তাত গবেষণা কৰি থকা ছাত্ৰী এগৰাকী মোক লগ পাবলৈ অাহিল অাৰু কিতাপখনৰ খুব প্ৰশংসা কৰিলে ৷ কিতাপখন প্ৰকাশৰ ১৩ বছৰ পাচত প্ৰথমবাৰৰ বাবে কিতাপখনৰ বিষয়ে মন্তব্য এটা শুনিলোঁ ৷ তেখেত অাছিল পাপৰি বৰা, এতিয়া ডক্টৰেট ডিগ্ৰি লাভ কৰিলে ৷
২০১৬ ৰ শেষৰ পিনে কিতাপখন সাজু হ'ল ৷ দাদাক কলোঁ - দুদিনমান ৰ'ব পাৰি নেকি? ২০ ফেব্ৰুৱাৰিত প্ৰকাশ হওক ৷ কম কথাৰ মানুহ দাদাই মূল দুপিয়ালে ৷
১৮ ফেব্ৰুৱাৰিত কটন কলেজৰ কফি হাউচত এটি সৰু অনুষ্ঠান কৰা হ'ল- কিতাপখনৰ বিষয়ে কথোপকথন ৷ তেতিয়াৰ কটনৰ ছাত্ৰী স্তুতিবন্দনাই কামটোত অাগভাগ লৈছিল ৷ বিদ্যুত কুমাৰ ভূঞাৰ প্ৰশ্ন, মোৰ উত্তৰ ৷ সংবাদপত্ৰই অনুষ্ঠানটিৰ ভাল প্ৰচাৰ কৰিছিল ৷
এই কিতাপখনৰ কাম কৰি মই খুব অানন্দ লাভ কৰিছিলোঁ ৷ পাপৰি বৰাৰ মন্তব্যখিনি মোৰ বাবে উৎসাহজনক অাছিল ৷ কাৰণ তেখেতে খুব মনযোগেৰে কিতাপখন পঢ়িছিল ৷ গ্ৰন্থমেলাত লগ পোৱা এগৰাকী অচিনাকি মহিলাৰ মন্তব্যও অাছিল প্ৰেৰণাদায়ক ৷ ২য় সংস্কৰণৰ পাতনিত এই কথা ভালদৰে লেখিছোঁ, কিন্তু পাপৰি বৰাৰ কথা লেখা নাই, কাৰণ ছপাশালত কিতাপ যোৱাৰ পাচতহে তেখেতক লগ পাইছিলোঁ ৷
হয়তো কিতাপখনৰ তৃতীয় সংস্কৰণ প্ৰকাশ পাব ৷ তেতিয়া কিতাপখনত অাৰু অলপ ৰহন সনাৰ ব্যবস্থা কৰিম ৷