Sunday, February 12, 2023

চম্পাৱতীৰ সাধুকথা



চলচ্চিত্ৰমৰ ফিল্ম ফেষ্টিভেললৈ অহা সময়তে উপহাৰ দি গৈছিল, পঢ়িবলৈ তেতিয়া সময়হে পোৱা নাছিলোঁ ৷ সাধুকথা পঢ়ি ভাল পাও, সেয়ে দেওবাৰৰ দুপৰীয়া সাধুকথাখন উলিয়াই ললোঁ ৷ সূচীপত্ৰৰ পাচতেই একেকোবে সাধুটি অাৰম্ভ হৈছে, বৰ্তমান সময়ৰ এটা সাধুকথা, সাধুটিৰ চেহেৰা নতুন ধৰণৰ, ভাল লগা, শেষ বাক্যৰ 'চেকভিয়ান' খুন্দাটোৱেই হ'ল সাধুকথাটিৰ প্ৰাণ ৷ সাধুকথাটি কবিতাৰ শৈলীত লেখা ৷

পুৱা অানদিনাৰ দৰেই
'দিদি' সোমাই অাহিল ৷
অাৰু
অানদিনাৰ দৰেই দিদিয়ে পাতনি মেলিলে-
চাহ একাপ খুৱাওক বাইদেউ
ৰাতিটো পেটত একো নাই - ভাত বাঢ়ি দিছোঁ,
থাল দলিয়াই মোৰ পেটতে সি দুগোৰ-
তৰকাৰীত নিমখ কম হ'ল হেনো !

কিতাপখনৰ কবিতাবোৰত কবিয়ে নতুন দেহ নিৰ্মানৰ চেষ্টা চলাইছে, সফলতা-বিফলতাৰ কথা বেলেগ, স্ৰষ্টাৰ অাৱিষ্কাৰধৰ্মী অাচৰণেহে পঠন অভিজ্ঞতা সম্বৃদ্ধ ক ৰে, অন্ততঃ মোৰ ৷ এটা কথা ক'বলৈ মন গৈছে - 'কবিয়ে শব্দ খৰচ কৰিব লাগে কৃপণৰ দৰে ৷' কিতাপখনৰ অংগসজ্জা, (কবিৰ ফটোখন ভাল নহয়) বেটুপাত অাদি ভাল, কিন্তু নীলাভ সৌৰভ-ৰ দৰে প্ৰকাশক-শিল্পীৰ পৰা অধিক ভাল অাৰু পেছাদাৰী ৰূপ অাশা
কৰাটো ভুল নহয় চাগে ৷ কবিতাবোৰৰ দেহ নিৰ্মাণৰ ক্ষেত্ৰত কবিয়ে কৰা চেষ্টাই সংকলনটিক এটা বিশেষ মৰ্যদা দিব ৷ অসমীয়া সাহিত্যত এতিয়া সবল ভাবে থিয় অাৰু প্ৰশংসিত হৈ থকা 'মানুহক দেখুওৱা' (ইংৰাজী শব্দটো প্ৰিটেনছাছ) বাকধাৰাৰ বিপৰীতে এই সংকলনটি হৃদয় চুব পৰাকৈ সৰল ৷ সৰলতাক এতিয়া দুৰ্বলতা বুলি ভবাৰ সময় চলি অাছে - কিন্তু সৰলতা চিৰন্তন ৷