মূল অনন্ত বিজয়
বিবিচিৰ তথ্যচিত্ৰখন হ’ল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ ভাবমূৰ্তিক কুৎসিত কৰাৰ এটা প্ৰয়াস ৷ এনেকুৱা নহয় যে এনে প্ৰচেষ্টা এয়াই প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে ৷ যোৱা মাহত ‘দ্য ইকনমিষ্ট’ পত্ৰিকাত এটা লেখা প্ৰকাশ পাইছিল, ‘দা মিথ অৱ এ হ’লি কাউ’ ৷ এই লেখাটোত গৰু আৰু হিন্দু জাতিক প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োধৰণে সাঙুৰি লোৱা হৈছিল ৷ সেই লেখাৰ লেখকে হিচাপ কৰি উলিয়াইছিল যে ঋগবেদৰ ৭০০ ঠাইত গৰুৰ কথা উল্লেখ আছে যদিও ক’তো গোমাংস নোখোৱাৰ কথা উল্লেখ নাই ৷ প্ৰাচীন কালত গোমাংস খোৱাৰ কথা প্ৰাচীন গ্ৰন্থত উল্লেখ আছে বুলিও লেখকে প্ৰকাশ কৰিছে ৷ প্ৰবন্ধটোত আৰ্য সমাজক হিন্দু মৌলবাদী গোট হিচাপে বৰ্ণনা কৰা হৈছে ৷ আৰ্যসকলে ভাৰতৰ হিন্দু পৰিচয় পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে গো সুৰক্ষাক এক আহিলা হিচাপে গঢ়ি তুলিছিল ৷ মুছলমান আক্ৰমণকাৰীৰ কাৰণে সেই হিন্দু পৰিচয় আছিল উৎপীড়ণৰ লক্ষ্য ৷ প্ৰবন্ধটোত দেশৰ স্বাধীনতাৰ বাবে গো সুৰক্ষাৰ ব্যৱহাৰৰ যুক্তিও দিয়া হৈছে ৷ এই প্ৰসংগত গান্ধীৰ কথাৰ উদ্ধৃতিও সন্নিবিষ্ট হৈছে ৷ গান্ধীয়ে গোৰক্ষাক বিশ্ববাসীৰ বাবে হিন্দুত্বৰ উপহাৰ বুলি গণ্য কৰি কৈছিল যে গোৰক্ষকসকল হিন্দু হৈ থকালৈকে হিন্দুত্বৰ অস্তিত্ব থাকিব ৷ কোৱা বাহুল্য যে প্ৰবন্ধটোৰ লেখকে গৰু সুৰক্ষাক হিন্দুত্ববাদৰ সৈতে সংযোগ কৰি তাৰ ওপৰত ৰাজনীতি কৰা ঘটনা আৰু ৰাজনীতিবিদসকলে কৰা কৌশলৰ হিচাপ কৰিছিল ৷ তাৰ পিছত তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পটভূমিৰ লগত মোডীক সাঙুৰি দিলে ৷ এই লেখাটোত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক সোঁপন্থী অৰ্ধসামৰিক সংগঠন হিচাপে বৰ্ণনা কৰা হৈছে ৷ এইটো এটা উদাহৰণ মাত্ৰ ৷ ‘দ্য ইকনমিষ্ট’ৰ দৰে আলোচনীত এনে ধৰণৰ বহু লেখাই প্ৰকাশ পাইছে আৰু এনেবোৰ প্ৰবন্ধৰ আধাৰতেই বাওঁপন্থী পৰিৱেশতন্ত্ৰই বুকুত চপৰিয়াবলৈ আৰম্ভ কৰে ৷
অহা বছৰ দেশত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন ৷ বৰ্তমান দেশত বিৰাজ কৰা পৰিবেশ আৰু নিৰ্বাচনী সমীক্ষা আৰু নিৰ্বাচনী পণ্ডিতসকলে দিয়া ইংগিত মতে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিব ৷ এফালে বিৰোধী দলসমূহে যাত্ৰা আদিৰ জৰিয়তে চৰকাৰক আক্ৰমণ কৰিছে আৰু আনফালে পৰিৱেশতন্ত্ৰক কামত লগাইছে ৷ শেহতীয়াকৈ কানাড়া সাহিত্যিক দেৱানুৰু মহাদেৱৰ এখন পুস্তিকাৰ প্ৰকাশ এনে ধৰণৰ পৰিকল্পনাৰ অংশ হিচাপে প্ৰমাণিত হ’ল ৷ এই পুস্তিকাখনৰ নাম ‘আৰ এছ এছ – দা লং এণ্ড ছৰ্ট অফ ইট ৷ কিতাপখন আছিল কানাড়া ভাষাৰ ৷ কিতাপখনৰ কথা কোৱাৰ আগতে জনাই থওঁ দেৱানুৰু মহাদেৱ কোন ৷ কিতাপখনতেই লিখা আছে যে ২০১৫ চনত বঁটা ওভোটাই দিয়া অভিযানৰ সময়ত তেওঁ সাহিত্য অকাডেমি আৰু পদ্মশ্ৰী বঁটা ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছিল ৷ দেৱানুৰু মহাদেৱ ছাত্ৰ অৱস্থাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰভাৱত আছিল বুলিও জনা যায়৷ পিছলৈ বিভিন্ন কাৰণত তেওঁৰ মোহভংগ হৈছিল ৷ এই সৰু কিতাপখনৰ প্ৰস্তাৱনা লেখিছে ৰামচন্দ্ৰ গুহই আৰু শেষত সংযোজিত হৈছে যোগেন্দ্ৰ যাদৱৰ এটা দীঘলীয়া টীকা ৷ কোৱা বাহুল্য যে এটা দীঘলীয়া লেখা এখন প্ৰচাৰপুস্তিকালৈ ৰূপান্তৰিত হ’ল ৷ এই প্ৰচাৰপুস্তিকাখন বহু ভাষালৈ অনুবাদ হৈছে আৰু প্ৰকাশো হৈছে ৷
এই পুস্তিকাখনত দেৱানুৰু মহাদেৱে প্ৰতিষ্ঠা কৰিছে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই মনুস্মৃতিৰ চতুবৰ্ণৰ আধাৰত সমাজখনক বিভক্ত কৰি ৰাখিব বিচাৰে৷ সংঘই ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ বিৰোধিতা কৰে কাৰণ এই দুয়োটা ধৰ্মতে চতুবৰ্ণৰ নিষেধাজ্ঞা আছে ৷ সংঘই এই নিষেধাজ্ঞা মানি লোৱা নাছিল ৷ সংঘই বিচাৰে জাতি ব্যৱস্থা সমাজত থাকিব৷ দেৱানুৰু মহাদেৱে তেওঁৰ দাবী সমৰ্থনৰ বাবে গুৰুজী গোলৱালকাৰ আৰু বীৰ চাভৰকাৰৰ ৰচনা আৰু গ্ৰন্থৰ উদ্ধৃতি দিছে৷ তেওঁ দাবী কৰিছে যে মিছা কথাই হ’ল সংঘৰ কুলদেৱতা ৷ সুৰুচি প্ৰকাশনৰ দ্বাৰা ১৯৯৭ চনত প্ৰকাশিত ‘অন দ্য পাথ অৱ আলটিমেট বৈভৱ’ নামৰ গ্ৰন্থখনৰ উদ্ধৃতি দি তেওঁ কয় যে সংঘৰ সৈতে জড়িত ৪০টা সংগঠনৰ কথা এই কিতাপখনত উল্লেখ আছে ৷ কোৱা হৈছিল যে সেই সময়তেই যদি এনেকুৱাই আছিল এতিয়া এই ছত্ৰছায়াত কিমান সংগঠন গঢ় লৈ উঠিলহেঁতেন ৷ সংগতিহীন কিবা এটা কথা প্ৰচাৰ কৰিবলগীয়া হ’লেই এনেদৰেই তথ্যক লৈ হেতালি খেলা হয় ৷ ড° সদানন্দ দামোদৰ চাপ্ৰেৰ এই কিতাপখনত ৩১টা সংগঠনৰ সবিশেষ আছেv তাকে দেৱানুৰু মহাদেৱে ৪০টা হিচাপে লেখিছে ৷ আনকি তেওঁ ধৰ্ম সংসদক সংঘৰ প্ৰতিষ্ঠান বুলিও উল্লেখ কৰিছে ৷ এঠাইত লেখকে বিৰোধী নেতাৰ দৰে প্ৰতিজন ভাৰতীয়ক ১৫ লাখ টকাৰ প্ৰতিশ্ৰুতি দিয়া আৰু কোটি কোটিজনৰ বাবে চাকৰি আদি দিয়াৰ কথাও প্ৰশ্নৰ ৰূপত উত্থাপন কৰিছে ৷ গুহ আৰু যাদৱৰ দৰে লেখকৰ সমৰ্থকে স্পষ্ট কৰি দিয়া উচিত আচলতে তেওঁলোকৰ ৰাজনীতি কি ৷
এই পুস্তিকাখনত লেখক চতুৰ্বৰ্ণ সম্পৰ্কেও বিভ্ৰান্ত হৈছে ৷ বৃত্তি ভিত্তিক জাতি ব্যৱস্থা আৰু জন্মভিত্তিক জাতি ব্যৱস্থা মিহলাই লেখকে ভুল সিদ্ধান্ত গ্ৰহন কৰে ৷ ভাৰতৰত্নৰে সন্মানিত ডঃ পাণ্ডুৰাং বামন কেনে তেওঁৰ বিখ্যাত গ্ৰন্থ ‘ধৰ্মশাস্ত্ৰ কা ইতিহাস’ৰ প্ৰথম খণ্ডত বৰ্ণৰ বিষয়ে বিতংভাৱে আলোচনা কৰিছে ৷ তেওঁ এঠাইত কৈছে যে ‘জন্ম আৰু বৃত্তিৰ ওপৰত ভিত্তি কৰি জাতি ব্যৱস্থা প্ৰাচীন কালত পাৰস্য, ৰোম আৰু জাপানতো প্ৰচলিত আছিল ৷ কিন্তু ভাৰতত যি ধৰণৰ পৰম্পৰাই বিকাশ লাভ কৰিছিল ইয়াৰ ব্যৱহাৰিক ৰূপটি গ্ৰহনীয় হৈ উঠিছিল সেই ধৰণৰ পৰম্পৰা আন ঠাইত বিৰল আছিল আৰু এই কাৰণেই আন দেশত এই ব্যৱস্থাটোৱে বিকাশ লাভ কৰিব নোৱাৰিলে আৰু শেষত সময়ৰ সোঁতত নোহোৱা হৈ পৰিল ৷’ দেৱানুৰnই¸ কোনখন মনুস্মৃতি আৰু মহাদেৱে কোনটো অনুবাদ পঢ়িছিল সেই কথা উল্লেখ কৰা হ’লে বক্তব্য স্পষ্ট হ’লহেঁতেন ৷ মনুস্মৃতিৰ কেইবাটিও ইংৰাজী অনুবাদ পোৱা যায় ৷ ডঃ বুহলাৰৰ অনুবাদেকই আটাইতকৈ ভাল হিচাপে গণ্য কৰা হয় ৷ কেনে বুহলাৰৰ গবেষণাপত্ৰকো সমালোচনা কৰি কয় যে মনুস্মৃতি আছিল মানৱধৰ্মসূত্ৰৰ এটা ভিন্নতা ৷ কেনে মানৱধৰ্মসূত্ৰক শূন্য কল্পনা বুলি কয়৷ বিভ্ৰান্তিকৰ অনুবাদ পঢ়িয়েই দেৱানুৰুৱে হয়তো নিজৰ মতামত গঠন কৰিছে ৷
আচলতে অহা বছৰৰ লোকসভা নিৰ্বাচনলৈকে এনে ধৰণৰ বহু গ্ৰন্থ আৰু প্ৰচাৰ পুস্তিকা প্ৰকাশ পাব, য’ত এনে বিভ্ৰান্তিকৰ কথাৰ আৱৰণত ৰাজনীতি কৰা হ’ব ৷ কিছুমান ছবিও আহিব যিবোৰত থকা সংলাপত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু নৰেন্দ্ৰ মোদীৰ নীতিৰ বিৰুদ্ধে পৰোক্ষভাৱে ভাবে কোৱা হ’ব ৷ এখন চিনেমা ওলাইছিল -মিছন মজনু ৷ এইখনত এটা দীঘলীয়া সংলাপ আছে য’ত নায়কে কয় যে আমি ভাৰত, আমি ঘৃণাৰ ওপৰত নহয় প্ৰেমৰ ওপৰতহে বিকাশ লাভ কৰোঁ ৷ এই কথা শুনি মানুহৰ মনত পৰে ৰাহুল গান্ধীয়ে ভ্ৰমণৰ সময়ত দিয়া ভাষণৰ কথা ৷ আচলতে পৰিৱেশতন্ত্ৰই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰা যেন লাগে যদিও এই আক্ৰমণবোৰৰ প্ৰকৃত লক্ষ্য হৈছে নৰেন্দ্ৰ মোডী ৷
....................
‘অাইলৈ চিঠি’
নৰেন্দ্ৰ মোডীৰ কাব্যগ্ৰন্থৰ অসমীয়া অনুবাদ এতিয়া অনলাইনত পোৱা যায়
নৰেন্দ্ৰ মোডীৰ কাব্যগ্ৰন্থৰ অসমীয়া অনুবাদ এতিয়া অনলাইনত পোৱা যায়