Tuesday, December 27, 2022

প্ৰণবজ্যোতি ডেকালৈ অভিনন্দন


অগণন অনুৰাগী পাঠকৰ মুখত হাঁহি  বিৰিঙাই অৱশেষত প্ৰণবজ্যোতি ডেকাই এটা সাহিত্য পুৰষ্কাৰ লাভ কৰিলে ৷ 'প্ৰণবজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প' গ্ৰন্থৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা ৷

ডঃ ডেকা চাৰ সম্পাদিত মনোৰঞ্জন অালোচনীখন অাছিল সম্পূৰ্ণ নতুন ধৰণৰ -বিষয়, উপস্থাপনা, মুদ্ৰন সকলো দিশৰ পৰাই ৷ সেই অালোচনীখনতেই প্ৰকাশ পাইছিল মই তোলা ফটো এখন ৷  কিমান যে উৎসাহিত হৈছিলোঁ তাক কেৱল অনুভবহে কৰিব পাৰোঁ ৷ ৰেডিঅ'ত মন্ত্ৰমুগ্ধ হৈ শুনিছিলো 'বতাহত পতাকা কঁপে- প্ৰায় হাৰি যাব খোজা ডিটেকটিভৰ কন্ঠৰ সেই সংলাপ -  মই জগন্নাথ দত্ত বুঢ়া হৈ যোৱা নাইতো ! , ৰত্ন কোঠাৰ সাধু ৷ পঢ়ি অালোড়িত হৈছিলোঁ বেৱাৰিচ লাচ ৷ অাৰু পঢ়িছিলো অসমীয়া ছবিৰ নায়িকাসকলৰ বিষয়ে এটি প্ৰবন্ধ - সেই মানৰ চিনেমাৰ প্ৰবন্ধ খুব কমেইহে পঢ়িছোঁ - মই পঢ়িব পৰা অাটাইকেইটি ভাষাতে ৷ অৰ্ধ দশক ধৰি অামাৰ মন অাৰু মগজুক খোৰাক যোগাই অহা সৃষ্টিশীল লোকজনৰ এই প্ৰাপ্তিত অামি অানন্দিত-গৌৰৱান্বিত ৷ ধন্যবাদ অসম প্ৰকাশন পৰিষদ ৷

সংক্ষেপতে -

প্ৰণৱজ্যোতি ডেকাৰ জন্ম হয় ১৯৩৯ চনৰ ২১ জুলাই তাৰিখে, কলিকতাত। তেওঁ গুৱাহাটী নবক্স স্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা (১৯৫৫), কটন কলেজৰপৰা আই. (১৯৫৭) আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰপৰা ভূ-তত্ত্ব বিষয়ত স্নাতকোত্তৰ (১৯৬১) ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত লেনিনগ্ৰাড মাইনিং ইন্সটিটিউটৰ পৰা অৰ্থনৈতিক ভূ-তত্ত্ব বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে। অসমীয়া অাৰু ইংৰাজী দুয়োভাষাতে সাহিত্য অাৰু গবেষণা গ্ৰন্থ ৰচনা কৰে ৷

কৰ্মজীৱন

তেখেতে ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু সেই বিশ্ববিদ্যালয়ৰপৰাই অৱসৰ গ্ৰহণ কৰে।

গ্ৰন্থপঞ্জী

গল্প সংকলন

·       কৈলাসনাথ – লয়াৰ্চ বুক ষ্টল

·       একুৰি বছৰৰ গল্প, ১৯৯৬ লয়াৰ্চ বুক ষ্টল

·       এজাক এলেহুৱা কাউৰীৰ সাধু, ২০১২, বান্ধৱ প্ৰকাশন

·       বেৱাৰিছ লাছ আৰু অন্য গল্প

·       বিহুৱতী চৰাই আৰু অন্য গল্প, ২০১৬, বান্ধৱ প্ৰকাশন

·       শ্ৰেষ্ঠ গল্প – বান্ধৱ প্ৰকাশন

প্ৰবন্ধ সংকলন

·       পৰমেশ্বৰ আছে নাই

·       চৰ্যাগীত আৰু বৌদ্ধ তন্ত্ৰ

·       ধৰ্মৰ প্ৰাণতত্ত্ব

·       Nilachal Kamakhya: Her History and Tantra, Scientific Evidence for Vedic Astrology

·       ৰত্নজ্যোতিষ আৰু বিজ্ঞান

·       Century old Castes, Tribes and Guild

·       জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী, ২০১০, অসম বুক ডিপো

·       ৰূপোপজীৱিনী বনাম দেহোপজীৱিনী (প্ৰাপ্তবয়স্কৰ যৌনজ্ঞান গ্ৰন্থ), ২০১৮, বান্ধৱ প্ৰকাশন

অভিধান

·       জ্যোতি দ্বিভাষিক অভিধান – ইংৰাজী-অসমীয়া এই অভিধানখন সংকলন অাৰু প্ৰকাশ কৰে ৷ ডঃ সত্যেন্দ্ৰ নাথ শৰ্মাৰ মতে ‘ অসমীয়া সাহিত্যলৈ বৰ্তমান শতাব্দীৰ সৰ্ববৃহৎ একক অৱদান’৷

ৰহস্য উপন্যাস

১. অাৰু এটা  অমীমাংসিত হত্যা

২. বতাহত পতাকা কঁপে

৩. ৰাজসাক্ষী

৪. ৰক্তক্ষৰণ

৫. মৃত্যুৰ অামন্ত্ৰণ

অনুবাদ

ৰুচ গল্প (মূল ৰুচ ভাষাৰ পৰা অনূদিত – অসম প্ৰকাশন পৰিষদ)

অনাতাঁৰ নাট

১. বতাহত পতাকা কঁপে

২. হলাহল

৩. কালকূট

৪. ৰত্নকোঠাৰ সাধু

শিশু সাহিত্য

১. গদাধৰ পালোৱাান অাৰু বঙলা ঘৰৰ ভূত

আত্মজীৱনী

·       সোণৰ চামুচ মুখত লৈ

অালোচনী সম্পাদনা

১. মনোৰঞ্জন (প্ৰথম অসমীয়া ৰঙীন মুদ্ৰনৰ অালোচনী)

Saturday, December 24, 2022

পৃথু

পৃথুক প্ৰথম দেখা সময়ত তাৰ বয়স ৯ বা ১০ ৷ ক্ৰিকেট বুলিলে পাগল অাছিল ৷ তাৰ বহু বছৰ পাচত কলকাতাৰ পৰা প্ৰকাশিত বাংলা কাকতত তাৰ ফটো দেখিছিলো, দক্ষ ক্ৰিকেটাৰ হিচাপে সেই যোগ্যতা পৃথুই অৰ্জন কৰিছিল ৷ অসমৰ ৰঞ্জীদলৰ কেপ্টেইন অাছিল পৃথু ৷
তাৰ পাচত দীৰ্ঘদিনৰ মৌনতা ৷
মাজতে গম পাইছিলোঁ, ব্যবসায়ত হাত দিছে পৃথুই ৷
অাজি অভিজিৎ নাথৰ পোষ্টৰ পৰা গম পালোঁ, পৃথু অাৰু নাই ৷ এদিন পৃথুই কৈছিল- মোৰ ভাল ফটো এখন তুলি দিব ৷ নাই, সেই ফটোখন তোলা নহ'ল ৷

Sunday, December 18, 2022

ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাব লাগে ভাৰতৰ শুদ্ধ ইতিহাস

অনন্ত বিজয়ৰ প্ৰবন্ধৰ অসমীয়া অনুবাদ  
প্ৰথম প্ৰকাশ - বাৰ্তা এন ই, ১৮ ডিচেম্বৰ ২২

ভুৱনেশ্বৰত অনুষ্ঠিত ওড়িয়া সাহিত্য মহোৎসৱৰ এক অধিবেশনত ইতিহাসৰ প্ৰসংগ আলোচনা কৰা হৈছিল। ইয়াত অংশগ্ৰহণ কৰি ইতিহাসবিদ নন্দিতা কৃষ্ণই প্ৰশ্ন উত্থাপন কৰিছিল বুৰঞ্জী প্ৰণয়ণত প্ৰকাশ হোৱা ভাৰসাম্যহীনতাৰ কথা ৷ এই প্ৰসংগত আলোচনা হৈছে কম অথবা একেবাৰেই হোৱা নাই। নন্দিতা কৃষ্ণৰ মতে দক্ষিণ ভাৰতৰ হিন্দু ৰজাসকলৰ বীৰত্ব আৰু সনাতন সংস্কৃতিৰ প্ৰেমৰ বিষয়ে ভাৰতৰ ইতিহাসবিদসকলে তুলনামূলকভাৱে কম লিখিছে। ইতিহাসৰ পাঠ্যপুথিত মোগল শাসন, বৃটিছ ঔপনিৱেশিকতা আৰু স্বাধীনতা আন্দোলনৰ বিষয়ে বিতংভাৱে লিখা আছে যদিও ভাৰতৰ মহান ৰজা বা সম্ৰাটসকলৰ বিষয়ে খুউব চমুকৈহে লিখা হৈছে। ১২০৬চনৰ পৰা ১৫২৬চনলৈকে চলি থকা চুলতানত্বৰ যুগ কেৱল দিল্লী, পঞ্জাব, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত সীমাবদ্ধ আছিল ৷

কিন্তু তেওঁলোকক বা ১৫২৬চনৰ পৰা ১৭৩৯চনলৈকে চলি থকা মোগলযুগক ইতিহাসৰ গ্ৰন্থবোৰত বিশেষ স্থান দিয়া হৈছিল। এই প্ৰসংগত তেওঁ ইতিহাসবিদ ঈশ্বৰ প্ৰসাদৰ পৰা আৰম্ভ কৰি আৰ চি মজুমদাৰলৈকে বিভিন্নজনৰ বহু বিখ্যাত গ্ৰন্থৰ উদ্ধৃতি দিয়ে। তেওঁ দাবী কৰিছিল যে ঈশ্বৰ প্ৰসাদৰ গ্ৰন্থখনে বৈদিকযুগ, পৰৱৰ্তী বৈদিকযুগ, জৈন, বুদ্ধ, মৌৰ্য সাম্ৰাজ্য, শক, হুন, কুশান, গুপ্ত আৰু ৰাজপুত ৰজাৰ ১১৫পৃষ্ঠাত সামৰি লৈছে আৰু তাৰ বিপৰীতে দক্ষিণ ভাৰতৰ ৰজা আৰু শাসকসকলৰ প্ৰসংগ মাত্ৰ ৭টা পৃষ্ঠাত সামৰি থোৱা হৈছে। একেদৰে মধ্যযুগীয় ইছলামিকযুগৰ বাবে ১৯০ পৃষ্ঠা খৰচ কৰা হৈছে, য’ত গাজনী, ঘোৰীৰ ভাৰত আক্ৰমণ, দাস বংশ, খিলজী, তুগলক, ছায়ীদ, লোডী আৰু মোগলৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। আনহাতে একে সময়ৰ দক্ষিণ ভাৰতৰ বিষয়ে এই গ্ৰন্থখনত কোনো বৰ্ণনা নাই।

কেৱল ঈশ্বৰী প্ৰসাদৰ গ্ৰন্থই নহয়, তেওঁ আৰ চি মজুমদাৰ আৰু ৰোমিলা থাপাৰৰ গ্ৰন্থৰ উদাহৰণো উল্লেখ কৰে। আৰ চি মজুমদাৰৰ গ্ৰন্থখনতো উত্তৰ ভাৰতৰ ইতিহাসৰ ১৭১পৃষ্ঠাৰ বিপৰীতে সতবাহন, ৰাষ্ট্ৰকুট, পল্লৱ আৰু চালুক্যৰ বিষয়ে মাত্ৰ ৯পৃষ্ঠা আছে। মধ্যযুগীয়যুগত মুছলমান আক্ৰমণকাৰীৰ ভাৰত আক্ৰমণৰ ওপৰত ১৪৬পৃষ্ঠা, মোগল আফগান আক্ৰমণকাৰীৰ ওপৰত ১৯২পৃষ্ঠা আৰু বিজয়নগৰৰ বিষয়ে ৭৭পৃষ্ঠা আৰু সেই সময়ছোৱাত উৰিষ্যাত ঘটা পৰিঘটনাৰ বিষয়ে মাত্ৰ ৩পৃষ্ঠা। একেদৰে ৰোমিলা থাপাৰৰ গ্ৰন্থখনত উত্তৰ ভাৰতৰ ইতিহাসৰ প্ৰসংগত ১৯৫পৃষ্ঠা আৰু দক্ষিণ ভাৰতৰ ইতিহাসৰ প্ৰসংগত মাত্ৰ ১৭পৃষ্ঠা আছে।

নন্দিতা কৃষ্ণই বুৰঞ্জীৰ পুথিসমূহত থকা এই ভাৰসাম্যহীনতাক স্পষ্ট কৰি তুলিছিল।প্ৰশ্ন উত্থাপন হয় যে ইতিহাস গ্ৰন্থৰ লেখকসকলে কিয় এনে কৰিলে? দক্ষিণ ভাৰতৰ হিন্দু ৰজাসকলৰ ৰাজত্বকালৰ বিতং কথা কিয় নাছিল? সম্ৰাট বা মুছলমান আক্ৰমণকাৰীক দিয়া প্ৰত্যুত্তৰৰ বৰ্ণনা কিয় কৰা হোৱা নাছিল।এই প্ৰসংগত দক্ষিণ ভাৰতৰ চোলা সাম্ৰাজ্যৰ কথা উল্লেখ কৰাটো প্ৰয়োজনীয় যেন লাগে। চোলা সাম্ৰাজ্যৰ শাসকসকলেই আছিল ভাৰতৰ প্ৰথম শাসক যিয়ে নৌ সেনা ব্যৱহাৰ কৰি সাম্ৰাজ্য সম্প্ৰসাৰণ কৰিছিল। আজিৰ শ্ৰীলংকা, মালদ্বীপ আৰু ইণ্ডোনেছিয়ালৈকে নিজৰ ক্ষমতা প্ৰতিষ্ঠা কৰিছিল। চোলা সম্ৰাট ৰাজেন্দ্ৰ চোলা প্ৰথমৰ আছিল দক্ষ সামুদ্ৰিক যোদ্ধা আৰু এটা অতি শক্তিশালী নৌবহৰ। তেওঁৰ নাৱিকসকল ইমানেই পাকৈত আছিল যে তেওঁলোকে বতাহৰ দিশটোও অনুমান কৰিব পাৰিছিল।এই অনুমানৰ ওপৰত আক্ৰমণৰ কৌশল তৈয়াৰ কৰা হৈছিল।এই শক্তিৰ বলত ৰাজেন্দ্ৰ চোলাই আজিৰ সুমাত্ৰালৈকে বিজয় পতাকা উত্তোলন কৰিছিল। প্ৰথম ৰাজেন্দ্ৰ চোলাৰ পিতৃ ৰাজা ৰাজে শ্ৰীলংকা আক্ৰমণ কৰি শ্ৰীলংকা জয় কৰি নিজৰ সাম্ৰাজ্যত একত্ৰিত কৰে। কেৱল এয়াই নহয়, আজিৰ মালদ্বীপকো তেওঁ নিজৰ সাম্ৰাজ্যৰ অংশ কৰি তুলিছিল। আজিৰ ইণ্ডোনেছিয়া আৰু সেই সময়ত শ্ৰীবিজয়াৰ ৰজাৰ ১৪টা বন্দৰৰ ওপৰতো তেওঁৰ আধিপত্য আছিল। তেওঁলোকে কেৱল সাগৰীয় পথৰ জৰিয়তে হোৱা ব্যৱসায়ৰ ওপৰত নিজৰ চৰ্ত জাপি দিয়াই নহয়, বাণিজ্যও নিয়ন্ত্ৰণ কৰিছিল। শ্ৰীবিজয়াৰ ৰজা সংগ্ৰাম বিজয়তুংগবৰ্মনৰ এই নীতিসমূহ ৰাজেন্দ্ৰ চোলাই ভালপোৱা নাছিল। গতিকে তেওঁলোকে একেলগে চৈধ্যটা বন্দৰ আক্ৰমণ কৰি সেইবোৰৰ ওপৰত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিলে। তেওঁ ৰাজা সংগ্ৰামক বন্দী কৰি লৈছিল। ইতিহাসৰ কিছুমান পুথিত উল্লেখ আছে যে ৰাজেন্দ্ৰচোলা প্ৰথমেও ৰজা সংগ্ৰাম বিজয়তুংগবৰ্মনৰ কন্যাক বিয়া কৰাইছিল। ৰাজেন্দ্ৰ চোলাই হয়তো নিজৰ সাম্ৰাজ্যৰ বাণিজ্যিক স্বাৰ্থ ৰক্ষাৰ বাবে সুমাত্ৰাত আক্ৰমণ কৰিছিল, কিন্তু ইয়াৰদ্বাৰা তেওঁৰ সাহস আৰু শক্তি হ্ৰাস কৰিব নোৱাৰি। নন্দিতা কৃষ্ণই এই কথাও আঙুলিয়াই দিয়ে যে চোলাসাম্ৰাজ্যৰ ৰজাসকল ভাৰতৰ প্ৰথম হিন্দুশাসক যিসকলে সাগৰীয় পথেৰে নিজৰ সাম্ৰাজ্য সম্প্ৰসাৰণ কৰি শ্ৰীলংকাৰ পৰা সুমাত্ৰালৈ বিয়পাইছিল।

ৰাজেন্দ্ৰ চোলা (প্ৰথম)ৰ এই নৌসেনা অভিযানৰ কথাও থাঞ্জাৱুৰ শিলালিপিত উল্লেখ আছে।এই আক্ৰমণৰ বাবে ৰাজেন্দ্ৰইও নিজৰ জাহাজৰ জৰিয়তে যুদ্ধক্ষেত্ৰলৈ হাতী পঠিয়াইছিল। হাতীত উঠা সৈন্যই শ্ৰীবিজয়ৰ বন্দৰত আক্ৰমণ চলাই বিজয়ত নিৰ্ণায়ক ভূমিকা পালন কৰে। ইতিহাসত পোৱা তথ্যৰ ভিত্তিত ক’ব পাৰি যে চোলা বংশই অতি দীৰ্ঘদিন ধৰি শাসন কৰিছিল। সমগ্ৰ বিশ্বতে ইমান দিনে এটা ভূখণ্ডত একক বংশৰ শাসনৰ উদাহৰণ খুউব কমেইহে পোৱা যায়। কোৱা হয় যে চোলা বংশ আছিল আটাইতকৈ দীৰ্ঘদিনীয়া শাসন বংশ। অশোকৰ শিলালিপিতো চোলা বংশৰ কথা উল্লেখ আছে আৰু তেওঁলোকক মৌৰ্য শাসকৰ বন্ধু বুলি বৰ্ণনা কৰা হৈছে। চোলা বংশৰ হিন্দুৰজাসকলৰ বীৰত্বৰ বিষয়ে ইতিহাসৰ পুথিত কমকৈ আলোচনা হোৱা দেখা যায়। কেৱল এয়াই নহয়, শিল্প-সংস্কৃতিৰ প্ৰতি থকা তেওঁলোকৰ প্ৰেম আৰু অৱদানৰ কথা অকল গুৰুত্বহীন কৰাৰ চেষ্টা কৰাই নহয়, বাওঁপন্থী ইতিহাসবিদসকলেও ইয়াক লুকুৱাবলৈ চেষ্টা কৰিছিল।

এইটো বিবেচনা কৰা উচিত যে ইতিহাসবিদসকলে কিয় ইমান ডাঙৰ তথ্য বা ইমান ডাঙৰ ঐতিহাসিক ঘটনা একোটাক নিজৰ লেখাৰ কেন্দ্ৰবিন্দুত ৰাখিব পৰা নাছিল। আচলতে ইয়াৰ আঁৰৰ উদ্দেশ্য হ’ল তেওঁলোকৰ মতাদৰ্শক মজবুত কৰি ৰখাৰ স্বাৰ্থতেই এই প্ৰক্ৰিয়াৰ আশ্ৰয় গ্ৰহণ কৰিছিল৷ স্বাধীনতাৰ পিছত বাওঁপন্থী আৰু নেহৰুৰ ইতিহাসবিদসকলে গ্ৰহণ কৰা ইতিহাস লিখাৰ পদ্ধতিত ইতিহাস আছিল কম, নিজৰ মতাদৰ্শগত অপপ্ৰচাৰ আছিল অধিক। প্ৰাচীন ভাৰতৰ ইতিহাস লিখাই হওক বা মধ্যযুগীয় ভাৰত বা আধুনিক ভাৰতৰ ইতিহাস ৰচনা কৰাই হওক, তেওঁলোকে সদায়েই এজেণ্ডা আৰু অপপ্ৰচাৰক গুৰুত্ব দিছিল।এই বাওঁপন্থী ইতিহাসবিদসকলে বিদ্যালয়ৰ পাঠ্যক্ৰম লিখাৰ দায়িত্ব পাইছিল। বাওঁপন্থী ইতিহাসবিদসকলে জনসাধাৰণৰ দৃষ্টিকোণৰ পৰা ইতিহাস চোৱাৰ কথা প্ৰচাৰ কৰিছিল যদিও ৰাজহুৱা ইতিহাস লিখাৰ পদ্ধতিৰ আঁৰত আছিল দলৰ মতাদৰ্শ। বাওঁপন্থী ইতিহাসবিদসকলে এই লেখা লিখাৰ সময়ত আন এটা কৌশল কৰিছিল যে তেওঁলোকে হিন্দু ধৰ্মৰ নীতিক আওকাণ কৰিছিল। ইয়াৰ মৌলিকতাক প্ৰকাশ কৰাৰ পৰিৱৰ্তে তেওঁলোকে আক্ৰমণকাৰীৰ সংস্কৃতি আৰু কলাক গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে। ইয়াতো চোলা বংশৰ উদাহৰণ দিয়াটো উপযুক্ত হ’ব। চোলা বংশৰ সময়ত শিল্প আৰু সংস্কৃতিয়ে উৎকৰ্ষৰ শীৰ্ষস্থানত উপনীত হৈছিল, স্থাপত্যৰ দৃষ্টি কোণৰ পৰাও বহুতো উৎকৃষ্ট মন্দিৰ নিৰ্মাণ কৰা হৈছিল। মন্দিৰবোৰত কৰা শিল্পকৰ্মবোৰ আছিল অনন্য। কোৱা হয় যে প্ৰচলিত নটৰাজৰ মূৰ্তিটো চোলা বংশৰ এজন ৰজাই নিজেই নিৰ্মাণ কৰিছিল। তাৰ আগতে সেই ভংগীমাত শিৱৰ মূৰ্তি থকাৰ কোনো প্ৰমাণ পোৱা নাযায়। বাওঁপন্থী বুৰঞ্জীবিদসকলে যিদৰে ইতিহাস লিখিছিল, সমাজখন বিভাজিত হোৱাৰ আশংকা আছে। বাওঁপন্থী ইতিহাসবিদসকলে আৰ্য অনাৰ্য, জাতি আৰু শ্ৰেণীৰ ধাৰণাৰ ভিত্তিত যিকোনো কালৰ মূল্যায়ণ কৰি বিভাজনৰ বীজ সিঁচিছিল। ইতিহাস লিখাৰ ক্ষেত্ৰত যি ভাৰসাম্যহীনতা চলি আছে, সেই ভাৰসাম্যহীনতা দূৰ কৰিবলৈ ভাৰতীয় ঐতিহাসিক গৱেষণা পৰিষদে উদ্যোগ ল’ব লাগে। বৰ্তমান ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণৰ কাম চলি আছে। নতুন শিক্ষানীতিয়ে পাঠ্যপুথি প্ৰস্তুত কৰাৰ সময়ত ই এই ভাৰসাম্যহীনতা দূৰ কৰিব পাৰিব লাগিব ৷ 

Monday, December 12, 2022

এগৰাকী অভিনেত্ৰীৰ কথা

ধৰা হওক, এগৰাকী অভিনয় শিল্পীক সোধা হল - অভিনয়ৰ বাহিৰে আপুনি কি কৰে- তেতিয়া তেওঁ যিটো উত্তৰ দিয়ে, তাৰ ওপৰতেই নিৰ্ভৰ কৰে তেওঁৰ ব্যক্তিত্ব আৰু ভবিষ্যতৰ ছবি এখন ৷ এনে এটা প্ৰশ্নৰ উত্তৰত এগৰাকী নতুন অভিনেত্ৰীয়ে উত্তৰ দিছিল - মই লেখি ভাল পাওঁ?
- কি লেখে আপুনি ? কিয় লেখে ?
- মনৰ মাজত কিমান ভাবে অহা যোৱা কৰি থাকে, সেইবোৰকে লেখি থওঁ ৷ মনটো অলপ মুকলি মুকলি লাগে ৷ নাজানো সেই লেখাবোৰৰ মূল্য কি ? 
অভিনেত্ৰী গৰাকীৰ নাম ৰিচা ছেত্ৰী ৷ 





















বেহাৰবাৰী আউটপোষ্টৰ এটি খণ্ডত দেখিছিলোঁ এগৰাকী ছোৱালী পুলিচৰ ড্ৰেছত আহিছে, চাইনব’ৰ্ডখন দেখি অলপ ৰৈছে, ছেলফি এখন উঠিছে আৰু থানাৰ ভিতৰত সোমাইছে ৷ ভাবিছিলোঁ এটা দুটা খণ্ডত থাকি নোহোৱা হ’ব ৷ নাই নহ’ল৷ বেহাৰবাৰী আউটপোষ্টতো থাকিল, আমাৰো প্ৰিয় অভিনেত্ৰী হৈ উঠিল ৷ অভিনয়ৰ কথাটো বাদ দিলোঁ, সদায়েই শোৱনী কোঠাৰ টিভিৰ পৰ্দাত দেখাৰ পাচত ঘৰৰ মানুহৰ দৰেই লগা হ’ল ৷ এদিন কেকে- মানে সিদ্ধাৰ্থ শৰ্মাক কৈছিলোঁ, ছোৱালীজনীৰ উচ্ছাৰণ খুব ভাল, প্ৰত্যেকটো আখৰ স্পষ্টকৈ উচ্ছাৰণ কৰে ৷ 
এদিন তেখেতক সুধিলোঁ - বেহাৰবাৰী আউটপোষ্টৰ পাচৰে পৰা মানুহে আপোনাক ৰিচা ছেত্ৰী বুলি জানে ৷ কেনে লাগে আপোনাৰ ?
- খুব সন্মানবোধ কৰোঁ ৷ ইয়াৰ আগতে সংঘাট আৰু হতাশাৰ দিন কিছুমান পাৰ হৈছিল ৷ কিন্তু এতিয়া ৰিচা বুলি যি পৰিচয় লাভ কৰিছোঁ সিয়ে মোক শক্তিশালী আৰু পজিটিভ নাৰী হিচাপে গঢ়াত সহায় কৰিছে ৷ বেহাৰবাৰীয়েই মোক এইখিনি দিছে ৷ বেহাৰবাৰী এতিয়া মোৰ বাবে অকল এটা টিভি শ্বো নহয়, আমি বেহাৰবাৰী এটা পৰিয়াল ৷ 
-আপুনি ডিগবৈৰ ছোৱালী, ইয়াতে থাকে, ঘৰখনলৈ মনত নপৰে নে ?
- খুব পৰে ৷ বিশেষকৈ মালৈ মনত পৰে ৷ তেওঁ মোৰ লগত থকা হ’লে ব্ৰেকফাষ্ট বা ডিনাৰ কেতিয়াও বাদ নপৰিলহেতেন ৷ সদায় ৰাতি মাক এবাৰ ফোন কৰিমেই ৷ এইটো কাম কেতিয়াও বাদ নপৰে ৷ 





































- অভিনয়ৰ বাহিৰে আপুনি লেখি ভাল পায় ৷ আৰু কি কি কৰি ভাল পায়?
- গান গাই ভাল পাওঁ ৷ ঘৰ সজাই ভাল পাওঁ৷ 
- বেহাৰবাৰীৰ বাহিৰে আৰু কি কৰে, কি কৰিবলৈ মন আছে?
- মিউজিক ভিডিঅ’ত অভিনয় কৰোঁ, মডেলিং কৰোঁ ৷ ডাঙৰ পৰ্দাত কাম কৰিবলৈ মন আছে৷ শক্তিশালী নাৰীৰ চৰিত্ৰত ৷
- আপোনাৰ আশা পূৰণ হওক, আমিও আপোনাক ৰিচা পুলিচ বুলি মনত ৰখাৰ লগতে বেলেগ ৰূপতো চাব বিচাৰোঁ ৷
.................................................
অহা ৫ আৰু ৬ জানুৱাৰিত জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব চলচ্চিত্ৰম্‌ নেচনেল ফিল্ম  ফেষ্টিভেল ৷ এই  ফেষ্টিভেলৰ বাবে নিৰ্বাচিত হোৱা ছবিৰ প্ৰথম খন তালিকা ইয়াতে দিলোঁ ৷ 



Tuesday, November 29, 2022

পদুম বৰুৱাৰ দৃষ্টিৰে এখন ভাল চিনেমা

এখন চিনেমাক কেতিয়া ভাল চিনেমা বুলি কোৱা হয় ?
প্ৰশ্নটো সঁচাকৈয়ে জটিল ৷ এই কথাটো সৰল ভাষাৰে বুজাই প্ৰবন্ধ এটি লেখিছিল পদুম বৰুৱাই, অধুনালুপ্ত, পৱন বুঢ়াগোহাঁই সম্পাদিত 'কোৰাচ' অালোচনীত ৷ চিনেমাৰ সকলো দৰ্শকৰ বাবে এই প্ৰবন্ধটি অতি গুৰুত্বপূৰ্ণ বুলি ভাবি প্ৰচাৰ কৰিলোঁ ৷


এখন ভাল চিনেমা বুলিলে কি বুজায় ? এই প্ৰশ্নৰ উত্তৰ চলচ্চিত্ৰৰ সংশ্নিষ্ট বিভিন্ন মহলৰ লোকে বিভিন্ন প্ৰকাৰে দিব ৷ চিত্ৰ পৰিবেশক বা ছবিঘৰৰ মালিকৰ বাবে বজাৰত ছবি চলিলেই ভাল আৰু নচলিলেই বেয়া; ছবিক এওঁলোকে বেপাৰৰ পণ্য ৰূপেহে গণ্য কৰে ৷ দৰ্শকৰ এটা বৃহৎ সংখ্যক দলৰ বাবে অতি নাটকীয়তা, ভাৱ প্ৰৱণতা অথবা সস্তীয়া হাঁহি তামাচা, উত্তেজনা আৰু বিশেষকৈ আমাৰ দেশত নৃত্য-গীতেৰে ভৰপূৰ ছবিয়েই হ’ল ভাল ছবি; চিমেনাক এওঁলোকে মাথোন মনোৰঞ্জনৰ মাধ্যম ৰূপেহে গ্ৰহণ কৰে ৷ কিন্তু সংখ্যাত তাকৰ হলেও এচাম দৰ্শক আছে, যাৰ বাবে চলচ্চিত্ৰ – সাহিত্য, সংগীত, চিত্ৰকলা আদিৰ দৰে এটা কলা মাধ্যম ৷ এওঁলোকৰ পক্ষে ওপৰৰ প্ৰশ্নটোৰ উত্তৰ এষাৰ কথাৰে দিয়া সম্ভৱ নহয়; কাৰণ কলা বুলিলে  বহুত কথা আহি পৰে৷ তদুপৰি, বিভিন্ন যান্ত্ৰিক প্ৰক্ৰিয়াৰ যোগেৰে বিভিন্ন কলাৰ সংমিশ্ৰণত গঢ়ি উঠা চলচিত্ৰ এটা অতিশয় জটিল কলা ৷ সেইবাবেই এখন ছবিৰ কলাগত মূল্যাংকনৰ বাবে ইয়াক বিভিন্ন দৃষ্টিকোণৰ পৰা পৰীক্ষা-নিৰীক্ষা কৰি চোৱাটো প্ৰয়োজনীয় ৷ তলৰ আলোচনাত কলাৰ দৃষ্টিকোণৰ পৰা এখন ভাল ছবি বুলিলেনো কি বুজায় তাৰ এটা থুলমূল আভাষ দিবলৈ চেষ্টা কৰা হ’ল ৷
যিকোনো কলা বস্তুৰ গুণাগুণ বিচাৰ কৰা হয় ইয়াৰ মাধ্যমগত বৈশিষ্টসমূহৰ পৰিপ্ৰেক্ষিতত৷ চিনেমা এবিধ কলা; গতিকে সবাটোকৈ আগতে এখন ছবিৰ সাৰ্থকতা নিৰ্ভৰ কৰে ইয়াৰ চিনেমাসূলভ গুণসমূহৰ ওপৰত৷ চিনেমাসুলভ অৰ্থাৎ চিনেমাধৰ্মী গুণ বুলিলে প্ৰধানকৈ তিনিটা গুণ বুজায়– দৃশ্যধৰ্মীতা, গতিশীলতা আৰু বাস্তৱধৰ্মীতা ৷
প্ৰথম কলা হ’ল, চিনেমাৰ ভাষা দৃশ্যমৰ্ধী৷ চিত্ৰশিল্পীৰ হাতৰ ভূমিকা আৰু ভাস্কৰৰ হাতৰ বাচুলাৰ দৰে কেমেৰা চলচ্চিত্ৰ-পৰিচালকৰ শিল্প সৃষ্টিৰ প্ৰধান হাথিয়াৰ৷ কেমেৰাৰ অৰ্থপূৰ্ণ উপস্থাপন আৰু আলোক সম্পাতৰ যোগেদি পৰিচালকে চলচ্চিত্ৰৰ মুখত ভাষা দিয়ে ৷ কলাধৰ্মী ছবিত সংলাপ, সংগীত আৰু আন সকলো প্ৰকাৰৰ শব্দ ছবিৰ দৃশ্যক অধিক কাৰ্যক্ষম কৰিবৰ বাবেহে ব্যৱহাৰ কৰা হয় ৷ দৃশ্যৰ ভূমিকা গৌণ পৰ্য্যয়লৈ নমাই সংলাপৰ যোগেৰে কাহিনী বৰ্ণনা কৰিলে চলচ্চিত্ৰৰ ধৰ্ম ক্ষতিগ্ৰস্ত হয়, ছবি হৈ পৰে মঞ্চধৰ্মী ৷ দ্বিতীয়তে, ‘চলচ্চিত্ৰ একেৰাহে স্থানাশ্ৰয়ী আৰু কালাশ্ৰয়ী কলা (Art of Space and time)৷ দৃশ্যমান নমনীয়তা ইয়াৰ বৈশিষ্ট্য ৷’ চিত্ৰশিল্পীয়ে কাগজ বা কেনভাচৰ বুকুত আয়তক্ষেত্ৰৰ চাৰিসীমাৰ মাজত ছবি অকাৰ দৰে চলচ্চিত্ৰৰ দৃশ্য ৰচনা কৰা হয় ফিল্মৰ একো একোটা ফ্ৰেম (Frame) ত আৰু তাৰ পৰা ৰূপালী পৰ্দাৰ চাৰিসীমাৰ মাজত ৷ আনহাতে সংগীতৰ সুৰ আৰু শব্দৰদৰে এই দৃশ্যবোৰ হ’ল গতিশীল৷ সেইবাবেই, কেমেৰাৰ প্ৰয়োজনীয় উপস্থাপন আৰু ইয়াৰ দৃশ্যটো কিমান সময় দেখুৱা হ’ব এই দুয়োটাই সমানে গুৰুত্বপূৰ্ণ কথা৷ বিভিন্ন দূৰত্বৰ পৰা গ্ৰহণ কৰা লং শ্বট, মিড শ্বট, ক্ল’জ শ্বট, ক্ল’জআপ আদি দৃশ্যসমূহৰ সৃষ্টিমূলক সম্পাদনাই এখন ছবিক চিনেমাধৰ্মী গুণৰ অধিকাৰী কৰে ৷ চলচ্চিত্ৰ এটা বাস্তৱধৰ্মী কলা ৷ ই ফটোগ্ৰাফীৰ পৰা উদ্ভৱ আৰু সেইবাবেই ফটোগ্ৰাফীৰ দৰেই ইয়াৰ উদ্দেশ্য হোৱা উচিত - বাস্তৱ জগতৰ বিশ্বাসযোগ্য প্ৰতিকৃতি নিৰ্মাণ কৰা ৷ [কাৰ্টুন আৰু পাপেট ফিল্মৰ কথা সুকীয়া; সেইবোৰ এবিধ বিশেষ প্ৰকাৰৰ ছবি যিবোৰক আজি কালি Expanded Cinema অৰ্থাৎ সম্প্ৰসাৰিত চিনেমা বোলা হয় ৷] চিনেমাৰ অভিনয় আৰু দৃশ্যসজ্জা সেইহেতুকে স্বাভাৱিক হোৱাটো প্ৰয়োজনীয় ৷ এই ক্ষেত্ৰত চিনেমা মঞ্চাভিনয়তকৈ বিশেষভাৱে পৃথক ৷ অভিনয় বাস্তৱধৰ্মী হ’বলৈ হ’লে অৱশ্যে ছবিৰ সংলাপ বা ৰচনা বাস্তৱধৰ্মী হোৱা উচিত ৷ সেইবাবেই সাৰ্থক ছবিত সংলাপক বাস্তৱতাৰ অংশ ৰূপেহে ব্যৱহাৰ কৰা হয়; কলাৰ ৰূপ (Art Form) হিচাপে নহয় ৷ চিনেমাৰ সংলাপ আৰু মঞ্চ-নাটৰ সংলাপৰ মাজত থকা পাৰ্থক্যও এইখিনিতেই ৷
সৰ্বশেষত, এখন ছবিৰ কলাগত মূল্যাংকনৰ বাবে ইয়াক সকলো কলাৰ এটা অতি প্ৰয়োজনীয় আৰু উমৈহতীয়া গুণৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰা উচিত ৷ প্ৰত্যেক কলা বস্তুৰ এটা অপৰিহাৰ্য্য গুণ হ’ল ইয়াৰ সামগ্ৰিকতা (Totality) ৷ তদুপৰি উপন্যাস নাটক আদিৰ দৰে চলচ্চিত্ৰ এটা প্ৰতিনিধিত্বকাৰী কলা (Representative art) ; সংগীতৰ দৰে ই বিমূৰ্ত কলা নহয় ৷ সেইবাবেই কলাধৰ্মী ছবি সদায় কোনো এক সামাজিক বা মানবীয় বিষয়বস্তুৰ ওপৰত প্ৰতিষ্ঠিত ৷ বিষয়বস্তু বা মূল বক্তব্যৰ লগত সম্পৰ্ক নথকা বা তাৰপৰা দৰ্শকৰ মন আতৰাই নিব পৰা আন যি কোনো কথা বা ঘটনাৰ অৱতাৰণাই ছবিৰ সামগ্ৰিকতাৰ ওপৰত আঘাত হানে ৷ সাৰ্থক ছবি সদায় একক ঘটনাৰ বিন্যাস ৷ বিষয়বস্তুৰদৰে ছবিত আংগিকগত সামগ্ৰিকতাও বিশেষভাবে গুৰুত্বপূৰ্ণ; কাৰণ আংগিক আৰু বিষয়বস্তুৰ সামাঞ্জস্যৰ অবিহনে সাৰ্থক কলা সৃষ্টি সম্ভৱপৰ নহয় ৷