নীপ বৰুৱাক (জ. ১৯২৫-মৃ.১৯৯১) অসমৰ মানুহে মনত ৰাখিব এগৰাকী সফল চিত্ৰ পৰিচালক হিচাপে । কেইবাখনো ব্যৱসায় সফল ছবি পৰিচালনা কৰি আৰু প্ৰযোজনাৰ দিশতো জড়িত থাকি অসমীয়া ছবিজগতখনক স্বনিৰ্ভৰশীল কৰি তোলাৰ চেষ্টাত নিয়োগ কৰিছিল তেওঁৰ সমগ্ৰ চিত্ৰ-ভাবনা । কোৱা হয়, চিনেমা সপোন দেখা মানুহৰ আটাইতকৈ ডাঙৰ সপোন আৰু মনৰ ভিতৰত কিছু বলিয়ালি নাথাকিলে কোনেও চিত্ৰ নিৰ্মাণৰ দৰে শংকাপূর্ণ জগতত ভৰি দিবলৈ নাযায়। নীপ বৰুৱাই প্ৰায় শূন্যৰপৰাই আৰম্ভ কৰি সেই জগতত ভৰি দিছিল আৰু সেই খোপনি ধৰি ৰখাৰ সাহস আৰু নিষ্ঠা তেওঁৰ আছিল ৷
ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত নীপ বৰুৱাৰ দৰে আৰু বহু যুৱকৰ সপোন আছিল স্বাধীনতা প্রাপ্তিৰে নতুন হৈ উঠা দেশৰ নাগৰিক হিচাপে নতুন কিবা এটা কৰা। সেই বাবেই শিল্পকলাৰ পৰম্পৰাগত দিশবোৰৰ কেইবাবিধৰো জ্ঞান থকাৰ পাছতো নীপ বৰুৱা আগবাঢ়িছিল চিনেমাৰ দৰে তুলনামূলকভাবে নতুন কলা-মাধ্যমৰ পিনে। অসমত সেই সময়ত ছবি নিৰ্মাণৰ একো সুবিধা নাছিল, সকলো কামৰ বাবেই দৌৰিব লাগিছিল কলিকতালৈ। কাৰিকৰী দিশৰ মানুহ নাছিল। এই মাধ্যমটিৰ লগত পৰিচিতি পাৰদৰ্শী অভিনেতা-অভিনেত্রী আদিও আছিল সীমিত। আৰু এই ব্যয়বহুল কলা মাধ্যমটিত বিনিয়োগ কৰা ধনৰাজি ওভতাই অনাটোও আছিল অতি জটিল আৰু কষ্টসাধ্য কাম। চিনেমা নিৰ্মাণৰ প্ৰতি তেওঁ আগবাঢ়ি গৈছিল কোনো প্রশিক্ষণ নোহোৱাকৈয়ে।
আচলতে খেলেহে তেওঁৰ চিনেমা নিৰ্মাণৰ সুবিধা
দিছিল। তেওঁ আছিল কৃতী ফুটবল খেলুৱৈ, গুৱাহাটীৰ বিখ্যাত ক্লাব
মহাৰাণা দলৰ হৈ তেওঁ খেলিছিল, খেলপথাৰত তেওঁৰ স্থান আছিল
চেন্টাৰ ফৰৱাৰ্ডত। খেলুৱৈ হিচাপে বিখ্যাত হোৱাৰ আগৰপৰাই তেওঁৰ নিচা আছিল চিত্রকলা,
সঙ্গীত, মূৰ্তি নিৰ্মাণ, থিয়েটাৰ আদিৰ প্ৰতি। ব্ৰজেন বৰুৱাৰ লগত তেওঁ বাঁহী বজাইছিল। বিচিত্র
বিষয়ৰ প্ৰতি তেওঁৰ যে এই আগ্ৰহ আছিল সেই কথা সুন্দৰকৈ লিখি গৈছে সৌৰভ কুমাৰ
চলিহাই তেওঁৰ 'প্ৰথম ৰচনা' শীৰ্ষক
লেখাত। চলিহাই লিখিছে— “...নিপ আছিল আমাৰ সমসাময়িক,
আমাৰ ভিতৰত একমাত্র উদ্যোগী ল'ৰা। ছবি
আঁকাত ৰাপ, তেতিয়াই চিনেমা- থিয়েটাৰৰ কথা কয়। পাছলৈ
সঁচাকৈয়ে চিনেমা কৰিছে, সেই লাইনত নাম থকা ব্যক্তি ।...
স্কুলত নিপেই উদ্যোগ কৰি এখন হাতে-লিখা আলোচনী বাহিৰ কৰিছিল, নাম দিছিল বোধকৰোঁ অঞ্জলি। তাৰ ছবিবোৰ নিপেই আঁকে, গল্প-কবিতাবোৰো নিপেই কষ্ট কৰি কৰি ধুনীয়া হাতৰ আখৰেৰে লিখি
উলিয়ায়...।”
নীপ বৰুৱাৰ নগৰাকী ককাই ভাইৰ আঠগৰাকীৰেই নাম
তিনিটা আখৰৰ, প্ৰতিটো নামেই শেষ হৈছে 'ন' আপনটোৰে। একমাত্র ব্যতিক্রম নীপ বৰুৱা।
আচলতে নীপ বৰুৱাৰ নাম আছিল নৃপেন। খেলপথাৰেই তেওঁৰ নামটো নিপ কৰি দিলে। কাৰণ নৃপেন
বুলি চিঞৰ মৰাতকৈ দৰ্শকে নীপ বুলি চিঞৰ মাৰিয়েই ভাল পায়। তেনেদৰেই নাম হৈ গ'ল নীপ, সেই খেলপথাৰেই তেওঁক চিনেমাৰ পিনে টানি
লৈ গৈছিল ৷ মহাৰাণা ক্লাবৰ সভাপতি গৌৰী হিমৎসিংকাই নিপ বৰুৱাৰ খেল ইমানেই ভাল
পাইছিল যে নীপ বৰুৱাৰ প্ৰথমখন ছবি প্ৰযোজনাৰ বাবে আগবাঢ়ি আহিছিল। ছবিৰ নাম আছিল
স্মৃতিৰ পৰশ । সঙ্গীত পৰিচালক ব্ৰজেন বৰুৱা, গায়ক ৰমেন
বৰুৱা, গীতিকাৰ কেশৱ মহন্ত আৰু পৰিচালক নীপ বৰুৱা –এই
আটাইকেইজনৰেই প্ৰথম ছবি আছিল স্মৃতিৰ পৰশ। ফুটবল খেলৰ বাবেই তেওঁক ৰাধাগোবিন্দ
বৰুৱাই ট্ৰিবিউন প্ৰেছত চাকৰি দিছিল, আৰ্টিষ্টৰ চাকৰি।
তাৰপাছত অসম চৰকাৰৰ ফিল্ম অফিচাৰৰ চাকৰি। সেই চাকৰিতেই অৱসৰ গ্ৰহণ ৷
শৈশৱৰেপৰাই তেওঁ যেনেদৰে বিচিত্ৰ বিষয়ৰ প্ৰতি
আগ্ৰহী আছিল তেনেদৰে তেওঁৰ শিক্ষাজীৱনো আছিল বৈচিত্র্যময়। কটন কলেজিয়েট
হাইস্কুলৰপৰা উত্তীৰ্ণ হোৱাৰ পাছত কেইদিনমান ইঞ্জিনীয়াৰিং ইন্ষ্টিটিউটত পঢ়িলে, তাৰপাছত বৰোদাত পঢ়িলে
আর্কিটেকচ, কিছু দিন পঢ়ি উভতি আহিল,
তাৰপাছত কটন কলেজত বিজ্ঞান । পঢ়া অৰ্ধ সমাপ্ত কৰি ৰাখিয়েই
চাকৰিত যোগদান। বয়স হোৱাৰ লগে-লগে খেলৰপৰা অৱসৰ আৰু চিনেমাত মনোযোগ।
তেওঁৰ আছিল সঙ্গীতৰ জ্ঞান, নিজে বাঁহী বজাইছিল, সঙ্গীতক্ষেত্ৰত আছিল তেওঁ স্বশিক্ষিত। ছবি আঁকিছিল, নিজেই আঁকিবলৈ শিকিছিল, তেওঁ অঁকা ছবিৰ ভিতৰত বিখ্যাত
আছিল— পাফু চিৰিজৰ আৰম্ভণিৰ পিনৰ সংস্কৰণৰ বেটুপাতবোৰ, এক ৰঙেৰে অঁকা সেই ৰখাচিত্ৰৰ
বেটুপাতবোৰৰ এচুকত ৰোমান হৰফেৰে চহী কৰা আছিল নীপ বুলি, আৰু আঁকিছিল তেওঁৰ ঘৰৰ
সন্মুখৰ লতাশিল খেলপথাৰত অনুষ্ঠিত হোৱা ৰঙালী বিহু উদযাপন সমিতি ‘গুৱাহাটী বিহু সম্মিলনী'ৰ প্ৰতীক চিহ্ন।
সমান্তৰালভাৱে চলিছিল ফুটবল খেল। সেই স্প'ৰ্টছমেন স্পিৰিট তেওঁৰ ছবিবোৰৰ মাজতো প্রতিফলিত।
কোনোবাখন ছবি হিট হৈছে, কোনোবাখন ছবি ফ্লপ হৈছে, তথাপি তেওঁ চিনেমা নিৰ্মাণ
কৰি গৈছে, কেতিয়াও ছবিৰ ব্যৱসায়িক বিফলতাৰ ভাৰ কাৰো ওপৰত জাপি দিয়াৰ চেষ্টা কৰা
নাছিল ।
আজি নীপ বৰুৱাৰ প্ৰথম পৰিচয় চলচ্চিত্ৰ নিৰ্মাতা
হিচাপে। তেওঁৰ চিনেমাৰ নিজা চিনাকি আছে। সমগ্ৰ পৰিয়ালে একেলগে উপভোগ কৰিব পৰা
আবেগপূর্ণ কাহিনীৰ শালীন পৰিৱেশন তেওঁৰ ছবিৰ মূল বৈশিষ্ট্য। শ্ৰুতিমধুৰ সঙ্গীত আৰু
সুলিখিত গীতৰ কথা —এই দুটি দিশত তেওঁ কাহানিও আপোচ কৰা নাছিল। তেওঁৰ ছবিৰ অধিকাংশ
গীতেই কেশর মহন্তই ৰচনা কৰা ৷
ছবিৰ ব্যৱসায়িক সফলতা নিশ্চিত কৰাটো তেওঁৰ প্ৰথম দৃষ্টি আছিল। আৰু নিজৰ স্বকীয়তা বিসর্জন নিদিয়াকৈ সেই কথাটো তেওঁ প্ৰতিপন্ন কৰিছিল। প্ৰযোজকে বিনিয়োগ কৰা ধন ওভতাই আনি দিব পাৰিলেহে তেওঁৰ পৰৱৰ্তী ছবিখন নিৰ্মাণ কৰাৰ যুক্তি থাকে বুলি বিশ্বাস কৰিছিল। নীপ বৰুৱাই হ'ল অসমৰ প্ৰথমগৰাকী চিত্রনির্মাতা, যিয়ে অসমীয়া ছবিৰ বজাৰখনৰ পৰিসৰ বৃদ্ধি কৰাৰ চেষ্টা কৰিছিল। সেই চেষ্টাৰে তেওঁ প্ৰথমে নিজৰ সোণমা ছবিখন বাংলাত ডাব কৰি উলিয়াইছিল, ককাদেউতা নাতি আৰু হাতী ছবিখনৰ বাংলা সংস্কৰণ পৰিচালনা কৰিছিল। তেওঁ এখন ছবিত জনপ্রিয় হিন্দী ছবিক অনুকৰণ কৰিছিল। এন্টনী মোৰ নাম নামৰ এই ছবিখনে নীপ বৰুৱাৰ নিজ পৰিচয়ৰ বিৰোধিতা কৰে, তেওঁ নিজেও পাছত সেই ছবিখন নিৰ্মাণৰ সিদ্ধান্ত ভুল আছিল বুলি পতিয়ন গৈছিল।
https://www.youtube.com/watch?v=PfI4j8uUPmo&list=RDPfI4j8uUPmo&start_radio=1
চিনেমাজগতত ‘ফিল্ম ফেমিলী' বুলি এটা সংজ্ঞাৰ প্ৰচলন আছে। নীপ বৰুৱাই অসমৰ প্ৰথমটো ফিল্ম ফেমিলীৰ জনক। এটা পৰিয়ালৰ এটা প্ৰজন্মৰ সদস্যৰ মাজতে কেইবাগৰাকীও সফল পৰিচালক, চিত্ৰনাট্যকাৰ, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতাৰ আৱিৰ্ভাৱ এক বিৰল ঘটনা। ভাৰতীয় ছবিৰ ইতিহাসত ইমান সফল চিনেমা ফেমিলীৰ উদাহৰণ কম। এই ফেমিলীৰ অগ্ৰণী হিচাপেও নীপ বৰুৱাই ভাৰতীয় চিনেমাৰ ইতিহাসত বিশেষ মর্যাদা দাবী কৰে ।
নীপ বৰুৱাই নিজৰ নামটো ‘নীপ’ হিচাপেই লেখিছিল ৷ কথাটো মোক কৈছিল কবি কেশব মহন্তই ৷ 'মাক আৰু মৰম' ছবিৰ পোষ্টাৰতো নীপ হিচাপেই লেখা আছিল ৷ নীপ কেনেকৈ নিপ হ’ল সেই কথা নাজানিলোঁ ৷
এই প্ৰবন্ধটি শোনিত বিজয় দাসৰ অনুৰোধত ‘কথা’ৰ বাবে লেখিছিলোঁ ৷ ইন্দ্ৰজিত দাসে অনুৰোধ কৰিলে, ২৫ তাৰিখে মৃত্যুদিনৰ লগত সংগতি ৰাখি লেখাটি পুনৰ মুদ্ৰন কৰিব লাগে ৷ তেওঁ লেখাটি সংগ্ৰহ কৰি মোলৈ পঠিয়াই দিলে ৷ তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷