মনজ্যোৎস্নাক জানিছিলোঁ, ওখ-পাখ সুদৰ্শনা মনজ্যোৎস্নাই সন্দিকৈ কলেজৰ পৰা পানবজাৰৰ ফালে যায়, কস্মো হোষ্টেলৰ ওচৰত থকা চাহদোকানখনৰ বাৰান্দাৰ পৰা দেখা পাও৷ কেশব মহন্তৰ ঘৰলৈ মই কাম কৰি থকা আলোচনীৰ কামত অহা যোৱা আছে কিন্ত মনজ্যোৎস্নাক কেতিয়াও লগ পোৱা নাছিলোঁ৷ গান শুনাৰ পাচদিনা গৈ মই তেওঁৰ ঘৰ ওলাইছিলোঁ৷ চিনাকি হৈছিলোঁ আৰু গীতটিৰ কথা কৈছিলোঁ৷ গীতটি শুনি থাকোতেই তাত গায়নৰ নহয়, বেহালা বাদনৰ কৌশল অনুৰণিত হৈ থকা অনুভব হৈছিল৷ কথাটো তেওঁক কলোঁ৷ তেওঁ কৈছিল- গীতটিৰ সুৰকাৰ অমিয়ধৰ বৰুৱা, বেহেলাবাদক৷ সেয়াই বন্ধুত্বৰ আৰম্ভণি৷ আজি অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে তেওঁক লগ পাই কৈছিলোঁ- চাকিৰ তলৰ ছাঁ গাবা দেই- তেওঁ একো উত্তৰ দিয়া নাছিল, কিন্তু গাইছিল৷
অনুষ্ঠান উপভোগ কৰি আছিলোঁ, ওচৰত আছিল মৃণাল তালুকদাৰ, দীপ চৌধুৰী আৰু উৎপল বৰপূজাৰী৷ মৃণালে সুধিছিল - মনজ্যোৎস্না আপোনাৰ লগৰ নেকি? নহয়, অলপ সৰু, তাৰ পাচত আমাৰ বন্ধুত্বৰ এই কাহিনীটোক কৈছিলোঁ৷ মনজ্যোৎস্নাই গীতৰ প্ৰতিটো শব্দৰ অৰ্থ, ব্যঞ্জনা, শক্তি আৰু ওজন অনুভব কৰি গান গায়, গায় হৃদয়ৰ পৰা৷ সেয়ে মনজোৎস্না ব্যতিক্ৰম৷ মনজ্যোৎস্নাৰ লাইভ পাৰফৰমেন্সৰ দৰ্শক হ’ব পৰাটো এটা অভিজ্ঞতা৷ এই অভিজ্ঞতা উপহাৰ দিয়া বাবে আয়োজকলৈ কৃতজ্ঞতা ৷