Friday, July 29, 2022

সফল ছবি - কংকন ডেকাৰ 'উপসৰ্গ'


এটা বাক্যত কওঁ - ছবিখন চাই সন্তুষ্ট, খুব কম ছবিয়েহে এনে সন্তুষ্টি দিব পাৰে ৷ 
'বিউটিফুল লাইভজ' ছবিখনৰ  পাচৰপৰাই কংকন ডেকাৰ ছবিৰ প্ৰতি অপেক্ষা কৰি অাছিলোঁ ৷ 'উপসৰ্গ'ই অপেক্ষাৰ অন্ত পেলালে ৷ কিন্তু কথা হ'ল - কংকন ডেকাৰ পৰা যিমানখিনি পাম বুলি অাশা অাছিল, তাতকৈ ভালেখিনি বেচিকৈ দিছে ৷ এনে প্ৰাপ্তি অসমীয়া ছবিৰ বাবেই অানন্দ-সংবাদ ৷  এই লেখা ছবিখনৰ সমালোচনা নহয়, সমালোচনা লেখিবলৈ অাৰু এবাৰ-দুবাৰ চাব লাগিব ৷ এইখিনি প্ৰাথমিক প্ৰতিক্ৰিয়া - এইখিনি মন্তব্যৰ কোনো পৰিবৰ্তন নহয় ৷ 
প্ৰথম কথা - কাহিনী ৷ এই ধৰণৰ সংবাদ শুনি থাকো, কিন্তু কেতিয়াও ভবা নাই যে এনে ধৰণৰ বাতৰি এটাৰে এই ধৰণৰ ছবি এখন কৰিব পৰা যাব ৷ কি ধৰণে ছবিৰ কাহিনী অাগবাঢ়ে, সংঘাতৰ অাৰম্ভণি - বিকাশ - প্ৰত্যেক মুহুৰ্ততে অপ্ৰত্যাশিত ঘটনা ঘটি গৈছে - চিনেমা হ'লৰ চকীত পোন হৈ বহি ৰৈছোঁ - কোৱা হয় 'জনী মেৰা নাম' ছবিৰ শেষৰ দুটা ৰিল ছবিৰ 'চাচপেন্স'ৰ ক্লাচিক উদাহৰণ ৷ কংকনৰ 'উপসৰ্গ'ৰ  শেষৰ খিনিতো মই একেই উত্তেজনা অনুভব কৰিছোঁ ৷ 'এতিয়া কি হ'ব এতিয়া কি হ'ব' - এইটো ভাবে কেনেকৈ টানি ৰাখে - কল্পনাই কৰিব নোৱাৰি ৷ 
দ্বিতীয় কথা - নিৰ্মাণ ৷ ছবিখনত কোনো চিনাকি অভিনেতা নাই ৷ ছবি এখনৰ অাকৰ্ষণ বৃদ্ধিত চিনাকি অভিনেতাৰ অলপ সহযোগ থাকে, কেতিয়াবা অৱশ্যে বিপৰীতো হয় ৷ 'উপসৰ্গ'ত এইবিধৰ কোনো সহযোগ নাই ৷ অভিনেতা কেইজন ছবিৰ অংশ অাৰু অামি তেওঁলোকৰ লগে লগেই  গৈ থাকো ৷ ছবিখনৰ সময়খিনি শীতকাল- ৰ'দ কম থাকে, দৃশ্যগ্ৰহন কৰিবলৈ সময় কম পোৱা যায় ৷ অানহাতে ছবিখনৰ ভালেখিনি অংশ ৰাতিৰ ৷ ৰাতিৰ দৃশ্যগ্ৰহন, তাতে বিচিত্ৰ লোকেচনত- ইফালে বাজেট সীমিত-  নাইবুলিবই পাৰি - সেইবোৰ অতিক্ৰম কৰি কি অমানুষিক দক্ষতাৰে ছবিখনৰ দৃশ্য গ্ৰহন সম্পূৰ্ণ কৰিছে - দৰ্শকৰ সেইবোৰৰ দৰকাৰ নাই ঠিকেই, কিন্তু চিনেমাৰ নিৰ্মাণৰ লগত জড়িত হিচাপে -  এই দৃশ্যগ্ৰহনৰ কথা ভাবি স্তম্ভিত হৈ যাওঁ ৷ 
   লেখক-পৰিচালক-প্ৰযোজক কংকন ডেকা

তৃতীয় কথা - প্ৰথমটো মোঁচৰ - সামৰণি ৷ ভিতৰুৱা গাঁও এখনৰ কাহিনী ৷ গাঁও এখনত মহানগৰীৰ গতি অসম্ভব ৷  তাতে শীতকাল ৷ স্বাভাবিক ভাবেই ছবিৰ গতি অলপ লেহেমীয়া ৷ অলপ পাচতেই - গাঁওৰ মহিলাৰ হাতত এখন বাতৰি কাকত - তাকো দক্ষিণ ভাৰতীয় ভাষাৰ ৷ ভ্ৰু অলপ কোঁছ খাবই - তাৰ পাচত অাৰু ৰক্ষা নাই - 
সামৰণিত অাছে এক অপ্ৰত্যাশিত ঘটনা ৷ এটা মাত্ৰ ষ্ট্ৰোক - সেইটোৱেই ছবিখনক বহু ওপৰলৈ লৈ গৈছে ৷ এটা থ্ৰিলাৰ কাহিনীক দিছে গভীৰ ব্যঞ্জনা ৷ 

Monday, July 25, 2022

ইন্দিৰা, ইমাৰ্জেন্সি আৰু কংগনা

BartaNE | Sunday | 24 July 2022

মূলঃ অনন্ত বিজয়, অনুবাদ উৎপল দত্ত

কংগনা ৰানাউট এগৰাকী অতি প্ৰতিভাৱান অভিনেত্ৰী। তেওঁৰ অসাধাৰণ অভিনয় বহুকেইখন ছবিত দেখিবলৈ পোৱা গৈছে। বাণিজ্যিক ছবিত তেওঁৰ সফলতাৰ কাহিনীও সকলোৱে জানে। বহু সময়ত তেওঁ ‘আউট অৱ দ্য বক্স’ ছবি কৰে আৰু সেই ছবিত কৰা অভিনয়েৰে দৰ্শকক মোহিত কৰে। শেহতীয়াকৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হৈ থকা জয়ললিতাৰ জীৱনক লৈ তেওঁ অভিনয় কৰা  ছবি ‘থালাইৱী’ প্ৰদশির্ত হৈছিল। সেই ছবিত কংগনাই অভিনয়ৰ দক্ষতাৰে জয়ললিতাৰ চৰিত্ৰটোক জীৱন্ত কৰি তুলিছিল।

এতিয়া কংগনাই আন এটা অতি প্ৰত্যাহ্বানমূলক বিষয় আৰু চৰিত্ৰ বাছি লৈছে। এতিয়া তেওঁ ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ ওপৰত এখন ছবি নিৰ্মাণ কৰি আছে। এই ছবিখনত তেওঁ ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিব। কংগনাই এই ছবিখনৰ এটা চুটি ভিডিঅ’ ইণ্টাৰনেট মিডিয়াত শ্বেয়াৰ কৰিছে। সেইটো চালে এনে লাগে যেন কংগনাই এই চৰিত্ৰটোত অভিনয় কৰিবলৈ বহুত কষ্ট কৰিছে। চুটি ভিডিঅ’টোত কংগনাই ইন্দিৰা গান্ধীৰ অভিব্যক্তি আৰু তেওঁৰ কথা কোৱাৰ শৈলীক সম্পূৰ্ণৰূপে চিত্ৰিত কৰিছে। ছবিখন তেওঁ পৰিচালনাও কৰিছে৷

( এই প্ৰবন্ধৰ মূল লেখক অনন্ত বিজয় পেছাত সাংবাদিক, চলচ্চিত্ৰ সমালোচনাৰ বাবে ৰাষ্ট্ৰীয় বঁটা বিজয়ী৷ )

জৰুৰীকালীন অৱস্থা হৈছে ভাৰতীয় গণতন্ত্ৰৰ সেই অন্ধকাৰ অধ্যায় যিয়ে সমাজৰ প্ৰতিটো শ্ৰেণীক প্ৰভাৱিত কৰিছিল। সেই যুগৰ বহু কাহিনী আজিও ৰাইজৰ স্মৃতিত ৰৈ গৈছে। ইমাৰ্জেন্সীত যি ঘটিছিল বা ইন্দিৰা গান্ধীৰ সিদ্ধান্ত আৰু সঞ্জয় গান্ধীৰ একনায়কত্ববাদী মনোভাৱে জনসাধাৰণক যিদৰে বিচলিত কৰিছিল সেই অনুপাতে ছবি নিৰ্মাণ কৰা হোৱা নাছিল। এই বিষয়ত সৃষ্টিশীল লেখাৰো অস্তিত্ব নাছিল। প্ৰবন্ধ আদি নিশ্চিতভাৱে লিখা হৈছিল, সাংবাদিক আৰু ৰাজনীতিবিদৰ কিতাপো প্ৰকাশ হৈছিল যদিও ইমাৰ্জেন্সীক বিষয় কৰি উপন্যাস বা গল্প লিখিছিল অতি কম সংখ্যক সাহিত্যিকে।

যদি আমি হিন্দী ছবিৰ কথা কওঁ, তেন্তে মই মিছ কৰা এখন ছবি হ’ল ‘কিচ্ছা কুৰ্ছি কা’। ইমাৰ্জেন্সিৰ পূৰ্বে নিৰ্মাণ কৰা এই অমৃত নাহতাৰ ছবিখন চাৰ্টিফিকেচনৰ বাবে চেঞ্চৰ ব’ৰ্ডলৈ গৈছিল। চেন্সৰ ব’ৰ্ডৰ পৰা প্ৰমাণ পত্ৰ লাভ কৰালৈকে দেশত জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছিল। ছবিখনে সঞ্জয় গান্ধী আৰু ইন্দিৰা গান্ধীৰ কাৰ্যকলাপ সন্দৰ্ভত এক খলকনি তুলিছিল। সঞ্জয় গান্ধীৰ গাড়ী কাৰখানা স্থাপনৰ পৰিকল্পনাক লৈও ব্যংগ কৰা হৈছিল। সঞ্জয় গান্ধীয়ে এই বিষয়ে জানিব পাৰি ক্ষুব্ধ হৈ উঠিছিল। তাৰ পিছত কি হৈছিল সেয়া ইতিহাস৷

তদানীন্তন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী বিদ্যা চৰণ শুক্লাৰ নিৰ্দেশত চেন্সৰ ব’ৰ্ডত জমা কৰা ছবিখনৰ প্ৰিন্ট জব্দ হোৱা বুলি বহু ঠাইত উল্লেখ আছে। সঞ্জয় গান্ধী এই কথাত সন্তুষ্ট নাছিল। তেওঁ বিচাৰিছিল ছবিখনৰ সকলো প্ৰিন্ট নষ্ট হওক। তেওঁৰ ইচ্ছা পূৰণৰ বাবে দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে বোম্বাইৰ (বৰ্তমানৰ মুম্বাই) প্ৰভাদেৱী অঞ্চলৰ এটা ফিল্ম প্ৰচেছিং লেবত অভিযান চলায়। অভিযানত ছবিখনৰ নিগেটিভকে ধৰি আটাইকেইটা প্ৰিন্ট জব্দ কৰি পুলিচ কেইজনে লগত লৈ দিল্লীলৈ আহে। লগতে উল্লেখ কৰা হৈছে যে সমগ্ৰ সামগ্ৰী মাৰুতি গাড়ী কাৰখানাৰ চৌহদলৈ আনি জ্বলাই দিয়া হৈছিল। এই ছবিত মনোহৰ সিং, শ্বাবানা আজমী আৰু সুৰেখা ছিক্ৰিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। পিছলৈ সেই ছবিখন পুনৰ নিৰ্মাণ কৰি মুক্তি দিয়া হয় যদিও মূল ছবিখন নষ্ট কৰা হয়। এই ছবিখন সন্দৰ্ভত এটা কেছ লিটিগেচনো হৈছিল।

এয়া জৰুৰীকালীন অৱস্থাৰ কথা৷ কিন্তু তাৰ কেইমাহমান আগতে ১৯৭৫ চনত ‘আন্ধী’ নামৰ চিনেমা এখনে মুক্তি লাভ কৰিছিল। ইয়াৰ পিছতে বিয়পি পৰিল যে এইখন ছবি ইন্দিৰা গান্ধীৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা। তাৰ পিছত ছবিখন নিষিদ্ধ কৰা হৈছিল। আই এছ জোহৰৰ ‘ভেচেক্টমী’ নামৰ এখন ছবিও আছিল, য’ত জৰুৰীকালীন যুগত বীজাণুমুক্তকৰণৰ অতিমাত্ৰা প্ৰদৰ্শন কৰা হৈছিল। এই ছবিখনো বহু বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই ছবিখন ইমাৰ্জেন্সিৰ পিছত নিৰ্মাণ কৰা হৈছিল।

২০১৭ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পৰিচালক মধুৰ ভাণ্ডাৰকাৰে ‘ইন্দু সৰকাৰ’ নামেৰে এখন ছবি নিৰ্মাণ কৰিছিল। এই ছবিখনৰ বিৰুদ্ধে সমগ্ৰ দেশতে কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। আচৰিত কথাটো হ’ল, সেই সময়ত চেঞ্চৰ ব’ৰ্ডেও এই ছবিখন মুক্তিৰ পথত বাধাৰ সৃষ্টি কৰিছিল। এই ছবিবোৰৰ ভাগ্য দেখি কম সংখ্যক চলচ্চিত্ৰ নিৰ্মাতাইহে ইমাৰ্জেন্সী বিষয়ত এখন ছবি নিৰ্মাণৰ সাহস কৰিছিল বুলি বিশ্বাস কৰিব পাৰি, নে ইয়াৰ আন কিবা কাৰণ আছে? আচলতে আমি যদি সম্পূৰ্ণৰূপে চাওঁ তেন্তে ইয়াৰ আন বহুতো কাৰণো আছে। এটা হ’ল বেছিভাগ ছবি নিৰ্মাতাই হ’ল ব্যৱসায়ী, আৰু তেওঁলোকে নিজৰ ব্যৱসায়ত কোনো ধৰণৰ হেঁচা নিবিচাৰে। তেওঁলোকে ছবিখনত বিনিয়োগ কৰি লাভ অৰ্জন কৰিব বিচাৰে। এই ধাৰাটোৱে চলচ্চিত্ৰ নিৰ্মাতাসকলক কোনো ধৰণৰ ৰিস্ক লোৱাত বাধা প্ৰদান কৰে। এইখন দেশত গান্ধীক লৈ অতি কম সংখ্যক ছবি নিৰ্মাণ হোৱাটো আকস্মিক কথা নহয়। স্বাধীনতাৰ পঁয়ত্ৰিশ বছৰৰ পাছতহে নিৰ্মাণ হল এখন সম্পূৰ্ণ ছবি। সেইখন নিৰ্মাণ কৰিছিল এজন বিদেশী ৰিচাৰ্ড এটেনব’ৰ’ই।

এই প্ৰসংগত আলোকপাত কৰিবলগীয়া আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল হিন্দীত ৰাজনৈতিক বিষয় সন্দৰ্ভত গল্প লিখা হৈছিল  কম। উপন্যাস আৰু কম। স্বাধীনতাৰ পিছত ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ ওপৰত এখন কাল্ট ছবি হিচাপে গণ্য কৰা ছবি হ’ল ‘গৰম হাৱা’। ইছমত চুঘতাইৰ কাহিনী আধাৰিত আছিল এই ছবি। হিন্দী লেখকতকৈ অধিক সংখ্যক পাঞ্জাবী লেখকে বিভাজনৰ ট্ৰেজেডীক লৈ লিখিছিল৷ কাৰণ ভাৰত-পাকিস্তান বিভাজনৰ দ্বাৰা তেওঁলোক অধিক প্ৰভাৱিত হৈছিল৷ ট্ৰেজেডীক তীক্ষ্ণ দৃষ্টিৰে চোৱা হৈছিল আৰু অনুভৱ কৰা হৈছিল। স্বাধীন ভাৰতৰ ইতিহাসত এনে বহুতো ৰাজনৈতিক ঘটনা ঘটিছে যিবোৰৰ ছবি নিৰ্মাণ কৰিব পৰা যায়।

আমি যদি স্বাধীনতাৰ পিছত হোৱা ৰাজনৈতিক ঘটনাৰ কথা কওঁ, তেন্তে ক’ব লাগিব ভাষা আন্দোলন আৰু প্ৰদেশ বিভাজনৰ কথা আৰু হিংসা। কংগ্ৰেছত বিভাজন আৰু ইন্দিৰা গান্ধীৰ উত্থান। ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত অনুষ্ঠিত নিৰ্বাচনত ৰাজীৱ গান্ধীয়ে পাঁচ বছৰৰ ভিতৰতে অকল্পনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু জনসাধাৰণৰ মোহভংগ ঘটাইছিল। বিশ্বনাথ প্ৰতাপ সিং প্ৰধানমন্ত্ৰী হোৱাৰ ঘটনা আৰু সংসদীয় দলৰ বৈঠকৰ পূৰ্বে সংঘটিত হোৱা ষড়যন্ত্ৰ আৰু বৈঠকৰ সময়ত সংঘটিত হোৱা নাটকীয় ঘটনা। এনেদৰে বহু ৰাজনৈতিক বিষয়ত চিনেমা নিৰ্মাণ কৰিব পাৰি। প্ৰযোজক-পৰিচালকসকলে যদি ৰিস্ক লয় তেন্তে তেওঁলোকেও সফলতা লাভ কৰিব পাৰে। লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু আৰু কাশ্মীৰৰ গণহত্যাক লৈ এখন ছবি নিৰ্মাণৰ ৰিস্ক লৈছিল বিবেক অগ্নিহোত্ৰীয়ে। এখনত তেওঁ তুলনামূলকভাৱে কম সফলতা লাভ কৰিছিল যদিও দ্বিতীয়খন ছবিত জনসাধাৰণে তেওঁক ইমান মৰম দিছিল যিটো তেওঁ কল্পনাও কৰিব পৰা নাছিল।

এতিয়া যেতিয়া কংগনাই ৰানাউটে ইমাৰ্জেন্সীক লৈ এখন ছবি নিৰ্মাণ কৰি আছে, আশা কৰিব পাৰি যে কংগনাই তেওঁৰ পূৰ্বৰ ছবি নিৰ্মাতাসকলে সন্মুখীন হোৱা বাধাৰ সন্মুখীন হ’ব নালাগিব। ইমাৰ্জেন্সীৰ সময়ত গ্ৰেপ্তাৰ, নিষেধাজ্ঞা আৰু অত্যাচাৰ চলি থকাৰ মাজতো সেই সময়ছোৱাত সঞ্জয় গান্ধী আৰু তেওঁৰ মহিলা বন্ধুসকলৰ বহু কাহিনী কিতাপ-আলোচনীত আদিত সিঁচৰতি হৈ আছে। যদি কংগনাৰ দলটোৱে সেই কাহিনীবোৰ চিনেমাখনৰ কাহিনীৰ মাজত ভৰাই দিয়ে, তেন্তে ছবিখনৰ সফলতাত কোনো সন্দেহ নাথাকিব। কল্পনা কৰিব পাৰি এই সফলতাই ৰাজনৈতিক ছবি নিৰ্মাণৰ বাবে অধিক চলচ্চিত্ৰ নিৰ্মাতাক অনুপ্ৰাণিত কৰিব৷

Thursday, July 21, 2022

‘নাম নথকা এখন কিতাপ’ - বৰ্ণালী চৌধুৰীৰ সমালোচনা

দহ বছৰ পূৰ্বে, ২০জুলাই ২০১২ ৰ সাদিনত এই সমালোচনাটি প্ৰকাশ পাইছিল ৷অসমৰ এগৰাকী প্ৰসিদ্ধ লেখকে ছদ্মনামত এই সমালোচনা লেখিছিল ৷ এই লেখাটিয়ে মোক সদায়েই উৎসাহিত কৰি অাহিছে ৷ 

ৰেমণ্ড স্মালিয়ান (Raymond Smullyan) এখন কিতাপ আছিল, নাম আছিল 'What is the name of this book?' মূলতঃ গাণিতিক সাঁথৰ সম্পৰ্কীয় এই কিতাপৰ 'তে কোনো প্রকাৰেই সম্পর্ক নাই  উৎপল দত্তৰনাম নথকা এখন কিতাপ’ৰ। কিতাপখনৰ নামটোৰ বাছনিতে লেখকৰ সাহিত্যিক ৰুচিবোধ আৰু সৃজনীশীল মনৰ পৰিচয় অনুভৱ কৰা যায় । পিচে নাম নথকাকিতাপ মানে এইখন কোনো শিপাহীন' কিতাপ নহয়, বৰং ইয়াত আছে বিষয়ৰ ভিন্ন উপাদেয় সম্ভাৰ । উৎপল দত্তই দীর্ঘদিন ধৰি সাংস্কৃতিক বিষয়ত চৰ্চা কৰি আহিছে। সাংবাদিকতাৰে কর্মজীৱন আৰম্ভ কৰা দত্ত নাটক আৰু চিনেমাৰ সমালোচক হিচাপে সুপ্রতিষ্ঠিত । কলা সম্পৰ্কীয় তেওঁৰ জ্ঞান অকল সাহিত্যিক সমালোচনাতে আৱদ্ধ নহয়, ভবেন শইকীয়াৰ চিনেমাত তেওঁ চম্ভালা সহকাৰী পৰিচালনাৰ দায়িত্বই প্রমাণ কৰে তেওঁৰ প্ৰতিভাৰ বিস্তাৰণ । বহুতেই হয়তো নাজানে যে উৎপল দত্ত এগৰাকী প্রতিভাৱান সৃজনীশীল সাহিত্যিকো। নবৈ দশকৰ আৰম্ভণিতঅভিৰুচিনামৰ আলোচনীতধন্য ধন্য কলি কাল' নামেৰে লিখা উপন্যাসখনে আধুনিক অসমীয়া উপন্যাস জগতত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। আমি জনাত উৎপল দত্তৰ সেইখনেই একমাত্র উপন্যাসতেওঁ সৃজনীশীল সাহিত্য-ক্ষেত্ৰৰ পৰা তেওঁ কিয় আঁতৰি থাকিল, সেয়া তেওঁহে জানে।নাম নথকা এখন কিতাপ’খন যেতিয়া আপুনি হাতত তুলি ' বুজিব - প্ৰকৃততে এইখন কিতাপক অজস্ৰ নামেৰে সুচিত কৰিব পাৰি। ইয়াত আছে মুলতঃ সাহিত্য, চিনেমা সম্পৰ্কীয় লেখাৰ লগতে সাংবাদিকতাধর্মী কথোপকথন। কথোপকথনৰ বিষয়-ব্যক্তি সকলো সাহিত্য-সংস্কৃতিজগতৰে মানুহ । সাহিত্য আৰু চিনেমা সংক্রান্তীয় বিষয়ক হলেও লেখাসমূহৰ পৰিবেশনৰ যিটো চৰিত্ৰ, সিয়ে কিতাপখনক প্রদান কৰিছে ব্যতিক্রমী মাত্রা। দেখা গৈছে যে সাহিত্যিক সমালোচনাৰ পৰম্পৰাগত ধাৰাটো তেওঁ ভাঙি দিছেসৃষ্টি কৰিছে এটা নতুনফৰ্ম' আৰু তেওঁৰ এই প্রচেষ্টা কেৱল কোনো পৰীক্ষামূলক কচৰৎ নহয়, বৰং এয়া হৈছে তেওঁৰ স্বতঃস্ফূর্ত সফল প্রয়াস । উদাহৰণ স্বৰূপে সাহিত্য সম্পৰ্কীয় যিটো অধ্যায় আছে তাত তেওঁ সাম্প্রতিক অসমীয়া গল্প সম্পৰ্কত এটি আলোচনা আগবঢ়াইছে পিচে এই আলোচনাটোৱেই নিজেই হৈ পৰিছে এক গল্প। সাহিত্য-সমালোচনাৰ (Literary Criticism) এনে ব্যতিক্রমী ফর্ম (Form) অসমত সম্ভৱতঃ প্রথম। | গ্ৰন্থখনত অন্তর্ভুক্ত সাহিত্য সম্পর্কীয় অধ্যায়ত আছে সৌৰভ কুমাৰ চলিহাৰ ব্যক্তিত্ব আৰু সৃষ্টিশীলতা সম্পর্কীয় দুটা প্রবন্ধ (যথা, পুৰ্ণ জীৱনৰ ৰিকুয়াম আৰু সৌৰভ কুমাৰ চলিহাৰ গল্পত চিনেমা') প্রথম নিবন্ধটোৰ হ্রস্ব পৰিসৰত দত্তই গল্পকাৰ চলিহাৰ সামগ্ৰিক জীৱন আৰু তেওঁৰ সৃষ্টিশীলতাক আলোকপাতৰ লগতে তেওঁ শ্লেষাত্মক ভাষাৰে উদঙাই দিছে এচাম বৌদ্ধিক ব্যক্তিত্বৰ চৰিত্ৰ যিয়ে চলিহাৰ সৃষ্টি মূল্যায়নৰ নামত আত্নপ্ৰচাৰৰে বহুৱালি কৰিলে। | আনহাতে সৌৰভ কুমাৰ চলিহাৰ গল্পত 'Cinematic element সন্ধান কৰিবলৈ উৎপল দত্তই দ্বিতীয়টো লেখা যিধৰণে উপস্থাপন কৰিছে সিয়ে লেখাটোক স্বয়ং এক Cinematic Visualised কৰি তুলিছে ৷ লেখাটিৰ পঠন অভিজ্ঞতা অতিকে উপভোগ্য ৷

ইয়াৰ পাচত কিতাপখনত সন্নিবিষ্ট হৈছে ভবেন শইকীয়া সৃষ্টিশীলতা  সম্পৰ্কত দুটি আলোচনা ।ৰম্যভূমিত মহাযুদ্ধ আৰু স্বাধীনতাশীর্ষক লেখাৰ মাজেৰে ভবেন শইকীয়াক পুনৰ আৱিষ্কাৰ কৰা হৈছে। চুটি লেখাটোত ঐতিহাসিক বিশ্লেষণেৰে দ্বিতীয় বিশ্বযুদ্ধত শইকীয়াৰ উক্ত ছবিখনত কিদৰে ইমেজ প্রতিফলিত হৈছিল তাৰে সন্ধান কৰিছে দত্তই। | এই কথা স্বীকাৰ কৰিবই লাগিব যে এইধৰণৰ বিষয় সন্দৰ্ভত আগে-পিচে কেতিয়াও আলোচনা হোৱা নাছিল। দ্বিতীয়টো আলোচনাত প্রয়াত শইকীয়াৰঅগ্নিস্নান চিত্রনাট্যখনক বিষয় হিচাপে বাছি লৈছে লেখক দত্তই। ৰাষ্ট্ৰীয় বঁটাপ্রাপ্ত এই চিত্রনাট্যখনৰ আলোচনা কৰোতে দত্তই সাহিত্যিকীয় বিচাৰ আৰু চিনেমেটিক ট্রিটমেন্ট দুয়োটাই আগত ৰাখিছে।

সাহিত্য সম্পর্কীয় অধ্যায়টোত আৰু সাহিত্যিক প্রদীপ শইকীয়াৰ উপন্যাস প্রতিশ্রুতি', প্রাঞ্জল শর্মা বশিষ্ঠৰ এক মিনিটৰ গল্প' আৰু সত্যচৰণৰ ‘টেন ইয়েৰ্ছ উইথ গুৰুদত্ত’ - আৱৰাৰ আলভীজ জাৰ্ণি’ নামৰ গ্রন্থ কেইখনৰ আলোচনা আগবঢ়াইছে। এই তিনিওটি আলোচনাৰে বিষয়বস্তু ভিন্নতৰ। আৰু আলোচনাও মনোগ্রাহী।

আনহাতে চলচ্চিত্র সম্পর্কীয় অধ্যায়টোত আছে হংকঙৰ চেকেণ্ড ৱেভচলচ্চিত্র পৰিচালক ৱাং কাৰ ৱাইৰ ‘চাংকিং এক্সপ্রেছ' নামৰ ছবিখনৰ আলোচনা, কোৰিয়ান পৰিচালক কিম কি ডুকৰ সামগ্রিক কৰ্মৰাজিৰ সন্দৰ্ভত আলোকপাত, মণিৰত্নমৰ ৰাৱণ, ৰামগোপাল বার্মাৰ ৰণ’, অনুশা ৰিজভিৰপিপলি লাইভ' নামৰ বিনোদনমূলক নতুন ছবিকেইখনৰ সৰস আৰু বলিষ্ঠ আলোচনা। লগতে এই অধ্যায়টোত আছে দুগৰাকী নতুন পৰিচালক অসমৰ ৰীমা বৰা আৰু পশ্চিমবংগৰ অনিৰুদ্ধ ৰায়চৌধুৰীৰ ক্রমে ‘চাতক' আৰু 'অন্তহীন’ নামৰ দুখন ছবিৰ আলোচনা। 'পুণেৰ ফিল্ম এণ্ড টিভি ইনষ্টিটিউটে প্রযোজনা কৰা ৰীমা বৰাৰ হিন্দী ছবি ‘চাতক'ৰ আলোচনা কৰোঁতে লেখক দত্তই পৰিচালকগৰাকীৰ প্রতিভা পাঠক সমাজৰ ওচৰত তুলি ধৰিছে। অসমৰ মিডিয়াই ৰীমা বৰা অথবা ‘চাতক' সম্পর্কে বৰ বিশেষ আলোচনা কৰা নাই, চলচ্চিত্ৰৰ গ্লেমাৰ জগতৰ চমকনিৰ মাজত চেপা খাই থকা ৰীমা বৰাৰ দৰে নতুন প্রতিভাক অসমীয়া পাঠকৰ ওচৰত পৰিচয় কৰাই দিয়াৰ দত্তৰ প্ৰয়াস অৱশ্যেই প্রশংসনীয়।

‘অসমীয়া চিনেমা আৰু বৰুৱা পৰিয়াল’ শীর্ষক ঐতিহাসিক আলোচনাটো কিতাপখনৰ গুৰুত্বপূর্ণ আলোচনা বুলিবই লাগিব। অসমীয়া চলচ্চিত্র জগতত বৰুৱা পৰিয়ালৰ অৱদান অনস্বীকার্য। নিপ বৰুৱা, ব্ৰজেন বৰুৱা, ৰমেন বৰুৱা, দ্বিবন বৰুৱা, দ্বিপেন বৰুৱা— এই বৰুৱা ভাতৃসকলৰ চলচ্চিত্র নির্মাণৰ সকলো ক্ষেত্ৰতে (Field) আছিল অবাধ বিচৰণ। দত্তই তেওঁলোকৰ অৱদান সম্পর্কত আলোচনা কৰিছে ঐতিহাসিক মূল্যায়নেৰে। | আনহাতে কিতাপখনৰ চলচ্চিত্র সম্পর্কীয় অধ্যায়টোৰ মহত্বপূর্ণ আলোচনা কৰা হৈছে চুটি বিজ্ঞাপন ছবি সম্পৰ্কত। বিজ্ঞাপন ছবিসমূহো যে চলচ্চিত্ৰৰ পৃথিৱীত নান্দনিক কলাৰ বিচাৰত এক অমূল্য সম্পদ দত্তই ইয়াক সুন্দৰভাৱে বৰ্ণাইছে । ব্যৱসায় জগতৰ বিস্তাৰৰ বাবে এনেধৰণৰ চলচ্চিত্র-শিল্প কিমান বুদ্ধিদীপ্ত আৰু শৈল্পিক গুণেৰে সমৃদ্ধ তাকে লৈ কৰা এই আলোচনা অসমত ব্যতিক্রমীয়েই নহয়, উদ্ভাবনীমূলকো। দেখা গৈছে চলচ্চিত্র সম্পর্কীয় এই অধ্যায়টিতো বিষয় বাছনিৰ ক্ষেত্ৰত দত্তৰ বহুমুখী ৰুচিবোধ স্পষ্ট হৈছে ।

তেওঁৰ দৃষ্টি একমাত্রিক নহয় বহুমাত্রিক। এটা বিষয়ৰ আত্মাৰ ভিতৰৰ পৰা তেওঁ আৰু অনেক বিষয়ৰ সন্ধান উলিয়াব পাৰে—সমালোচক (Critic) হিচাপে ইয়াতেই তেওঁৰ সফলতা।

আনহাতে কথোপকথন আৰু অন্যান্য শিতানত আছে চুটি চুটি সাতটি লেখা। ইয়াত যিদৰে সাহিত্যিক ফণীন্দ্র কুমাৰ দেৱচৌধুৰী অথবা নৃত্য-পটীয়সী আনন্দা শংকৰ জয়ন্তৰে হোৱা কথোপকথন আছে, তেনেদৰে আছে আত্মকথনমূলক লেখা— য'ত কেতবোৰ বিৰল ব্যক্তিত্বৰে হোৱা সান্নিধ্যৰ উল্লেখ আছে। কর্মজীৱনৰ সূত্ৰে উৎপল দত্ত সাংবাদিকতাৰ সৈতে অভ্যস্ত কিন্তু এই লেখাবোৰৰ বৈশিষ্ট্য এয়ে যে ই কট্টৰ সংবাদিকতাধর্মী নহয়। বৰং ইয়াত আছে Fictitions reality লৈ উত্তৰণৰ এক যত্ন প্রয়াস। দত্তৰ ভাষা সাৱলীল আৰু সৰস— যেন কোনো ঔপন্যাসিক বা গল্পকাৰৰ ভাষা । ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত দত্তৰ এই সফলতাই বৌদ্ধিক বিশ্লেষণৰ পাচতো কিতাপখনৰ সকলো  বিষয় সকলো শ্ৰেণীৰ পাঠকক তৃপ্ত কৰিব পাৰিব। যথার্থতে ‘নাম নথকা এখন কিতাপ’ এখন ভাল কিতাপ ৷

Soumitra Chatterjee : A Film-Maker Remembers

Until he started acting on the silver screen, Soumitra Chatterjee worked as an insurance agent for a life insurance company. His employment ended after a year of unsuccessful work. In that year, he could only insure his brother. Soumitra, who played memorable characters in famous films of famous
Director throughout his life, and towards the final stage of his career, he won the National award for the best acting award for the debut film by a young director and that, naturally, led to a special relationship and bonding between the actor and the director.
After Soumitra's departure, the fascinated director paid tribute to him with a well-planned book. The publication of this book sets a new example, when values ​​such as respect and devotion are being labelled an old-fashioned habit. There are many books about directors, but it is difficult to find an example of a director writing a book about an actor.
This book contains several interviews, snippets of experiences and ten films of Soumitra through the eyes of director Suman Ghosh. The discussion of these ten pictures is the strongest part of the book. The essay rejects the prediction that their bonding will affect the director's interpretations. After reading this chapter, it can be easily said that the intimacy and warmth of their relationship never interfered with the explanation of acting by Suman Ghosh. The director is free from all inclination and rational about Soumitra in all these ten films. The introduction by Shantanu Roy Chowdhury is also rich in depth of analysis.
The most exciting and emotional part of the book is when Soumitra spends the night with Suman Ghosh on the day he receives the National Award. Sumon has written little, but what he has written reveals a lot about their relationship, such as how deep it is.
There is only one complaint - the strange shape of the book, as well as the fifteen cm wide text area and italics, are painful for the eyes.

Friday, July 15, 2022

গুৱাহাটী ডায়েৰিজ | প্ৰথম কিস্তি

গুৱাহাটী ডায়েৰিজ  | প্ৰথম কিস্তি
.....................................
প্ৰশান্ত শইকীয়া পৰিচালিত ‘গুৱাহাটী ডায়েৰিজ’ৰ বিষয়ে লেখিবলৈ বহা সময়ত মনত পৰিছে এক বন্ধুৰ কথা ৷ তোমালোকে চিনেমাৰ সমালোচনা লেখোতে ব্যক্তিগত সম্বন্ধই কিমান কাম কৰে?- বন্ধুই প্ৰশ্ন কৰিছিল ৷ তেওঁ যথেষ্ঠ পঢ়া-শুনা কৰা আৰু চিনেমা জগতৰ লগত সম্বন্ধ থকা লোক ৷ তেওঁ কোৱা কথাখিনিৰ সাৰাংশ এনে ধৰণৰ - ক. কিছুমান ডাঙৰ বা বিখ্যাত হ’ব ধৰা পৰিচালকৰ লগত ভাল সম্বন্ধ গঢ়িবলৈকে কিছুমানে চিনেমা ভাল বুলি লেখে নেকি ? খ. বন্ধুক বিখ্যাত কৰিবলৈকেও কিছুমানে ভাল বুলি লেখে নেকি ? গ. কিছুমানে নোচোৱাকৈও চিনেমাৰ সমালোচনা কৰে নেকি ? মোৰ উত্তৰ আছিল - মই নাজানো ৷ কিন্তু মই নোচোৱাকৈ কেতিয়াও নেলেখো, চিনেমাৰ সমালোচনা লেখাৰ সময়ত বন্ধু-চিনাকি-অচিনাকি কোনো কথা নাই৷ সেইবাবেই সমালোচনা টানকৈ লেখাৰ পাচতো বহু পৰিচালক মোৰ বন্ধুলৈ ৰূপান্তৰিত হৈছে ৷ ইয়াৰ বিপৰীত কথাও সত্য ৷
এইবাৰ প্ৰশান্তৰ কথা ৷ আমি এখন এন্থলজি ছবি কৰিছিলোঁ, ‘যি গল্পৰ শেষ নাই’- অসমৰ প্ৰথমখন এন্থলজি ছবি, প্ৰদ্যোৎ কুমাৰ ডেকা, প্ৰশান্ত শইকীয়া আৰু মই ৷ তাৰ আগতেই প্ৰশান্তই তেওঁৰ ছবি এখনৰ বাবে মোক চিত্ৰনাট্য লেখাৰ কথা কৈছিল ৷ তেতিয়াৰ পৰাই প্ৰশান্তৰ লগত ঘনিষ্ঠতা ৷ কিন্তু চিনেমাৰ কথা আলোচনা কৰা সময়ত আমি সদায়েই সেই ঘনিষ্ঠতাৰ সীমাৰ বাহিৰলৈ গৈ চিনেমাৰ কথাহে আলোচনা কৰোঁ, আনৰ ছবিৰ ক্ষেত্ৰত কৰাৰ দৰে প্ৰশান্তৰ ছবিৰ ক্ষেত্ৰতো কৰিম, প্ৰশান্তই মোৰ পৰা তাকেই বিচাৰে ৷ 
এটা কথাকোৱাটো প্ৰয়োজনীয় বুলি ভাবো যে মোৰ বহু বন্ধুই ভবাৰ দৰে কেইটামান ভুলৰ কথা লেখিলেহে সমালোচনা ঠিক হয় ৷ মই কিন্তু তেনেদৰে নাভাবো ৷ এখন ছবি মই সম্পূৰ্ণ ভাল নাপাবও পাৰোঁ, কিন্তু মই যদি চিনেমা ভাল পাও, মই ভাল নোপোৱা ছবিখনতো ভাল দিশ দেখা পাম ৷ আৰু ছবিৰ ভাল বেয়া ক’বলৈ মই কোনো বিচাৰক নহয়, কলাৰ ক্ষেত্ৰত তেনে বিচাৰক থকাটো সম্ভব নহয় বুলি মই বিশ্বাস কৰোঁ ৷ 
‘গুৱাহাটী ডায়েৰিজ’ আলোচনা মই দুটা খণ্ডত লেখিম- আজি এয়া প্ৰথম খণ্ড ৷

গুৱাহাটী ডায়েৰিজৰ মই ভাল পোৱা দহটা দিশ-
এক - ছবিৰ কাহিনী সম্পূৰ্ণ মৌলিক ৷ গুৱাহাটীত থকা প্ৰশান্তই গুৱাহাটীত থকা কিছুমান মানুহৰ কাহিনী কৈছে, সেই কাহিনী-চৰিত্ৰ-সংঘাত-সমস্যা তেওঁ দেখিছে ৷ কাহিনীৰ এই মৌলিক ৰূপ ছবিখনৰ প্ৰধান শক্তি ৷ প্ৰশান্তৰ কিবা ক’বলগীয়া আছে, তাকে তেওঁ নিজৰ মতে কৈছে ৷ অইনে দেখা আৰু লেখা কাহিনীৰে তেওঁ ছবি কৰা নাই ৷ ‘ক্ৰাফটমেন’ পৰিচালকৰ পৰা তেওঁ ‘অতিউৰ’ পৰিচালকলৈ যাত্ৰা আৰম্ভ কৰিছে ৷ ছবিখনৰ এই দিশটো মোৰ ভাল লাগিছে ৷
দুই - ছবিখনৰ চৰিত্ৰবোৰ বাস্তব, বিশেষকৈ উপস্থাপন থিয়েট্ৰিকেল নহয় ৷ 
তিনি - কেমেৰাৰ কাম চকুত লগাকৈ প্ৰশংসনীয় ৷ ফ্ৰেমবোৰৰ নিৰ্মাণ, কেমেৰাৰ দৃষ্টিকোণ, ৰঙৰ ব্যবহাৰ- চকুত লগা ৷ 
চাৰি - সম্পাদনা অকল অদৰকাৰী শ্বট কাটি পেলোৱাই নহয়, ছবিখনৰ সামগ্ৰিক গতিক জোকাৰণি নোখোৱাকৈ আগবঢ়াই নিয়াটোহে প্ৰধান কাম ৷ এই কামটো যথেষ্ঠ দক্ষতাৰে কৰা হৈছে ৷ 
পাঁচ - ছবিখনৰ কাহিনী বৰ্ণনা কৰোতে ধাৰাবাহিক গতিৰ ছন্দ ভাঙি কিছুমান দৃশ্য এ নেদৰে আগপিছ কৰা হৈছে যে চিত্ৰনাট্যাকাৰক প্ৰশংসা নকৰি উপায় নাই ৷
ছয় - মাহীয়েকক উপস্থাপন কৰোতে দেখুওৱা আচাম টাইপ ঘৰটোৱে মূল বক্তব্যত এটা অতিৰিক্ত মাত্ৰাৰ সংযোজন ঘটাই ছবিৰ বাকধাৰাক সম্বৃদ্ধ কৰিছে ৷ 
সাত - বৰষাৰাণী আৰু অৰ্ঘদীপৰ বন্ধুত্বৰ দ্বিতীয় পৰ্বৰ আৰম্ভণিৰ সময়ত স্কুটিত দুয়োকে কেমেৰাৰে ধৰি ৰখা সময়ত কেমেৰাৰ বুদ্ধিদীপ্ত ব্যবহাৰে দুয়োটি চৰিত্ৰৰ মনৰ জগতৰ আলোড়িত ভাবৰ মুডটি খুব সুন্দৰকৈ প্ৰকাশ কৰিছে ৷ 
আঠ - গুৱাহাটী মহানগৰীৰ বৰ্ণবৈভব আৰু যান্ত্ৰিক ৰূপ - দুয়োটিকে ছবিখনত খুব সুন্দৰকৈ ধৰি ৰখা হৈছে ৷ 
ন- অভিনেতা-অভিনেত্ৰীসকলৰ সাজপাৰ-প্ৰসাধন চৰিত্ৰৰ লগত মিলি যোৱা কাৰণে ভাল লাগিছে ৷ 
দহ - আৱহ সংগীতে ছবিখনৰ দৃশ্যবোৰ জীৱন্ত কৰাত সহায় কৰিছে ৷
 .........................................................................
ছবিখনৰ কেইটিমান দিশত মোৰ অলপ অলপ ক’ব লগা আছে ৷
সেইখিনি পৰবৰ্তী লেখাত ৷ 

Wednesday, July 13, 2022

পৰিবেশ্য কলা বিষয়ৰ স্নাতক ডিগ্ৰি

ময়ৰ তাগিদাৰ লগত খাপ খোৱাকৈ বিভিন্ন সময়ত বিভিন্ন পাঠ্যক্ৰমৰ চাহিদা  বৃদ্ধি পায় ৷ এনে চাহিদাৰ কথা উপলব্ধি কৰি পাঠ্যক্ৰম গ্ৰহণ কৰা সকলে জীৱিকাৰ ক্ষেত্ৰত কিছু সুবিধা লাভ কৰে ৷ সেইবাবেই বহু ছাত্ৰ অাৰু অভিভাৱক নতুন নতুন পাঠ্যক্ৰমৰ সন্ধানত থাকে ৷ শেহতীয়াভাবে ভাৰতৰ বিভিন্ন অঞ্চলত পৰিবেশ্য কলা পাঠ্যক্ৰমৰ চাহিদা বৃদ্ধি পাইছে ৷ ইয়াৰ কাৰণ হ’ল পৰিবেশ্য কলাৰ যোগেৰে জীৱিকা নির্বাহ কৰাটো এতিয়া সম্ভব বুলি মানুহ পতিয়ন গৈছে ৷ 
কিন্তু অভিভাৱক অাৰু ছাত্ৰ-ছাত্ৰীসকলে জানে যে জীৱিকা হিচাপে পৰিবেশ্য কলাক গ্ৰহন কৰিবলৈ হ’লে এটা উচিত ডিগ্ৰিৰ প্ৰয়োজন ৷ বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত প্ৰবেশ কৰিবলৈ হ’লে ডিগ্ৰিৰ বিকল্প নাই ৷
এতিয়া পৰিবেশ্য কলাৰ জগতখনত চাকৰিৰ সুবিধা বৃদ্ধি পাইছে৷ তাৰ লগত সংগতি ৰাখি  অসমৰ একাধিক বিশ্ববিদ্যালয়ত পৰিবেশ্য কলাৰ স্নাতকোত্তৰ ডিগ্ৰিৰ ব্যবস্থা কৰা হৈছে ৷ কিন্তু প্ৰয়োজনীয় স্নাতক ডিগ্ৰিৰ পাঠ্যক্ৰম নাছিল অসমৰ বাহিৰৰ বহু বিশ্ববিদ্যালয়ত এই পাঠ্যক্ৰম অাছে,  অসমৰ বহুছাত্ৰ-ছাত্ৰীয়ে সেই কলেজ অাৰু বিশ্ববিদ্যালয়ত অধ্যয়ণ কৰি অাছে এই পৰিপ্ৰেক্ষিতত অসমত এই স্নাতক পাঠ্যক্ৰমৰ অভাব বহুতে অনুভব কৰিছে
অসম ডাউন টাউন বিশ্ববিদ্যালয়ে পৰিবেশ্য কলাৰ স্নাতক পাঠ্যক্ৰম অাৰম্ভ কৰিছে ৷ এই প্ৰসংগত ধাৰণতে
সোধা এটা প্ৰশ্ন হ’ল - পৰিবেশ্য কলাৰ স্নাতক শ্ৰেণীত কেৱল নাচ-গানহে শিকোৱা হয় নেকি ? এই ডিগ্ৰিটো অইন বি ডিগ্ৰিৰ সতে একে পৰ্যায়ৰ নে এই প্ৰশ্নৰ উত্তৰ- হয়, পৰিবেশ্য কলাৰ স্নাতক ডিগ্ৰি অইন স্নাতক ডিগ্ৰিৰ সতে একেই কথাটো অলপ বহলাই কোৱা যাওক - এই পাঠ্যক্ৰমত পৰিবেশ্য কলাৰ লগতে পঢ়িবলগীয়া বিষয়কেইটি হল ইংৰাজী, ঐচ্ছিক ইংৰাজী, মনোবিজ্ঞান, পৰিবেশ বিজ্ঞান, কম্পিউটাৰ আৰু গবেষণা পদ্ধতি ৷ এই ডিগ্ৰি অইন সকলো বি ডিগ্ৰিৰ লগত একেই ৷ পৰিবেশ্য কলা বিভাগত শিকোৱা হয় - ভাৰতীয় শাস্ত্ৰীয় সংগীত, তবলা, নৃত্য আৰু অভিনয় এই বিষয়কেইটিত প্ৰাথমিক জ্ঞান থকা আৰু অভিনয়ৰ ক্ষেত্ৰত অভিজ্ঞতা থকা, উচ্চতৰ মাধ্যমিক ভালদৰে  উত্তীৰ্ণ হোৱা যিকোনো ছাত্ৰ- ছাত্ৰীয়েই এই শাখাত নাম ভৰ্তি কৰিব  পাৰে ৷ পৰিবেশ্য কলা বিষয়টোত নৃত্য-গীত-বাদ্য-অভিনয় আদিৰ জ্ঞান দিয়াৰ লগতে আন কিছুমান বিষয়ো শিকোৱা হয় যিবোৰে ছাত্ৰ-ছাত্ৰীক বিভিন্ন মাধ্যমত নিজৰ কলা পৰিবেশনৰ বাবে প্ৰস্তুত কৰিব দিব পাৰে ৷ সেই বিষয়বোৰ হল - গীত-বাদ্য-নৃত্য আদিৰ বিভিন্ন ধৰণৰ ৰেকৰ্ডিংপেছাদাৰী অভিনেতা-গায়ক-বাদ্য-নৃত্যশিল্পী হোৱাৰ প্ৰস্তুতি, মঞ্চ পৰিবেশনৰ বাবে শাৰীৰিক আৰু মানসিক প্ৰস্তুতি, চিনেমা-টিভি চিৰিয়েলত অভিনয়ৰ প্ৰস্তুতি, তবলাৰ ক্ষেত্ৰত একক বাদন-সহশিল্পী হিচাপে বাদন আদিৰ কৌশল, অডিচনৰ প্ৰস্তুতি আৰু আবেদনৰ কৌশলনিজৰ শিল্পকৰ্মৰ ভিডিঅনিৰ্মাণ, সামাজিক মাধ্যমত 

প্ৰকাশ কৰা কৌশল আৰু ৰাজহুৱা ভাবে কথা কোৱা কৌশল৷ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত আৰু দক্ষ ব্যক্তিৰ দ্বাৰা এই বিষয়বোৰ শিকোৱা হব আৰু প্ৰশিক্ষণ দিয়া হব ৷ ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ সতে পোনপতীয়া আলোচনা, ভাৰতৰ বিভিন্ন শিল্পীৰ পৰা শিকাৰ সুবিধা, পেছাদাৰী জগতৰ প্ৰতিষ্ঠিত ব্যক্তিৰ লগত মত বিনিময়ৰ সুযোগ এই
পাঠ্যক্ৰমত ৰখা হৈছে বিভিন্ন কৰ্মশালাৰ আয়োজনেৰে ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যক্ৰমৰ বিভিন্ন দিশৰ ব্যবহাৰিক প্ৰশিক্ষণ দিয়াৰ ব্যবস্থা ৰখা হৈছে ৷ ইতিমধ্যে প্ৰখ্যাত নৃত্যশিল্পী সৌম্যা নায়াৰ, গায়ক নকুল দাস আৰু অভিনেতা-পৰিচালক হিমাংশুপ্ৰসাদ দাসে নৃত্য, হোলী গীত আৰু অভিনয়ৰ কৰ্মশালা সফলতাৰে সম্পূৰ্ণ কৰিছে ৷ শিক্ষা সম্পূৰ্ণ কৰিয়েই যাতে ছাত্ৰ-ছাত্ৰীসকল জীৱিকাৰ বাবে প্ৰস্তুত হব পাৰে সেই উদ্দেশ্য আগত ৰাখিয়েই এই পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে ৷