ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ প্ৰতিযোগিতাত নন ফিচাৰ ফিল্ম শাখাত ‘টাইমলেছ তামিলনাডু’ ছবিখনেৰে সংস্কৃতি বিষয়ক শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰা কামাখ্যা নাৰায়ণ সিঙলৈ আন্তৰিক অভিনন্দন ৷ দুখৰ কথা কামাখ্যা নাৰায়ণ সিঙৰ নামটো মই অসমৰ সংবাদ মাধ্যমত দেখা নাপালোঁ৷ কামাখ্যা গুৱাহাটীৰ ল’ৰা, মডাৰ্ণ স্কুলৰ প্ৰাক্তন ছাত্ৰ ৷ জীৱিকাসূত্ৰে এতিয়া মুম্বাইৰ বাসিন্দা ৷ ভ্ৰমণ বিষয়ক তথ্যচিত্ৰৰ বাবে তেওঁ গোটেই পৃথিবীতে ঘুৰি ফুৰিছে ৷ বিহাৰৰ ভিতৰৰ গাঁৱৰ কাহিনীৰে নিৰ্মাণ কৰিছে পূৰ্ণ দৈৰ্ঘৰ ছবি ‘ভোৰ’ ৷ ছবিখন ইণ্ডিয়ান পেন’ৰামাত প্ৰদৰ্শিত হৈছিল, ভ্ৰমণ কৰিছিল বহু চলচ্ছিত্ৰ মহোৎসৱ ৷
অনুৰাগ কাশ্যপ, প্ৰকাশ ঝা আদিৰ দৰে পৰিচালকে যেতিয়া বিহাৰক অপৰাধীৰ স্বৰ্গৰাজ্য হিচাপে প্ৰতিষষ্ঠা কৰিছিল, সেই সময়তে কামাখ্যাই পৃথিবীক দেখুৱাই দিছিল যে বিহাৰ অকল অপৰাধীৰ দেশ নহয়, তাকো সহজ সৰল মানুহ আছে, তাৰ মানুহৰো সপোন আছে, তেওঁলোকেও এটা নতুন পুৱাৰ কামনা কৰে ৷ এই ছবিৰ বাবেই কামাখ্যা হৈ পৰিছিল ভাৰতীয় চিনেমাৰ নতুন সজীৱ কণ্ঠ ৷ চলচ্ছিত্ৰম নেচনেল ফিল্ম ফেষ্টিভেলত কামাখ্যাৰ ‘ভোৰ’ ছবিখন প্ৰদৰ্শন কৰা হৈছিল আৰু তেওঁ এই মহোৎসৱত অংশগ্ৰহন কৰিছিল ৷ ইয়াৰ আগতেও তেওঁ ‘জাষ্টিচ ডিলেইড বাট ডেলিভাৰড’ ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ৷Utpal Datta writes on Film, Literature and other topics চিনেমা, সাহিত্যৰ লগতে অন্যান্য বিষয়ত উৎপল দত্তৰ মন্তব্য
Subscribe to:
Comments (Atom)
Featured Post
সফল ছবিখনৰ কাৰণে পৰিচালকক অভিনন্দন
বিনোদনপূৰ্ণ চিনেমাৰ মাজেৰেই আমাৰ চলচ্চিত্ৰ প্ৰেমৰ আৰম্ভণি | এনেধৰণৰ ছবিৰ প্ৰতি আমাৰ আকৰ্ষণ বহুত বেছি | অসমীয়া ভাষাত এনেকুৱা ছবি নিৰ্মাণ খুব...
-
ডঃ দৰ্শনা গোস্বামীৰ অনুবাদ গ্ৰন্থ ‘নীলা বাঘ আৰু অন্যান্য গল্প’ হ’ল আৰ্জেণ্টিনাৰ প্ৰসিদ্ধ সাহিত্যিক জৰ্জ লুইছ বৰ্হেছৰ কেইটিমান গল্পৰ অনুপম ...
-
অতুল লহকৰ মানেই সোৱাদ আৰু পুষ্টিৰ সমাহাৰ, আন্তৰিক আতিথ্য আৰু কিছু আনন্দময় সময় ৷ আমাৰ বন্ধু-বান্ধব বাহিৰৰ পৰা আহিলে তেওঁৰ গুৱাহাটীৰ গোস্বামী ...
-
অতনু ভূঞাৰ "খাকী" ছবিখনৰ নাম ঘোষণাৰ দিনাৰ পৰা এক ধৰণৰ কৌতুহলৰ সৃষ্টি হৈছিল | ভূঞাই নতুন কিবা এটা কৰি ভাল পায় আৰু কামত তাৰ প্ৰতি...

