প্ৰদীপ নায়াৰৰ এই মালায়ালম ছবিখনৰ কেন্দ্ৰীয় বিষয় যৌনকৰ্মীৰ জীৱন, দুখ-যন্ত্ৰণা আৰু সপোন৷ এগৰাকী অনাথ যুৱতীয়ে যৌনকৰ্মী ৰূপে জীৱন নিৰ্বাহ কৰিছে, তেওঁৰ সুখ-দুখৰ সমভাগী হ’ল আন এগৰাকী যৌনকৰ্মী, তেওঁৰ এটা সন্তানো আছে— যাক ৰখা হৈছে অনাথ আশ্ৰমত৷ গাভৰু যৌনকৰ্মীজনীয়ে তেওঁৰ সেই জীৱনৰ পৰা ওলাই যাবলৈ বিভিন্ন ঠাইত বেলেগ বেলেগ বিচাৰি থাকে, কিন্তু ক’তো কাম নাপাই যৌনকৰ্মীৰ বাবে কাম কৰা এন জি অ’ এটাৰ ওচৰলৈকে যায়৷ সংগঠনটোৱে তেওঁক টিভিৰ কেমেৰাৰ সন্মুখলৈহে নিয়ে নিজৰ দুখৰ কাহিনী শুনাবলৈ, কিন্তু কাম দিয়াৰ ক্ষেত্ৰত সহায় কৰিবলৈ অপাৰগ হয়৷ শেষত তেওঁ নিজৰ সঞ্চিত আৰু সামান্য অলংকাৰ বিক্ৰী কৰি পোৱা সকলো ধন এজন দালালৰ হাতত তুলি দিয়ে মধ্যপ্ৰাচ্যত কামৰ সুযোগৰ বাবে৷ ইয়াৰ মাজতে তেওঁ উপভোক্তাৰ হাতত প্ৰহৃত হয়, ঘুণীয়া হয়৷ তেওঁক মধ্যপ্ৰাচ্যলৈ যোৱাৰ সুবিধা দিব খোজা দালালজন পুলিচৰ হাতত ধৰা পৰে৷ তেওঁৰ সম্ভাৱনাৰ সকলো দুৱাৰ বন্ধ হৈ যায়৷ যিটো জীৱিকাৰ পৰা তেওঁ আঁতৰি যাব বিচাৰিছিল, পুনৰ তাতেই মনোনিৱেশ কৰিবলৈ বাধ্য হয়৷ তেনেতে তেওঁৰ লগৰীয়াজনীৰ মৃতদেহ উদ্ধাৰ হয় ৰাস্তাৰ দাঁতিত৷ শেষত অনাথ আশ্ৰমত থকা ছোৱালীজনীক ছোৱালীজনীক লগত লৈ তেওঁ নতুন জীৱনৰ সন্ধানত আগবাঢ়ে ৷
কম পৰিসৰৰ এই কাহিনীটোক কেমেৰাৰে কওঁতে চিত্ৰনাট্যকাৰ- কওঁতে চিত্ৰনাট্যকাৰ-পৰিচালকে প্ৰদৰ্শন কৰা নিয়ন্ত্ৰণ প্ৰশংসাৰ যোগ্য ৷ তেওঁ ক’তো অশালীন সংলাপ বা উত্তেজক দৃশ্য দেখুওৱা নাই যৌনকৰ্মীৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এই ছবিখনত তেওঁ নাৰীদেহ অথবা মিলনৰ দৃশ্য প্ৰদৰ্শন কৰাৰ বহুত সুযোগ আছিল৷ তেওঁ এই সুযোগ ল’বলৈ ইচ্ছা কৰা নাই৷ যুৱতীকেইগৰাকীৰ দুখ-যন্ত্ৰণাৰ কাহিনী অনুভৱ আৰু প্ৰকাশতেই তেওঁৰ সমগ্ৰ দৃষ্টি কেন্দ্ৰীভূত৷
ছবিখনত সংলাপৰ পৰিমাণ তেনেই কম৷ পৰিচালকৰ ক’বলগীয়াখিনি কেমেৰাৰে কোৱাতেই তেওঁৰ যত্ন আৰু দক্ষতা প্ৰকাশ পাইছে৷ মহানগৰীৰ ভিৰৰ মাজত নায়িকাগৰাকী প্ৰায়েই অকলশৰীয়া৷ এই ভাবটো কেমেৰাই সুন্দৰকৈ বাবে কেমেৰা মাটিৰ পৰা প্ৰকাশ কৰিছে৷ কেতিয়াবা তেওঁৰ চৌপাশ হৈ পানীলৈ নামিছে এই পৰে অস্পষ্ট— আউট অৱ ফ’কাচ— আশাৰ বৈপৰীত্যয়ো ছবিৰ বক্তব্যক সম্ভাৱনাৰ সময়ত স্পষ্ট ফ’কাচ৷ ৰাতিৰ আলোকসজ্জিত বজাৰ অঞ্চলৰ বৃহৎ বৃহৎ হ’ৰ্ডিং, দোকান-পোহাৰ আদিৰ সন্মুখত কৰুণ মুখেৰে উপভোক্তাৰ বাবে কৰা অপেক্ষা, বিজ্ঞাপনৰ মনলোভা ছবিবোৰ দেখাৰ পিছত মনত সৃষ্টি হোৱা আশা আৰু যন্ত্ৰণা, প্ৰায় অন্ধকাৰ পৰিৱেশত উপভোক্তাৰ লগত কটোৱা সময় - এনে আটাইবোৰ দৃশ্যই সৃষ্টি কৰা বৈপৰীত্য আৰু কাৰুণ্যই ছবিখনক বাংময় কৰি তুলিছে৷ ছবিৰ শেষত নায়িকাই নতুন জীৱনৰ পিনে যাত্ৰা কৰিছে- জাহাজেৰে- প্ৰথম বাৰৰ বাবে কেমেৰা মাটিৰ পৰা পানীলৈ নামিছে, - এই বৈপৰীত্যয়ো ছবিখনৰ বক্তব্যত দৃশ্যৰূ¸পত প্ৰকাশ কৰিছে৷
ছবিৰ কাহিনীৰ দৰেই কেমেৰাৰ গতি ধীৰ, শীতল, কিন্তু প্ৰতিটো শ্বটেই আৱেগপূৰ্ণ৷ চিনেমেট’গ্ৰাফাৰ মনোজ মুণ্ডায়েটৰ দৃশ্য ৰচনাত ছাঁ-পোহৰ আৰু ৰঙৰ কৌশলী প্ৰয়োগে দৃশ্যবোৰক আটিল, সৌন্দৰ্যময় আৰু বেদনাগধুৰ কৰি ৰাখিছে৷ এক কথাত ছবিখনৰ বক্তব্যৰ ফিল’ছ’ফিক কেমেৰাই সুন্দৰকৈ প্ৰকাশ কৰিছে৷ সম্পাদক ৰঞ্জন আব্ৰাহামে সৰল কাহিনীটোৰ নেপথ্যৰ জটিলতাৰ ছন্দ দক্ষতাৰে ধৰি ৰাখিছে৷ বিশেষকৈ আবেগিক দৃশ্যসমূহত শ্বটৰ দৈঘ্যৰ্ক কাৰ্যক্ষম কৰি তোলাত তেওঁৰ কুশলী হাতৰ পৰিচয় প্ৰকাশ পাইছে৷ লগত সংযোজন হৈছে টমাছ আইজাক কুটচাপল্লীৰ আৱহ সংগীত৷
মূল চৰিত্ৰত অভিনয় কৰা গীতু মোহন দাসৰ অভিনয় ছবিখনৰ অন্যতম সম্পদ৷ চৰিত্ৰটোৰ দুখ-বেদনা, আশা-হতাশা সকলোকে তেওঁ দৈহিক অভিব্যক্তিৰে সংবেদনশীলভাৱে প্ৰকাশ কৰিছে৷ উপভোক্তাৰ অপেক্ষাত থকা সময়ত তেওঁৰ বাহ্যিক আমন্ত্ৰণমূলক ভংগিমা আৰু ভিতৰৰ বেদনাৰ সংঘাত— এই দুই পৰস্পৰবিৰোধী ৰূপ তেওঁৰ অভিনয়ত সুন্দৰকৈ প্ৰকাশ পাইছে৷ আন চৰিত্ৰবোৰৰ অভিনয়ো সকলো সময়তে বক্তব্যৰ সমৰ্থনকাৰী ৷
এগৰাকী নাৰীৰ যন্ত্ৰণাৰ কাহিনী ৰূপে ছবিখন সফল ছবি৷ কিন্তু আৰু কিছু বহল প্ৰেক্ষাপটত কাহিনীটো উপস্থাপন কৰিলে, আৰু চৰিত্ৰটোৰ চৌপাশ আৰু কিছু বিতংকৈ উপস্থাপন কৰিলে ছবিখনৰ ওজন অধিক বৃদ্ধি পালেহেঁতেন ৷
ছবিখনৰ বাবে পৰিচালক প্ৰদীপ নায়াৰে ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ [জুৰিৰ বিশেষ] বঁটা লাভ কৰিছিল৷ কেৰেলা ৰাজ্যিক ফিল্ম পুৰষ্কাৰত পৰিচালকৰ বিশেষ বঁটা, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ সংগীত, শ্ৰেষ্ঠ সাজ-পোচাক আৰু শ্ৰেষ্ঠ প্ৰচেচিঙৰ পুৰষ্কাৰ লাভ কৰিছিল ৷
ছবিখনৰ মূল শক্তি নিহিত হৈ আছে বক্তব্য প্ৰকাশত পৰিচালকে প্ৰদৰ্শন কৰা মহাকাব্যিক নিলিপ্ততাত৷ মূলতঃ এইটো কাৰণতেই কুৰি বছৰ পাচতো ছবিখনে তাৰ আবেদনময়ী শক্তি হেৰুওৱা নাই ৷