Sunday, August 28, 2022

বয়কটৰ জালত বলীউড

মূল হিন্দী: অনন্ত বিজয়, অসমীয়া অনুবাদ: উৎপল দত্ত
Published in BartaNE, 28.8.22
চিনেমা বয়কট কৰা প্ৰসংগটোক লৈ শেহতীয়াভাবে বিভিন্ন মহলত বিভিন্ন ধৰণৰ আলোচনা চলি আছে ৷ ছবি বৰ্জনৰ পৰা হোৱা লাভ-লোকচানৰ প্ৰসংগক লৈ বৰ্তমানে ইণ্টাৰনেট মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ অভিনেতা আমিৰ খান প্ৰযোজিত ছবি ‘লাল সিং চাদ্দা’খনে মুক্তি লাভ কৰাৰ আগতেই তেওঁক বৰ্জনৰ আবেদনে ঢাকিবলৈ ধৰিলে ৷ ছবিখনে মুক্তি লাভ কৰিলে আৰু ফ্লপ হ’ল ৷ একেদৰে অক্ষয় কুমাৰৰ ছবি ‘ৰক্ষাবন্ধন’ বৰ্জনৰ আবেদনো ইণ্টাৰনেট মাধ্যমত সংঘটিত হৈছিল ৷ এই ছবিখনো ফ্লপ হৈছিল৷ আমি এইবোৰ ছবি বৰ্জন আৰু এইবোৰৰ বিফলতাৰ কথা ক’ম, কিন্তু তাৰ আগতে চাওঁ আহক আৰু বিশাল বাজেটৰ কোন কেইখন ছবি ফ্লপ হৈছিল ৷

য়শ ৰাজ ফিল্মছৰ দুখন অতি অভিলাসী ছবি ‘সম্ৰাট পৃথ্বীৰাজ’ আৰু ‘ছমছেৰা’৷ দুয়োখন ছবিয়েই বক্স অফিচত আশা কৰা ধৰণে প্ৰদৰ্শন কৰা নাছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি ‘সম্ৰাট পৃথ্বীৰাজ’ৰ নিৰ্মাণ ব্যয় আছিল তিনিশ কোটি টকা আৰু ছবিখনে বক্স অফিচত তিৰানব্বৈ কোটি টকাৰ ব্যৱসায় কৰিছিল ৷ একেদৰে ‘ছমছেৰা’ৰ নিৰ্মাণৰ খৰচ আছিল এশ পঞ্চাশ কোটি টকা আৰু এই ছবিখনে ব্যবসায় কৰিছিল চৌষষ্ঠি কোটি টকাৰ ৷ অক্ষয় কুমাৰ অভিনীত ছবি ‘বচ্চন পাণ্ডে’ নিৰ্মাণত খৰচ হৈছিল এশ আশী কোটি টকা আৰু বক্স অফিচৰ ব্যৱসায় আছিল তেসত্তৰ কোটি ৷ ‘বচ্চন পাণ্ডে’ সন্দৰ্ভত কোৱা হৈছিল যে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ বাবেই ছবিখন ফ্লপ হৈছিল ৷ অক্ষয় কুমাৰে ভূপালৰ ‘চিত্ৰ ভাৰতী’ৰ মঞ্চৰ পৰাই এই কথা কৈছিল ৷ ‘সম্ৰাট পৃথ্বীৰাজ’ আৰু ‘ছমছেৰা’ৰ বিৰুদ্ধে কোনো বৰ্জন আবেদন বা হেচটেগ নাছিল। এই প্ৰেক্ষাপটত বৰ্জনৰ বাবে কৰা আবেদনৰ নেপথ্যৰ কাৰণবোৰোতো চকু দিব লাগে ৷ 

প্ৰায় দুটা দশক পূৰ্বে গুজৰাটত সংঘটিত হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষ ৷ তাৰ পিছত অভিনেতা আমিৰ খানে এটা সাক্ষাৎকাৰ দিলে ৷ সেই সাক্ষাৎকাৰত তেওঁ তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তীব্ৰ অভিযোগ উত্থাপন কৰিছিল ৷ গুজৰাটত সংঘটিত হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকসকলৰ বাবে জগৰীয়া কৰিছিল নৰেন্দ্ৰ মোদীক ৷ একেটা সাক্ষাৎকাৰতে আমিৰ খানে নৰেন্দ্ৰ মোদীক আমেৰিকাৰ ভিছা নোপোৱাৰ বাবেও ঠাট্টা-মস্কৰা কৰিছিল ৷ ২০০৬ চনত আমিৰ খানে মেধা পাটকাৰৰ সৈতে নৰ্মদা বাচাও আন্দোলনত যোগদান কৰিছিল আৰু তেতিয়াৰ গুজৰাট চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ নিক্ষেপ কৰিছিল ৷ ২০১৫ চনত গজেন্দ্ৰ চৌহানক ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট, পুনেৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ সময়তো তেওঁ বিৰোধিতা কৰিছিল ৷ ছাত্ৰ-ছাত্ৰীয়ে কৰা আন্দোলনত আমিৰ খানে আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলক সমৰ্থন কৰিছিল ৷ ২০১৫ চনত  ‘এৱাৰ্ড ৱাপছি’ অভিযান চলি থকাৰ সময়ত আমিৰ খানে দেশত অসহিষ্ণুতাৰ সুৰ উত্থাপন কৰিছিল ৷ তেওঁ সেই সময়ৰ পত্নী কিৰণ ৰাওৰ সৈতে হোৱা কথা-বতৰাৰ উদ্ধৃতি দি কৈছিল যে কিৰণে দেশৰ পৰিৱেশক ভয় খাই দেশ এৰি যোৱাৰ কথা ভাবিছে ৷ আমিৰ খানৰ এই বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে তেওঁ ৰাজনীতিত এটা বিশেষ দলৰ বিৰোধিতা কৰিছিল আৰু পৰোক্ষভাৱে এটা পক্ষক সমৰ্থন কৰিছিল ৷ আপুনি ৰাজনৈতিক হ’ব বিচাৰিলে প্ৰতিবাদ কৰিবলৈ সাজু থাকিব লাগিব ৷ আপোনাৰ ছবিখন আহিলে মানুহে অাপোনাৰ ৰাজনৈতিক সমৰ্থনৰ কথা পাহৰি বা প্ৰতিবাদ কৰি ছবিখন চাবলৈ যোৱাটো সম্ভৱ নহয় ৷ আপুনি বিৰোধিতা কৰি থকা পক্ষৰো অধিকাৰ আছে আপোনাৰ বিৰোধিতা কৰাৰ ৷ সেই অধিকাৰৰ শিখৰত উপনীত হৈছে বৰ্জনৰ আবেদন ৷ আৰম্ভ হৈছে ‘বৰ্জন কৰক’ হেচটেগ ৷

আমিৰ খান বা ৰাজনৈতিক মন্তব্য কৰি অহা সকলো অভিনেতাৰ বিৰুদ্ধে কৰা বৰ্জনৰ আবেদনে তেওঁলোকক আমনি কৰা উচিত নহয়। ৰাজনীতিত সদায় প্ৰতিশোধ লোৱা হয়। দীপিকা পাডুকনেও ছবিখনৰ ব্যৱসায়ত নেতিবাচক প্ৰভাৱ পেলাইছিল যেতিয়া তেওঁ নিজৰ ছবি ‘ছপাক’ৰ মুক্তিৰ পূৰ্বে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিনয়ত অংশগ্ৰহণ কৰিছিল ৷ অলপতে মুক্তি পালে তাপসী পান্নু অভিনীত ছবি ‘দোবাৰা’৷ তাপসী পান্নু আৰু সেইখন ছবিৰ পৰিচালকৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত তেওঁ ছবি বৰ্জনৰ ট্ৰেণ্ডক ঠাট্টা কৰিছিল ৷ তেওঁৰ পৰিচালকেও ৰাজনৈতিক উদ্দেশ্যৰেই বক্তব্য প্ৰকাশ কৰি আছিল ৷ তেওঁ আগতেও নেতাসকলৰ বিষয়ে অৱমাননামূলক কথা কৈ আহিছে৷ সেইবাবেই তেওঁলোকক কোনেও গুৰুত্বসহকাৰে লোৱা নাই ৷ টুইটাৰতো পুনৰ ট্ৰেণ্ড হৈ পৰিল তাপসীৰ ছবিখন বৰ্জন ৷ প্ৰথম দিনাই ছবিখনে মাত্ৰ ৭২ লাখ টকাৰ ব্যৱসায় কৰিলে ৷ বহু প্ৰদৰ্শন বাতিল কৰিবলগীয়া হৈছিল ৷ থিয়েটাৰবোৰত নিস্তব্ধ হৈ পৰিছিল ৷ এই ছবিখনৰ খৰচো আছিল প্ৰায় ৩০ কোটি ৷ এতিয়া তাপসী পান্নু আৰু তেওঁৰ পৰিচালকে নিশ্চয় বুজি পাইছে যে বৰ্জনৰ আবেদনক ঠাট্টা কৰিবলৈ গৈ তেওঁলোকৰ বাবে কিমান ভৰণি হ’ল ৷ হয়তো ছবিবোৰ ফ্লপ হ’লে এই অভিনেতা-অভিনেত্ৰী-পৰিচালকসকলৰ লোকচান নহয়, তেওঁলোকে নিজৰ পাৰিশ্ৰমিক নিশ্চয় আগতেই পাইছে ৷ টকা হেৰুৱাব প্ৰযোজকে ৷ কিন্তু তেওঁলোকে ভাবিব লাগিব যে এই ফলাফলে তেওঁলোকৰ কেৰিয়াৰত প্ৰভাৱ পেলাব পাৰে ৷

বৰ্জনৰ বিষয়ে আৰু এটা কথা কোৱা হৈছে যে ইণ্টাৰনেট মিডিয়াৰ যুগত এই নতুন ধাৰা আৰম্ভ হৈছে ৷ ইণ্টাৰনেট মিডিয়া প্লেটফৰ্মত বৰ্জন নতুন যেন লাগিব পাৰে, কিন্তু আমাৰ দেশত স্বাধীনতাৰ পাছৰে পৰা বৰ্জনৰ বাবে আবেদন কৰা হৈছে ৷ গান্ধীজীয়েও নিজৰ লক্ষ্য পূৰণৰ বাবে নিজৰ অস্ত্ৰ হিচাপে বৰ্জন কৰাৰ আহ্বান জনাইছিল ৷ আনকি জৰুৰীকালীন অৱস্থাতো মানুহে বৰ্জনৰ বাবে আবেদন কৰিছিল ৷ অলপতে জগদীশচন্দ্ৰ মাথুৰৰ ‘কোনাৰ্ক’ নাটকখন পঢ়ি আছিলোঁ৷ এই গ্ৰন্থখনত ১৯৬১ চনৰ মে’ মাহত মাথুৰ চাহাবে লেখা এটা মন্তব্য আছে,—  ‘এই নাটকখন সন্দৰ্ভত  মোৰ বহুতো আমোদজনক অভিজ্ঞতা হৈছে, কিন্তু আটাইতকৈ আকৰ্ষণীয় অভিজ্ঞতা আছিল দিল্লীৰ ইংৰাজী বাতৰি কাকতত নাটকখনৰ সমালোচনা পঢ়াতো৷ এজন সমালোচক ছাৰ (বা মেডাম!)-এ লিখিছে যে এই নাটকখনৰ ভাষা ইমানেই কঠিন যে এই নাটকখন বৰ্জন কৰিব লাগে, কাৰণ লেখকে সংস্কৃতময়ী হিন্দীৰ প্ৰচাৰৰ বাবে এই নাটকখন ৰচনা কৰিছে ৷ সেয়া ১৯৬১ চন। সেই সময়ত ইণ্টাৰনেট মিডিয়া নাছিল, সেয়া বেলেগ কথা। গতিকে যিসকলে এইটো এটা নতুন ট্ৰেণ্ড বুলি কৈ আছে, তেওঁলোকে ইতিহাস অধ্যয়নেৰে কথাবোৰ বুজিবলৈ চেষ্টা কৰিব লাগিব ৷

বৰ্জন ট্ৰেণ্ডৰ লগে লগে আৰু এটা কথা চৰ্চালৈ আহিছে ৷ ইয়াৰ পূৰ্বে চিনেমাৰ বিৰুদ্ধে প্ৰতিবাদ হোৱা সময়ত চিনেমা হলৰ পোষ্টাৰ ফালিছিল, কেতিয়াবা সেইবোৰত জুই লগাই দিছিল ৷ যেতিয়া প্ৰতিবাদ তীব্ৰ আছিল, তেতিয়া চহৰবোৰতো বিক্ষোভ ইত্যাদি হৈছিল ৷ ‘পদ্মাৱত’ ছবিখন সন্দৰ্ভত বহু চহৰত প্ৰতিবাদ আৰু অগ্নিসংযোগ হোৱা বেচিদিন আগৰ কথা নহয় ৷ এনে বিক্ষোভ এতিয়া প্ৰায় বন্ধ হৈ পৰিছে আৰু ইণ্টাৰনেট মিডিয়াত প্ৰতিবাদ সংঘটিত হৈছে ৷ ইয়াক ভাৰতীয় সমাজৰ পৰিপক্কতাৰ লক্ষণ হিচাপে চাব নোৱাৰিনে ? হিংসা আৰু অগ্নিসংযোগৰ প্ৰতিবাদৰ পৰা পৃথক এই প্ৰতিবাদৰ ব্যৱস্থা, য’ত ই নিজৰ দৃষ্টিভংগীত উপনীত হয় আৰু ৰাজহুৱা সম্পত্তিৰো কোনো ক্ষতি নকৰে ৷ আৰক্ষী আৰু অন্যান্য ব্যবস্থাবোৰৰ সময় নষ্ট নকৰে৷ ফ্লপ হোৱাৰ একমাত্ৰ কাৰণ ‘বয়ক’ট’ নহয় ৷ আজিকালি প্ৰায়বোৰ ডাঙৰ বাজেটৰ হিন্দী ছবি কিয় ফ্লপ হৈছে তাক লৈ এটা সুকীয়া প্ৰবন্ধ লিখিব পাৰি ৷ কিয় ছবিবোৰে নিজৰ নিৰ্মাণ খৰচো উপাৰ্জন কৰিব নোৱাৰে ? কিন্তু হিন্দী চলচ্চিত্ৰ উদ্যোগ বৰ্জনৰ এই খেলখনত জড়িত হৈ পৰিছে আৰু এই মুহূৰ্তত ইয়াৰ পৰা ওলাই অহাৰ পথ দেখা নাই ৷

Link to the original
https://bartane.com/2022/08/28/boycott-net-bollywood/
অনন্ত বিজয় ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা বিজয়ী সমালোচক আৰু প্ৰসিদ্ধ সাংবাদিক ৷ 
অনুবাদক দত্ত খ্যাতিমান চলচ্চিত্ৰ সমালোচক, অসমীয়া সাহিত্যিক আৰু ছবি নিৰ্মাতা

Friday, August 26, 2022

ৰাষ্ট্ৰীয় শিক্ষক বঁটা, মীনাক্ষি গোস্বামীলৈ অভিনন্দন

প্ৰথম প্ৰকাশ বাৰ্তা এন ই ২৬-৮-২২
ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত শ্ৰীযুতা মীনাক্ষি গোস্বামীলৈ আন্তৰিক অভিনন্দন ৷লগতে গৌৰৱ অনুভব কৰোঁ যে তেখেতৰ দৰে ৰাষ্ট্ৰীয় বঁটা বিজয়ী ব্যক্তি এগৰাকী মোৰ বন্ধু ৷
এবাৰ এটা লেখাৰ বাবে তেখেতক বিচাৰি উলিয়াইছিলোঁ ৷ তেখেতৰ এটা সাক্ষাৎ লৈছিলোঁ, দৈনিক জনমভূমিত প্ৰকাশ হৈছিল ৷ সেই লেখা প্ৰকাশৰ পাচত বহুত ফোন পাইছিলোঁ, প্ৰথম ফোনটো আছিল প্ৰকাশক বন্ধু সঞ্জয় সান্যালৰ ৷ সাক্ষাৎপ্ৰসংগৰ এটা প্ৰশ্নলৈ আঙুলিয়াই তেওঁ কৈছিল- এই প্ৰসংগটোৰে কিতাপ এখন তেখেতে লেখি দিব নেকি, কথা পাতিবচোন ৷ কথা পাতিছিলোঁ, কিন্তু কিতাপখন নহ’ল ৷ 
এটা কাম নহ’ব পাৰে, কিন্তু আন্তৰিকতাই নতুন মাত্ৰা লাভ কৰিছিল ৷ তেখেতে দিছিল এটি কবিতাৰ সংকলন, তেখেতে লেখা, ইংৰাজীত ৷ তেতিয়া মনত পৰিছিল যে কিতাপখন উন্মোচন কৰা হৈছিল অষ্ট্ৰেলিয়াত ৷ কবিতাকেইটি মূলতঃ প্ৰেমৰ কবিতা- বিশেষত্ব হ’ল কবিতাকেইটাৰ প্ৰকাশভংগী পুৰুষসুলভ- মেচকুলিন ৷  কবিতাবোৰৰ অকল ভাষাই ইংৰাজী নহয়, চিত্ৰকল্প-ব্যঞ্জনা-ভাবৰ গতি- সকলোতে নেটিভ ইংৰাজৰ উপস্থিতি স্পষ্ট- এক কথাত সঠিক ইংৰাজী কবিতা ৷ কেইটিমান কবিতা অনুবাদ কৰিছিলোঁ- কেইটামান কৰিব নোৱাৰিলোঁ- সেইকেইটা অসমীয়া ভাষাত প্ৰকাশ কৰা মোৰ বাবে সম্ভব নহ’ল ৷ যিকেইটা কৰিছিলোঁ, এয়া তাৰে এটা -

অচিনাকিজন
আহা, আমি আকৌ এবাৰ অচিনাকি হৈ যাওঁ
যেতিয়া তোমাক জনা নাছিলোঁ
তোমাৰ বাবে মই আছিলোঁ অচিনাকি
আহা আমি আকৌ ওচৰ চাপোঁ
দূৰৈৰ পৰাইআকৌ ভাল পাবলৈ শিকোঁ ৷
আহা আমি যাওঁ সূৰ্য-বিদায়ৰ ক্ষণলৈ
আৰু গান গাওঁ বনৰীয়া চৰাইৰ দৰে
আহা আমি আকৌ এবাৰ অচিনাকি হৈ যাওঁ
আৰু আৰম্ভ কৰোঁ প্ৰথমৰ পৰাই ৷
আহা আমি কফি খাই হাত মিলাওঁ
বিদায় দিওঁ তিক্ত পৰিচয়হীনতাক
মিলনৰ উত্তাপ বাঢ়ি আহক 
লাহে লাহে পৰিণত হ’বলৈ কাইলৈৰ উষ্ণ চিন্তাত ৷
অচিনাকিৰ পৰা চিনাকি
আহা, ভ্ৰমণ কৰোঁ একেলগে, আৰু 
আকৌ উপভোগ কৰোঁ যাত্ৰাটো ৷
তাৰ পিছত আমি একেলগে থিয় হওঁ
আৰু জিলিকি উঠো পৃথিৱীৰ বিভিন্ন প্ৰান্তত
তাৰ পিছত ভাগ্যই আমাক পুনৰ একেলগ কৰক
দ্বিতীয়বাৰৰ বাবে
তাৰ পিছত আকৌ আমি অচিনাকি হৈ যাম
তেতিয়া মই তোমাক সঁচাকৈয়ে ভাল পাম
কেৱল মোৰ হ’বলৈ ৷

মেলবৰ্ণ চহৰত নিজৰ কাব্য সংকলন উন্মোচন কৰা সময়ত মীনাক্ষি গোস্বামী

কবিতাই আমাৰ বন্ধুত্ব গাঢ় কৰিছিল ৷ এটা সময়ত সম্বোধন আপুনিৰ পৰা তুমি হৈছিল ৷ স্বপ্না দত্ত ডেকাৰ কবিতাৰ আধাৰত মই পৰিচালনা কৰা এখন চুটি ছবি ‘বহুবৃত্ত’৷ তেওঁ ছবিখন ভাল পাইছিল, অকল ভাল পোৱাই নহয়, তেওঁ জড়িত থকা এই সৰ্বভাৰতীয় কবি সংগঠনৰ যোগেৰে ছবিখনৰ বিষয়ে এখন ছেমিনাৰৰ আয়োজন কৰিছিল ৷ সেই ছেমিনাৰৰ পৰাই আৰু কেইগৰাকী কবি আৰু চিত্ৰনিৰ্মাতাৰ লগত চিনাকি আৰু বন্ধুত্ব হৈছিল ৷

তেওঁৰ আৰু এটা কথাই মোক আকৰ্ষণ কৰিছিল- স্কুলখনৰ প্ৰতি থকা তেওঁৰ আবেগিক ব্যাকুলতা ৷ যি গৌৰৱ আৰু আনন্দেৰে তেওঁ স্কুলৰ ফটো ফেচবুকত পোষ্ট কৰে তাতেই প্ৰকাশ পায় স্কুলখন তেওঁৰ হৃদয়ৰ কিমান ওচৰৰ ৷ এবাৰ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এটি অসম ভিত্তিক অনুষ্ঠানত তেওঁৰ স্কুলখনে নৃত্য-গীত পৰিবেশন কৰিছিল, মোক চাবলৈ খুব জোৰকৈ মাতিছিল, তুমিতো টাউনৰ স্কুলৰ অনুষ্ঠান চাই থাকা, আমাৰ গাঁৱৰ স্কুলৰ ল’ৰা-ছোৱালীৰ অনুষ্ঠান চাবাহিচোন ৷ মই কিন্তু যাব নোৱাৰিলোঁ ৷ তেজপুৰলৈ যাওঁতে তেওঁৰ স্কুলত সোমোৱাৰ কথা ভাবিছিলোঁ, সেইটোও হোৱা নাছিল ৷ এইবাৰ কিন্তু প্ৰথম সুযোগতে তেওঁৰ স্কুলত সোমামেই, অভিনন্দন জনাই আহিম ৷




Link to Barta NE

Monday, August 22, 2022

ছলমান ৰুছদীৰ ওপৰত হোৱা আক্ৰমণে উত্থাপন কৰা কেইটিমান প্ৰশ্ন

মূল অনন্ত বিজয়, অসমীয়া অনুবাদ উৎপল দত্ত

প্ৰথম প্ৰকাশ বাৰ্তা এন ই | দেওবাৰ ২১ গষ্ট

বুকাৰ বঁটা বিজয়ী আৰু প্ৰায় তিনিটা দশক ধৰি তীব্ৰ নিৰাপত্তাৰ মাজত বাস কৰা ভাৰতীয় মূলৰ লেখক ছলমান ৰুছদীৰ ওপৰত এটা আক্ৰমণ সংঘটিত হয়, আমেৰিকাৰ নিউয়ৰ্কত। আক্ৰমণকাৰী হাদী মাটাৰে চুৰী এখনেৰে তেওঁৰ ডিঙি, হাত আৰু পেটত কৰে। তেওঁৰ অৱস্থা এতিয়াও সম্পূৰ্ণ সংকটমুক্ত নহয়৷ তেওঁৰ লিটাৰেৰি এজেণ্টজনৰ মতে তেওঁৰ এটা চকুৰ দৃষ্টিশক্তি নষ্ট হ’ব পাৰে। এই আক্ৰমণত তেওঁৰ হাতৰ এদাল শিৰা কটা গৈছে, লগতে যকৃতো আঘাতপ্ৰাপ্ত হৈছে।

ছলমান ৰুছদীৰ বিৰুদ্ধে আক্ৰমণৰ ভাবুকি বহুদিনৰ পৰাই চলি আছিল। ‘দা চাটানিক ভাৰ্চেজ’ প্ৰকাশৰ সময়তেই তেওঁৰ ওপৰত ‘ঈশ্বৰ নিন্দা’ৰ অভিযোগ উত্থাপিত হৈছিল। ১৯৮৯ চনৰ ১৪ ফেব্ৰুৱাৰীত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খোমেইনীয়ে ছলমান ৰুছদিৰ বিৰুদ্ধে ফটোৱা জাৰি কৰিছিল। খোমেইনীয়ে কিতাপখনক দোষাৰোপ কৰাৰ কাৰণ আছিল  ‘ঈশ্বৰ নিন্দা’ আৰু ‘ইছলামক উপহাস’৷ খোমেইনীৰ ফটোৱাৰ পিছত বহুদিন জনজীৱনৰ পৰা আঁতৰি আছিল ছলমান ৰুছদী। কেতিয়াবা আছিল ব্ৰিটেইনত আৰু কেতিয়াবা নৰৱে’ত। ছলমান ৰুছদীয়ে নিজৰ নিৰ্বাসনৰ দিনবোৰৰ বিষয়ে বিতংভাৱে লিখিছে ‘জোচেফ এণ্টন’ গ্ৰন্থত। ছলমান ৰুছদীয়ে চাৰে ছশ পৃষ্ঠাৰ এই গ্ৰন্থখনত লেখিছে নিৰ্বাসনৰ যন্ত্ৰণাৰ কথা আৰু লিখিছে তেওঁৰ জীৱনলৈ অহা আগতীয়া বিপদৰ কথা৷

ছলমান ৰুছদীক কৰা আক্ৰমণৰ পিছত কেইবাটাও কথা পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে। আমেৰিকাৰ নিউয়ৰ্ক চহৰত সংঘটিত হৈছে এই মাৰাত্মক আক্ৰমণ। সেইটোও প্ৰায় ডেৰ-দুই হাজাৰ মানুহৰ উপস্থিতিত। ইয়াত এটা প্ৰশ্ন উত্থাপন হৈছে যে সমগ্ৰ বিশ্বক মত প্ৰকাশৰ স্বাধীনতাৰ পাঠ শিকোৱা আমেৰিকা কিয় এনে আক্ৰমণস্থলী হ’বলগা হ’ল? ব্ৰিটেইন আৰু নৰৱে’ত ছলমান ৰুছদীক আক্ৰমণ কৰা নাই৷ আক্ৰমণকাৰীয়ে আমেৰিকাত কেনেকৈ নিজৰ কুৎসিত ডিজাইনত উপনীত হ’ল? যিখন দেশে মত প্ৰকাশৰ স্বাধীনতাৰ কথা কৈ গৌৰৱ কৰে, সেইখন দেশে নিজৰ মাটিত লেখকক নিৰাপত্তা দিব নোৱাৰিলে কিয়?

ছলমান ৰুছদীক কৰা আক্ৰমণৰ পিছত আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হৈছে যে কোনোবা এজন ধৰ্মীয় নেতা বা ধৰ্মগুৰুৱে কেনেকৈ কাৰোবাৰ হত্যা কৰাৰ বাবে ফটোৱা জাৰি কৰিব পাৰে? ইছলামত বহুবাৰ দেখা গৈছে যে ঈশ্বৰ নিন্দা কৰাৰ অভিযোগত মৃত্যুৰ ফতোৱা জাৰি কৰা হয়। মৃত্যুৰ ফটোৱা জাৰি কৰাৰ সমান্তৰালভাৱে এই কামৰ বাবে পুৰস্কাৰো ঘোষণা কৰা হয়। আনকি আয়াতুল্লাহ খোমেইনীয়ে ছলমান ৰুছদীৰ মৃত্যুৰ সন্দৰ্ভত ফতোৱা জাৰি কৰা সময়তো হত্যাকাৰীক পুৰস্কাৰ হিচাপে বিপুল পৰিমাণৰ ধন দিয়াৰ কথা চৰ্চা হৈছিল। এই সকলোবোৰ ধৰ্মৰ আৱৰণতেই কৰা হয়। আমেৰিকাৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ছলমান ৰুছদীক আক্ৰমণ কৰা হাদী মাটাৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ডছ নামৰ এটা সংগঠনৰ সদস্য। ইণ্টাৰনেট মিডিয়াত পোৱা তেওঁৰ পৰিচয়ত ছিয়া উগ্ৰপন্থী সংগঠনৰ সৈতেও সংযোগ থকাৰ সন্দেহ কৰা হৈছে। এতিয়া ভিৰৰ মাজেৰে কাৰোবাৰ প্ৰাণ কাঢ়ি  লবলৈ যোৱা হাদী মাটাৰক কেনেকৈ ‘ৰেডিকেলাইজড’ কৰা হ’ব সেইটোহে ডাঙৰ প্ৰশ্ন৷ 

 ‘দা চাটানিক ভাৰ্চেজ’ৰ বাবে কেৱল ছলমান ৰুছদিকেই আক্ৰমণ কৰিছে, তেনেকুৱা নহয়৷ এই কিতাপখনৰ লগত জড়িত আৰু বহু লোকক আক্ৰমণ কৰা হৈছিল। আনকি সেইসকলৰ এজনে প্ৰাণো হেৰুৱাইছিল। ১৯৯১ চনত ছলমানৰ এই কিতাপখন ইটালিয়ান ভাষালৈ অনুবাদ কৰা এট’ৰে কেপ্ৰিঅ’লোক মিলানত আক্ৰমণ কৰা হয়। ডিঙি, হাত আৰু বুকুত পোৱা ছুৰীৰ আঘাতৰ বাবে তেওঁ গুৰুতৰভাৱে আহত হৈছিল। ১৯৯১ চনত ‘দা চাটানিক ভাৰ্চেজ’ জাপানী ভাষালৈ অনুবাদ কৰা হিতোশ্বি ইহাৰাছীক ছুৰীৰে আঘাত কৰি হত্যা কৰা হৈছিল। জাপানৰ এখন বিশ্ববিদ্যালয়ৰ চৌহদত উদ্ধাৰ হৈছিল তেওঁৰ মৃতদেহ। দুবছৰৰ পাছত নৰৱে’ত নৰৱেজিয়ান ভাষাত ‘দা চাটানিক ভাৰ্চেজ’ প্ৰকাশ কৰা প্ৰকাশকজনকো আক্ৰমণ কৰা হৈছিল। নিজ ঘৰৰ সন্মুখতে কৰা গুলীবৰ্ষণত তেওঁ গুৰুতৰভাৱে আহত হৈছিল। এইবোৰ ঘটনাৰ পাছত বৃদ্ধি কৰা হৈছিল ছলমান ৰুছদীৰ নিৰাপত্তা৷ নৰৱে’ৰ কাণ্ডটো বাদ দি আন সকলো আক্ৰমণেই প্ৰায় একে ধৰণৰ অৰ্থাৎ আঘাতৰ প্ৰথম ঠাই হৈছে ব্যক্তিগৰাকীৰ ডিঙি৷ দেখা যায় যে প্ৰতিজন আক্ৰমণকাৰীয়ে মূৰটো শৰীৰৰ পৰা পৃথক কৰাৰ উদ্দেশ্যৰে ডিঙিত আঘাত কৰে।

এতিয়া যদি ছলমান ৰুছদীৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতি আমাৰ দেশৰ ‘মত প্ৰকাশৰ স্বাধীনতাৰ প্ৰগতিশীল সমৰ্থক’ সকলৰ প্ৰতিক্ৰিয়া চাওঁ প্ৰায় আটাইবোৰ প্ৰতিক্ৰিয়াতেই ইয়াৰ বাবে কুসংস্কাৰক দোষাৰোপ কৰা হৈছে, সেই ধৰ্মৰ নাম নোলোৱাকৈ। জাভেদ আখতাৰে ছলমানৰ আক্ৰমণকাৰীক ‘কোনোবা ধৰ্মান্ধ’ বুলি অভিহিত কৰে। আক্ৰমণকাৰীৰ নাম আৰু পৰিচয় পোহৰলৈ অহাৰ পাছৰে পৰা তেওঁ নীৰৱ হৈ আছে। আক্ৰমণকাৰীক ‘ইছলামিক ধৰ্মান্ধ’ বুলি ক’বলৈ তেওঁলোকৰ হাত দুখন কঁপি উঠে, আঙুলিবোৰ অজ্ঞান হৈ পৰে। যদি কোনো অপৰাধী হিন্দু হয়, তেন্তে তেওঁক ‘হিন্দু ধৰ্মান্ধ’ বুলি ক’বলৈ বেছি সময়ৰ প্ৰয়োজন নহয়। ছলমান ৰুছদীৰ ওপৰত আক্ৰমণৰ ঠিক আগতে তেওঁ এটা ৰিটুইট পোষ্ট কৰি অক্ষয় কুমাৰক ‘কানাডিয়ান কুমাৰ’ বুলি ঠাট্টা কৰিছিল আৰু আমিৰ খানক তেওঁৰ ছবিখন পাকিস্তানত মুক্তি দিবলৈ অস্বীকাৰ কৰাৰ বাবে প্ৰশংসা কৰিছিল। জাভেদ আখতাৰেও প্ৰায়েই নৈতিকতাৰ মিনাৰত থিয় হৈ নিজৰ নিৰপেক্ষতাৰ কথা কৈ গৌৰৱ কৰি থাকে, কিন্তু সময় আহিলে তেওঁৰ নিৰপেক্ষতাৰ অভিনয় বিবস্ত্ৰ হৈ পৰে। ছলমানৰ ওপৰত হোৱা আক্ৰমণত বহু বাওঁপন্থী বুদ্ধিজীৱীয়ে অতি মৃদুভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আক্ৰমণকাৰীক ধৰ্মান্ধ বুলি ক’লে সমস্যাটো সমাধান হ’ব নোৱাৰে। ধৰ্মান্ধ বুলি ক’লে অপৰাধৰ চোক কমি যায়৷ তেওঁলোকে অপৰাধীৰ কুকৰ্মক ধৰ্মৰ ওৰণিৰে ঢাকি দিয়াৰ চেষ্টা কৰে।

কোনে বা কি কি কাৰণে এজন অপৰাধীক কুসংস্কাৰী কৰি তোলে সেইবোৰক চিনাক্ত কৰিব লাগিব, সেই পৰিস্থিতিবোৰ চিনাক্ত কৰিব লাগিব য’ত কোনোবাই কাৰোবাৰ জীৱন কাঢ়ি লোৱাৰ পৰ্যায়লৈ গতি কৰে৷  প্ৰগতিশীল বুদ্ধিজীৱীসকলে এই কাৰণবোৰ বিবেচনা কৰি আৰ্টিকুলেট কৰিব লাগিব, নহ’লে তেওঁলোকৰ প্ৰতিক্ৰিয়াবোৰ হ’ব এক নিয়মীয়া আচাৰ-ব্যৱহাৰৰ প্ৰকাশ। এই গোষ্ঠীটোৰ পৰা এনে এটা আশা কৰাটো অসাৰ৷ তেওঁলোকে নিৰ্বাসিত বাংলাদেশী লেখিকা তছলিমা নাছৰীনৰ বিষয়টোক লৈ কেতিয়াও একো কোৱা নাই। বংগৰ বাওঁপন্থী চৰকাৰে তেওঁক পৰ্যাপ্ত সুৰক্ষা নিদিয়াত বা মমতা চৰকাৰে ৰাজ্যত ৰাখিবলৈ অস্বীকাৰ কৰা সময়তো এই প্ৰগতিশীলসকলে তেওঁলোকৰ মুখবোৰ চিলাই কৰি থৈছিল। পৃথিৱীত ইছলামেই একমাত্ৰ ধৰ্ম যাৰ অনুগামীসকলে মৃত্যুৰ ফটোৱাৰ ধাৰণাক সমৰ্থন কৰে। মুছলিম সমাজৰ নেতাসকলেও চিন্তা কৰিব লাগিব যে ধৰ্মৰ আৱৰণত কিদৰে হত্যাকাণ্ড একোটা সংঘটিত কৰা হয়। তেওঁলোকে সাহসেৰে ইয়াৰ বিৰুদ্ধে মাত তুলিব লাগিব। ঈশ্বৰ নিন্দাৰ বাবে মৃত্যুদণ্ডৰ ফটোৱা জাৰি কৰা বা হত্যাকাণ্ডৰ প্ৰচেষ্টা বৃদ্ধি পোৱা ধাৰণাটোক কেৱল বিচাৰ কৰাই নহয়, ইয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰাটোও বৰ্তমান সময়ৰ প্ৰয়োজনীয়তা। ইয়াৰ বাবে মুছলমান সমাজখনৰ ধৰ্মীয় সংস্কাৰৰ প্ৰয়োজন। বিজ্ঞানসন্মতভাৱে নিজৰ ধৰ্মীয় ধাৰণাবোৰ সকলোকে বুজাই দিব লাগিব। আধুনিক আৰু সভ্য সমাজত আইন আৰু সংবিধানৰ বাহিৰত মৃত্যুদণ্ড দিয়াৰ অধিকাৰ কাৰো নাই। এই কথা বিশ্বাস আৰু প্ৰচাৰ কৰিব লাগিব। এইটো এটা সহজ কাম যেন নালাগে। কিন্তু আজি নহ’লে কাইলৈ হ’লেও এই বিষয়ত কাম কৰিব লাগিব। এই কাম সোনকালেই আৰম্ভ কৰাটো ভাল, যাতে অন্ততঃ আতংকিত হৈ জীয়াই থকা মানুহবোৰে মুকলি বতাহত উশাহ লোৱাৰ সুযোগ পায়।

Friday, August 19, 2022

চবৰীমালা মন্দিৰৰ চোতালত অসমৰ গামোচা


 
















চবৰীমালা মন্দিৰৰ চোতালত ডিঙিত অসমৰ গামোচা লোৱা এজন সুদৰ্শন যুৱক ৷ এইটো খুব অাচৰিত বা অস্বাভাৱিক কথা নহয় ৷ কিন্তু অামাৰ বাবে অানন্দৰ অভিজ্ঞতা হ'ল গামোচাখন ইমান দূৰলৈ যোৱাৰ কাহিনীটো, অাৰু মই এই কাহিনীটোৰ সতে অলপ জড়িত ৷ 
যোৱা বছৰৰ নবেম্বৰ মাহ ৷ গোৱাত অনুষ্ঠিত ভাৰতৰ অান্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ ৷ মই গৈছোঁ তথ্য অাৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ অতিথি হিচাপে ৷ মোৰ চিত্ৰনাট্যৰে পৰিচালক কিশোৰ কলিতাই নিৰ্মাণ কৰা 'বীৰাংগনা' ছবিখন অাছে ইণ্ডিয়ান পেন'ৰামাত ৷ গতিকে মোৰ অানন্দ দুগুণ ৷ ত্ৰিবান্দ্ৰমৰ তৰুণ চিত্ৰ পৰিচালক য়াদু ৷ সম্পূৰ্ণ নামটো বহু দীঘল - য়াদু বিজয়কৃষ্ণণ পৰমেশ্বৰন ৷ তেওঁ অামাৰ পুৰণি চিনাকি, চলচ্চিত্ৰমৰ মহোৎসৱত অাহি কেইদিনমান গুৱাহাটীত কটাই গৈছে ৷ কম বয়সীয়া মৰমলগা ল'ৰা, তেওঁ সংস্কৃত ভাষাত নিৰ্মাণ কৰা ছবি  'ভগবদদয্যুকম' খনো পেন'ৰামাত অাছে ৷ সদায় তেওঁক লগ পাওঁ ৷ তেওঁৰ লগত পাইছিলোঁ কিৰণ ৰাজ-ক, তেওঁৰ ছবিৰ প্ৰযোজক ৷ 
মহোৎসৱ বহু দিন চলিব, অামি উভতিম চাৰি নিশাৰ পাচত ৷ শেষৰ নিশাটোত  তাজ হোটেলৰ লবীত অাড্ডা মাৰি থাকোতে কিৰণে অাহি ফুফুচাই অনুৰোধৰ সুৰত ক'লে - মোক এটা বস্তু লাগে, অাপুনি গুৱাহাটীৰ পৰা পঠাই দিব পাৰিবনে ? মই কলোঁ- য়ু নেইম ইট এণ্ড য়ু উইল হেভ ইট ৷ অাপুনি বুজি পাইছেই, কিৰণে কি বিচাৰিছিল ! হয়, কিৰণক অসমৰ ধূন ীয়াগামোচা এখন লাগে ৷
কিশোৰ ওচৰতে অাছিল, সুধিলোঁ- গামোচা এখন অাছেনে ? ক'লে এখন অাছে ৷ 
অাড্ডাৰ পাচত কিৰণক কিশোৰৰ ৰূমলৈ নিলোঁ, লগত য়াদু থাকিবই ৷ কিশোৰে গামোচা এখন উলিয়াই কিৰণক পিন্ধাই দিলে ৷ অানন্দত কিৰণৰ মুখ উজ্জ্বল হৈ উঠিল ৷ কিৰণে উত্তেজনাত কিশোৰক সাৱটি ধৰিলে ৷ য়াদুই ক'বলৈ নাপাহৰিলে - মোৰ অাছে দুখন, গুৱাহাটীত দিছিল মোক ৷

অাজি, দহ মাহৰ পাচত কিৰণে ফটো এখন পঠিয়াই দিছে, কালি তেওঁ চবৰীমালা মন্দিৰলৈ গৈছিল, ডিঙিত লৈ গৈছিল কিশোৰে দিয়া গামোচাখন ৷   

Monday, August 15, 2022

এজন অভিনেতাৰ ৰাজনীতিৰ বাবে চিনেমাৰ দৰে ‘সামূহিক কলাক শাস্তি প্ৰদান’








প্ৰথম প্ৰকাশ / বাৰ্তা এন ই ১৪ অাগষ্ট
মূল ইংৰাজী –নীৰৱা মেহতা  অনুবাদ  উৎপল দত্ত
লাল সিং চাদ্ধা ৷ আমিৰ খানে প্ৰযোজনা কৰা আৰু অভিনয় কৰা চিনেমা৷ চিনেমাখন মুক্তিৰ দিন অহাৰ লগে লগে ভাৰতৰ বিভিন্ন ঠাইত ছবিখন বৰ্জন কৰিব লাগে বুলি প্ৰচাৰ আৰম্ভ হৈছে৷ কিয় এই বহিষ্কাৰৰ আহ্বান ? মূল কাৰণ হিচাপে কোৱা হৈছে- আমিৰ খানৰ ভাৰত বিৰোধী স্থিতি, প্ৰধানমন্ত্ৰীৰ বিষয়ে কুৎসা ৰটনা, পিকে ছবিত হিন্দু দেৱতাক অপমান ইত্যাদি৷ এই প্ৰসংগটি আলোচনা কৰিছে নীৰৱা মেহতাই৷

আমি ভাল পাওঁ বা নাপাওঁ, ৰাজনীতি সকলোতে বিৰাজমান। এতিয়া ছচিয়েল মিডিয়াৰ ব্যাপক প্ৰসাৰৰ সময়ত একোজন ভাৰতীয় এটা দশকৰ আগৰ তুলনাত এতিয়া ৰাজনৈতিকভাৱে বহু বেছি  সচেতন। লগতে মন কৰিব লাগিব যে ২০১৪ চনত দেশৰ ৰাজনৈতিক খেলৰ নিয়মো সলনি হৈ গৈছে৷

এই পৰিৱর্তনৰ পাচতো চলচ্চিত্ৰ জগতত লুকাই থকা ৰাজনৈতিক কৰ্মীসকলে নিজকে ইণ্ডাষ্ট্ৰিৰ ‘কণ্ঠস্বৰ’ হিচাপে প্ৰতিষ্ঠা কৰাৰ ইচ্ছাৰে ‘অসহিষ্ণুতা’ আৰু ‘উত্থানশীল ইছলাম’ফবিয়া’ৰ দৰে কথা কোৱাৰ সিদ্ধান্ত লৈছিল৷ একে সময়তে হিন্দু ধৰ্মক ঠাট্টা কৰা চিনেমা নিৰ্মাণো চলি আছিল। ‘ছৰ টন ছে জুডা’ আদিৰ দৰে গীতৰ স্বাভাৱিকীকৰণ আৰু অবাধ বলপূৰ্বক ধৰ্মান্তৰকৰণৰ বিষয়ে সজাগতা বৃদ্ধি পোৱা সময়ত ৰূপালী পর্দাত এইবোৰ কথাক মহিমামণ্ডিত কৰাৰ প্ৰবণতাক ভাৰতীয় সাধাৰণ দৰ্শকেও গালি পাৰিবলৈ লাজ কৰা নাই।

শিল্প কেতিয়াও অৰাজনৈতিক নহয়। সমালোচকসকলেও কয় যে কোনোবাই নিজৰ শিল্পৰ জৰিয়তে ৰাজনৈতিক বক্তব্য নিদিব পাৰে, কিন্তু সেয়াও ৰাজনৈতিক বক্তব্য। গতিকে যেতিয়া বাস্তৱ জীৱন আধাৰিত এখন ছবিয়ে অপৰাধীৰ ধৰ্ম মুছলমানৰ পৰা হিন্দুলৈ সলনি কৰি ‘শিল্পকলাৰ প্ৰকাশ’ বুলি কয়, তেতিয়া ই প্ৰকৃত ঘটনা-আধাৰিত ছবি এখনৰ নিৰ্মাণ বন্ধ কৰে আৰু লগতে ই এক ৰাজনৈতিক বক্তব্য হিচাপেও থিয় দিয়ে। যেতিয়া এখন ছবিয়ে সন্ত্ৰাসবাদীক মানৱীয় কৰি তুলিবলৈ চেষ্টা কৰে বা সন্ত্ৰাসবাদীজনে এখন কিতাপে তেওঁৰ মগজু ধুই পেলোৱা কথা কোৱাৰ লগতে কিয় অস্ত্ৰ তুলি লৈছিল তাক মান্যতা দিবলৈ চেষ্টা কৰে, তেতিয়া ই এক ৰাজনৈতিক বক্তব্য হৈ পৰে। এক কথাত সকলো শিল্প মূলতঃ ৰাজনৈতিক।

বলিউডৰ মনোৰঞ্জন প্ৰদানকাৰী নাছিৰুদ্দিন শ্বাহ, ফাৰহান আখতাৰ, আমিৰ খান আদিয়ে নিয়মীয়াকৈ ৰাজনৈতিক স্থিতি গ্ৰহণ কৰি আহিছে। চুবুৰীয়া তিনিখন ইছলামিক দেশৰ পৰা ভাৰতলৈ অহা অমুছলমানসকলক দ্ৰুতগতিত ভাৰতীয় নাগৰিকত্ব দিব বিচৰা CAA ৰ বিৰোধী প্ৰতিবাদত ফাৰহান আখতাৰে যোগদান কৰিছিল। এই দেশসমূহৰ মুছলমানসকলে ভাৰতীয় নাগৰিকত্ব বিচাৰিলে প্ৰচলিত বিধান অনুসৰি কৰিব পৰা ব্যবস্থা অব্যাহত আছিল। এই আইনখনে ভাৰতীয় মুছলমানকে ধৰি সকলো ভাৰতীয়ৰ জীৱনত কোনো প্ৰভাৱ পেলাব পৰা নাছিল। আখতাৰে আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লৈছিল আৰু নায্যতা প্ৰদানৰ দাবী উত্থাপন কৰি কৈছিল যে ইমানবোৰ মানুহ প্ৰতিবাদৰ বাবে ওলাই আহিছে যেতিয়া কথাটো নিশ্চয় সঠিক। বহু মানুহ আহি ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গোধৰাত এখন ৰেলগাড়ীত জুই লগাই দিছিল, নিশ্চয় সেইটোও ঠিক আছিল, নহয়নে?

বছৰ বছৰ ধৰি কিছুমান বিশেষ চিনেমাত হিন্দুফ’বিক কন্টেন্ট চিত্ৰিত কৰা হৈছিল, যিবোৰৰ প্ৰতি বেছিভাগেই আছিল উদাসীন। যদিও দুই-একে লক্ষ্য কৰিছিল, তেওঁলোকেও আমাৰ ‘ধৰ্মনিৰপেক্ষ’ স্কুলীয়া শিক্ষা- য’ত হিন্দু ধৰ্মৰ বাহিৰে সকলো ধৰ্মই পবিত্ৰ, সেই শিক্ষাৰ বাবে ‘একপক্ষীয়’ বুলি অভিহিত হোৱাৰ ভয়ত মাত মতা নাছিল। এইটো কাৰণতেই  আমিৰ খানৰ ‘পি কে’ৰ মুক্তিৰ সময়ত- যিখন ছবিত তেওঁক হিন্দু ধৰ্মক ঠাট্টা কৰা দেখা গৈছিল- মানুহে ইয়াৰ প্ৰতিবাদ কৰিছিল ৷ তেতিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰাসকলক ‘আপুনি ভাল নাপালে নাচাব’ বুলি ৰায় দিছিল।

আমিৰ খানে সেই ধৰ্মবিশ্বাসক উপহাস কৰা নাছিল য’ত ঈশ্বৰক নিন্দা কৰিলে মূৰ কাটি পেলোৱা হয়, কাৰণ কোনেও নিজৰ মূৰ কটা যোৱাটো ভাল নাপায়। এতিয়া ধৰ্মনিৰপেক্ষ আদালতত শ্বৰীয়তৰ উদ্ধৃতি দিয়া ন্যায়পালিকায়ো সম্ভৱতঃ অন্য ধৰ্মক বেয়া পোহৰত চিত্ৰিত কৰা ছবিৰ ওপৰত এনে মন্তব্য নকৰে৷ কাৰণ ইয়াত আনকি হিন্দু মন্দিৰ ধ্বংস কৰি তাত থিয় কৰা বিতর্কিত নিৰ্মাণৰ ভিডিঅ’গ্ৰাফিক নিৰ্দেশনা বা অনুমোদন দিয়াৰ ফলতো মৃত্যুৰ ভাবুকিৰ সন্মুখীন হবলগীয়া হয়।

গতিকে বহু বছৰ পিছত যেতিয়া মানুহে একোখন ছবি বৰ্জনৰ আহ্বান জনায়, তেতিয়া তথাকথিত নেহৰুভিয়ান ধৰ্মনিৰপেক্ষতাৰ স্থানৰ পৰা অহা ‘লিবাৰেল’ সকলে চিনেমাৰ দৰ্শকক দোষী সাব্যস্ত কৰি দাবী কৰে যে এখন ছবি কেৱল এজন অভিনেতাৰেই নহয়, ছবিখনৰ সৈতে আন শতাধিক লোক জড়িত হৈ থাকে। অভিষেক সিংভীৰ দৰে মানুহে তাৰ পিছত মানুহক দোষী দোষী অনুভব কৰাবলৈ  চেষ্টা কৰে যে  ছবিখনৰ লগত জড়িত আন শতাধিক লোক আছে, তেওঁলোকো অসন্তুষ্ট। এতিয়া, এজন ব্যক্তি হিচাপে মই কাকো আৰ্থিকভাৱে সহায় কৰিবলৈ বাধ্য নহওঁ- সেয়া হিন্দুফ’বিক চিনেমা নিৰ্মাণ কৰা আমিৰ খানেই হওক, বা সমালোচকক এটিটিউদ প্ৰদর্শন কৰা কৰীনা কাপুৰ খানেই হওক, (বহুতেই কয় যে তেওঁ আত্মীয়তাবাদৰ উৎপাদন- কন্যা, নাতিনী, মহান নাতিনী আৰু ভগ্নী, একাধিক চলচ্চিত্ৰ অভিনেতাৰ খুলশালীয়েক) বা মেধা পাটকাৰৰ সৈতে হাত মিলাই গুজৰাটীসকলক বছৰ বছৰ ধৰি পানী বঞ্চিত কৰি ৰাখিব পৰা চৰ্দাৰ সৰোৱৰ বান্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰা  অতুল অগ্নিহোত্ৰীয়েই হওক।

এটা কথা আগতীয়াকৈ স্পষ্ট কৰি দিওঁ। মই অৰ্থনীতিৰ সমৰ্থক আৰু সাধাৰণতে নীতিগতভাৱে বৰ্জন-আহ্বানৰ বিৰোধী। এইখিনিতে ক’ব পাৰি যে ছবিখনৰ সৈতে জড়িত অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতাসকলৰ যিদৰে ৰাজনৈতিক স্থিতি ল’বলৈ বা কোটি কোটি মানুহৰ আৱেগক আঘাত কৰা ছবি নিৰ্মাণৰ মত প্ৰকাশৰ স্বাধীনতা আছিল, ঠিক তেনেদৰে কোটি কোটি মানুহৰো নিজৰ বিৰোধী কণ্ঠস্বৰ প্ৰকাশ কৰাৰ অধিকাৰ আছে। আমাক স্কুলত শিকোৱা হয় যে মোহনদাস কৰমচান্দ গান্ধীয়ে বিদেশী সামগ্ৰী বৰ্জনৰ আহ্বান জনাই ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু স্বদেশী আন্দোলনৰ আহ্বান জনাইছিল। গতিকে বৰ্জন আহ্বান ভাৰতত নতুন পৰিঘটনা নহয়। আৰু যদি মানুহে ভাবে যে তেওঁলোকক আঘাত কৰাসকলৰ ছবি বৰ্জন কৰিলে সন্তুষ্টি পোৱা যায়, তেন্তে সেয়াই হওক। শেষত, মই পৰীক্ষা কৰিছিলো যে ভাৰত এখন গণতন্ত্ৰ আৰু প্ৰতিবাদে গণতন্ত্ৰক সজীৱ কৰি ৰাখে।

এজন ব্যক্তি বা এজাক ব্যক্তিয়ে চলচ্চিত্ৰ বৰ্জনৰ আহ্বান জনোৱা আৰু ৰাজ্যই এখন ছবি নিষিদ্ধ কৰাটো একে নহয়, যেনে কংগ্ৰেছ চৰকাৰে কেনেকৈ ইন্দিৰা গান্ধীয়ে জাপি দিয়া জৰুৰী শাসনৰ আধাৰত নিৰ্মিত ৰাজনৈতিক ব্যংগ ছবি ‘কিচ্ছা কুৰ্চি কা’ক নিষিদ্ধ কৰিছিল। ছবি বৰ্জন কৰাৰ আহ্বান ভুল নহয়, কিয়নো ছবিখন চাব বিচৰাসকলেতো ছবিখন বিনা বাধাই চাব পাৰে৷

গতিকে যিসকলে ছবি বৰ্জনৰ আহ্বান ৰাজনীতিৰ ‘অবাঁওপন্থী’ বৰ্ণালীত পৰে বুলি ভাবে, তেওঁলোক সাধাৰণতে অৰ্থনীতিৰ আৰু ব্যৱসায়ৰ সমৰ্থক, তেওঁলোকে অপৰিসীম সমৰ্থন লাভ কৰে। কাৰণ আমিৰ খান বা তেওঁৰ দৰে ব্যক্তিয়ে ছবিৰ কলাকুশলীসকলক ইমান গুৰুত্ব দিয়া হলে তেওঁ নিজেই দায়িত্বশীল হৈ দৰ্শকক ক্ষুণ্ণ কৰাৰ চেষ্টা নকৰিলেহেঁতেন। নিজৰ শিল্প গ্ৰহণযোগ্য হোৱাটো বিচাৰিলে শিল্পীসকল দায়িত্বশীল হ’ব লাগে। তেওঁলোকৰ মত প্ৰকাশ আৰু বাক স্বাধীনতা থকাৰ দৰে দৰ্শকৰো থাকে। বজাৰৰ প্ৰতি মনোযোগী হোৱা, অর্থনীতিৰ সমৰ্থক হোৱা- এইবোৰ ঠিকেই আছে, কিন্তু চিনেমা এখন ৰাষ্ট্ৰই নিষিদ্ধ নকৰালৈকে মানুহে উত্থাপন কৰা বৰ্জন-আহ্বানৰ বিৰোধী হোৱাটো সঠিক নহয়।

আমি সকলোৱে নিজ নিজ পচন্দ মতেই জীয়াই থাকোঁ আৰু শিল্পীসকলো তেনেকুৱাই হ’ব লাগে৷  পাবলগীয়া স্থান আৰু গুৰুত্ববোধৰ পৰা স্থানচ্যুত হলেও তেওঁলোক ‘বিশিষ্ট নাগৰিক’- আন ধৰ্মক আঘাত কৰাৰ লগতে নিজৰ ধৰ্মৰ কাৰ্ড খেলি গণতন্ত্ৰৰ মূল্য বজাই ৰাখিবলৈ তেওঁলোক এককভাৱে দায়বদ্ধ।

মূল প্ৰবন্ধৰ ৱেব লিংক  https://cutt.ly/9ZC6CvE/

বাৰ্তা এনই ৰ ৱেব লিংক https://bartane.com/2022/08/14/punishing-collective-art-like-cinema-for-an-actors-politics/

নীৰৱা মেহতা ‘ওপইণ্ডিয়া’ আলোচনীৰ ইংৰাজী শাখাৰ সম্পাদক ৷

সময় থাকিলে এটা বিজ্ঞাপন চাব পাৰে  https://www.youtube.com/watch?v=jsk4aJG3aTM&ab_channel=UtpalDatta

Friday, August 12, 2022

চাৰ

 
বগা পৰ্দাখন হাতেৰে অাঁতৰাই ওলাই অাহিব, অাৰু সুধিব - উৎপল ভালে অাছা ? নম্ৰতাৰ ভাল ? ছোৱালীজনী কেনে অাছে ? এইকেইটি বাধ্যতামূলক প্ৰশ্ন ৷ কেতিয়াবা ভাইটি ৰাতুলৰ কথাও সোধে ৷ অাগতে বিস্ময়ত কাম কৰি থকা সময়ত  সুধিছিল - শশী কেনে অাছে ? মোহিনী ?  বিস্ময়ৰ চাৰ্কুলেচন কেনে অাছে ? তাৰ পাচতহে বেলেগ কথা ৷ 
চাৰক খুব ওচৰৰ পৰা পাইছিলোঁ, ৰংঘৰৰ কামত অাৰু চাৰৰ চিনেমাৰ সহকাৰী পৰিচালক অাৰু ষ্টিল ফটোগ্ৰাফাৰ হিচাপে ৷ ছবি নিৰ্মাণৰ কিমান যে কথা চাৰৰ পৰা শিকিছিলোঁ ! শিকি থকা সময়ত অনুমান কৰিব পৰা নাছিলো- কিমান শিকিছিলোঁ, ছবি নিৰ্মাণত সেই শিকাবোৰ কিমান কামত অাহিব পাৰে ৷ নিজে ছবি নিৰ্মাণৰ সময়ত সেই উপলব্ধি কৰিছিলোঁ চাৰৰ পৰা কিমান শিকিছিলোঁ অাৰু কিমান শিকিব পাৰিলোঁহেতেন ৷ যিখিনি শিকিছিলোঁ সেইখিনিও কিন্তু বহুত ৷ শিকা ভালেখিনি কামত ব্যবহাৰ কৰিছিলোঁ, কিছুমান ব্যবহাৰ কৰিব পৰা নাছিলোঁ, কিয় পৰা নাছিলোঁ, তাকো উপলব্ধি কৰিছিলোঁ ৷   
চিত্ৰ পৰিচালক ৰাহুল ৰাৱেলে তেওঁৰ গুৰু ৰাজকাপুৰৰ বিষয়ে কিতাপ এখন লেখিছে, মোক এটা কপি উপহাৰ দিছে, কিতাপখনৰ নাম - মাষ্টাৰ এট ৱর্ক ৷ তাত লেখিছে কেনেদৰে তেওঁ গুৰুৰ কাম চাই চাই শিকিছিল ৷ মোৰো ভাব হয়, শইকীয়া চাৰৰ বিষয়েও এখন কিতাপ লেখিব পৰা যায়, কেনেদৰে তেওঁ অভিনেতাক নিৰ্দেশ দিছিল, সহকাৰী পৰিচালকসকলৰ পৰা কেনেদৰে কি কাম অাদায় কৰিছিল, দৃশ্যগ্ৰহনৰ জটিল মেনেজমেন্ট পৰিচালনা কৰিছিল অাৰু অাটাইতকৈ প্ৰয়োজনীয় কথা - তেওঁ ভবা দৃশ্য এটাক বিভিন্ন মানসিক স্তৰৰ মানুহৰ হতুৱাই জীৱন্ত ৰূপ দিছিল,  ইত্যাদি ইত্যাদি ৷ চাৰৰ ছবিত কাম কৰা বহু মানুহ অাছে, তেওঁলোকৰ পৰা তথ্য সংগ্ৰহ কৰি এনেকুৱা এখন কিতাপ প্ৰস্তুত কৰাটো বিশেষ কঠিন কাম নহয় ৷ নিশ্চয় কোনোবা অাগ্ৰহী সাংবাদিকে এই কাম নিশ্চয় সম্পূৰ্ণ কৰিব ৷ 
এবাৰ চাৰৰ ঘৰত বহি চিনেমা এখনৰ কথা পাতি অাছিলোঁ,  কথা অাধামান যাওতে  পৰাগ কুমাৰ দাস অাহি সোমাল ৷ তেৱোঁ শুনি গ'ল, চাৰে ছবিখনৰ বিভিন্ন দিশৰ কথা কৈ গৈছে , ব্যবসায়ৰ কথা কৈছে - অামি মনযোগেৰে শুনি গৈছো - পৰাগ দাস মাজতে  অহা বাবে তেওঁ ছবিখনৰ নামটো শুনা নাছিল, চাৰেও মাজত নামটো কোৱা নাছিল ৷ এবাৰ চাৰ মাজতে উঠি গৈছিল, সেই সুৰুঙাতে পৰাগে সুধিছিল- চাৰে ইমান সুন্দৰকৈ কোনখন চিনেমাৰ কথা কৈ অাছে বাৰু ? এনেকৈ চিনেমাৰ অালোচনা লেখা নহয় কিয় ?  মই নামটো কলো, পৰাগ অাচৰিত - চাৰে এইবোৰ চিনেমা চায়, এইবোৰ চিনেমাৰ কথা ইমান মনযোগেৰে অালোচনা কৰে - চিনেমাখনৰ নাম অাছিল 'কয়ামত চে কয়ামত তক' ৷ 



চাৰৰ গদ্য এটুকুৰা ,পাঠ কৰিছে ডঃ বীৰেন্দ্ৰ নাথ দত্তই, সংগীতেৰে সজাইছে দিগন্ত শৰ্মাই, চাব টাইটল ডঃ দীপশিখা ভাগৱতীৰ, নৃত্য ৰচনা অাৰু পৰিবেশনা প্ৰেৰণা ভূঞাৰ ৷ প্ৰযোজনা কৰিছিল নম্ৰতা দত্ত অাৰু ৰেইচফটৰ ধনজিত দাসে ৷ এয়া অাছিল ক'ভিদ কালত চাৰৰ প্ৰ তি অামাৰ শ্ৰদ্ধাঞ্জলি ৷  পৃথিবীৰ বিভিন্ন প্ৰান্তৰ লোকে এই নৃত্যফিল্মখন ভাল পাইছিল,  প্ৰখ্যাত নৃত্য সমালোচক অাৰ্চিয়া শেঠীয়ে নিজে অাগ ভাগ লৈ ছবিখন বহুঠাইত প্ৰদৰ্শন কৰি অামাৰ এই প্ৰচেষ্টাক এটা অকল্পনীয় উচ্চতালৈ লৈ গৈছে ৷ 

            Advertorial

            https://www.youtube.com/watch?v=jsk4aJG3aTM&ab_channel=UtpalDatta 

         


Tuesday, August 9, 2022

তৰুণ মজুমদাৰঃ বাংলা চিনেমাৰ অন্তিমগৰাকী মহান ব্যক্তি

তৰুণ মজুমদাৰ আছিল মোৰ অন্যতম প্ৰিয় অভিনেতা ৷ এবাৰ সমালোচক ৰঞ্জন বন্দ্যোপাধ্যায়ে লেখিছিল যে ছবি অাৰম্ভ হোৱাৰ কেইটিমান মুহূৰ্তৰ ভিতৰতে তেওঁ দর্শকক ছবিখনৰ লগত বান্ধি পেলাব পাৰে ৷ এই বিৰল দক্ষতা খুব কম পৰিচালকৰ ছবিতহে প্ৰকাশিত হয় ৷ এইগৰাকী তৰুণ মজুমদাৰৰ বিষয়ে এটা শ্ৰদ্ধা নিবেদক প্ৰবন্ধ লেখিছিল বংগৰ চিত্ৰনিৰ্মাতা ৰঞ্জন ঘোষে ৷ তেখেতৰ সন্মতি অনুসাৰে সেই প্ৰবন্ধৰ অসমীয়া অনুবাদ প্ৰকাশ কৰিলোঁ ৷  

মঞ্চত থিয় হৈ আছিল কিংবদন্তি তৰুণ মজুমদাৰ ৷ ক্ষন্তেক আগতে  তেওঁ গ্ৰহন কৰিছিল কৰিছিল ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট এৱাৰ্ড ২০২১ ৷ আমি তেওঁক ষ্টেণ্ডিং অভেচন দি থকা সময়ত মোৰ মনটো জীৱনৰ সেই মুহূৰ্তটোলৈ ঘূৰি গ’ল যেতিয়া এজন কিশোৰ হৈয়ো মই  তেওঁৰ কালজয়ী সৃষ্টি 'শ্ৰীমান পৃথ্বীৰাজৰ [১৯৭৩]' মুখামুখি হৈছিলোঁ ৷ মুহূৰ্ততেই নায়ক ৰসিকলাল মোৰ অলটাৰ ইগো হৈ পৰিছিল, আৰু অনুভব কৰিছিলোঁ যিমানবোৰ ছোৱালীৰ প্ৰতি ‘ক্ৰাছ’ অনুভব কৰিছিলোঁ, প্ৰতিগৰাকীৰে কেনেবাকৈ নায়িকা অমলাবালাৰ সৈতে মিল দেখা পাইছিলোঁ ৷ অয়ন বন্দ্যোপাধ্যায় আৰু মহুয়া ৰায়চৌধুৰীৰ মুখ্য যুটীটোৰ বাহিৰেও সন্ধ্যা ৰায় [পিছলৈ বাস্তৱ জীৱনত তেওঁ তৰুণ মজুমদাৰৰ পত্নী হৈছিল], উৎপল দত্ত, সত্য বন্দ্যোপাধ্যায়, ৰবি ঘোষ, সন্তোষ দত্ত, চিন্ময় ৰায় আদিৰ বাবে ৰচনা কৰা চৰিত্ৰবোৰ মোৰ মন আৰু হৃদয়ত খোদিত হৈ পৰিছিল, চিৰকালৰ বাবে ৷ 

সন্মুখত, মঞ্চত থিয় হৈ থকা মানুহজন চুটি-চাপৰ আৰু দুৰ্বলদেহী, তথাপিতো তেওঁৰ ভিতৰত এজন ওখ, তৰুণ মজুমদাৰ আছে, ক’লে যে তেওঁ নতুন চিত্ৰনাট্যৰ কাম কৰি আছে ৷ এনেকুৱাই আছিল তেওঁৰ জীৱন, তেওঁৰ শক্তি ৷ তেওঁ কয় যে তেওঁ মানৱীয় সম্পৰ্ক আৰু মূল্যবোধৰ প্ৰতি আকৰ্ষিত, আৰু এজন মানুহৰ চিৰন্তন অভিযান হ’ল এজন উন্নততৰ মানুহ হোৱা ৷ মধ্যবিত্ত শ্ৰেণীৰ শিপাৰ লগত গৌৰৱেৰে বান্ধি থোৱা মূল্যবোধ আৰু সাৰমৰ্মক ইমানেই স্পৰ্শকাতৰভাৱে বুজি পাইছিল যে তেওঁৰ ছবিসমূহ নান্দনিকভাৱে চহকী হৈয়ো লাখ লাখ লোকৰ মনৰ সৈতে অনুৰণন ঘটাইছিল, ফলত বক্স অফিচত লাভ কৰিছিল প্ৰচণ্ড সফলতা ৷  

ভাৰতীয় চলচ্চিত্ৰৰ মানচিত্ৰখনতো মজুমদাৰে বংগক গৌৰৱান্বিত কৰিছিল ৷ তেওঁ চাৰিটা ৰাষ্ট্ৰীয় বঁটা, সাতটা বিএফজেএ বঁটা, পাঁচটা ফিল্মফেয়াৰ বঁটা আৰু পদ্মশ্ৰী লাভ কৰিছিল ৷ কিন্তু আচলতে তেওঁ আৰু বেচিৰ যোগ্য আছিল ৷ যিখন দেশত সত্যজিৎ সত্যজিৎ ৰায়-মৃণাল সেন-ঋত্বিক ঘাটকৰ ‘পবিত্ৰ ত্ৰিত্ব’ই যিকোনো ব্যক্তিক আৰু সকলোকে ছাঁৰে আৱৰি পেলাইছিল, সেইখন দেশত মজুমদাৰে সতীৰ্থ পৰিচালক তপন সিনহা, অজয় কৰ আৰু অসিত সেনৰ সৈতে নিজৰ নিজৰ স্থান দখল কৰিছিল ৷

এজন চলচ্চিত্ৰ নিৰ্মাতাক প্ৰায়ে মূল্যায়ন কৰা হয় - তেওঁ উদ্যোগটোৰ সৈতে কিমান প্ৰশংসনীয় নতুন প্ৰতিভাক চিনাকি কৰাই দিব পাৰিছিল, তাৰ সংখ্যাৰে ৷ মজুমদাৰে ৰূপালী পৰ্দালৈ আনিছিল মৌসুমী চেটাৰ্জী, মহুয়া ৰায়চৌধুৰী, অয়ন, দেবশ্ৰী ৰয় আৰু তাপস পালৰ দৰে অভিনেতা অভিনেত্ৰীসকলক ৷ ইয়াৰ বাবে বঙালী দৰ্শক চিৰদিনৰ বাবে তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিব ৷

আচৰিত যেন লাগিব পাৰে, কিন্তু অভিনেতাৰ সৈতে তৰুণ বাবুৰ প্ৰথম সন্ধি নৱাগত অভিনেতা-অভিনেত্ৰীৰ জৰিয়তে হোৱা নাছিল ৷ ‘যাত্ৰিক’ৰ বেনাৰত দুৰ্দমনীয় অভিনয় কৰা ‘উত্তম-সুচিত্ৰা’ যুটীৰ ‘চাওৱা পাওৱা’ [১৯৫৯]' ছবিখনৰে তেওঁৰ অভিষেক ঘটিছিল, আন দুজন পৰিচালক শচীন মুখাৰ্জী আৰু দিলীপ মুখাৰ্জীৰ সৈতে ৷ উত্তম কুমাৰ আৰু সুচিত্ৰা সেনৰ উপৰিও আন আন তাৰকা ছবি বিশ্বাস আৰু তুলসী চক্ৰৱৰ্তীয়ে ছবিখনক দুৰন্ত হিট হোৱাটো নিশ্চিত কৰিছিল ৷

তৰুণ বাবুৱে তেওঁৰ যাত্ৰিক দলৰ সৈতে পৰিচালনা কৰা পৰৱৰ্তী ছবিখনত নিজৰ কণ্ঠ বিচাৰি পাইছিল — ছবিখন আছিল ‘কাঁচেৰ স্বৰ্গ’ [১৯৬২]৷ পৰিস্থিতিয়ে কেনেকৈ প্ৰথমে এজন পুৰুষক চিকিৎসা বিজ্ঞানৰ অধ্যয়ন এৰি দিবলৈ বাধ্য কৰে আৰু পিছলৈ তেওঁক এগৰাকী যুৱতীৰ জীৱন ৰক্ষা কৰাৰ একমাত্ৰ অৱলম্বন হিচাপে উপস্থিত কৰায়- তাৰে  এটা কাহিনী ৷ সেই যুগৰ ‘হুজ হু’ অনিল চেটাৰ্জী, পাহাৰী সান্যাল, মঞ্জু দে, উৎপল দত্ত, বিকাশ ৰয়, ছায়া দেৱী, আৰু স্বয়ং দিলীপ মুখাৰ্জীয়ে নায়ক হিচাপে অভিনয় কৰা ছবিখনে তেওঁলোকক ১৯৬৩ চনত দিয়ে প্ৰথমটো ৰাষ্ট্ৰীয় বঁটা ৷ 

কিংবদন্তি অনুসৰি যাত্ৰিকৰ পৰৱৰ্তী ছবি ‘পলাতক’ [১৯৬৩]ত উত্তম কুমাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিব বিচাৰিছিল, কিন্তু মজুমদাৰৰ সিদ্ধান্ত আছিল অন্য ধৰণৰ ৷ তাৰ পিছত তেওঁ সেই সময়ৰ আইকনিক কমেডিয়ান অনুপ কুমাৰক নায়ক হিচাপে অভিনয় কৰোৱায় ৷ চৰিত্ৰটো আছিল সম্পৰ্কৰ এৰি পলাই যোৱা বসন্ত নামৰ এজন  বোহেমিয়ানৰ ৷ এজন কমেডিয়ানক নায়ক হিচাপে অভিনয় কৰোৱাটো সেই দিনত আছিল কল্পনাতীত কথা, কিন্তু তৰুণ বাবু নিজৰ দৃঢ় মতত স্থিৰ হৈ আছিল ৷ আনকি ছবিখন প্ৰযোজনা কৰিবলৈও তেওঁ ভি শান্তৰামক মান্তি কৰিবলৈ সক্ষম হৈছিল ৷

এটা সময়ত তৰুণ বাবুৱে যাত্ৰিকৰ লগত সম্বন্ধ ছিন্ন কৰি একক হৈ গ’ল ৷ তেওঁৰ প্ৰথম একক ছবি বসন্ত চৌধুৰীৰ সৈতে ‘আলোৰ পিপাচা’ (১৯৬৫) আৰু সৌমিত্ৰ চট্টোপাধ্যায়ৰ সৈতে ‘এক টুকু বাচা’ (১৯৬৫) ৷ দুয়োখন ছবিতে মহিলা মুখ্য চৰিত্ৰত আছিল সন্ধ্যা ৰায় ৷ কম দিনৰ ব্যবধানত তেওঁ ‘বালিকা বধু’ (১৯৬৭) পৰিচালনা কৰে, এগৰাকী কিশোৰী মৌচুমী চেটাৰ্জীক পৰিচয় কৰাই দিয়ে ৷ বক্স অফিচত তোলপাৰ লগোৱা সফলতা লাভ কৰিছিল ছবিখনে ৷ তেওঁক ৰাষ্ট্ৰীয় বঁটা লাভ কৰা আন ছবিসমূহ হ’ল ‘নিমন্ত্ৰণ’ (১৯৭২), ‘গণদেৱতা’ (১৯৭৯), আৰু ১৯৮৪ চনত ‘অৰণ্য আমাৰ’৷ ‘গণদেৱতা’ আছিল প্ৰথমখন বাংলা ছবি যিখনে “উত্তম মনোৰঞ্জন প্ৰদান কৰা শ্ৰেষ্ঠ জনপ্ৰিয় ছবি” শাখাত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ৷ ‘সংসাৰ সীমান্তে’  (১৯৭৬)ই তেওঁক দিছিল শ্ৰেষ্ঠ পৰিচালকৰ বাবে বিএফজেএ বঁটা ৷ 

সমালোচকৰ প্ৰশংসাৰ সমান্তৰালভাৱে তৰুণ বাবুৱে অকল আনসকলৰ দৰেই নহয়, আনকি মহানসকলৰ দৰেও বক্স অফিচত সফলতা সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ৷ ই, সঁচাকৈয়ে, এক বিৰল কৃতিত্ব — ভাল চিনেমা আৰু হিট ছবিৰ মাজৰ ব্যৱধান দূৰ কৰা ৷ ‘শ্ৰীমান পৃথ্বীৰাজ’, ‘ফুলেশ্বৰী’ (১৯৭৪), ‘গণদেৱতা’, ‘দাদাৰ কীৰ্তি’ (১৯৮০), ‘ভালোবাস ভালোবাসা’ (১৯৮৫), ‘আপন অমৰ আপন’ (১৯৯০), আৰু ‘আলো’ (২০০৩) আছিল সেই সময়ৰ প্ৰধান হিট ছবি, যিবোৰে বাংলা ছবিৰ তহবিলত অৰিহণা যোগাইছিল ৷ মনত আছে, ‘আলো’ ছবিখনৰ প্ৰদৰ্শন চাবলৈ মই কেনেকৈ মা-দেউতাকৰ লগত নামনি কলকাতাৰ বিজুলী চিনেমালৈ গৈছিলোঁ৷ এটা সন্ধিয়াৰ দৰ্শনী, সকলো টিকট বিক্ৰী হৈ গৈছিল ৷

এজন বংগপুত্ৰলৈ শ্ৰদ্ধা নিবেদন কৰা এই লেখনি লিখি থকা সময়ত তৰুণ মজুমদাৰ চিকিৎসালয়লৈ গৈ আছে য’ত তেওঁৰ মৃতদেহ চিকিৎসা গৱেষণা আৰু শিক্ষাৰ উদ্দেশ্যে গতাই দিয়া হ’ব ৷ মৃত্যুৰ সময়ত তেওঁৰ একমাত্ৰ সংগী হৈছে ঠাকুৰৰ ‘গীতাঞ্জলি’ আৰু চি পি আই এম দলৰ পতাকা ৷ কোনো মমবাতিৰ পোহৰৰ সমদল, কোনো ফুলৰ থোপা, একোৱেই নাছিল ৷ তেওঁ সাধাৰণ মানুহ হৈ জন্ম লৈছিল, তেওঁ সাধাৰণ মানুহ হৈ মৃত্যুবৰণ কৰিছিল৷ আৰু জন্ম-মৃত্যুৰ মাজৰ  কালচোৱা তেওঁ মানৱীয় মূল্যবোধত বিশ্বাসী জীৱন যাপন কৰিছিল, মধ্যবিত্তসকলক উদযাপন কৰিছিল আৰু চেলুলয়ডক মৰ্যাদাৰে প্ৰদান কৰিছিল ৷

ঠাকুৰৰ ভাষাত, “তবু মনে ৰেখো... মোক এতিয়াও মনত ৰাখিবা, যদিও মই বহু দূৰলৈ যাওঁ... পুৰণি প্ৰেম যদি নতুন উত্তেজনাৰ তলত পোত খাই যায়... যদি চকুলো ওলাই আহে, যদি সপোনময় ৰাতিৰ খেলৰ অন্ত পৰে, মোক মনত ৰাখিবা, এতিয়াও...” বিদায়, মেষ্ট্ৰ’৷

ৰঞ্জন ঘোষ এজন বাংলা চলচ্চিত্ৰ নিৰ্মাতা, তেওঁ লেখা আৰু পৰিচালনা কৰা ছবিসমূহ হ’ল ‘হৃদ মাঝাৰে’, ৰং বেৰঙেৰ কোড়ি, ‘আহা ৰে’ আৰু ‘মহিষাসুৰমদ্দিৰ্নী’৷