Tuesday, November 29, 2022

পদুম বৰুৱাৰ দৃষ্টিৰে এখন ভাল চিনেমা

এখন চিনেমাক কেতিয়া ভাল চিনেমা বুলি কোৱা হয় ?
প্ৰশ্নটো সঁচাকৈয়ে জটিল ৷ এই কথাটো সৰল ভাষাৰে বুজাই প্ৰবন্ধ এটি লেখিছিল পদুম বৰুৱাই, অধুনালুপ্ত, পৱন বুঢ়াগোহাঁই সম্পাদিত 'কোৰাচ' অালোচনীত ৷ চিনেমাৰ সকলো দৰ্শকৰ বাবে এই প্ৰবন্ধটি অতি গুৰুত্বপূৰ্ণ বুলি ভাবি প্ৰচাৰ কৰিলোঁ ৷


এখন ভাল চিনেমা বুলিলে কি বুজায় ? এই প্ৰশ্নৰ উত্তৰ চলচ্চিত্ৰৰ সংশ্নিষ্ট বিভিন্ন মহলৰ লোকে বিভিন্ন প্ৰকাৰে দিব ৷ চিত্ৰ পৰিবেশক বা ছবিঘৰৰ মালিকৰ বাবে বজাৰত ছবি চলিলেই ভাল আৰু নচলিলেই বেয়া; ছবিক এওঁলোকে বেপাৰৰ পণ্য ৰূপেহে গণ্য কৰে ৷ দৰ্শকৰ এটা বৃহৎ সংখ্যক দলৰ বাবে অতি নাটকীয়তা, ভাৱ প্ৰৱণতা অথবা সস্তীয়া হাঁহি তামাচা, উত্তেজনা আৰু বিশেষকৈ আমাৰ দেশত নৃত্য-গীতেৰে ভৰপূৰ ছবিয়েই হ’ল ভাল ছবি; চিমেনাক এওঁলোকে মাথোন মনোৰঞ্জনৰ মাধ্যম ৰূপেহে গ্ৰহণ কৰে ৷ কিন্তু সংখ্যাত তাকৰ হলেও এচাম দৰ্শক আছে, যাৰ বাবে চলচ্চিত্ৰ – সাহিত্য, সংগীত, চিত্ৰকলা আদিৰ দৰে এটা কলা মাধ্যম ৷ এওঁলোকৰ পক্ষে ওপৰৰ প্ৰশ্নটোৰ উত্তৰ এষাৰ কথাৰে দিয়া সম্ভৱ নহয়; কাৰণ কলা বুলিলে  বহুত কথা আহি পৰে৷ তদুপৰি, বিভিন্ন যান্ত্ৰিক প্ৰক্ৰিয়াৰ যোগেৰে বিভিন্ন কলাৰ সংমিশ্ৰণত গঢ়ি উঠা চলচিত্ৰ এটা অতিশয় জটিল কলা ৷ সেইবাবেই এখন ছবিৰ কলাগত মূল্যাংকনৰ বাবে ইয়াক বিভিন্ন দৃষ্টিকোণৰ পৰা পৰীক্ষা-নিৰীক্ষা কৰি চোৱাটো প্ৰয়োজনীয় ৷ তলৰ আলোচনাত কলাৰ দৃষ্টিকোণৰ পৰা এখন ভাল ছবি বুলিলেনো কি বুজায় তাৰ এটা থুলমূল আভাষ দিবলৈ চেষ্টা কৰা হ’ল ৷
যিকোনো কলা বস্তুৰ গুণাগুণ বিচাৰ কৰা হয় ইয়াৰ মাধ্যমগত বৈশিষ্টসমূহৰ পৰিপ্ৰেক্ষিতত৷ চিনেমা এবিধ কলা; গতিকে সবাটোকৈ আগতে এখন ছবিৰ সাৰ্থকতা নিৰ্ভৰ কৰে ইয়াৰ চিনেমাসূলভ গুণসমূহৰ ওপৰত৷ চিনেমাসুলভ অৰ্থাৎ চিনেমাধৰ্মী গুণ বুলিলে প্ৰধানকৈ তিনিটা গুণ বুজায়– দৃশ্যধৰ্মীতা, গতিশীলতা আৰু বাস্তৱধৰ্মীতা ৷
প্ৰথম কলা হ’ল, চিনেমাৰ ভাষা দৃশ্যমৰ্ধী৷ চিত্ৰশিল্পীৰ হাতৰ ভূমিকা আৰু ভাস্কৰৰ হাতৰ বাচুলাৰ দৰে কেমেৰা চলচ্চিত্ৰ-পৰিচালকৰ শিল্প সৃষ্টিৰ প্ৰধান হাথিয়াৰ৷ কেমেৰাৰ অৰ্থপূৰ্ণ উপস্থাপন আৰু আলোক সম্পাতৰ যোগেদি পৰিচালকে চলচ্চিত্ৰৰ মুখত ভাষা দিয়ে ৷ কলাধৰ্মী ছবিত সংলাপ, সংগীত আৰু আন সকলো প্ৰকাৰৰ শব্দ ছবিৰ দৃশ্যক অধিক কাৰ্যক্ষম কৰিবৰ বাবেহে ব্যৱহাৰ কৰা হয় ৷ দৃশ্যৰ ভূমিকা গৌণ পৰ্য্যয়লৈ নমাই সংলাপৰ যোগেৰে কাহিনী বৰ্ণনা কৰিলে চলচ্চিত্ৰৰ ধৰ্ম ক্ষতিগ্ৰস্ত হয়, ছবি হৈ পৰে মঞ্চধৰ্মী ৷ দ্বিতীয়তে, ‘চলচ্চিত্ৰ একেৰাহে স্থানাশ্ৰয়ী আৰু কালাশ্ৰয়ী কলা (Art of Space and time)৷ দৃশ্যমান নমনীয়তা ইয়াৰ বৈশিষ্ট্য ৷’ চিত্ৰশিল্পীয়ে কাগজ বা কেনভাচৰ বুকুত আয়তক্ষেত্ৰৰ চাৰিসীমাৰ মাজত ছবি অকাৰ দৰে চলচ্চিত্ৰৰ দৃশ্য ৰচনা কৰা হয় ফিল্মৰ একো একোটা ফ্ৰেম (Frame) ত আৰু তাৰ পৰা ৰূপালী পৰ্দাৰ চাৰিসীমাৰ মাজত ৷ আনহাতে সংগীতৰ সুৰ আৰু শব্দৰদৰে এই দৃশ্যবোৰ হ’ল গতিশীল৷ সেইবাবেই, কেমেৰাৰ প্ৰয়োজনীয় উপস্থাপন আৰু ইয়াৰ দৃশ্যটো কিমান সময় দেখুৱা হ’ব এই দুয়োটাই সমানে গুৰুত্বপূৰ্ণ কথা৷ বিভিন্ন দূৰত্বৰ পৰা গ্ৰহণ কৰা লং শ্বট, মিড শ্বট, ক্ল’জ শ্বট, ক্ল’জআপ আদি দৃশ্যসমূহৰ সৃষ্টিমূলক সম্পাদনাই এখন ছবিক চিনেমাধৰ্মী গুণৰ অধিকাৰী কৰে ৷ চলচ্চিত্ৰ এটা বাস্তৱধৰ্মী কলা ৷ ই ফটোগ্ৰাফীৰ পৰা উদ্ভৱ আৰু সেইবাবেই ফটোগ্ৰাফীৰ দৰেই ইয়াৰ উদ্দেশ্য হোৱা উচিত - বাস্তৱ জগতৰ বিশ্বাসযোগ্য প্ৰতিকৃতি নিৰ্মাণ কৰা ৷ [কাৰ্টুন আৰু পাপেট ফিল্মৰ কথা সুকীয়া; সেইবোৰ এবিধ বিশেষ প্ৰকাৰৰ ছবি যিবোৰক আজি কালি Expanded Cinema অৰ্থাৎ সম্প্ৰসাৰিত চিনেমা বোলা হয় ৷] চিনেমাৰ অভিনয় আৰু দৃশ্যসজ্জা সেইহেতুকে স্বাভাৱিক হোৱাটো প্ৰয়োজনীয় ৷ এই ক্ষেত্ৰত চিনেমা মঞ্চাভিনয়তকৈ বিশেষভাৱে পৃথক ৷ অভিনয় বাস্তৱধৰ্মী হ’বলৈ হ’লে অৱশ্যে ছবিৰ সংলাপ বা ৰচনা বাস্তৱধৰ্মী হোৱা উচিত ৷ সেইবাবেই সাৰ্থক ছবিত সংলাপক বাস্তৱতাৰ অংশ ৰূপেহে ব্যৱহাৰ কৰা হয়; কলাৰ ৰূপ (Art Form) হিচাপে নহয় ৷ চিনেমাৰ সংলাপ আৰু মঞ্চ-নাটৰ সংলাপৰ মাজত থকা পাৰ্থক্যও এইখিনিতেই ৷
সৰ্বশেষত, এখন ছবিৰ কলাগত মূল্যাংকনৰ বাবে ইয়াক সকলো কলাৰ এটা অতি প্ৰয়োজনীয় আৰু উমৈহতীয়া গুণৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰা উচিত ৷ প্ৰত্যেক কলা বস্তুৰ এটা অপৰিহাৰ্য্য গুণ হ’ল ইয়াৰ সামগ্ৰিকতা (Totality) ৷ তদুপৰি উপন্যাস নাটক আদিৰ দৰে চলচ্চিত্ৰ এটা প্ৰতিনিধিত্বকাৰী কলা (Representative art) ; সংগীতৰ দৰে ই বিমূৰ্ত কলা নহয় ৷ সেইবাবেই কলাধৰ্মী ছবি সদায় কোনো এক সামাজিক বা মানবীয় বিষয়বস্তুৰ ওপৰত প্ৰতিষ্ঠিত ৷ বিষয়বস্তু বা মূল বক্তব্যৰ লগত সম্পৰ্ক নথকা বা তাৰপৰা দৰ্শকৰ মন আতৰাই নিব পৰা আন যি কোনো কথা বা ঘটনাৰ অৱতাৰণাই ছবিৰ সামগ্ৰিকতাৰ ওপৰত আঘাত হানে ৷ সাৰ্থক ছবি সদায় একক ঘটনাৰ বিন্যাস ৷ বিষয়বস্তুৰদৰে ছবিত আংগিকগত সামগ্ৰিকতাও বিশেষভাবে গুৰুত্বপূৰ্ণ; কাৰণ আংগিক আৰু বিষয়বস্তুৰ সামাঞ্জস্যৰ অবিহনে সাৰ্থক কলা সৃষ্টি সম্ভৱপৰ নহয় ৷

Sunday, November 27, 2022

বাঢ়ি আহিছে ভাৰতীয় ভাষাৰ গুৰুত্ব



BartaNE/27/11/22


কিছুদিন পূৰ্বে দিল্লীৰ পাটিয়ালা হাউছৰ জিলা আৰু সত্ৰ আদালতৰ প্ৰধান ন্যায়াধীশ ধৰ্মেশ শৰ্মাই হিন্দী সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান দিছিল। তেওঁ স্পষ্টভাৱে কৈছিল যে যদি কোনো পক্ষৰ পৰা হিন্দী ভাষাত প্ৰমাণ বা আন কোনো কাৰ্যবিধি লিপিবদ্ধ কৰিবলৈ আদালতলৈ আহে, তেন্তে ৰাষ্ট্ৰৰ ৰাজধানীৰ আদালতসমূহে আইনগতভাৱে তাক গ্ৰহণ কৰাটো বাধ্যতামূলক। প্ৰধান জিলা ন্যায়াধীশগৰাকীয়ে এইটোও কয় যে মহানগৰ দণ্ডাধীশগৰাকীয়ে কেনে ধৰণৰ সমস্যাৰ বাবে অশান্তি পাইছে সেয়া বুজা হোৱা নাই। সাক্ষীৰ বক্তব্য কম্পিউটাৰত ৰেকৰ্ড কৰিব পাৰি। লগতে ষ্টেনোগ্ৰাফাৰৰ কম্পিউটাৰত হিন্দী ফন্ট থাকে। যদি ষ্টেনোগ্ৰাফাৰে হিন্দী টাইপিং নাজানে তেন্তে হিন্দীত টাইপ কৰিব পৰা ষ্টেন’গ্ৰাফাৰৰ বাবে অনুৰোধ কৰিব পাৰি, তাৰ ব্যৱস্থা কৰিব পাৰি।

এখোজ আগুৱাই গৈ তেওঁ নিজৰ আদেশত কয় যে যদি হিন্দীত টাইপ কৰিব পৰা ষ্টেনোগ্ৰাফাৰ পোৱা নাযায়, তেন্তে দণ্ডাধীশে নিজেই বা আদালতৰ কৰ্মচাৰীৰ সহায়ত সাক্ষীৰ বক্তব্য হিন্দীত লিপিবদ্ধ কৰিব পাৰে। তেওঁ নিজৰ সিদ্ধান্তত আইনী বিধানৰ কথাও উল্লেখ কৰে। হিন্দীত প্ৰমাণ লিপিবদ্ধ কৰিবলৈ পক্ষৰ অনুৰোধ নাকচ কৰিলে ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ ২৭২ নং ধাৰা আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ নিয়ম উলংঘা হ’ব। দিল্লী উচ্চ ন্যায়ালয়ে ৰায় দিছে যে দেৱনাগৰী লিপিৰ হিন্দী দিল্লী উচ্চ ন্যায়ালয়ৰ অধীনস্থ আদালতৰ ভাষা হ’ব।

এই সিদ্ধান্তৰ আধাৰ আছিল দিল্লীৰ মহানগৰ দণ্ডাধীশৰ আদালতত চলি থকা এটা গোচৰ। তাত এটা পক্ষই দণ্ডাধীশক অনুৰোধ কৰিছিল যে সাক্ষীৰ যুক্তিৰ সময়ত প্ৰশ্ন হিন্দীত সোধা উচিত আৰু তেওঁলোকৰ উত্তৰো কেৱল হিন্দীত লিপিবদ্ধ কৰিব লাগে। মেট্ৰ’পলিটান দণ্ডাধীশে প্ৰশ্নসমূহৰ উত্তৰ হিন্দীত লিপিবদ্ধ কৰিবলৈ কৰা আবেদন নাকচ কৰিছিল। মেট্ৰ’পলিটান দণ্ডাধীশে কৈছিল যে আদালতৰ প্ৰয়োজনীয় সুবিধা নাই, সেয়ে তেওঁৰ অনুৰোধ মানি ল’ব পৰা নাযায়। তেওঁৰ আৱেদন নাকচ হোৱাৰ পিছত গুলচন পহুজা নামৰ এজন ব্যক্তিয়ে এই সিদ্ধান্তৰ বিৰুদ্ধে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত আবেদন জনায়। য’ত জিলা আৰু সত্ৰ ন্যায়াধীশে মহানগৰ দণ্ডাধীশৰ সিদ্ধান্ত বাতিল কৰে।

এই সিদ্ধান্তৰ বিষয়ে যিমান আলোচনা হ’ব লাগিছিল, সিমান আলোচনা হোৱা দেখা নগ’ল। সম্পদৰ অভাৱ বা অনুপলব্ধতাৰ সমস্যা থাকিলেও দণ্ডাধীশে সাক্ষীৰ বক্তব্য বা প্ৰমাণ হিন্দীত লিপিবদ্ধ কৰাৰ প্ৰচেষ্টা চলাব লাগিব। এই সিদ্ধান্তই দণ্ডাধীশ আৰু ন্যায়াধীশৰ দায়িত্বও স্পষ্টকৈ বুজাইছে। আজি যেতিয়া হিন্দী সন্দৰ্ভত অপ্ৰয়োজনীয় ৰাজনীতি চলি আছে, তেনে পৰিস্থিতিত আদালতৰ এনেধৰণৰ সিদ্ধান্তই ভাৰতীয় ভাষাত ন্যায়ৰ দিশত লোৱা পদক্ষেপক সবল কৰিবলৈ গৈ আছে। দিল্লী উচ্চ ন্যায়ালয়ৰ অধীনৰ আদালতত হিন্দী ভাষাৰ ব্যৱহাৰ সন্দৰ্ভত সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। কিছু বছৰৰ আগতে দিল্লীৰ তিছ হাজাৰী আদালতেও হিন্দী সন্দৰ্ভত প্ৰচেষ্টা লৈছিল আৰু এনে ব্যৱস্থা কৰা হৈছিল যে আদালতৰ বিভিন্ন বিভাগৰ মাজত লিখিত যোগাযোগ হিন্দীত হ’ব লাগে।

নিম্ন আদালতত ইংৰাজী ভাষাৰ ব্যৱহাৰ দেখি কিছু বছৰৰ আগৰ এটা ঘটনা মনলৈ আহে। গাজিয়াবাদৰ এখন হাউছিং ছ’চাইটিত গঠন হ’ল নতুন ৰেচিডেণ্টছ ৱেলফেয়াৰ এছ’চিয়েচন। তাত থকা জাননী ফলকখনত ছোছাইটিৰ ফ্লেটত নিতৌ কাম কৰিবলৈ অহা ঘৰুৱা সহায়কাৰীসকলৰ বাবে ইংৰাজীত জাননী দিয়া হৈছিল ৷ কিন্তু সেই জাননীখনৰ পৰা একো কাম হোৱা নাছিল৷ এই সমস্যা কেনেকৈ সমাধান কৰিব পাৰি তাক লৈ ৰেচিডেণ্ট ৱেলফেয়াৰ এছ’চিয়েশ্যনৰ সভাপতিজন চিন্তিত হৈ পৰিছিল। হঠাৎ এদিন এগৰাকী বৃদ্ধাই চেয়াৰমেনক বিচলিত হোৱা দেখি, তেওঁৰ বিপদৰ কাৰণ জানিব বিচাৰিলে। কাৰণটো শুনি বৃদ্ধাগৰাকীয়ে তেওঁক সুধিলে যে যিসকলৰ বাবে জাননী দিয়া হয়, তেওঁলোকে ইংৰাজী জানেনে? এই প্ৰশ্নৰ পৰাই অধ্যক্ষই তেওঁৰ সমস্যাৰ সমাধান পালে। ইয়াৰ পিছত সকলো জাননী হিন্দীত ওলাবলৈ ধৰিলে। আনকি নিৰাপত্তাৰক্ষীয়েও সেই জাননীবোৰ পঢ়িছিল। কিছুমান ঘৰুৱা সহায়কাৰীয়েও আগতে পঢ়া-শুনা কৰিছিল। আমাৰ দেশৰ ন্যায়িক ব্যৱস্থাৰ ক্ষেত্ৰতো তেনেকুৱা কিবা এটা ঘটি আছে। ন্যায় বিচৰাসকলে ইংৰাজী নাজানে আৰু ন্যায় দিব বিচৰাসকলে সকলো কাৰ্য্যবিধি কেৱল ইংৰাজীতে কৰে।

ন্যায় বিভাগৰ ৱেবছাইটত পোৱা তথ্য অনুসৰি মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ আৰু ৰাজস্থানৰ উচ্চ ন্যায়ালয়ত হিন্দী ভাষাত কাৰ্য্যবিধি আৰু ৰায়দানৰ অনুমতি বহুদিন আগৰ পৰাই হৈ আছে। তামিলনাডু চৰকাৰে তামিলত, গুজৰাট চৰকাৰে গুজৰাটীত, ছত্তীশগড় চৰকাৰে হিন্দীত, বংগ চৰকাৰে বাংলা ভাষাত আৰু কৰ্ণাটক চৰকাৰে যেতিয়া কানাড়া ভাষাত নিজৰ নিজৰ উচ্চ ন্যায়ালয়ৰ কাৰ্যবিধি বিচাৰিছিল, তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি ল’ব পৰা নাছিল। দৰাচলতে ১৯৬৫ চনৰ কেবিনেট কমিটীৰ এটা সিদ্ধান্ত আছে যে যদি কেন্দ্রীয় চৰকাৰলৈ এনে কোনো অনুৰোধ আহে, তেতিয়া চৰকাৰে সেই সন্দর্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মতামত ল’ব লাগিব৷

এই ৰাজ্যসমূহৰ প্ৰস্তাৱৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে ১৯৬৫ চনৰ কেবিনেট সিদ্ধান্ত অনুসৰি মুখ্য ন্যায়াধীশৰ মতামত বিচাৰিলে। ২০১২ চনত তেতিয়াৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক জনাইছিল যে সমগ্ৰ আদালতে ৰাজ্যসমূহৰ প্ৰস্তাৱ বিবেচনা কৰি গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ পিছত বহুবাৰ এই ৰাজ্যসমূহৰ প্ৰতিনিধিয়ে সংসদতো এই প্ৰশ্ন উত্থাপন কৰিছিল যদিও এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই আৰু কেৱল ইংৰাজী ভাষাত কাৰ্যবিধি চলি আছে। ন্যায়ৰ আকাংক্ষীয়ে নিজৰ ভাষাত ন্যায় পোৱা নাই। সমগ্ৰ দেশৰ নিম্ন আদালতত হ’লেও স্থানীয় ভাৰতীয় ভাষাত ন্যায়িক কাৰ্যবিধি চলোৱাৰ প্ৰয়াস কৰিব লাগে। সাক্ষীৰ বক্তব্য, প্ৰমাণ আদি স্থানীয় ভাৰতীয় ভাষাত হব লাগে। ইয়াৰ ফলত ন্যায়িক প্ৰক্ৰিয়া শক্তিশালী হ’ব আৰু ইয়াত নাগৰিকৰ অংশগ্ৰহণ বৃদ্ধি পাব।

ৰাষ্ট্ৰীয় শিক্ষা নীতিত ভাৰতীয় ভাষাসমূহক অগ্ৰাধিকাৰ দিয়াৰ বিষয়টো আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত চৰকাৰী ভাষা সমিতিৰ দ্বাৰা ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰা প্ৰতিবেদনক লৈ সমগ্ৰ দেশতে এক বিভ্ৰান্তিৰ পৰিৱেশৰ সৃষ্টি হৈছে। কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে অ-হিন্দীভাষী ৰাজ্যৰ ওপৰত হিন্দী জাপি দিব বিচাৰিছে। চৰকাৰী ভাষা সমিতিৰ প্ৰতিবেদনত কেনেধৰণৰ পৰামৰ্শ দিয়া হৈছে, সেইবোৰ এতিয়াও ৰাজহুৱা হোৱা নাই। ইয়াৰ পিছতো ইংৰাজীৰ সমৰ্থকসকল ব্যস্ত হৈ পৰিছে যে চৰকাৰে হিন্দীক আই আই টি, আই আই এম আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ মাধ্যম হিচাপে গঢ়ি তুলিব বিচাৰিছে। অতি শেহতীয়াকৈ বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিনেও হিন্দী জাপি দিয়াৰ বিৰোধিতা কৰিছে। কিন্তু ক’ত হিন্দী জাপি দিয়া হৈছে সেয়া স্পষ্ট হোৱা নাই। ভাষাক লৈ ৰাজনীতি কৰি ইংৰাজী বজাই ৰখাতকৈ ভাৰতীয় ভাষাক অগ্ৰাধিকাৰ দিয়াই ভাল। শিক্ষা ভাৰতীয় ভাষাত, ন্যায় ভাৰতীয় ভাষাত– এক কথাত ভাৰতীয় ভাষা প্ৰশাসনৰ ভাষা হ’ব লাগে।

Saturday, November 26, 2022

পুলকদা - অট'ৱালাৰ কাহিনী

প্ৰথম প্ৰকাশ NEBARTA.COM 26/11/22

বৈষয়িক বৈপৰীত্যৰ মাজেৰে জীৱন অতিবাহিত কৰা পুলকদাৰ মুখৰ পৰা হাঁহিটো কেতিয়াও ম্লান হোৱা নাছিল ৷ অকল হাঁহিয়েই নহয়, কিছুমান এনেকুৱা কাম কৰিছিল, যিবোৰে আনক চমকৃত কৰিছিল ৷
সেন্দুৰ ছবিৰ দৃশ্য গ্ৰহণৰ সময়ৰ কথা ৷ সেই সময়ত গণেশগুৰিৰ পৰা জ্যোতি চিত্ৰবনলৈ অটোৰ ভাৰা দহ আৰু পোন্ধৰ টকা ৷ দুটা ভাৰা হোৱাৰ কাৰণ হ’ল সন্মুখৰ ফৰেনচিক লেবৰটৰিলৈ গ’লে দহ– পুলিচৰ মানুহ তালৈ বেচি যায়, ভাৰা জোখত থাকে, জ্যোতি চিত্ৰবনলৈ পোন্ধৰ– চিনেমা কৰা মানুহ যায়, টকা বেচি থাকে তেওঁলোকৰ ৷ এটা সময়ত গুৱাহাটীৰ অটোৱালাৰ ‘পায়তাৰা’ বহুত বেচি  আছিল ৷ ভাৰা যাবই নোখোজে, এটিটিউদ দেখুৱায় ৷ পুলকদা অটো এখনৰ ওচৰলৈ যায় আৰু সোধে, মালিকে চলোৱা অটো কোনখন? অটোৱালাবোৰ হতভম্ব হয়, কি বা মতলব ? তেওঁলোকে কিবা উত্তৰ দিয়াৰ আগতেই পুলকদাই দ্বিতীয় অস্ত্ৰপাত মাৰে– মই চাকৰ-বাকৰে চলোৱা অটোত নাযাওঁ, ব্যবহাৰ নাজানে, অভদ্ৰ ৷ লগে লগে আটাইকেইজন অটোৱালা মালিক আৰু ভদ্ৰ হৈ যায় ৷
তেনেকুৱা অটো এখনত উঠি পুলকদা গণেশগুৰিৰ পৰা জ্যোতি চিত্ৰবন পালে ৷  অটোৰ পৰা নামি সুধিলে- ভাৰা কিমান ?
ঃ দাদা, পোন্ধৰ টকা দিয়ক ৷
পুলকদাই জেপৰ পৰা পোন্ধৰ টকা উলিয়ালে, দিব আৰু, ঠিক তেনেতে আকৌ এবাৰ সুধিলে – কওক কিমান দিও ?
ঃ দাদা, আপুনি বাৰ টকাকে দিয়ক ৷
পুলকদাই বাৰ টকা গণি উলিয়ালে আৰু সুধিলে, আপুনি কিয় বাৰু পোন্ধৰ টকা কৈছিল ?
ঃ দাদা কৈছিলোঁ আৰু – অভ্যাস ৷
শ্বুটিং আৰম্ভ হোৱাৰ সময়, কোনোবা এজনে আহি পুলকদাক কিবা কলে, পুলকদা অলপ ব্যস্ত হৈ উঠিল, অটোৱালাক পইচা দিয়া হোৱা নাই ৷
ঃ দাদা, অকনমান শ্বুটিং চাব পাৰিম নেকি ?
ঃ পাৰিব পাৰিব ৷ –পুলকদাই তেওঁক লগত লৈ ফ্লোৰত সোমাল, তেওঁক বহাৰ ব্যবস্থা কৰি দিলে আৰু শ্বুটিঙত ব্যস্ত হ’ল ৷ এটা শ্বট হৈ গ’ল, লাইটিং সলনি হ’ব, অলপ সময় লাগিব, পুলকদা অটোৱালাজনৰ ওচৰ পালে ৷
ঃ চাইছে ?
ঃ হয় দাদা, বৰ ভাল লাগিছে ৷ প্ৰথম দেখিছোতো ৷
ঃ চাওক চাওক৷ যিমান সময় মন যায়, চাব ৷ আচ্চা কওকচোন, আপুনি বাৰু ভাৰা পোন্ধৰ টকা বুলি কিয় কৈছিল ?
ঃ দাদা, বাদ দিয়ক, দহ টকাকে দিয়ক আৰু ৷
টকা দিয়া নহ’ল, পুলকদা শ্বট ল’বলৈ গ’ল ৷ ঘুৰি আহি অটোৱালাক পুনৰ একেটা প্ৰশ্ন – পোন্ধৰ টকা কিয় কৈছিলনো ?
আকৌ শ্বট ল’বলৈ গ’ল ৷ পুনৰ অটোৱালা বহি থকা ঠাইখিনি পালেহি ৷ তেওঁ নাই ৷ তেওঁক আৰু বিচাৰি পোৱা নগ’ল ৷
এই কথাটো মোক কৈছিল অজান বৰুৱাই ৷ তেওঁ ছবিখনত বিভিন্ন ধৰণে জড়িত আছিল, গাত জুই লগাই ষ্টান্ট কৰিছিল ৷ অজানে এই সমগ্ৰ ঘটনাটি মন কৰি আছিল আৰু যোৱাৰ সময়ত অটৱালাক ভাৰাটো দি দিছিল, বাৰ টকা ৷

Wednesday, November 16, 2022

নৃত্যপৰ্ব - দৰ্শকৰ অভিমত

বদুলা সত্ৰৰ শিল্পীসকলৰ নৃত্য ৷ হৃদয়ৰ পৰা নাচিছিল তেখেতসকলে ৷ 

সত্ৰীয়া নৃত্যক প্ৰধান ভাৰতীয় নৃত্য (মতান্তৰে শাস্ত্ৰীয়) হিচাপে স্বীকৃতি দিয়াৰ পাচত এই নৃত্যক উৎসাহ প্ৰদান কৰিবলৈ ভাৰত চৰকাৰৰ সংস্কৃতি বিভাগে সংগীত  নাটক অকাডেমিৰ যোগে বিভিন্ন কাৰ্যক্ৰমৰ অায়োজন কৰি অাহিছে ৷  ফলস্বৰূপে দেখা গ'ল সত্ৰীয়া নৃত্য শিক্ষাগুৰু অ াৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বাঢ়ি গ'ল, কিছুমানে অইন নৃত্য বাদ দি সত্ৰীয়াতে মনযোগ বঢ়াই দিলে ৷ এয়া নিশ্চয় ভাল লক্ষণ ৷ নৃত্যপৰ্ব নামৰ বাৰ্ষিক অনুষ্ঠান এটি অাৰম্ভ হ'ল, বহু ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শন একে ঠাইতে চোৱাৰ সুবিধা হ'ল ৷
এতিয়া এই বছৰৰ নৃত্যপৰ্ব চলি অাছে, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৷ বহু খচৰী কাৰবাৰ ৷ মূল প্ৰবেশদ্বাৰটোত পর্যাপ্ত পোহৰৰ ব্যবস্থা নাই ৷ কিবা অান্ধাৰ-মুন্ধাৰ অৱস্থা ৷ সেমেকা পৰিবেশ ৷  তথাপি সোমাই গলোঁ ৷ 
মঞ্চত নৃত্য চলি অাছে ৷
মঞ্চৰ চাইক্ল'ৰামা অংশত কলা পৰ্দা ৷ তাত নৃত্যপৰ্বৰ লোগো ৷
এইটো ৷









প্ৰথমে চাওক অাখৰকেইটা ৷ অাখৰৰ ওপৰত সঠিকভাবে মাত্ৰা নাই ৷ কিয় ? অায়োজকে নতুন অসমীয়া অাখৰ উলিয়ালে নেকি ? উলিয়ালেএকো বেয়া নহয় ৷ নে সংগীত নাটক অকাডেমি অনুমোদিত অাখৰ লিখোতাই অাখৰৰ ইষ্টাইল কৰিলে ! ইষ্টাই ল কৰাত অাপত্তি নাই ৷ কিন্তু জানি বুজি কৰিলে ভাল ৷ অাখৰৰ মূল যি চৰিত্ৰ তাত হাত দিলে প্ৰতিটো অাখৰকে একে ধৰণে লেখিব লাগে ৷ অাখৰত যদি মাত্ৰা নিদিয়ে অাটাইকেইটা অাখৰতে দিব নালাগে ৷ ইয়াত চাওক কেইটামান অাখ ৰত মাত্ৰা নাই,  অথচ  'য্য'কাৰ দালৰ ওপৰত সম্পূৰ্ৰকৈ অাৰু 'ব'টোৰ ওপৰত অাধাখনীয়াকৈ  লাগি অাছে ৷  অাখৰৰ ওপৰত লিখোতাগৰাকীৰ জ্ঞান ইমানেই ৷ এতিয়া অাহো ছবিটিলৈ ৷ বৈষ্ণব কালৰ পুথিচিত্ৰৰ অাধাৰত মূল ছবিটি অঁকা  হৈছে, নৃত্যপৰ্বৰ অাত্মাক ই সঠিক ভাবে প্ৰতিফলিত কৰিব পাৰিছে ৷ কিন্তু গছজোপা নৃত্যৰতা মহিলাগৰাকীৰ মূৰৰ ওপৰত উঠি থাকিল ৷ চিত্ৰ এখনৰ স ন্তুলন ৰক্ষাৰ  প্ৰাথমিক কথা সঠিকভাবে নজনাৰ ফলতেই এই অশ্বডিম্বৰ প্ৰসব ৷ 


মঞ্চৰ পিচফালৰ অংশত ওপৰত কেইটিমান নীলা লাইট জ্বলি থাকে, সেইকেইটাই নৃত্যখিনি ভালদৰে চাব নিদিয়ে ৷ চকুত পোহৰ এটা পৰি থাকিলে সন্মুখৰ বস্তু দেখাত কষ্ট হয় ৷ প্ৰথমৰ শাৰীত বহিয়েই বহু নৃত্যমহাৰথীয়ে সেই লাইটৰ পোহৰ কষ্ট সহ্য কৰি অাছে, অামি কোন ক'বলৈ কোন ? অামি নৃত্যৰ, তাকো সত্ৰীয়াৰ একো নাজানো, কিন্তু এইখিনি জানো যে সেই লাইটকেইটি জ্বলাই নথলে মঞ্চৰ নৃত্যশিল্পী সকলক ভালদৰে চাব পাৰি ৷ কলাক্ষেত্ৰৰ লাইটৰ কৰ্মীসকলে প্ৰেক্ষাগৃহৰ পাচফালে লপৰত থকা কোঠা এটাৰ পৰা লাইট নিয়ন্ত্ৰণ কৰে, তাৰ পৰা চাগে সেই নীলা লাইট কেইটা দেখা নাপায় ৷ সেইকেইটাৰ কিবা ভাল ব্যবস্থা এটা কৰিলে নৃত্যপৰ্ব চোৱাত  অাৰাম হ'লহেতেন ৷ অৱশ্যে লোগোটিয়ে দিয়া যন্ত্ৰণাৰ পৰা ৰক্ষা পোৱাৰ উপায় কি হ'ব পাৰে ভাবি পোৱা নাই ৷
এটাই অাশা সংগীত নাটক অকাডেমিৰ বিষয়া শ্ৰীযুত ৰাজু দাসে নিশ্চয় কিবা এটা কৰিব, অন্ততঃ নীলা (মাজে মাজে থকা দুই এটা ৰঙা) লাইটকেইটি নিয়ন্ত্ৰণ কৰিব পাৰিব ৷ 

Monday, November 14, 2022

বেহাৰবাৰীৰ ২৫০০ ৰজনী

এখন অসমীয়া ধাৰাবাহিকে ২৫০০ টা খণ্ড সম্পূ ৰ্ণ কৰিলে ৷
অসমৰ বিনোদন জগতৰ এটি ডাঙৰ খবৰ ৷ হয়তো ধাৰাবাহিকখনৰ নিৰ্মাতাসকলে বিভিন্ন ধৰণে সফলতাৰ এই ইতিহাসৰ এই বিন্দুটি উদযাপন কৰিছে, মোৰ চকুত পৰা নাই ৷ 










এটা সময়ত সকলো কাম বাদ দি এখনেই ধাৰাবাহিক চাইছিলোঁ - চাণক্য ৷ এতিয়া চাওঁ 'বেহাৰবাৰী অাউটপোষ্ট' ৷ এই ধাৰাবাহিকখন নিয়মিত ৰূপত চোৱাৰ কাৰণ দুটিমান হ'ল - 
ইয়াৰ অভিনেতা-অভিনেত্ৰীসকল স্বাভাবিক ৷ কথা-বতৰা, চাল-চলন কতো অভিনয়ৰ পৰশ নাই ৷ অাটাইকেইটি চৰিত্ৰই মাটিৰ পৰা উঠি অহা মানুহ ৷ অভিনয় প্ৰত্যেকৰেই ভাল ৷
সদায়েই সম মানৰ হোৱাটো সম্ভব নহয়, কিন্তু হাস্যৰস উদ্ভাৱণৰ কৌশলবোৰ খুব ভাল ৷ কম সময়ৰ বাবে দেখা দিয়া অভিনেতাসকলো ভাল লগা, ধাৰাবাহিকখনৰ মূল সুৰৰ লগত মিলি থকা ৷









ধাৰাবাহিকখনৰ পৰিকল্পনাৰ বাবে ৰাজেশ ভূঞা ধন্যবাদ অাৰু অভিনন্দনৰ পাত্ৰ ৷ এই ধাৰাবাহিকখনৰ অাগলৈকে মই কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীৰ নাম জনাই নাছিলোঁ, এতিয়া তেওঁলোকক ঘৰৰে মানুহযেন লাগে ৷ এবাৰ বেহাৰবাৰী অাউটপোষ্টৰ মহিলা কেইগৰাকীমানৰ কথোপকথনৰ লেখা এটি লেখিছিলোঁ ৷ নিশিতাক বাদ দি বাকী কেইগৰাকীৰ লগত কথা পাতিছিলোঁ ৷ নিশিতাক বাদ দিয়া কাৰণ এটি অাছিল ৷ সেই কথোপকথনত মই চৰিত্ৰকেইটিৰ লগত কথা পাতিছিলোঁ, অভিনয় শিল্পী কেইগৰাকীৰ লগত নহয় ৷ একমাত্ৰ মণি (পাপৰি)ৰ বাহিৰে কাৰো লগত  মোৰ চিনাকি নাছিল, কিন্তু প্ৰত্যেকেই অতি অান্তৰিকতাৰে মোৰ লগত কথা পাতিছিল ৷  বিউটি বাইলুঙৰ মাকৰ অসুখ হৈ অাছিল বাবে তেওঁৰ লগত কথা পতা সম্ভব হোৱা নাছিল ৷ তেওঁৰ লগত এটা কথোপকথন পেণ্ডিং হৈ অাছে ৷ উপযুক্ত সময়ত সেই কাম কৰা হ'ব ৷ সেই লেখাটোৰ বিষয়ে কাৰো পৰা একো মন্তব্য শুনা নাছিলোঁ, এতিয়াও শুনা নাই ৷ কিন্তু মাজতে কলকাতাৰ  চিত্ৰপৰিচালক এজনে লেখাটো পঢ়ি মন্তব্য দিছিল - মই বহু ইন্টাৰভিউ পঢ়িছোঁ, কিন্তু চৰিত্ৰৰ সতে ইন্টাৰভিউ পঢ়া নাই ৷ অাপুনি অাইদিয়াটো ক'ত পাইছিল ? কথাটো ময়ো ভবা নাছিলোঁ যে চৰিত্ৰৰ ইন্টাৰভিউ ময়ো অাগতে পঢ়া নাছিলোঁ ৷ তেনেহলে ? এইটো মোৰ মৌলিক চিন্তা ৷ চৰিত্ৰবোৰক সেইজন মানুহ হিচাপেই অামি গ্ৰহন কৰিছোঁ বাবেই হয়তো মোৰ মনলৈ ভাবটো তেনেকৈ অাহিছিল ৷ এয়া ধাৰাবাহিকখনৰেই কৃতিত্ব ৷











এবাৰ এটা খণ্ডত দেখিছিলোঁ প্ৰীতম বৰুৱাই বাইক ৰেলিৰ ফটো দেখুৱাইছে ৷ কথাটো মোৰ ভাল লাগিল ৷ মই বিশ্বাস কৰোঁ যে একাধিক হবি থাকিলে সৃষ্টিশীল মানুহৰ সৃজনীপ্ৰতিভা অধিক সজীৱ হৈ থাকে ৷ সেই দিশেৰে প্ৰীতম বৰুৱাৰ লগত কথা পাতিছিলোঁ (ফোন নম্বৰ দিছিল বিউটি বাইলুঙে - থানাত কাম কৰিও যে অচিনাকি মানুহক ফোন নম্বৰ দিছে, অাচৰিত) ৷ বৰুৱাৰ বিষয়ে লেখাটি মোৰ ব্লগতেই প্ৰকাশ কৰিছিলোঁ, বহুতে পঢ়িছিল সেইটো ৷ 
ৰাজেশৰ লগতে মনোজ, টেনচন, ৰাকেশ, ৰিচা, শৰ্মা দোকানী, মুকুতা, উকীলনী বাইদেউ (খাৰঘৰীয়াৰ লগত কিবা এটা হ'ব বুলি ভাবিছিলোঁ, কেকেয়ো চেষ্টা কৰিছিল - নহ'ল) মোহন, মুকুতা,গাৰ্গ, নাম গোৱা পাঠক-কাম-ৰান্ধনী - কিমানৰ নাম কম- সকলোকে এই ঐতিহাসিক ক্ষণত অভিনন্দন জনাইছোঁ ৷ 



















কাইলৈ মই নলবাৰীলৈ যাম, নলবাৰীৰ পৰা নিৰ্মাণ কৰা ২য়খন ছবি উপগ্ৰহৰ ৫০ বছৰ উপলক্ষে অায়োজন কৰা এটা অনুষ্ঠানৰ সঞ্চালনা কৰিম ৷ কিমান ছবিৰ স্বৰ্ণজয়ন্তী হৈ গ'ল - কিমান উদযাপন হৈ গ'ল - অামি গমেই নাপাও ৷  কালিৰ অনুষ্ঠানটিৰ কথা লেখিম, পঢ়িব দেই ৷