এটা কথাত ভাল লগা নাছিল যে অাক্ৰমণৰ ভাষাই শালীনতাৰ সীমা অতিক্ৰম কৰি গৈছিল ৷ এটা কথা ঠিক যে অসমত মানুহক ৰাজহুৱাভাবে বেয়া ভাষাৰে কোৱা প্ৰথাটোৰ জন্ম অাৰু বিকাশ হৈছিল সংবাদপত্ৰৰ যোগেৰেই ৷ সামাজিক মাধ্যম পাচত অাহিছে, অাৰম্ভণি কিন্তু ছপা মাধ্যমত অাৰু অামাৰ তথাকথিত বিবেকবান মানুহৰ হাততেই এই সংস্কৃতিৰ জন্ম অাৰু বিকাশ ৷ তেনে মানুহক ছপা মাধ্যমেই ডাঙৰ মানুহ সজাই অাছে ৷
কিন্তু অাজি এটা প্ৰতিক্ৰয়া প্ৰকাশ কৰিবলৈ বাধ্য হলোঁ প্ৰদীপ পূজাৰী ডাঙৰীয়াৰ পোষ্ট এটা পঢ়াৰ পাচত ৷ কোনোবাই হেনো কৈছে যে অনুৰাধা শৰ্মা পূজাৰীৰ লেখাবোৰ নিজে লেখা নহয়, তেখেতৰ স্বামীয়ে লেখি দিয়া ৷ এই কথাটোত শ্ৰীযুত পূজাৰীয়ে দুখ পোৱাটো স্বাভাবিক ৷ অামাৰ সমাজত এতিয়াও বহুতে বিশ্বাস কৰে যে মহিলাই কিবা চকুত লগা কাম কৰিলেই তেওঁৰ গিৰিয়েকে বা বন্ধু-বান্ধবে কৰি দিয়ে ৷ এইটো পূজাৰী পৰিয়ালৰ ক্ষেত্ৰতেই নহয়, অান বহুতৰ ভাগ্যতো ঘটা মই দেখা পাইছোঁ ৷ গামোচা প্ৰসংগত অনুৰাধা শৰ্মা পূজাৰীয়ে দিয়া মন্তব্যৰ লগত বহুতেই একমত নহবও পাৰে, সেইটোও স্বাভাবিক কথা ৷ শৰ্মা পূজাৰীয়ে দাবী কৰা নাই যে সকলাৱে তেখেতৰ মন্তব্য মানি লওক ৷ মত মানি নোলোৱা কথাটো প্ৰকাশ কৰিবলৈ অশালীন ভাষাৰ প্ৰয়োগৰ দৰকাৰ কি ? সাধাৰণতে দেখা যায় কাৰোবাৰ কিবা বেয়া কথা ক'ব লাগিলে দুটা অশালীন শব্দ লগাই দিলে বেয়া পোৱা কথাটোত জোৰ দিয়া যেন লাগে ৷ বহুতে কথাই প্ৰতি একোটা বিশেষ অশালীন শব্দ উচ্চাৰণ কৰি ভাল পায় ৷ এইবোৰ সামাজিক নৃতত্ব বিষয়ক কথা ৷ হয়তো শৰ্মা পূজাৰীৰ লেখাৰ জনপ্ৰিয়তাৰ এয়া অন্য এক প্ৰকাশ ৷ কোনোবাই অনুৰাধা শৰ্মা পূজাৰীৰ কিতাপ পুৰি পেলাব খুজিছে বুলিও কোৱা শুনিছোঁ ৷ এই ধৰণৰ প্ৰতিবাদ নিজৰ সংস্কাৰৰ প্ৰকাশ, ই কিতাপ বা সাহিত্যৰ প্ৰতি শংকাৰ কাৰণ নহয় ৷
পূজাৰী পৰিয়ালৰ বন্ধু হিচাপে কওঁ - এয়া অনুৰাধা শৰ্মা পূজাৰীৰ জনপ্ৰিয়তাৰ এটা পৰীক্ষা ৷ শান্ত ভাবে পৰীক্ষাত অৱতীৰ্ণ হওক ৷ মোৰ দৃঢ় বিশ্বাস, এই কঠিন ঘটনাই অনুৰাধা শৰ্মা পূজাৰীৰ কেৰিয়াৰলৈ এটা নতুন সংযোজন কঢ়িয়াই অানিব ৷ ৰাজহুৱা জীৱনত ফুলৰ মালা অাৰু ঘোলাকণী দুয়োটাকে সমানে গ্ৰহন কৰিব পৰা শক্তি লাগে ৷ মোৰ বিশ্বাস- দুয়ো এই শক্তি অাহৰণ কৰিছে ৷