গাইড, দা ফিল্ম পাৰ্চপেক্টিভ
আৰ কে নাৰায়ণৰ ইংৰাজী উপন্যাস ‘দা গাইড’ আৰু সেই উপন্যাসৰ চিনেমা ৰূপ ‘গাইড’- দুয়োখনেই নিজৰ গুণেৰে উজ্জ্বল আৰু প্ৰতিষ্ঠিত ৷ নাৰী-পুৰুষৰ সম্বন্ধকলৈ এই উপন্যাসত কোৱা বহু কথাই সেই সময়ত আছিল অকল্পনীয় আৰু ছবি এখনত তাকো ব্যবসায়িকভাবে সফল কৰিব বিচৰা ছবি এখনত সেই প্ৰথা-বিৰোধী কথাবোৰ কোৱাটো অসম্ভব আছিল ৷ কিন্তু বিজয় আনন্দে নিজে লেখা চিত্ৰনাট্য - সংলাপ আৰু দক্ষ পৰিচালনাৰে কাহিনীটোক মৰ্যদা দিছিল আৰু ছবিখনকো বিৰল শিল্পকৃতি হিচাপে প্ৰতিষ্ঠা কৰিছিল৷ আমাৰ ভাৰতত শিল্প-সাহিত্যৰ গুণ বিচাৰৰ ক্ষেত্ৰখনক এক ধৰণৰ অহংকাৰী-উন্মাষিক ভাবে প্ৰভবিত কৰে৷ জনপ্ৰিয় হোৱা যিকোনো শিল্পকৃতিকেই নিম্নমানৰ বুলি কোৱা আৰু গুৰুত্বহীন কৰি দিব খোজা মানসিকতা এটা সকলোতে চলি আছে ৷ সাহিত্য অকাডেমী বঁটাই কিতাপখনক ৰক্ষা কৰিছিল যদিও চিনেমাখন এই মনোভাবৰ বলি হৈছিল ৷
1965 চনত মুক্তি লাভ কৰা এই ছবিখন বিয়াল্লিছ বছৰ পাচত কানছ ফিল্ম ফেষ্টিভেলত ২০০৭ চনত ক্লাচিক শিতানত প্ৰদৰ্শিত হৈছিল ৷ তাৰ ১২ বছৰ পাচত ‘গাইড’ ছবিখনৰ কাহিনী, কাহিনীৰ ৰূপান্তৰ, উপ-পাঠ গীত, সংগীত আদিৰ পুংখানুপুংখ বিশ্লেষণ কৰা কিতাপ এখন প্ৰকাশ পাইছিল ৷ লতা জগতিয়ানিয়ে কিতাপখনৰ বিশ্লেষণাত্মক মূল প্ৰবন্ধটি লেখিছে আৰু মানেক প্ৰেমচান্দে লেখিছে সকলো দিশ বিশ্লেষণ কৰা পাতনি ৷ আন কেইবাগৰাকীও লেখকে ছবিখনৰ বিভিন্ন দিশত পাণ্ডিত্যপূৰ্ণ অথচ সুখপাঠ্য ৰচনা লেখিছে ৷
সাহিত্যক চিনেমালৈ ৰূপান্তৰ কৰা প্ৰসংগটি এতিয়া সাহিত্য আলোচনাৰ এটা প্ৰধান বিষয় ৷ বিভিন্ন বিশ্ববিদ্যালয়ৰ সাহিত্যৰ পাঠ্যক্ৰমতো এই দিশটো সন্নিবিষ্ট কৰা হৈছে ৷ এই প্ৰেক্ষাপটত এই কিতাপখন বিশেষভাবে উল্লেখযোগ্য আৰু আদৰ্শ কিতাপ৷ মাধ্যম ৰূপান্তৰৰ ক্ষেত্ৰত উপপাঠে গ্ৰহন কৰা গুৰুত্বপূৰ্ণ দিশটো এই কিতাপখনত বিতং ভাবে আলোচনা কৰা হৈছে ৷ এই লেখাবোৰে ‘গাইড’ ছবিখনৰ বিশ্লেষণৰ লগতে আন সাহিত্য আৰু ছবিৰ অলোচনাৰ বাবেও পথ প্ৰদৰ্শন কৰিব ৷ চিত্ৰনাট্য লেখক আৰু পৰিচালকসকলকো এই কিতাপখনে বিশেষভাবে সহায় কৰিব ৷
ভাৰতীয় চিনেমাত গীতে সদায়েই এটি বিশেষ ভূমিকা পালন কৰি আহিছে৷ গীতৰ এই বৰ্ণনাত্মক শক্তিৰ বিষয়ে কৰা আলোচনাইয়ো দৰ্শক আৰু চিত্ৰনিৰ্মাতা উভয়কে উপকৃত কৰিব ৷
চিনেমা আলোচনাৰ ক্ষেত্ৰত ভালেমান নতুন কথা কোৱা আৰু নতুন চিন্তাৰ বাৰ্তাবহন কৰা এই কিতাপখনত বিজয় আনন্দৰ পৰিচালনা, সম্পাদনা আৰু দৃশ্যগ্ৰহনৰ বিষয়ে একোটাকৈ বিতং আলোচনা থকা প্ৰবন্ধ থাকিলে ছবিখনৰ আলোচনাৰ তৃপ্তি পাঠকক দিব পাৰিলেহেতেন ৷ তথাপিতো, কিতাপখনে যিখিনি দিছে সেইখিনিয়েই এক বিৰল প্ৰাপ্তিৰ অভিজ্ঞতা ৷